ফটাঢোল

আপেলি-দীপ্তি শৰ্মা

জীৱনতো সঁ‌চাই এটা ডাঙৰ প্ৰহেলিকা৷ কাক কেতিয়া ক’ত লগ পাওঁ, কোন কেতিয়া ক’ত থাকিব লগা হয় একো ঠিক নাই৷ তাৰ মাজতো কিছুমান কথাই, কিছুমান মানুহে, কিছুমান সম্পৰ্কই আমাৰ জীৱনটোত পাহৰিব নোৱাৰা সাঁচ বহুৱাই থৈ যায়৷ দিম্পল আৰু পাৰ্থও বহুত ভাল বন্ধু৷ কলেজত পঢ়া সময়ত ভাড়াঘৰত একেলগে থকাৰ পিচতে আৰম্ভ হৈছিল সিহঁতৰ এক এৰাব নোৱাৰা বন্ধুত্বৰ সম্পৰ্ক৷ যিটো সম্পৰ্কক দৰঙীয়া কথিত ভাষাত যদি ক’ব যাওঁ “এল্লিও এৰি নপৰা, ঝোকেল্লিও ঝোকেৰি নপৰা” বন্ধুত্ব৷ পিচে কেতিয়াবা দাতাই দিলেও বিধাতাই নিদিয়াৰ নিচিনাকৈ হাঁহাকাৰৰ সীমা নোহোৱা হৈ যায়৷ ভাড়াঘৰত থকা দিনত ঘটা এটা ঘটনা দৰঙীয়া কঠিত ভাষাৰে কওঁ বুলি ভাবিলোঁ৷
একদিন ৰাতিপুৱাই ভাড়াঘৰৰ মালিকৰ কান্দা-কাটাত পাৰ্থ ঘুমেতিৰপে চক খায় উঠি বহিল৷ ক’ত কি হৈছি একো তলকিবা নৰি দিম্পলক মাতবা ধল্লা-
পাৰ্থ- অই দিম্পল ক’ত কি হৈছিয়ে?
দিম্পল- হোঁ, ক’ত কি হ’লেই এই বেহেপ পুৱাই?
পাৰ্থ- শুনচোন মালিকে দেখোন ইনেই-বিনেই কান্দি আছেই৷ কোনবা মৰিল হানপাৱেই৷
দিম্পল- থাকক দে৷ কোনবা মৰিল কিজানি৷
পাৰ্থ- যৌচোনেই যাওঁ৷ খুড়ীহাঁতো ঘৰত নাই৷
দিম্পল- ৰহেই ভাইহেৰেই মোক ঘুমেতিটো মাৰি ল’বা দি৷ তই যাচোন৷ মই যায় আছোঁ যা৷
পাৰ্থ- ঠিকে আছেই, মই যাওঁ তোক মাতিলি কিন্তু যাবি৷
দিম্পল- অঁ যাম যাৱেই৷ হেকেতি জুৰি নাথখিবি৷ ঘুমেতি ভাঙি দিলি ফল৷
আত্তেনিকে মুখ-চুখ নোধোৱাই পাৰ্থ যায় মালিকৰ কাষত বহি ল’লা৷ দুখৰ সময়ত মাতষাৰে বহুত দেচোন৷
পাৰ্থ- অ’ দাদা কি হৈছিনো?
মালিক- অ’ বাপা শেষ মোৰ চব শেষ৷
পাৰ্থ- নাকেন্দবিচোনেই দাদা৷ কৌচোন কি হৈছি৷
মালিক- মৰিল সি মৰিল৷
পাৰ্থ- কোন? কোন মৰিল?
মালিক- বৰ মৰমৰ আছিলেই সি মোৰ৷ অ’ মোক এৰি গেলেই সি৷
পাৰ্থ- কোনেই দাদা? কোনবা মানুহ নে কি?
মালিক- জানানে বাপা তাক মই নাওমেনিতে আনছিলোঁ৷ নিজৰ কাঁহীৰ ভাত খুৱেই খুৱেই ডাঙাৰ কল্লোঁ৷ দিনতো চকুৰ আগতে ৰাখছিলোঁ৷ সি মোৰ সুখ দুখৰ লগ আছিলেই৷ অ’ মোক এৰি গেলেই সি৷ গেল৷
পাৰ্থ- এক বছৰে দেখোন কাকো থাকা দেখা নাপালোঁ৷ মানুহ আহিলিও দেখোন দাদাই বুদ্ধি কৰি খেদাহে৷ ইতানো কোন এনকে মৰিলেই৷
মালিক- অ’ বাপা, অ’ বাপা সি মৰিলেই৷ অ’ মই ইতা কি কৰোয়ে?
পাৰ্থ- (খংত) মই যাওঁ দে৷ কোন মৰিল কিয়া মৰিল সুধলিও নকৱা৷ ইফালে এটা কুম্ভকৰ্ণ ঘুমৱা দি ঘুমেই আছেই৷ যোনে যাৰ মুৰ কৰা কৰি থাক৷
মালিক- খং নকৰবিয়ে মোক৷ মোৰ কল্জাৰ একফাল গেলেই খদাৰ তলত চাওঁৱেই, অ’ সি মৰিলেই৷
পাৰ্থ- (আচৰিত হৈ)এইতো দেখোন দাদাহাঁতৰ হাঁ‌হটো৷ কি হৈ মৰিল? কেনকে মৰিল?
মালিক- ক’বা নৰো অই মই৷ পুৱা উঠি দেখোঁ আধেলিয়াত চিত ভেংলা দি মৰি পৰি আছেই৷ চাবা শক্তি নাইয়ে মোৰ৷
পাৰ্থ- হাঁ‌হহে একো নহ’ৱেই৷ মৰিল মৰিল৷ আকো আনলি হ’বো৷ ইমান আঙেলি-বিঙেলি কৰি থাকবা নালগেই৷ ময়ে পেলেই দেওঁ নি৷
মালিক- কি বুজি পাবি তই তাক মই পিলু চানাতে আনছিলোঁ৷ ইতা মোক দুখ দি গুচি গেল৷ এই বেহেপ পুৱাই শাও দিলোঁ যিয়ে মাৰছি সেহেতো এনকে মৰবো৷
পাৰ্থ- হ’বো দে দাদা দুখ নকৰবি৷ মই পিচফালে গাতা খুন্দি পেলেই দেওঁ যায়৷
মালিক- অ’ যা বাপা যা৷ মই নৰিম৷ সাহে-পীতে নুকুলৱেই মোৰ৷
পাৰ্থয়ো কোদালখান লৈ পিচফালে যাবা যায় থাকোঁতে দেখেই দিম্পলে মিচিক-মাচাক্কে হাঁ‌হি ৰৈ আছেই৷
দিম্পল – ক’ক নেহেই?
পাৰ্থ- পুতি থওঁ৷ বুৰাৰ কান্দা কাটা৷ কিহে বা খাই মাল্লা৷
দিম্পল- তাক এইফালে লৈ আহ৷
পাৰ্থ- কি কৰা? সাপেহে খাইছি নে কিহে খাইছি ঠিক নাই৷
‌দিম্পল- তই মাথা মাৰবা নালগেই সেইগিলাকত৷ তাক মোক দি তই ডাঙাৰ চাই কলপাত এখান কাটি লৈ আহ আৰু শুন পিচফালে গাতা এটা খান্দি আকো পুতি থৈ আইভি৷
‌পাৰ্থ- মই কিন্তু এই কিবাই খাই মৰা বস্তু খায় মৰবা নৰো দেই৷ গাছৰ আগ হান দিন কাল আছেই৷
‌দিম্পল- তই বৰ বেঙেৰা চলিয়ে৷ মৰাহে খাবা নৰি কিন্তু মাৰা তোতো খাবা পাৰি৷
‌পাৰ্থ- মানে? কি কৈ আছাহেই?
‌দিম্পল- মালিকে কিমান বস্তু আমাৰ তাৰপে নি থাকেই৷ আমাক এক দিন মাতি খুৱেই পাইছি নে?
‌পাৰ্থ- সেইতো হয়৷ পিচে কি হ’ল?
‌দিম্পল- আজি বুঢ়াৰ বস্তু দি আমিও খাম বুৰাকো খুৱম৷
‌পাৰ্থ- কেনকে? মোৰ কিন্তু পইচা নাই দেই৷ মাহতোৰ আধা দিনহে গে’ল, আধা দিন আছেয়ে৷
‌দিম্পল- হাঁ‌হেই দি খাম৷ মানে এইটোই দি৷
‌পাৰ্থ- মানে কিবাই খায় মাৰা বস্তু নিজেও খাবি আনকো খুৱবি?
‌দিম্পল- নহয়েই৷ মই মাৰা হাঁ‌হেইদি৷ হাঁ‌হটো ময়ে পুৱা মাৰছোঁ৷ ঘৰত কোনো নাই৷ কেমান আৰু আলু ভাত হোপা খাই থাকবিয়ে বাপাহেৰেই৷ বেল্টেই দিলোঁ পুৱাই উঠি৷ ইতা যোগাৰ কৰ৷ মালিককো মাতিম৷ কিনি আনা হাঁ‌হৰ মাংস বুলি ঠিকছে মাৰি দিম৷
‌পাৰ্থ- কি?
দিম্পল- মুখ মেলি থাকবা নালগেই৷ মুখত হাঁহ ৰ সলেনি পোকা সুমেই যাবো চাবি৷
 দিম্পলে পাৰ্থয়ে বঢ়িয়াকে ৰান্ধি নিজেও খায় মালিককো খুৱেই উগাৰ মাৰি মাৰি পেট পেলেই ঘুমেই থাকিল৷ মুখত যুদ্ধ জয়ৰ হাঁ‌হি৷ সেই দিনতো বঢ়িয়াকে পাৰ হ’ল৷ পিচে অথন্তৰ লাগিল পিচদিনা মালিকেনী আহি পাৱাতহে৷ হাঁ‌হতো নেদখি তাই বুজবা বাকী নাথখিল কোনে মাল্লা কোনে খালা৷ মৰমৰ হাঁ‌হটো মাৰাৰ খঙত ৰণচণ্ডি মূৰ্তি ধৰি বাহেনডাল লৈ দিম্পলহাঁতৰ ৰূমক সুমেই গেল৷ কোনো দিনে মালিকেনীৰ এনেকুৱা নেদখা ৰূপ দেখি দুটাৰে পিলাই চমকি গেল৷ কি হ’বো কি নহ’বো বুলি ভাবি মেলা মুখ মেলাক মেলাই থাকিল৷ এনেইও চোৰৰ মনত সদায় ভয়৷ মালিকেনী যায়ে কাকো একো নকৈ ঘৰৰ বস্তু গিলাক চোতালক লেগি দল্লেই দিলা৷ কি কৰবো কি নকৰো হদ হৰেই দুইটায়ে চোতালত পৰি থাকা বস্তু গিলাকৰ ফালে থৰ লাগি চাই থাকিল৷ পিচে পৰিস্থিতি বেয়াৰ ফালে যাৱা দেখি আত্তেনিকে বস্তু গিলাক টোপোলা বান্ধি বাটক লেগি লৰ দিলা৷
 হাঁ‌হে যি এনকে ঘৰৰপে উলেই দিবোঁ ভুলতো ভাবা নাছিল সেঁহেতে৷ বস্তুখিনি ক’ত থ’বো কি কৰবো ভাবি ভাবি লগ এটাৰ ৰূমক লেগি লৈ গেল৷ লগতোক কিবাকে বুজেই বঢ়েই বস্তুখিনি থৈ দটায়ে আকো ওলেই আহিল৷ ক’ত যাবো কি কৰবো ভাবি তত্ নাপাই বন্ধ দোকান এখানৰ সন্মুখতে বহি ল’লা৷ ইফালে আগদিনাই ভাত খাৱা৷ পুৱাও একো খাৱা নহ’ল৷ পেটে আলু-কচু খুন্দবা ধৰছিল৷ আধা ঘণ্টামান এটাৰো মুখত মাত বোল নাই৷ এটায়ো এটাৰ চখুৰ ফালে চাবা নৰা হৈছিল৷ অলপ পিচত লাহেকে হুমুনিয়াহ এটা কাঢ়ি দিম্পলে মাত লগলা-
দিম্পল- অ’ পাৰ্থ৷
পাৰ্থ- হুঁ৷
দিম্পল- মোৰ কাৰণে তয়ো ইতা ভোখত থাকবা লাগা হৈছি৷
পাৰ্থ- লোভৰো এটা সীমা থাকেয়ে ভাই৷
দিম্পল- দে যি হ’ল হ’ল৷ ইতা কিবা এটা ভাব৷
পাৰ্থ – মোক আৰু একো নকবি৷ যি ভাবা নিজে ভাব৷
দিম্পল- শুনচোন৷
পাৰ্থ- কৈ থাক৷
দিম্পল- বিনামূলীয়াকে খাবাৰ এটাই উপায় আছেই৷
পাৰ্থ- কি? এইবাৰ কিন্তু একো উল্টা-পুল্টা নকৰবি৷
 দিম্পল- বিশ্বাস ৰাখচোন মোৰ ওপৰত৷ মই যি কওঁ শুনবিনে?
পাৰ্থ- নুশুনি কৰিম কি৷ কৈ যা৷
দিম্পল- ঝীয়া চাবা যাওঁ যৌ৷
পাৰ্থ- কি? ঠিকে আছাতো? ঘৰ খেদেলি এইবাৰ দেহাতোও খেদবা খুত্ছা নেকি?
দিম্পল- একো নহৱেই৷ মই দৰা হ’ম তই ভায়াক হবি৷ যৌ৷
পাৰ্থ- নাযওঁ৷ ঘৰৰ এটাই লিকিৰা৷ কিবা হ’লি মাই বাপেইক কোনে চাবো৷
দিম্পল- ক’লোঁ নে একো নহ’ৱেই বুলি৷ যি কৰোঁ মই কৰিম, তই মাত্ৰ মোৰ লগত থাকিলিয়ে হ’ল৷
দিম্পলৰ কথা মতে দুটায়ে আলোচনা বিলোচনা কৰি গাওঁ এখানৰ মাজক সুমেই গেল৷ ইটো-সিটোক সুধি বিয়া দিবা লাগা ঝীয়া থাকা ঘৰ এখান বাচি লৈ লাহেকে কোনবা জোনে খেদৱা বুলি কৈ গপচত বহি ল’লা৷ ঝীয়া চাৱা যাবা বুলি গম পায় মানুহ ঘৰেও বৰ আচ-পোচ কৰি চাহ-তামোল খুৱলা৷ ইতা সেঁহেত উঠি নাহেই হে নাহেই৷ উঠাৰ নাম গোন্ধ নলৱা দেখি ঝীয়াৰ দেউতাক লাহেকে আহি কাষত বহিল৷ ইটো- সিটো কথা সুধি শেষত ক’লা৷
দেউতাক – বাপা আমাৰ ইতা ঝীয়াতো নাই নহয়৷
দিম্পল- একো নহৱেই দে৷
দেউতাক- কোনবা লগৰ ঘৰক গে’ল৷ থাকিলি বাপাহাঁতে চাই মেলি যাৱাই পাল্লি হয়৷
দিম্পল- ঝীয়া চামদে পিচত আহি৷ মোৰ দেখোন আপোনালোকক কিবা অপ্পাৰ নিজৰ নিজৰ লাগছি৷ সেই কাৰণে উঠভাই ইচ্চা যাৱা নাই৷ বহোঁ বহোঁ লাগি আছেই৷
দেউতাক- দে বহ্ বাপা বহ্৷ তোকো মোৰ কিবা নিজৰ নিজৰ লাগছি৷ পুঠি মাছটো হান চলচল কৰেই চলি৷
দিম্পল- লাজে লাগেয়ে দাদা সেনকে কলি৷ মোৰ আকো সৰুৰপে অপ্পাৰ লাজ৷
দেউতাক- ভাল কথা বাপা৷ নিলাজ হ’লিও বেয়াহে৷
দিম্পল- কথা এটা ক’লো হয় বেয়া পাবোঁ নেকি?
দেউতাক- নাপওঁ নাপওঁ কৌচোন কি?
দিম্পল- মুৰ্গী কেইটা যি চোতালত দাউৰি আছেই কাৰ নো?
দেউতাক- সেই কেইটা আমাৰে বাপা৷ ঝীয়াতো ই পুইহছি৷
দিম্পল- ডিমা পাৰেই নে?
দেউতাক- পাৰেই পাৰেই৷ খাই চাবি নেকি৷ বৰ সদ৷ মোৰ ঝীয়াতো ই পোহা সব বস্তুৰে সদটো বেছি৷ লক্ষ্মী ঝীয়া৷
দিম্পল- খাবা পাৰি পিচে ডিমাতকে মানে হেৰিতোহে খাই বেছি ভাল পাওঁ৷ দে হ’বো দে বাৰু আজি বাৰু ডিমাকে খাই যাওঁ৷ বেলেগ একদিন আহি ভাতৰ লগত মাংসঢ খাম ঝীয়াও চাম৷
দেউতাক- হ’বো বাপা হ’বো৷ তোৰ নিচিনা চলিক কিয়ানো নুখুৱম৷ এইবাৰ আহিলি আগদিনাই খোবৰ দি আইভি৷
মানুহতোই ঘৈনাকক মাতি আনি ডিমা দুটা উহবা দিলা৷ লগতে ফুচফুচেই ক’লা ডিমা কেইটা দেওঁতে লগত নিমখ অকনমান আৰু চামুচ এখানো দিবা৷ যি হলিও ঝীয়া সোধা মানুহ৷ সন্মানটো কৰবাই লাগবো৷ ডিমা হ’লিও ক’ত হাতেইদি খাবা দিবা পাৰি৷ ইফালে দিম্পল আৰু পাৰ্থৰ মনত পুৰা ফুৰ্ত্তি৷ যি নহওক অভিনয় কৰি হলিও ঘৰৰ মুৰ্গীৰ ডিমা খাবা পাবো, পেটটো ভৰবা পাৰবো৷ মনে মনে দুটাৰে গৌৰৱত বুক খান দুই ইঞ্চি মান ফুলিও উঠিল৷ অলপ পিচত ঝীয়াৰ মাকে বৰ ধুনীয়াকে দুখান প্লেটত দুটা উহৱা ডিমা লৈ আহিল৷ লগত এখান এখান চামুচো৷ দুটাকে ডিমা খাবা দি ঝীয়াৰ মাক বাপক বাহিৰক ওলেই গেল৷ দিম্পলক আৰু কোনে পাৱেই৷ চখু একেবাৰে জোনকি পৰুৱাৰ নিচিনাকে ঝিলকিবা ধল্লা৷ দিয়াৰ লগে লগে ৰক্ষা নেদি ডিমাটোৰ মাজতে চামুচ খানেই দি দেহাৰ জোৰেইদি হেঁচা মাৰি দিলা৷ তাৰপে ডাঙাৰকে চকু কেইটা মেলি চাই দেখেই ডিমাটো প্লেটত নাই৷ কি হ’লেই বুলি তাৰ পিলুই চমকি গেল৷ হে ভগবান ৰক্ষা কৰ বুলি ইফালে-সিফালে চাবা ধল্লা৷ নাই ডিমা নাই৷ কেউফালে বিচেৰিও ক’তো দেখা নাপালা৷ পাৰ্থই আকো পুৰা খাই লৈছি৷ দিম্পলৰ আকুত -বিকুত দেখি লাহেকে মাত লগলা,
পাৰ্থ- অঁঁ, দিম্পল কি হলেই?
দিম্পল- অ’ পাৰ্থ ক’ত গেল চাউচোন৷
পাৰ্থ- কি?
দিম্পল- ডিমা৷
পাৰ্থ- কিনো কহে বাপাহেৰেই৷ ডিমা অকো ক’ত যাবো, খালি কিজানিয়া৷
দিম্পল- নায়ে৷ খাবা খোজোঁতে নহৱা হ’ল৷
পাৰ্থ- ভয় খুয়েই নামেৰবি দেই৷
দিম্পল- সোঁচাকে কৈছোঁ ভাই এই গিলাক কিবা ভুতৰ কাৰবাৰ হান পাইছোঁ৷
পাৰ্থ- তোৰ লগত আহাই ভুল৷
দিম্পল- পিচত গালি পাৰবি৷ বিচাৰচোন৷
পাৰ্থ- নৰো মই৷ মই খালোঁ ইতা যাওঁ তই থাক৷
দিম্পল- হেই মৰা ৰহচোনেই৷ কবাত মাৰ খাই পিঠি বেদবেদীয়া হৈ নমল্লিয়ে হৈছি৷ বিচাৰ বিচাৰ৷
সেঁহেতে দুইটায়ে বিচাৰেইহে বিচাৰেই ডিমাটো হলি ক’তো নাপালা৷ ভালকে শনিয়ে পালা বুলি জুইত দিয়া বগৰিয়ে পোৰ-পোৰৱা দি পোৰ পোৰেই থাকি যি হৱেই হ’বো বুলি বিদায় ল’বা খুজিলা৷ পিচে গৃহস্থক মাত দিবা খোজোঁতে বাহিৰত ঝীয়া এটাই আতাহ পাৰা শুনি আগৱা খোজ পিচুৱেই আকো ঘৰৰ ভিতৰত বহি ললা৷ দুটাৰে মুখ তিন বছৰ মানে শুখৱা আমঠুটো হান হ’ল৷ ভাবেই এটা হৱেই যায় এটা৷ তথাপিও কাণ কেইখান বাহিৰৰ ফালে পোন কৰি থাকিল৷ পিচে মাক ঝীয়াকৰ কথা শুনি “ফাট মেলা বসুমতি পাতালে লুকাও” বুলি কৱাও এটাৰো শক্তি নহ’ল৷
ঝীয়া- অ’ মাই মায়েই৷ আহচোনেই৷
মাক- কি হ’লে মাই৷ কুৰমা আইছি লাহে লাহে মাত৷
ঝীয়া- অ’ মাই অ’ মাই দাউৰি আহেই৷
মাক- কি হ’লেই৷ কিয়া দেদেই মৰাহেই৷ কথা কলি কিয়া গেন্দাহ নকৰা৷ তোৰ আতাহত ঝীয়া সোধা মানুহ লৰ মাৰবো৷
ঝীয়া- অ’ মাই, অ’ মাই চাউচোনেই আমাৰ কলি মুৰ্গীয়ে দেখোন বহা ঘৰৰ পিচফালে উহৱা ডিমা বাকেলি গুচেই উমেন ধৰি আছেইয়ে৷
☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *