ফটাঢোল

কৃষ্ণ গোঁসাই নাচে কদম তলে-প্ৰসেনজিৎ গোস্বামী

তৃতীয় বা চতুৰ্থ শ্ৰেণী মানত পঢ়ি থকা সময়ৰ কথা হ’ব চাগে!
কাহিনীৰ নায়ক আমি দুজন সহপাঠী তথা সম্বন্ধীয় ভাতৃ।  আমাৰ স্কুল খন ঘৰৰ পৰা মাত্ৰ অলপ মান হে দূৰত। কিন্তু সেইখিনিও আমি নিজৰ ঘৰৰ বাৰীৰ পাছফালৰ হাবিয়েদি ‘চৰ্তকাট’ মাৰিছিলো।
বাৰীৰ পাছফালৰ সেই হাবিতলিয়া ৰাস্তাটোৰে সদায় অহাযোৱা কৰো, কিন্তু আমি পুলি কিছুমান এদিনো মন কৰা নাছিলো! এদিন দেখিলো কিছুমান গছৰ পুলি নতুনকৈও গাজিছে। দেখাত সাইলাখ কদম গছৰ দৰেই পাত। স্কুল চুটিৰ পিছত আমি দুইজন আহি সেই গছ পুলিৰ কাষত ৰলোহি।
ময়েই আৰম্ভ কৰিলোঁ- “এই কদম গছ পুলিবোৰ ইয়াতে কোনে ৰুলে, গৰুৱে দেখোন খাই পেলাব!”
লগৰ জনে কলে, “কদম নহয় নেকি, চোৰাত গছৰ হে গাজ চাগে!”
তেতিয়ালৈ  শুনিছিলোঁ হে,  মোৰ কিন্তু চোৰাত গছৰ লগত মুখা মুখী হোৱাই নাছিল, গতিকে তাৰ মহিমাৰ বিষয়ে মই একোৱেই নাজানিছিলোঁ..
গতিকে ময়ো ডাঠি ক’লো যে- “নহয় সেয়া কদম গছৰ পুলি।”
সিয়ো কয়- কদম নহয় সেয়া চোৰাত গছ হে।
এতিয়া প্ৰমাণ কৰা যায় কেনেকৈ! সুধিবলৈয়ো কোনো নাই কাষত। সিদ্ধান্ত হ’ল চুই ছোৱা যাওঁক। ময়ো ভাবিলো যিহেতু কদম গছ চুই ছোৱাত আপত্তি কি!
 ময়েই প্ৰথম আগবাঢ়িলো। চুই চালো। নাই প্ৰথম একো গম নাপালো। একো নোহোৱা বুলি গম পাই সিও চুই চালে। নাই তাৰো একো নহ’ল। সিও মানি ল’লে  যে সেইবোৰ কদম পুলি আৰু দুইজন ঘৰ মুৱা হ’লো।
 তাৰ ঘৰ প্ৰথমে পাই সোমালো। তাৰ আইতাজনীয়ে আমাক দেখি ক’লে যে- অলপ প্ৰসাদ আছে, হাত ধুই আহ দুইজনে খাবি।
আমিও দুইজনে দমকলত হাত ধুব গ’লো। হাত ধুব লওঁতে হে খেলখন আৰম্ভ হ’ল। দুইটাই দুইটাৰ ফালে চাওঁ আৰু হাত খজুৱাও। এতিয়াহে বুজিলোঁ, কদম পুলি নাছিল চোৰাত হে আছিল আৰু দুইটাৰে কান্দোন আৰম্ভ।
 তাৰ পিছত গোটেই ঘৰখনতে হুৱা-দুৱা লাগিল বোলো কি হ’ল! ঘটনা খিনি সকলোকে ক’লো। দুইটাৰ হাতত কোনোবাই গোবৰ লিপিছে কোনোবাই কঠাল আঠা দিছে, কিন্তু ভাল নহয় হে নহয়। এনেকৈ হাত খজুৱাই হাত ফুলি একাকাৰ। শেষত কেৰাচিন তেলৰ ড্ৰাম এটাত দুইটাকে হাত জুবুৰীয়াই থবলৈ দিলে কোনোবা এজনে। তেনেকুৱা কৰাৰ আধা ঘণ্টা মান পাছত হে যেনিবা শান্তি পালোঁ।
আমাক জোকাবলৈ আইতাই গান জুৰিলে —   কৃষ্ণ গোঁসাই নাচে কদম তলে/  আমাৰ গোঁসাই নাচে চোৰাত তলে।
লগৰটোৱে কি শপত ল’লে নাজানো, মই কিন্তু শপত ল’লো যে- চোৰাত কি, কদম গছৰ তলেৰেও আৰু কেতিয়াও নাযাওঁ!
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *