ছশ বিশ (৬২০) -কংকন জ্যোতি কৌশিক
কেতিয়াবা কাৰোবাক ‘ফ’ৰ টুৱেণ্টি’ (420) বুলি গালি দি বা কাৰোবাৰ পৰা তেনেকৈ গালি শুনি পাইছেনে? আমি সৰু থাকোঁতে ওচৰৰ খুড়া এজনে কথাই প্ৰতি ‘ফ’ৰ টুৱেণ্টি’ বুলি গালি দিয়া শুনিছিলোঁ। কিন্তু এই চাৰিশ বিশ বা ফংৰ টুৱেণ্টিতকৈও অলপ বেছি ‘পাৱাৰফুল’ গালি হৈছে ছশ বিশ(৬২০) যাৰ সৈতে আমি পৰিচিত হ’লোঁ আমাৰ কলেজীয়া দিনত।
‘বিনুদ’ (লিখামতে বিনোদ) গগৈ অভিযান্ত্ৰিক মহাবিদ্যালয়ত আমাৰ লগত একেলগে পঢ়িছিল। উজনিৰ মৰাণৰ ফালৰ বিনুদ ঘাইকৈ দুটা কথাৰ বাবে হোষ্টেলত জনপ্ৰিয় আছিল। তাৰে এটা হ’ল ঢোলবাদনত বিনুদৰ পাৰদৰ্শিতা। ‘কলেজ উইক’ৰ বিহু প্ৰতিযোগিতাত আমাৰ হোষ্টেলৰ বিহুৱা দলৰ অবিচ্ছেদ্য অংগ বিনুদ। আৰু আনটো হ’ল বিনুদৰ ইংৰাজী শব্দৰ উচ্চাৰণ৷ এই দ্বিতীয়বিধত বিনুদৰ বিশেষ ব্যুৎপত্তিৰ বিষয়ে জানিবলৈ তলৰ উদাহৰণকেইটা সহায়ক হ’ব।
বিনুদ : তোৰ জাকেতটো বৰ ভাল লাগিছে৷
অৰ্থ: তোৰ jacket টো ভাল লাগিছে।
বি : চকাটোত পম নায়েইচোন।
অৰ্থ : চকাটোত pump নাই।
বি : আন্ছুৱাৰটো লিখিব পাৰিলি নে?
অৰ্থ : Answer টো লিখিব পাৰিলি নে?
প্ৰায় দুবছৰ একেলগে থকাৰ পিছত আমিও লাহে লাহে বুজি পোৱা হ’লোঁ মোন্ দে’ (monday) কোন ছাৰৰ ক্লাছ থাকে, মোনিবেগ (moneybag)ত কিমান টকা আছে ইত্যাদি। কিন্তু এই বেটা বিনুদৰ কপালখন ভাল। বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। ৰোল নম্বৰ ওচৰা-উচৰি হোৱাৰ জহত আমাৰ লগৰ বৰষাক সদায় লেব্ পাৰ্টনাৰ হিচাপে পায়। গোটেই কলেজৰ ভিতৰত ধুনীয়া ছোৱালীবিলাকৰ মাজত প্ৰতিযোগিতা হ’লে বৰষা যে প্রথম তিনিজনীৰ ভিতৰত থাকিব আমি নিশ্চিত আছিলোঁ। আমাৰ লগৰবিলাকৰ কথা নকলোৱেই, বহুত বাঘা বাঘা চিনিয়ৰেও তাইক পতাবলৈ বহুত ‘ট্ৰাই’ মাৰিছিল। কিন্তু পঢ়া-শুনাৰ প্ৰতি ছিৰিয়াছ বৰষাই কাকো ইমান পাত্তা নিদিছিল।
আমাতকৈ দুবছৰ মানৰ চিনিয়ৰ আছিল জুল্ফি দা। আমাৰ ৰেগিং পিৰিয়ডৰ ‘টেৰৰ’ জুল্ফি দা (চৰ-কিলৰ বাবে নহয়, তেখেতৰ গলগলীয়া মাতৰ কবিতা আৰু শায়েৰীয়ে যথেষ্ট)। আশিকী আৰু দিৱানগীৰ জ্বলন্ত প্ৰতীক জুল্ফি দা। নিজ গুণ আৰু অধ্যাৱসায়ৰ জোৰত ইতিমধ্যেই তেখেতে কলেজত legend status পাইছে।গুৱাহাটীৰ অন্যান্য কলেজতো তেখেতৰ সুনাম, বিশেষকৈ ছাত্ৰী সমাজত। সমস্যা মাথোঁ এটাই, পঢ়া-শুনাত দাদাই বেছি সময় দিব নোৱাৰে। সময় দিবলগীয়া বস্তু বুলি হয়তো নাভাৱেও। সেইবাবেই আমাতকৈ দুবছৰ আগতে ইঞ্জিনীয়াৰিঙত সোমোৱা জুল্ফি দা তেতিয়াও আমাৰ লগতে ক্লাছলৈ যায়। আমাক কয় বোলে ইঞ্জিনিয়াৰীঙৰ প্ৰতিটো খুটি-নাটি ‘টিপ-টপকৈ’ বুজি উঠাটোহে ডাঙৰ কথা, এনেয়ে পৰীক্ষাত হেনো সবেই পাছ কৰে। সেইবাবেই তেখেতে সময় লৈছে। (কিছুদিন আগত থ্ৰী ইদিয়টছ চিনেমাখন ৰিলিজ হৈছিল)।
ই.ই.এম.ৰ লেবত একেটা গ্রুপতে আছিল বৰষা, বিনুদ, জুল্ফি দা আৰু বিজন। এনেয়ে ক্লাছৰ ‘ঈদ কা চান্দ’ জুল্ফি দা আকৌ লেবৰ সময়ত পুৰা হাজিৰ হৈ যোৱা হ’ল। হোষ্টেলত জুল্ফি দাৰ ৰূমৰ সন্মুখেদি গ’লে অকল এটা গানেই স্পীকাৰত বাজি থকা শুনা যায়… ‘বৰষা যেতিয়া নামে বুকুলে…’, একেটা গানকে গাই গাই চাগে জুবিনো ভাগৰি যায় কিন্তু জুল্ফি দাৰ হেঁপাহ নপলায়। হেজাৰজনীক কথাৰ পাকেৰে বন্ধাৰ ক্ষমতা ৰখা জুল্ফি দাৰ কথাৰ যাদু কিন্তু বৰষাৰ লগত কাম নিদিছিল। তাই একদম পাত্তাই নিদিয়ে। লেবত বেছিভাগ কাম তায়েই কৰে আৰু কিবা লগা হ’লে দুই এটা কথা বিনুদ আৰু বিজনৰ লগত পাতে। এদিন দুদিন দাদাই ফোন কৰি চেষ্টা চলালে, এছ এম এছত ‘চুটকুলা’ও পঠালে কিন্তু দাদাৰ জীৱনলৈ বৰষা নামি অহাতো দূৰৰেই কথা এচপৰা মেঘৰো দেখা দেখি নাই। লাহে লাহে তেওঁ অধৈৰ্য্য হৈ আহিল, অলপ সন্মানতো লাগিল। এদিন দুদিন জোৰ জবৰদস্তি কথা পাতিবলৈ গৈ বৰষাৰ লগত কথা কটা-কটিও হ’ল।
এদিনৰ কথা। আমাৰ কেইটামানৰ ক্লাছ নাছিল বাবে হোষ্টেললৈ আহি দুপৰীয়াৰ ভাত খাই হোষ্টেলৰ সন্মুখৰ চিৰিতে বহি আড্ডা মাৰি আছোঁ। এনেতে কলেজৰ পিনৰ পৰা বিনুদ বেগা-বেগিকৈ হোষ্টেলৰ পিনে আহি থকা দেখা পালোঁ। আমাৰ ওচৰ পোৱালৈ তাৰ খোজৰ বেগ আৰু বাঢ়ি গ’ল। দেখিয়েই গম পোৱা যায় যে সি কিবা গৰম খবৰ লৈ আহিছে। সি ওচৰ আহি পোৱাত কোনোবা এজনে সুধিলে,
: কি হ’ল অ’ গগৈ একদম গোটেইটো ঘামি-জামি আহিছচোন?
বিনুদৰ চকুকেইটা তিৰবিৰাই উঠিল, ক’লে,
: আজি জেং হৈ গ’ল নহয়।
আমি : কি জেং হ’ল?
বিনুদ : জুল্ফি দাই বৰষাক প্ৰপ’জ মাৰিলে।
আমি: সেইটোতো আগতেই মাৰিলে এদিন ফোনত।
বিনুদ : অ…আজি ফাইনেল আন্ছুৱাৰটো বিচাৰিছিল।
আমাৰ লগৰ প্ৰীতম : আন্ছুৱাৰ নহয় অ’ আনছা(ৰ)।
সি সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়া, ভুল উচ্চাৰণ সহ্য কৰিব নোৱাৰে
বিনুদ : অ’ অ’ সেইটোৱেই।
আমি : তাৰ পিছত কি হ’ল ক।
আচলতে ৰিজাল্ট কি হ’ব আমি জানোৱেই, তথাপি এনেই মজা ল’বলৈ সুধিলোঁঁ৷
বিনুদ : বৰষাই জুল্ফি দাক বহুত বেয়াকৈ ক’লে।
আমি : কি বেয়াকৈ ক’লে।
বিনুদ : ক’লে বহুত কিবাকিবি। জুল্ফি দাই লাষ্টত কিবা এটা ক’বলৈ মুখ মেলিছিল তেতিয়া তাই সবেই শুনাকৈ বৰ বেয়া গালি এটা শুনাই দিলে। ছাৰ মেদামসকলেও শুনিলে চাগে।
আমি : কি বেয়া গালি দিলে?
বিনুদ : ছখ বিছ বুলি কৈ দিলে।
তাৰ মুখত ছশ বিশ নুফুটে
এইবাৰ আমাৰ আচৰিত হোৱাৰ পাল। এইটো আকৌ কি গালি? সবেই ইটোৱে সিটোৰ মুখ চালোঁ। কাৰো মুখত একো উত্তৰ নাই। বৰপেটাৰ গৌতম আছিল গালিৰ ডক্টৰেট ডিগ্ৰী হোল্ডাৰ। কিন্তু এইটো গালি সিও ডিকোড কৰিব নোৱাৰিলে। উত্তৰটো পিছে বিনুদেই দিলে,
: কেলে চাৰিখ বিছতকৈও ইষ্ট্ৰং গালি আকৌ ছখ বিছ।
আমিও ভাবিলোঁ হয় চাগে, বৰষা পঢ়াশুনা কৰা ছোৱালী, বহুত বাহিৰা কিতাপ-আলোচনী আদিও পঢ়ে, ক’ৰবাত কিবা পাইছে চাগে তেনেকুৱা গালি যিটো দি জুল্ফি দাৰ নিচিনা আশিকক ঠাণ্ডা কৰিব পাৰি।
সেইদিনা কলেজৰ পৰা জুল্ফি দা হোষ্টেললৈ অহা নাছিল। চিধা-চিধি পানবজাৰলৈ পোনাইছিল। লগত বিজনকো লৈ গৈছিল। অশোকাত বহি শায়েৰী গাই ট্ৰেজেদি ফালিছিল। বহু দেৰিলৈকে বহিছিল। শেষৰখন কলেজ বাছ মিছ কৰি অটো লৈ হোষ্টেল আহি পোৱালৈ বেছিভাগেই ভাত-পানী খাই নিজৰ ৰূমত সোমাইছিল। মই বাথৰূমলৈ যাওঁ বুলি ওলাওঁতেই ক’ৰিড’ৰত লগ পালোঁ বিজনক। মনৰ উৎসুকতা ডবাই ৰাখিব নোৱাৰি বিজনকে সুধিলোঁ,
: ঐ আজি বৰষাই জুল্ফি দাক কিয় ছশ বিশ বুলি গালি দিলে অ’?
বিজনৰ অলপ নিচা হৈছিল চাগে। সি প্ৰথমতে মই কি কৈছোঁ ধৰিব পৰা নাছিল। তাক থূলমূলকৈ বিনুদে কোৱা কাহিনীটো ক’লোঁ। এইবাৰ সি গোটেই ক’ৰিডৰ কঁপাই অট্টহাস্য কৰি উঠিল,
কোনোমতে নিজকে ৰখাই ক’লে,
: ছশ বিশ নহয় অ’…বৰষাই জুল্ফি দাক son of a bitch বুলি কৈছিল।
☆ ★ ☆ ★ ☆