ফটাঢোল

টেমি কটাৰী নে হাচতি -খনিন্দ্ৰ ভুষন মহন্ত

হওঁতে এনেই মই স্বভাৱগতভাৱে কাজিয়াখোৰ নহয়। আমাৰ ঠাইখনৰ একেবাৰে শান্তিপ্রিয় প্রাণী মানুহৰ যদি তালিকা এখন কোনোবাই যুগুতাই, নিশ্চিতভাৱে তাত মোৰ নাম শীর্ষৰ ফালেই থাকিব। এতিয়া আপুনি ভাবিব পাৰে, “এনে একেবাৰে! নিজৰ চার্টিফিকেট নিজেই দিছে চোৱা!” ভাবক। আপুনি ভবাৰ লগত মোৰ কি আহে-যায়? এনেও আজিৰ দিনত কোনে কাৰ ভাল কথাৰ বিষয়ে আনৰ আগত বর্ণনা কৰা দেখিছেহে’! মোৰতো কেতিয়াবা সন্দেহেই হৈ যায়, নামবিহীন ভাইৰাছ জাতীয় কিবাৰ প্রভাৱত পৰি মানুহবোৰৰ শৰীৰত কেনেবাকৈ মূর্গীৰ আত্মা সোমাই যোৱা নাইতো! যাকেই দেখিবা অকল খুচৰি থাকে, খুচৰি থাকে, খুচৰিয়ে থাকে। এনেকুৱা লাগে যেন প্রত্যেকেই একো-একোটা ‘চকু-চৰহা’ৰ জীৱন্ত উদাহৰণ হ’বলৈহে হেতা-ওপৰা লগাইছে!
ময়ো বৰ এটা ধোৱা তুলসীৰ পাত নহয়। মিছাকৈনো নিজকে ইমান সহজ-সৰল বুলি কিয় কওঁ! মানুহ নামৰ প্রাণীটো কেনেকৈ সৰল হ’ব পাৰে! মিছা কথা। একদম গোকাট মিছা কথা। কোনোবাই যদি নিজকে তেনে বুলি জহাবলৈ যায়, জানিব, “দাল মে’ কুচ কালা হ্যে!” এনেও “অতি ভক্তি চোৰৰ লক্ষণ” বুলি তাহানি স্কুলৰ দিনতে পঢ়ি অহা নাই জানো। অৱশ্যে, পঢ়াততো বহুত কিবা-কিবিয়েই পঢ়া যায়, কার্যতঃ তাৰ ব্যৱহাৰ হয় কিমান বা কৰোঁ কিমান সেইটোহে মূল। আচলতে কথাবোৰ লিখিবলৈ বা পঢ়িবলৈ ভাল। টান হয় সেইবোৰক হাতে-কামে কৰি দেখুৱাবলৈহে। কিয়নো সঁচাখিনি আমি হজম কৰাত আমি প্রায়েই ব্যর্থ।
 সিদিনা গাঁৱৰ সিমূৰত থকা ডেকাচাঙখন আগুৰি মানুহৰ ভিৰ। চাঙখনৰ বয়স মোতকৈ অলপহে কম যদিও আগে-পিছে মই তেনে হোৱা দেখা নাই। গতিকে সেইটো ঘটনা (আচলতে পৰিঘটনাহে বুলিব পাৰি চাগে’) মোৰ বাবে এক অপৰিকল্পনীয়, অভাৱনীয় বুলিলেও বঢ়াই কোৱা নহ’ব। ওচৰ চাপি গৈহে গম পালোঁ, কথা গহীন। আদহীয়া এজনে কিবা বিশেষ বিষয় এটাৰ বিষয়ে কৈ থকা কথাৰ মাজতে মই গৈ ওলালোঁগৈ। তেখেতৰ বক্তব্যখিনিৰ থূল-মূল আভাষ দিবলৈ যদি যাওঁ, কথাখিনি হ’ব এনেধৰণৰ- তেওঁৰ চিনাকি এজনৰ ভাল বন্ধু এজন আছে (নে আছিল, মই ধৰিব নোৱাৰিলোঁ)। ভাল বন্ধু নহয়, তেওঁৰ মতে খুবেই ভাল বন্ধু। সুখৰ দিনত দুয়ো হেনো একেলগে ৰামধেনু আঁকিছিল, দুখৰ কজলা ডাৱৰৰ তলত ৰৈ, টোপা-টোপে সৰা বিষাদী বৰষুণতো একেলগে জুৰুলি-জুপুৰিকৈ তিতিছিল। তেতিয়ালৈকে সকলো ঠিকেই আছিল। কেণাটো লাগিল তেতিয়াহে, যেতিয়া ব্যক্তিগত কিছু মতাদর্শৰ ভিন্নতাই তেওঁলোকৰ মাজত দেখা দিলে। কাকতালীয়ভাৱে, সেই চিনাকিজনৰ বন্ধুজনো এই বক্তাৰ লগত চিনাকি। বয়সত সৰু যদিও সম্বন্ধ এটাত থাকিবলগীয়া প্রয়োজনীয় সম্ভ্রম আৰু চেনেহখিনি সেইজনলৈয়ো এখেতৰ আছে। এতিয়া ইজনেও সিজনৰ কথা কয়, সিজনেও ইজনৰ কথা কয় আৰু ইজনে-সিজনৰ নামকে নসহে। গতিকে দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হৈ বক্তাৰ অৱস্থা তথৈবচ। উপায়হীন হৈ তেওঁ আজি ডেকাচাঙত বহি লৈ সন্মুখেদি গাঁৱৰ মানুহ যিয়েই গৈছে, তেওঁকেই মাতি আনিছে, কথাখিনি কৈছে আৰু সকলোকে একেটাই প্রশ্ন কৰিছে, “মই এতিয়া কি কৰা উচিত?”
ময়ো যেতিয়া একেটা প্রশ্নৰ সন্মুখীন হ’লোঁ, অলপ সময়ৰ বাবে চিন্তাত নপৰা নহয়। গাঁৱৰজনৰ অৱস্থাটো দেখি সহায় কৰিবলৈয়ো মন গ’ল। কিন্তু ইমান হুলস্থূলীয়া পৰিৱেশত ভাবিবলৈ মোৰ শকতি আৰু ধৈর্য এটাও নাছিল। গতিকে, “কাইলৈ জনাম, এতিয়া যাওঁ” বুলি কৈ মই সেইখিনিৰ পৰা ঘৰমুৱা হ’লোঁ।
পাছদিনা এটা সময়ত ছেগ বুজি গ’লোঁ গাঁৱৰ জনৰ ওচৰলৈ। কথাখিনি আকৌ বিতংকৈ জানি ল’লোঁ। আনৰ ব্যক্তিগত কথাত মাত মাতিবলৈ যাব নালাগে যদিও সেইটো কৰাৰো এক পৈশাচিক আনন্দ নথকা নহয়। হোৱাই-নোহোৱাই জাবৰ এসোপাকো জ্ঞান বুলি বিলাব পৰা এক অন্যতম উপায় এইটো। গতিকে মোৰ ভিতৰত লুপ্ত হৈ থকা জ্ঞানখিনিকো জাহিৰ কৰি দিওঁ বুলি মুখখন মেলিলোঁ। কিন্তু তাৰ অভিব্যক্তিৰ পৰা মোৰ পৰামর্শখিনি যে তেওঁৰ বৰ এটা মনঃপুত হোৱা নাই, সেইয়া স্পষ্ট। পিছে, সেইবোৰলৈ কোনে মন দিয়ে! তেওঁৰ দুইজন বন্ধুৰেই কিছু-কিছু ক্ষেত্রত ভুল আছে। মোৰ তুলাচনীত যিজনৰ ভুল বেছি যেন লাগিল সেই বিষয়েও তেওঁক অৱগত কৰালোঁ। মোৰ কথা হ’ল, যিজনৰ ভুল তেওঁ ইজনৰ ওচৰত ক্ষন্তেকৰ বাবে সৰু হৈ দিলেই হ’ল। পিছে, এইখিনিত তেওঁ পতিয়ন নাযায়। মানে মই যাক ভুল বুলি কৈছোঁ, তাৰ কাৰণো বর্ণাইছোঁ। তথাপি তেওঁ ভঞ্জয় নাযায়। মানুহজনৰ লগত হোৱা এই মতান্তৰ লাহে-লাহে বেলেগ দিশলৈ ঢাল খালে। আনকি তেওঁ শেষত মোকে বিভিন্ন উপমাৰে থকা-সৰকা কৰিবলৈয়ো কোনো কুণ্ঠাবোধ নকৰিলে। এটা কথা ঠিক, আমি যিমানেই নিজকে নিৰপেক্ষ বুলি স্বদম্ভে ঘোষণা নকৰোঁ কিয়, ক’ৰবাত নহয় ক’ৰবাত পক্ষপাতী কৰা যায়েই। আৰু তাৰ পাছত আত্ম-পক্ষৰ সমর্থনৰ বাবে বিপৰীত পক্ষক আক্রমণৰ লক্ষ্য কৰি লওঁহক যিটো উচিত নহয়।
