ফটাঢোল

আস্থালিন, বৰলিনহঁতৰ সাংস্কৃতিক অনুষ্ঠান পতাৰ আঁচনি-মৌচুমী বৰি

আস্থালিনে ৱ’মেন হৰলিক্সক ক’লে-
: বাইদেৱে ফোনত কথা পাতি থকা শুনিছিলোঁ আলহী আহিব বোলে!
: অ’ হয় নেকি? তেনে আমাৰ স্থান সলনি হ’ব কেইদিনমানৰ বাবে! – ৱ’মেন হৰলিক্সে ক’লে
বিটাডিন, ফলিক এচিড, কেষ্টৰ অইল, নাৰিকল তেল আৰু তিল তেলে খিকখিক কৈ হাঁহি উঠিল!
: আমাৰ বাইদেউ যে আৰু,  এই ডাইনিং টেবুলখনতে আমাক দিনে-ৰাতিয়ে বহুৱাই থ’ব আৰু আমিনো ইমান এলাগী নে আলহী অহাৰ লগে লগে ভিতৰৰ কোঠালৈ গতিয়াই মতিয়াই লৈ যাব, বিটাডিনে হুমুনিয়াহ কাঢ়ি ক’লে৷
: এলাগী বুলি নাভাবে অ’, আলহীক খাবলৈ দিব লাগিব নহয় ডাইনিং টেবুলত, আমাৰ কেইটাক দেখিলে লাজেই পাই বা! সেইকাৰণেহে ভিতৰলৈ লৈ যায়৷ – কেষ্টৰ অইলে ক’লে৷
: থ’ থ’ আমাক দেখিলে যে আলহীয়ে লাজ নাপায় আৰু, আমি কেইটা আঁতৰি দিলে ডাইনিং টেবুলখন চাফা হৈ পৰে, আলহীয়েও দেখি ভাল পায়, সেইটোহে কাৰণ৷ – তিল তেলে ক’লে৷
হঠাতে হুৰমুৰকৈ বাইদেউ সোমাই আহিল৷  ৰীনাক কৈ উঠিল –“ৰীনা, সেউতী পেহীহঁত পাঁচবজাতে পাবহি, ঘৰটো বিশৃংখল হৈ থকা দেখিলে কি যে ভাবিব, এই ডাইনিংটেবুলৰ বস্তুকেইটা আমাৰ শোৱা কোঠালৈ লৈ যা – এইবুলি কৈয়েই বাইদেৱে নিজেই কেষ্টৰ অইল, নাৰিকল তেল আৰু তিল তেলৰ বটল তিনিটাক জপটিয়াই শোৱা কোঠালৈ লৈ গ’ল আৰু সৰু টেবুল এখনত থ’লেহি৷
: ৰক্ষা, যেনেকৈহে ধৰি আনিলে মোৰ উশাহটো বন্ধ হৈ যাওঁ যাওঁ কৰিছিল, পিছে আমাক বিটাডিনহঁতৰ লগত নাৰাখিব নেকি একেলগে! – তিল তেলে ক’লে৷ হঠাতে শব্দ এটা কৰি বিটাডিন, আস্থালিনহঁত তিলতেলহঁতৰ কাষ পালেহি৷ তেতিয়াহে তিনিওটাৰে মনটো ভাল লাগি গ’ল৷
: তোমালোকক মোৰ কাষত দেখি বৰ ভাল লাগিছে৷ বাইদেৱে সদায় মোক ইয়াতে ৰাখে, সেইকাৰণে তোমালোকক লগেই নাপাওঁঁ নহয় – টেবুলৰ এচুকত পৰি থকা এচিলকে হাঁহি মাৰি কৈ উঠিল৷
: ভালেই হ’ব দিয়া, আমি এইকেইদিন ইয়াতে কথা পাতি মস্তি কৰি থাকিব পাৰিম -ফলিক এচিডে কৈ উঠিল৷
: আই ঔ কটা, মোৰ ওপৰতনো ইমান ভাৰী জেকেটটো পেলাই দিব লাগেনে? – হঠাতে ছাৰ্ট এটাই চিঞৰি উঠিল৷
বিটাডিনহঁতে সিহঁতৰ কাষত থকা চকীখনলৈ চালে৷ চকীখনৰ ওপৰত কাপোৰৰ স্তুপীকৃত পাহাৰ, তাৰ ওপৰতে বাইদেৱে এইমাত্ৰ জেকেট এটা পেলাই থৈ গ’ল৷
: অঁ তহঁতে আজি ইয়ালৈ আহিলি নেকি? আলহী আহিব যেতিয়া মোৰ আকৌ তালৈ যাবৰ সময় হ’ল নহয়৷ মই ডাইনিং টেবুলৰ লগত থকা চকীহে৷ কাপোৰ থ’বলৈ বাইদেৱে মোক ইয়ালৈ আনি থৈছে৷ ইয়াত বাইদেউৰ তিনিযোৰমান চুৰিডাৰ, দুটা চুৱেটাৰ, তিনিযোৰ মোজা, চাৰৰ পাঁচটা ছাৰ্ট ইমানসোপা ভাৰ বহন কৰি থকাৰ পিছতো দয়া মমতাহীন বাইদেৱে এইমাত্ৰ জেকেট এটা পেলাই দিছে৷ চাছোন, বগা ছাৰ্টটোৱে দুখ পাই চিঞৰেই মাৰি দিলে তথাপি বাইদেৱে নুশুনে৷ এদিনটো ভৰ সহিব নোৱাৰি মই ধামকৈ পৰিয়েই গ’লোঁ তথাপি বাইদেউৰ মোলৈ মৰম নাই৷ ধৰ্ণা দিব লাগিব যেন পাইছোঁ৷ নিমাখিত পালে সকলোৱে চল পাই বুজিছ৷ প্ৰতিবাদ কৰিব লাগিব৷ চকীয়ে নিজৰ দুখৰ কাহিনী কেষ্টৰ অইলহঁতক শুনালে৷ হঠাতে কোঠালৈ ৰীনা সোমাই আহিল৷ চকীখনত থকা গোটেই কাপোৰসোপা উঠাই আলমীৰা এটাৰ ভিতৰত ভৰাই দিলে৷ মুহূৰ্ততে চকীখন খালী হৈ পৰিল৷ এই দৃশ্য দেখি বিটাডিনহঁতে হাঃ হাঃ কৈ হাঁহি উঠিল৷
: ৰীনাই তোমাৰ দুখৰ কাহিনী শুনি তৎক্ষণাৎ মুক্ত কৰি দিলে দেখিছা৷ – আস্থালিনে কৈ উঠিল
: উহ ৰক্ষা, ছমাহৰ পিছত মোক মুক্তি দিছে, ন’কবা আৰু – চকীয়ে দুখৰে কৈ উঠিল৷
ৰীনাই হঠাতে চকীখন ডাঙি ল’লে৷
: বাই বাই, মই যাওঁ দেই – চকীয়ে আস্থালিনহঁতক কৈ উঠিল৷
আস্থালিনহঁতেও প্ৰতি বাই বাই দিলে চকীক৷
: মই থাকিব লাগিছিল পাকঘৰত, আনিছে ইয়াত চাছোন৷ – ৱ’মেন হৰলিক্সে কৈ উঠিল৷
: ময়ো পাকঘৰত থাকিব লাগিছিল – মৌৰ বটলে হাঁহি কৈ উঠিল৷
: কিয় আমাৰ লগত থাকি বেয়া লাগে নেকি? চেনি, নিমখহঁতৰ লগত থাকি বেছি ভাল পোৱা চাগৈ নহয় – এচিলকে কৈ উঠিল৷
: নহয়, বাইদেউৰ কাৰুকাৰ্য্যবোৰৰ কথাহে কৈছোঁ৷ তোমালোকৰ লগত থাকি কিয় বেয়া পাম বাৰু? – ৱ’মেন হৰলিক্সে কৈ উঠিল৷
: বাৰু, আমাৰ নতুন সদস্য সকলক চিনাকি কৰি দিওঁ, এইয়া হিমালয়া পাউদাৰ – এচিলকে কৈ উঠিল৷
: হাঁই – হিমালয়া পাউডাৰে কৈ উঠিল৷
: হেল্ল’ মই ডি অ টেল্ক ৱাইল্ড ষ্টন, চাৰৰ ফেভাৰেট৷
: হাঁই – আস্থালিনহঁতে কৈ উঠিল৷
: হেল্ল’, মই লেকমি সেন্দূৰ, বাইদেউৰ কপালত জিলিকি থাকোঁ৷
: হাঁই – আস্থালিনহঁতে পুনৰ কৈ উঠিল৷
: হেল্ল’, মই ফণি – ফণিয়ে হাঁহি ক’লে৷
: হাঁই- আস্থালিনহঁতে কৈ উঠিল৷
হঠাতে বাইদেৱে বৰলিনক আস্থালিনহঁতৰ কাষত থৈ গ’লহি৷
: অ’ বৰলিন, ক’তনো আছিলা তুমি? ভালেই হ’ল তোমাক লগ পালোঁ – আস্থালিনহঁতে বৰলিনক দেখি কৈ উঠিল৷
: মই শুনিছোঁ, আলহী তিনিদিনমান থাকিব৷ আমি ইয়াত সাংস্কৃতিক অনুষ্ঠান আদি পাতি নাচি বাগি থাকিব পাৰিম বুজিছা৷
: এৰা, বৰ ভাল লাগিব – সকলোৱে সমস্বৰে কৈ উঠিল৷
হঠাতে কেৰমেৰকৈ শব্দ কৰি আলমীৰাৰ দুৱাৰখন নিজে নিজে খোল খাই গ’ল আৰু ৰীনাই ভৰাই থোৱা কাপোৰখিনি আহি মজিয়াত ধৰমৰাই পৰিলহি৷
: অঁ, তহঁতে পৰিলি যে৷ দুখ পালি নেকি? –আস্থালিনহঁতে কৈ উঠিল
: তহঁতে সাংস্কৃতিক অনুষ্ঠান পাতিবি বুলি শুনি আমি থাকিবই নোৱাৰা হ’লোঁ সেয়ে গাটো লৰচৰ কৰোঁতেই আমাৰ এই দশা হ’ল৷ এতিয়া বাইদেউলৈ অপেক্ষা কৰিব লাগিব৷
কাপোৰৰ মাজৰপৰা বগাছাৰ্টে কৈ উঠিল৷ তাৰ কথা শুনি সকলোৱে সমস্বৰে হাঁহিলে৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *