লটিঘটি – মনালিছা বৰা
জনাহোৱাৰে পৰা বৰ ইচ্ছা আছিল চাইকেল চলোৱাৰ।দাদাহঁতে চলাই থকা দেখো যে। দেতাক অত ক’লো বোলো লোহা এডুখৰি মোকো দিয়া। ঘৰৰ চতুৰ্থ সন্তান মই তাতে ঘৰৰ লগতেই স্কুলখন। গতিকে লেডি চাইকেল নহ’ল আৰু! ময়ো কম নহয়, দাদাহঁতৰ খনকে টানি ফুৰিছিলো। বোধহয় চেভেনমানত কোনোমতে ল’ৰাৰ চাইকেলখন চলাব পৰা হ’লোগে আৰু। তাৰপিছত কোনে পায়! টাউনলৈ যাবলৈ কোনোবাই থৈ যোৱা খনকে লৈ দিনটো টানি ফুৰো। এবাৰ বাৰ লগৰ এজনীয়ে চাইকেলখন থৈ গল স্কুললৈ কিবা কামত। ময়ো মজাই পালোঁ। পিচে ফুল চেইন কভাৰ লগোৱা চাইকেলখনত চেইন পেলালো। হে হৰি! কি অথন্তৰ ! কোনোমতে চাইকেল দোকানলৈ টানি টানি নি মিলাই আনিলো যেনিবা।
বিয়ালৈ এসপ্তাহ আছে। দৰাবৰণৰ গামোছাখন বোলো নিকিনো ধুনীয়াকৈ তাতত বোৱাই আনো। সেইমতে ছোৱালী এজনীক অৰ্ডাৰো দিলোঁ। তাই বোলে বাইদেউ আহকচোন গামোচা কাটিলোঁ। অতনো লগ এটা বিছাৰিলো ঐ। চুবুৰীটোত কাকো নেপালো। ওলাই আহি দেখিলো খুড়াৰ ছোৱালীজনীৰ চাইকেলখন! ভিতৰৰ মানুহজনী সাৰ পাই উঠিল। সৌকণ হে বাট! যাম আৰু আহিম! এইকে লৈ যাওঁ। বিয়াৰ পিছত বা ‘ত চলাবলৈ পাওঁ!! খুড়াক বোলো পিটিককৈ এফালৰ পৰা আহো এইখন নিলো। মায়ে বোলে তোক হাঁহিব যা ।মাষ্টৰণীয়ে চাইকেল চলায় ! হাঁহক যা বুলি গ’লো গৈ আৰু। যাওঁতে ঠিকেই গ’লো পিচে আহি ঘৰৰ চোতাল পাই কি জুতিত নাজানো আৰু চিধা ঢাপলাং। তলত মই ওপৰত চাইকেল।অভ্যাস নাই যে সদায় চলোৱাৰ। আঐ কোনোবাই দেখিছে নেকি ঔ। ভৰি বোলো গ’ল আৰু !! বিয়া কেঞ্চেল। উঠি চাওঁ – নহয় ঔ, চিৰাল ফাট দিলে পাটিয়ালা পেণ্টটোহে।সেইবাৰলৈ বাছিলো পিচে।
এতিয়াহে ভাবো কিহে পাইছিল মোক ।চাইকেল চলোৱাৰ তীব্ৰ বাসনা অথচ অনভ্যাস ।এওঁ পিছত মোক ঢেৰ কলে ।ময়ো এখনদি ভৰাই ইখনদি দিছো উলিয়াই ।এতিয়াও হেপাঁহ শেষ হোৱাই নাই ।কাৰোবাৰ পালে এপাক চলাও ।সিদিনা ছোৱালীজনীৰ চাইকেল খন উলিয়াওতে বোলো এপাক মাৰো ।দুচকীয়া খনত উঠিবলৈ লওঁতেই সিজনাই যিহে চাৱনি দিলে ঐ ।মনতো মৰহি গল ।হলেও আপোনালোকক কৈ থলো চাঞ্চতে সুবিধা টো এদিন লমেই লম।
☆ ★ ☆ ★ ☆