ফটাঢোল

হাঁহ মাংসৰ জুতি-মাতু  কুকুৰাচোৱা 

“আই অ’ দেতা খালে ঔ!” বুলি ৰহিলা খুৰীয়ে একাঠু বোকাতে যেনেকৈ দৌৰি আহিলে, আনডৰা মাটিত হাল বাই থকা বৰজনাক টেপুৰাম দদায়ে হাতৰ মুঠিৰ নাঙলতে ধৰি “হ’ হ’ “বুলি গৰুহালক ৰখাই খুৰীলৈ চাবলৈ ধৰিলে। এনেও ৰহিলা খুৰীৰ নাভূত-নাশ্ৰুত কথা-কামবোৰ সদায় দেখিয়েই থাকে। এইবাৰ বা আকৌ কি হ’ল?
ইফালে-সিফালে চাই ভায়েক সৰুকণ দাইকো ওচৰত দেখা নাপালে।
– ঐ কি হ’ল? কেলেই এনেকৈ চিঞৰিছ? বুলি সুধিবলৈ পালেহে!
-“অ’ দেতা মোৰ গাত এইডাল সাপ ঔ!” বুলি খুৰী আহি টেপু দাইৰ ওচৰ পালেহিয়ে।
এই বোকাতনো ক’ৰপৰা সাপ আহিব! থাকিবও পাৰে কঠিয়াৰ ফেৰাৰ মাজত ঢোঁৰাসাপ সোমাই বুলি ভাবি থাকোঁতে কেতিয়ানো খুৰীয়ে আহি টেপুদাইৰ ভৰিত ধৰিলেহি, দায়ে তত ধৰিবকে নোৱাৰিলে।
“এহ্ চাওঁ এইজনী! ক’ত সাপ?” বুলি দায়ে চাবলৈ বিচাৰিলে যদিও খুৰীয়ে চাবলৈ দিয়াটো দূৰৈৰ কথা দাই ভৰিত জপটিয়াই ধৰি চিঞৰিবলৈ ধৰিলে। এবাৰ বৰজনাকৰ ধমক খাই বোকাৰপৰা ভৰিটো দাঙি পথাৰৰ আলিতে থলে।
ভৰিটোত ম’হ জোকটো দেখিয়েই টেপুদাই খঙতে- “মৰিলেও মৰ, এইডাল সাপে খাই!” বুলি আঁতৰি যাবলৈ খোজোতেই “দেতা ঔ” বুলি খুৰীয়েও যেনেকৈ দাইক ভৰিত ধৰি টানিলে, টেপুদাই আঁতৰি গ’লেও বোকাৰে গধুৰ কৰা ধুতিখন খুৰীৰ হাততেই থাকি গ’ল। খঙতে টেপুদায়ে হালোৱা এচাৰিডাল দাঙি লওঁতেই সৰুকণ দাই পালেহি বুলিহে! খুৰীয়েও দুখে,লাজে, “জোকটোও এৰুৱাই দিবলৈ টান পায় আৰু মাটিয়েই নোৰোওঁ৷” বুলি ঘৰলৈ গুচি আহিল।
লাজে-মানে টেপুদাই ঘৰলৈ আহি ঘৈণীয়েক প্ৰমীলা খুৰীৰ মানে ৰহিলা খুৰীৰ আগত কথাটো ক’লে, “শুনিছ মাকণৰ মাক, ভাগ্যে তলত বস্ত্ৰকণ আছিল বুলিহে! এইক আজি হালোৱা এচাৰিয়ে পিঠি ফালিলোহেঁতেন!”
মৰমীয়াল প্ৰমীলা খুৰীয়ে কথাটো পাতলাই বোলে, “ভালহে কৰিলে, হাত নলগালে। ভাই বোৱাৰীক হাত তুলিব নাপায়, দহে হাঁহিব। আৰু তাইৰ কথা জানেই দেখোন।বাদ দিয়ক। মোকো সিবাৰ টাউনত কমখন লটি-ঘটি খুৱালে নেকি? আপোনাৰো জানো আঘোণ মাহৰ কথা মনত নাই? আকৌ বহাগৰ ভূমিকম্পৰ কথাটো পাহৰিলে নেকি?” এইবুলি প্ৰমীলা খুৰীয়ে হাঁহিবলৈ ধৰিলে।
প্ৰমীলা খুৰীৰ মুখত হাঁহি দেখি টেপুদাইৰ খং উঠি থকা মুখতো হাঁহি বিৰিঙি উঠিল। হয়তো আকৌ! যোৱাবছৰ ব’হাগত অহা ভূমিকম্পত তাই যিখনহে বিহু পকালে।
পিছদিনা ৰহিলা খুৰী নাচোৰবান্দা, পথাৰলৈ নাযায়। পুৱাই সৰুকণ দায়ে ৰঙা চাহপানী এবাটিৰ লগত ভীমকল এটা খাই পথাৰলৈ যাবলৈ ওলাই খুৰীক ক’লে, “কালি মাটিডৰাৰ এচুক থাকিলেই ৰুবলৈ, আজি আৰু দুডৰা দিম। ককায়ে হালখন বাই দিম বুলি কৈছে। ময়ো হাল বাই শেষ হ’লে তোক সহায় কৰি দিম। বেলি ওপৰ নৌউঠোতেই শেষ কৰিব লাগিব। ৰ’দ বৰ টান। সোনকালে আহিবি।”
“জোক লাগিলেও এৰুৱাই নিদিয়ে, আকৌ ৰুবলৈ সোনকালে যাব লাগে।” ৰহিলা খুৰীৰ কথা সৰুকণ দায়ে জানে৷
অই, উতলা ভাতৰ দৰে ভত-ভতাই নাথাকিবি বুলি পথাৰলৈ ওলাই গ’ল।
ইফালে পথাৰত বেলি মূৰৰ ওপৰত উঠিল৷ নাই! ৰহিলা খুৰীৰ ছাঁটোও পথাৰত দেখা-দেখি নাই। সৰুকণ দায়ে মূৰ দাঙি চাইহে চাই, কাকো নেদেখে। হাল-কোৰ বায়ো শেষ হ’ল।
টেপুদাইয়েও মাত লগালে, “কি হ’ল অ এইজনীৰ? কালি জোকৰ ভয়ত ঘৰতে জ্বৰ উঠিলে নেকি?” সাতে-পাঁচে গুণি সৰুকণ দায়ে এবাৰ ঘৰৰপৰাই আহোগৈ বুলি ঘৰলৈ আহি খুৰীৰ কাণ্ড দেখি খঙে মূৰৰ চুলি আগ পালেগৈ।
 গোহালিৰ চতিত সুমুৱাই থোৱা হালোৱা এচাৰিডাল উলিয়াই আনি “পথাৰ ৰ’দৰ তাপত পানী শুকাই কৰ-কৰিয়া মাৰিছে, তাই বেটীয়ে এতিয়া চোতালত ধান মেলি দেখুওৱাই বহি আৰামত ওকণি খেপিয়াই আছে।” বুলি কৈ খুৰীৰ পিঠিত সাৰৌপ সাৰৌপ দিলেই নহয়! খুৰীয়ে ততেই ধৰিব নোৱাৰিলে। “ধান সামৰি এতিয়াই পথাৰলৈ আহ৷” বুলি দদাই আকৌ পথাৰলৈ গ’ল। খুৰীয়েও কান্দি কান্দি নিজৰ ভাগ্যকে বকি বকি ধান সামৰি কিছুসময়ৰ পাছত পথাৰলৈ গ’ল।
গধূলিলৈ কাৰো মুখত মাত-বোল নাই। সৰুকণ দদায়েও অলপমান ওলাই যাওঁ বুলি ককায়েকৰ ঘৰত বহি থাকিলে গৈ। ভাত খাবৰ পৰত ঘৰলৈ আহি,ভাতৰ পাতত বহি সৰুকণ দাই অবাক! ভাতৰ কাঁহীৰ কাষত মাংস! নামাতো বুলিও মুখেৰে ওলাই আহিল-“আৰে! মাংস ক’ত পালি??”
খুৰীয়ে গোমোঠা মাৰিয়েই ক’লে, “অথনি ধান সামৰি থাকোঁতে মতা হাঁহটোয়ে আমনি কৰি আছিল। খঙতে বহি থকা পীৰাখন দলি মাৰি দিলোঁ। মূৰত লাগি মৰি থাকিল৷ তাকে কুটি-বাচি ৰান্ধি থৈছোঁ। দেতাহঁতকো অলপমান দিলোঁ।” সৰুকণ দাইৰ ভাত খাবলৈ মেলা মুখ মেল খায়েই থাকিলে অলপ সময়লৈকে।
☆ ★ ☆ ★ ☆

2 Comments

  • Ronjon Baruoh

    সুন্দৰ ৰসাল লেখনিৰে আলোচনীখন সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতা জনাইছো

    Reply
  • Monoj Gogoi

    Xundor likhon

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *