আমাৰ এওঁ আখ্যান -কৃষ্টি কেন
১/ মই : এইটো মাহত আৰু মই তোমাক পইচা দিব নোৱাৰোঁ মোৰ বহুত টান চলিছে শেষত।
এওঁ : ঠিক আছে তেতিয়া হ’লে মোক ৫০০ টকা ধাৰলৈ দিয়া। তুমি দৰ্মহা পালেই মই তোমাক ঘূৰাই দিম।
এদিন ক্ৰিকেট খেল চাই থাকোঁতে
এওঁ : সদায় সদায় গোটেই দিনটো ক্ৰিকেট আৰু ক্ৰিকেট, মই যে আছোঁ মানুহজনী খবৰেই নাই, মই ঘৰ এৰি গুছি যাওঁ।
মই : (কমেণ্ট্ৰিৰ সুৰত) পেহলি বাৰ কদমো কা বেহটৰিন ইষ্টেমাল৷
২/ সেইদিনা মই টিভি চাই আছিলোঁ,
আমাৰ এওঁ চাহ লৈ আহিল লগত এসোপামান টেবলেট। চাহৰ কাপ মোৰ হাতত দি,
এওঁ : লোৱা পেৰাচিটেমল টেবলেট খাই লোৱা।
মই : হাৰে পাগল হৈছে, মোৰ জ্বৰ হোৱা নাই।
এওঁ : তেন্তে নৰফ্লক্স এটা খাই লোৱা।
মই : ধৈ কি নো কৈ আছা, মোৰ পেটৰ অসুখ হোৱা নাই নহয়।
এওঁ : তেতিয়াহ’লে এইটো ভৱেৰণ টেবলেটটো খোৱা মূৰ, ভৰি, পেট, হাত সকলোৰে বিষ ভাল হ’ব।
মই : হাৰে এইজনী, সচাঁকৈ পাগল হ’ল ঐ! মোৰ একো বিষোৱা নাই। চাহ কাপ শান্তিত খাব দিয়া। মই একদম সুস্থ সবলে আছোঁ।
এওঁ : তেনেহ’লে সোনকালে ওলোৱা বিহুৰ বজাৰ কৰিবলৈ যাব লাগে। মোৰ বহুত কিবা কিবি কিনিব লগা আছে।
এওঁ ৰক্ মই চক্
৩/ মই : মই বুজি পোৱা নাই তোমাক কুকুৰ এটা পুহিবলৈ কিয় লাগে।
এওঁ : আপুনি অফিচ গুছি যোৱাৰ পিছত মোৰ আগে পাছে নেজ জোকাৰি থাকিবলৈ কোনোবা এটাতো লাগে।
☆ ★ ☆ ★ ☆
6:32 pm
হাঃ হাঃ কিছু খটৰনাক এও!