ঘৰলৈ উভতি অহাৰ বাটত ভাবি ভাবি আহিলোঁ, “বাজিব লাগিছিল কি, বাজিল কি!” অৱশ্যে আজিৰ দিনত কি বাজিছে সেইটোতকৈ কিবা এটা বাজি থকাটোহে দৰকাৰী হৈ পৰিছে। লাগিলে সেয়া ‘টেমি কটাৰী’য়ে হওক অথবা ‘হাচতি’!
উপসংহাৰঃ প্রায় একেধৰণৰ কথা এখিনিকে সজাই-পৰাই অলপ বেলেগ ৰূপত সিদিনা ফেচবুকত দিছিলোঁ। ৰাম কৃষ্ণ। চকুৰ পচাৰতে ৰাইজৰ মাজতে দুটা ফৈদৰ গঠন হৈ গ’ল। এচামে নিজৰ সুবিধা অনুযায়ী প’ষ্টটোৰ আধাখিনি ‘স্ক্রীণশ্বট’ লৈ গুৱাল-গালি পর্যন্ত পৰা বুলি খবৰ পাইছোঁ। এইবোৰ দেখিলে বা শুনিলে মোৰ খুব হাঁহি উঠে। চালনীয়ে বেজীক হাঁহিলে হাঁহি নুঠাকৈ থাকিব জানো! এনেও ফেচবুক হেনো গেলা পানী থকা পুখুৰীহে। ঘোদালি থকাতনো কাৰ কি আহে যায়! তাতে মই কাজিয়াখোৰ নহয় বুলি কৈছোঁৱেই, গতিকে সেই অতৃপ্ত আত্মাবোৰক নিজে-নিজেই অলপ শান্তি পানী ছটিয়াই ল’বলৈ কৰযোৰে মিনতি কৰিলোঁ। ফেচবুক যে জীৱন নহয়, জীৱনৰ এটা অংশহে, সেই বোধগম্যতা যেন সোনকালেই তেওঁলোকৰ হয়; তাকেই আশা কৰিলোঁ।
ঔম শান্তি! ঔম শান্তি! ঔম শান্তি!
☆ ★ ☆ ★ ☆

10 Comments

  • অবিনাশ শৰ্মা

    সুন্দৰ

    Reply
  • Manash Hazari

    কৃষ্ণ হে আও … এনেহেন ৰসৰাজৰ সান্নিধ্যত নিজকে ধন্যহে মানিয়ে আওয়ামী??

    Reply
  • Manash Hazari

    কৃষ্ণ হে আও … এনেহেন ৰসৰাজৰ সান্নিধ্যত নিজকে ধন্যহে মানিছো আও??

    Reply
    • খনিন্দ্ৰ

      এইটো বহুত বেছি হ’ল দেই

      Reply
  • পৰিস্মিতা

    মজা মজাা৷ ব্যংগৰ জৰিয়তে কিন্তুু সাম্প্ৰতিক সময়ৰ সঁচা ছবি এখন তুলি ধৰিলি দেই বোপাই

    Reply
    • খনিন্দ্ৰ

      হেহে! চেষ্টাহে…

      Reply
  • Ronjon Baruoh

    মজা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    একদম জেগাত ধৰিছেহে৷

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *