বেপাৰ – চন্দ্ৰ কমল চেতিয়া
সকলোফালে পদ্মেশ্বৰ বেপাৰীৰ বেয়া দিন চলিছে। আগতে তাৰ সেই চাৰিআলিৰ মূৰৰ চাহৰ দোকানখন গ্ৰাহকেৰে দলদোপ হেন্দোলদোপ। বৰসবাহলৈ অহাদি কিবা বোলেনে তোমাৰ সেই মানুহবোৰ সোঁসোৱাই আহিছে সোঁসোৱাই গৈছে। পদ্মেৰ প্ৰতাপ দেখি চুবুৰীয়া বেপাৰীবোৰৰ নৈপাৰত কোনোবা দুষ্ট ল’ৰাই লুটিয়াই দিয়া বৰকাছজনীৰ দৰে পেটতে হাত-ভৰি লুকুৱা অৱস্থা। সকলোৰে মুখত ফুচফুচ ফাচফাচ — পদ্মেয়ে কিবা যাদু-মন্তৰ জানে হ’বপায়—মানুহ সন্মোহন কৰিব পৰা মন্তৰ।
পাছে কেইদিনমানৰপৰা কি জানো হ’ল—মানুহবোৰ পদ্মেশ্বৰৰ দোকানৰ ফালে মুখ নকৰা হ’ল। ধাৰো লাগিল ভালেখিনি। পদ্মেয় তলকিবই নোৱাৰিলে ক’ৰ পৰা কি হ’ল। দেউলীয়া হ’লেও টিঙখোপৰ পৰা ননমাবিধৰ মানুহ পদ্মে। দুই এডাল ডাড়ি চুলিয়ে কঁহুৱা ফুলীয়া গীত গালেও মনেৰে এতিয়াও ষোল্ল বছৰীয়া চফল ডেকা পদ্মে। এইবাৰ পদ্মেশ্বৰে ঠিক কৰিলে দেউলীয়া মাৰ্কাৰ চাহৰ দোকান বন্ধ কৰি নাৱেৰে বণিজ কৰিব—ঠিক তাহানি চান্দো সদাগৰে কৰাৰ দৰে কাৰবাৰ। ভবা মতেই কাম—কিছিম কিছিম সামগ্ৰীৰে এখন নাও ভৰ্তি কৰি পদ্মেশ্বৰে বণিজৰ ডিঙা মেলি দিলে। মানুহে পদ্মেৰ কথা কাণ্ড দেখি তাক মুদৈ বুলি সম্বোধন কৰা হ’ল। মুদৈৰ এটাই বৈশিষ্ট্য যিটো ঘাটত ডিঙা বান্ধে সেই ঘাটত তিনিদিনতকৈ অধিক কাল নাথাকে। গ্ৰাহকে সোণ বুলি ক্ৰয় কৰা গহনা-গাথৰিৰ ৰঙচঙীয়া ৰঙ উঠি গৈ আচল ৰঙ ওলাই পৰাৰ আগতেই মুদৈয়ে আন এটা ঘাটত বণিজ মেলেগৈ। পিছে ঘাটে ঘাটে পানী খাই সাতঘাটৰ চেঙেলী হোৱা মুদৈৰ এইখন বেপাৰো শেষত নচলা হ’ল। মুদৈ ওৰফে পদ্মেশ্বৰৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা।
মাজতে শুনিলো বোলে পদ্মেয়ে বেপাৰ বাণিজ্যৰ তুলা-তৰ্জু সজোৰেৰে দূৰলৈ দলিয়াই ঈশ্বৰৰ আৰাধনাত নিমগ্ন হৈছে। টেঙা আমজোপাৰ তলৰ তাৰ জৰা জীৰ্ণ ঘৰটো আজিকলি অহৰ্ণিশে ধূপ ধূনাৰ সুগন্ধই স্বৰ্গপুৰীযেন কৰি ৰখা হ’ল। দুদিনমান পাছত জনাজাত হৈ পৰিল বোলে জকাইচুকৰ পদ্মেয়ে সাইখাত ইচৰক লগ পাইছে। সি যি কয় সেয়ে ফলিয়ায়। আকৌ সেই একে কাৰবাৰ — বৰসবাহলৈ অহাদি কিবা বোলেনে তোমাৰ সেই মানুহবোৰ সোঁসোৱাই আহিছে সোঁসোৱাই গৈছে। পদ্মে এতিয়া সম্পূৰ্ণৰূপে বাবা- ‘পদে বাবা’। এদিন সেইফালে যাওতে ভাবিলো পদ্মেশ্বৰক মাত এষৰ মাতি যাওঁ তাৰ সেই ‘আশ্ৰমখনো’ চাই যাওঁ। সোমালো। ভক্তগণ বৰ বেছি নাছিল। পদে ব্যস্ত, বৰ ব্যস্ত- বিধান দিয়াক বিধান দিছে, নিৰ্মালি দিয়াক নিৰ্মালি দিছে, মন্তৰ মাতি জৰা ফুকা কৰিছে—কাৰোফালেএ চাবৰ আজৰি নাই। সকলো গৈ শেষ হোৱাৰ পাছত পদে আজৰি হ’ল। মই মাত লগালো- বোলো পদে কেনে আছা? পদেয়ে মূৰ তুলি মোক দেখি আথে বেথে মাতি নিলে। মই বোলো পদে, এইবোৰ আকৌ কি কাৰবাৰ? মুখত এটা আকৰ্ণবিস্তৃত বিজয়ৰ হাঁহি আঁকি পদ্মেশ্বৰে মোৰ ফালে চাই ক’লে- ‘মাধৱ ঔ, আনক নক’বি, তোক বুলিহে ক’লো, এইবাৰহে মই আচল বেপাৰখনৰ আঁতডাল পালো অ’। মূলধন প্ৰায় নালাগেই, গংগাজল বুলি সেই কলঙৰ ক’লা পানী, কাম সেন্দুৰ বুলি সেই হ’লচেল মাৰোৱাৰী গোলাৰ মহাতীৰ্থ সেন্দুৰেৰেই কাম চলি যায়। বাদবাকী ধূপ-ধূনা, বুট-মগুৰ সেৱকীসকলেই দিয়ে। মই আৰু সেই পুৱাই এমুঠি ধৰি মেৰঢৰাখন পাৰি সৈখিনিতে বহিলেই হ’ল। তোক কৈছো মাধৱ, দিনটো মানুহৰ সোঁত বয়, বৰনদীৰ পানীৰ দৰে সোঁত বয়। অৰিহণাৰ ধনেৰে প্ৰণামীৰ ঠাল ভাগো যেন হয়। ধৰ্মৰ বেপাৰহে আচল বেপাৰ অ’ মাধৱ।’’ কপালৰ মাজভাগতে মিঠাতেল সনা সেন্দুৰেৰে বহলকৈ ফোঁট লোৱা এসময়ৰ চাহবেপাৰী পদ্মেশ্বৰ আৰু আজিৰ পদে বাবাৰ মুখলৈ হাকৈ মুখখন মেলি চাই ৰ’লো।
☆ ★ ☆ ★ ☆
7:37 pm
সুন্দৰ লেখনিৰে আলোচনী উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো
11:04 am
বৰ ভাল লাগিল দেই পঢ়ি।