ফটাঢোল

কৃপণ কৃপণনী-বৰ্ণালী ফুকন

এসময়ত এখন দেশত এহাল অতি কৃপণ গিৰিয়েক ঘৈণীয়েকে বাস কৰিছিল৷ তেওঁলোক দত্তই আছিল নে বৰদলৈ আছিল৷ বৰাই আছিল নে হাজৰিকা আছিল সেইটো ডাঙৰ কথা নহয়৷
ডাঙৰ কথাটো হ’ল গিৰিয়েকৰ ভাও লোৱাজনৰ এজনী মাক আছিল আৰু আছিল এজন দেউতাক৷ কিন্ত তেওঁ তাহাঁতৰ লগত একেটা ঘৰত বাস কৰা নাছিল৷ আগৰ ৰজা ৰাণীৰ দিনত যেনেকৈ এটা বয়সৰ পিছত মানুহে বানপ্ৰস্থ আশ্ৰমলৈ ৰাওনা হয় ঠিক তেনেকৈয়ে মাক দেউতাকে কৃপণ-কৃপণনীক কোনো ধৰণৰ অশান্তি নিদিয়াকৈ বানপ্ৰস্থলৈ গুচি গৈছিল৷ যাওঁতে জোৰকৈ কৃপনে মাকৰ হাতত এটা মোবাইল ফোনো ধৰাই দিলে৷ বিপদে-আপদে পৰিলে আপোনালোকৰ চালাহ মৌচুৰাৰ প্ৰয়োজন হ’ব পাৰে বুলি৷ এই আধুনিক বানপ্ৰস্থ অলপমান বেলেগ ধৰণৰ৷ ইয়াত সংসাৰ সম্পূৰ্ণ ৰূপে ত্যাগ নকৰে৷ মানে কৃপণ কৃপণনীৰ বিপদে আপদে দেখা দিলে বানপ্ৰস্থৰ পৰাই তেওঁলোকে সহায়ৰ হাত আগবঢ়াই৷ কৃপণ-কৃপণনীৰ পৰা কোনো দিনেই একো আশা নকৰা মাক-দেউতাকহালে বিপদত কোনো উপায় নাপালেহে পুতেক বা বোৱাৰীয়েকক মাতে৷ কেতিয়াবা মুদ ভাল থাকিলে কৃপণ-কৃপণনীয়ে সহায় কৰে নাথাকিলে কিবাকিবি আজুহাতত বুঢ়া-বুঢ়ীক এভইদ কৰে৷ কৃপণ সৰু থাকোঁতেই বোলে মাক জনীয়ে গম পাইছিল ই ডাঙৰহৈ যক্ষৰ লিটিকাই হ’ব৷ এদিন সেইবাবে কৈছিল,
“ডাঙৰহৈ যেতিয়া চাকৰি কৰিবি তই চাগে মোক দুটকা এটা দি কবি যা বিড়ি এটা খাই লবি”
তেতিয়া বোলে কৃপণে মুখেৰে বিশেষ একো নকৈ মাথোঁঁ ক’লে “আপোনাৰহে ল’ৰা মই আপুনি বেচি জানিব৷ ”
সেইদিনা বুঢ়ীয়ে গম পালে যে ই অকল কৃপণেই নহয় ডাঙৰহৈ ৰাজনীতি নেতাগিৰী ঘৰতে কৰিব পাৰিব৷
আৰু এদিনৰ কথা, তেতিয়া কৃপণে থুনুকথানাককৈ কথা ক’বলৈ আৰম্ভ কৰিছে৷ এদিন কাষৰ ঘৰৰ ল’ৰা এটাই কৃপণৰ মাকক আহি ক’লে বোলে”খুড়ীদেউ টোপ খুৱাবলৈ কেঁচু নিওঁ বাৰীৰ পৰা?”
“যা খন্তিখন লৈ লবি৷”
ক’বলৈ পালেহে মাকে, কৃপণে কান্দিব ধৰিলে৷
“নিনিবি আমাৰ ঘৰৰ কেঁচু৷ মই ভাতৰ লগত খাম৷”
মাকে মুৰে কপালে হাত দিলে৷ আৰু সেইদিনাই গম পালে কৃপণে একঠা খাব৷
কৃপণ ডাঙৰ হ’ল একঠা খাব পৰা হলত মাকে এজনী গোটাই আনি দিলে৷ তাই যেনিবা কৃপণতকৈ দুখোজ আগত৷ কৃপণে এবাৰ মন্দিৰলৈ যাবলৈ ওলাল৷ কৃপণনীক কথাটো কলত অলপ সময় কিবা এটা ভাবি লৈ ক’লে,
“আপুনি শিৱ মন্দিৰলৈকে যাওক৷ সেইজন ভগৱান সোনকালে সন্তুষ্ট হয়৷ আন ভগৱানে আপোনাৰ মনৰ আশা সহজতে পূৰণ কৰিব যেন লগা নাই৷”
কথা মতে কাম৷ কৃপণ গৈ বিচাৰি বিচাৰি শিৱ মন্দিৰ পালেগৈ৷ টকা এটা শিৱবাবাৰ চৰণত দি ক’লে,
“টকা এটা আগধন দিলোঁ মোলৈ চকু মেলি চাবা৷ আশা পুৰণ হ’লে কিবা এটা ভালকৈ দিম৷”
আশা পূৰণ হোৱাৰ পিছত আৰু শিৱ বাবাৰ মন্দিৰৰ ফালে মুখ নকৰা হ’ল৷ আকৌ কিবা এটা ডাঙৰ কাম আধাতে ৰৈ যোৱা দেখি পুনৰ শিৱ বাবালৈ মনত পৰিল৷ আগৰটোৱে পেণ্ডিং আকৌ আগৰজনৰ ওচৰলৈ কেনেকৈ সহায় বিচাৰি যায় বাৰে বাৰে৷ তেনেহ’লে এইবাৰ কৃষ্ণ মন্দিৰলৈকে যোৱা যাওক৷ এইবাৰ ঘৈণীয়েকক নোকোৱাকৈয়ে শ্ৰীকৃষ্ণৰ মূৰ্ত্তিৰ সন্মুখত এটকা এটা ৰাখি আগৰবাৰৰ শিৱ মূৰ্ত্তিৰ আগত কোৱা কথাকেইষাৰেই ক’লে৷ ঘূৰি আহি মনটো খুচখুচাই থকাত ঘৈণীয়েকক ক’লে “হেৰা এইবাৰ কৃষ্ণকে দি আহিলোঁ আৰু টকা এটা৷ শিৱকনো হ’ল বুলি কিমান ঠগাম?”
গিৰিয়েকৰ কথা শুনি কৃপণনী খংত ভোৰভোৰাই ক’লে “তাতকৈ পুতেককে দিব লাগিছিল!”
“কাৰ কথা ক’লা বা?”
“কিয় শিৱৰ পুতেক গণেশ৷ দুদিনমান দেৰি হ’ব কিন্ত ঠিক কৰি দিব৷ কৃষ্ণৰ ওপৰতহে মই বৰ ভৰসা নকৰোঁ৷ ৰাজনীতি খেলা মানুহ তেওঁ৷ ক’ত কি পাক লগাই থ’ব৷ হোৱা কামো ৰৈ যাব৷ ইমান যুক্তি তৰ্ক কৰা মানুহ তেওঁ৷ সহজে সন্তুষ্ট নহয়৷”
“এহ ৰ’বাচোন দুদিনমান বাট চাওঁ৷”
এইদৰে ৰৈ থাকোঁতে একমাহ বাগৰিল৷ একো নোহোৱা দেখি কৃপণনীয়ে কৃপণক মনত পেলাই দি শিৱৰ ওচৰলৈ যাবলৈ ক’লে৷ মানুহজনীৰ কেটকেটনিত উপায়হীন হৈ ঘৰৰ কাষৰ শিৱৰ মন্দিৰলৈ বুলি ৰাওনা হ’ল৷ দুৱাৰমুখ পাই কৃপণৰ শিৱবাবাৰ সন্মুখলৈ যাবলৈ লাজ লাগিল৷ মনতে ভাবিলে তাতকৈ অফিচৰ ওচৰৰ শিৱ মন্দিৰলৈকে যোৱা যাওক৷ এইদৰে মন্দিৰ বদলাই থাকিল কৃপণে৷
এদিনৰ কথা, কৃপণৰ মাকৰ ঘৰত মিঠাতেল নোহোৱা হ’ল৷ ইফালে পিচদিনাৰ পৰা দুদিনীয়া কাৰ্য সূচীৰে অসমবন্ধ৷ কি কৰিম নকৰিম কৈ উপায় নাপাই কৃপণনীলৈ খবৰ পঠিয়ালে বোলে, – তেল অকণ দিবা৷ দুদিন অসমবন্ধ ঘৰত তেল এটুপি নাই৷ অলপ পিচতে দৌৰি দৌৰি নাতিয়েক ওলালহি৷ বুঢ়ীৰ মন আনন্দই নধৰা হ’ল৷ সাউতকৈ ভিতৰলৈ গৈ বুঢ়াক ক’লেগৈ “হেৰি শুনিছে৷ আমাৰ ই নাতি পোৱালিটোৰ হাতত তেল দি পঠিয়াইছে৷”
“হওক দিয়া মই বজাৰলৈ দুদিনমান নগ’লেও হ’ব৷ বাকী বস্তু আছেই যেতিয়া৷”
নাতি পোৱালিটোৱে পলিথিনেৰে বান্ধি দিয়া তেলৰ বটলটো টেবুলতে থৈ অহা বাটেৰে উভতি গ’ল৷ বুঢ়ীয়েও বটলটো থকা ভাগে আনি পাকঘৰৰ চৌকাৰ কাষতে ৰাখি থ’লে৷ ৰাতিলৈ দাইলত তেল মাৰিবলৈ লৈ বটলটো উলিয়াই লৈ মুৰে কপালে হাত দিলে৷ কৃপণনীয়ে দি পঠিওৱা তেলৰ বটলটো উবুৰিয়াই দিলত এচামুচ মাত্ৰ মিঠাতেল ওলাল৷ কৃপণনী এয়াই তেওঁলোকক দিয়া প্ৰথম ধামাকা নাছিল৷ ইয়াৰ আগতেও কৃপণে আনি দিয়া এপোৱা জলকীয়াৰ দুটা মাত্ৰ আচাৰ বনাবলৈ দি পঠিওৱা৷ মাছ এপোৱাৰ পৰা বুঢ়া-বুঢ়ী মানুহেনো মাছৰ কাইঁট কেনেকৈ বাচি খাব বুলি কাঁইটৰ সৈতে গেলি যোৱা মাছ দি পঠিওৱাৰ নজিৰ আছে৷
কৃপণক এবাৰ বানপ্ৰস্থত থকা মাকে মাতি পঠিয়ালে৷
“বানপ্ৰস্থৰ বনখনকে কিমান চাম গৈ,অলপ চিটিৰ ফালেকে যাওঁ৷”
“অহ! হয়নেকি মই সাউতকৈ ঘৰৰ পৰা আহোঁগৈ৷”
ঘৰতগৈ কৃপণনীক কথাষাৰ ক’লে “হেৰি মাক কওক আগত পূজা আছে, ক’ৰ চিটিলৈ যায় হে!”
কৃপণে কথাষাৰ শুনি অলপ ৰ’ল৷ পুনৰ অহা বাটেৰে ঘূৰি গ’ল৷
“মা পূজাখন হৈ যাওক দে৷ পিচে পৰে যাম৷” মাক মৌন হৈ ৰ’ল৷
আজি কৃপণৰ ঘৰত সৰস্বতী পূজা৷ যিমান পাৰে টুকিটাকি বস্তু আনিছে৷ মাকেও ইটো-সিটো যোগাৰ ধৰিছে৷ লগতে পোহনীয়া কলি গাইজনীৰ গাখীৰ এসেৰো আনিছে মাকে৷
“হেৰি, পূজাৰীয়ে কিবা খাব বিচাৰিছে কি দিম৷ মিঠাই যি কেইটা আনিছে পূজাতে লাগিবচোন৷”
“এটা কাম কৰা ৰসগোল্লা এটা দুফাল কৰি কাটি দিয়া বুজিছা৷ আজি কালি মানুহৰ যিহে ডায়েবেটিছ৷ আমাৰে সাঁও লাগিব দেওজনৰ বেমাৰ হ’লে৷”
মাকে ৰসগোল্লাৰ লগত গাখীৰ এগিলাচ দিবলৈ ক’লে৷
কৃপণনী লৰালৰিকৈ আধা গিলাচ গাখীৰত পানী মিহলাই লগত এফাল ৰসগোল্লা দি নিবলৈ লওঁতেই কৃপনৰ মাকে আগভেটি ধৰিলে৷
“হেৰা গাখীৰখিনি ইমান পনীয়া দেখিছোঁ যে?
“ঠিকেই আছে দিয়ক৷ ডাঠ গাখীৰ খাই পূজাৰ মাজতে চেৰেলিয়ালে ৰিস্ক কোনে ল’ব৷”
কৃপণৰ মাকৰ মুখৰ মাত হৰিল৷
“হ’ব দিয়া৷ সৰস্বতীৰ দোষ নালাগিলেই হ’ল আৰু৷”
পূজাৰী যোৱাৰ পাচত কৃপণৰ মাক এটা ছেকেণ্ডো নৰ’ল কৃপণক মাত দি বানপ্ৰস্থলৈ বুলি খৰখেদাকৈ যাবলৈ ওলাওঁতে শুনা পালে৷
“হেৰা! এই মা ইমান লৰালৰিকৈ একো মুখত নিদিয়াকৈ গ’লগৈ যে৷”
“কিনো ক’ম৷ মায়ে যি ডাঠ গাখীৰ খাইছে৷ পেট চলিব পাই৷”
বোৱাৰীয়েকৰ উত্তৰত ঘূৰি চালে দুইটালৈ৷
ঘৰ পাই কৃপনৰ দেউতাকক মাকে ক’লে,
“আমাৰ বয়স বাঢ়িছে৷ সন্যাস আশ্ৰমলৈ যাবলৈ হোৱা নাই জানো?”
আচৰিতহৈ দেউতাকে তেওঁৰ মুখলৈ চাই ৰ’ল৷
“একেবাৰে সন্যাস পালেগৈ ইহঁত হালৰ অসুবিধা নহ’ব জানো?”
“ইহঁতৰ এতিয়া আৰু আমাৰ প্ৰয়োজন শেষ হৈ আহিছে বুজিছে৷ পাৰিব তাহাঁতে৷ আমাৰ লগত যোগাযোগ থাকিলে তাহাঁতৰ বিপদহে৷ একো নিশিকিব৷ বলক যাওঁগৈ সিহঁতে গম নোপোৱাকৈ৷”
“যাওঁ বুলিছা হয়৷ কিন্ত আকৌ তোমাক বিচাৰি সন্যাস আশ্ৰম পালেগৈ৷”
“আমি নকওঁ নহয় কলৈ গৈছোঁ৷”
“কিয় ফোনটো পিছে?”
“হ’ব ৰ’ব৷ মই সব মেনেজ কৰি থৈ যাম৷”
দুই বুঢ়া বুঢ়ী যাবলৈ লৈ বানপ্ৰস্থৰ ঘৰটোলৈ ঘূৰি চালে৷ মাকে ফোনটো দুৱাৰখনৰ মুখতে থৈ কাগজ এখন মোবাইলটোৰ তলত হেঁচা মাৰি থৈ আহিল৷
কাগজখন দেউতাকে জুপি চালে৷ তাত কঁপা কঁপা হাতেৰে লিখা আছে, “আমি আহিলোঁ৷ ভালে থাক তহঁতবোৰ৷ দয়া কৰি আমাক নিবিচাৰিবি৷ ”
☆ ★ ☆ ★ ☆

4 Comments

  • HEMANTA KAKATI

    বৰ লেতেৰা কৃপন হে, ভাল লাগিল বৰ্নালী৷

    Reply
  • Ronjon Baruoh

    কৃপণালী অলপ কম নহলনে ??

    Reply
    • Anonymous

      তাকে ৷কমেই হ’ল কৃপণালি ?

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *