ফটাঢোল

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি – সঞ্জীব কুমাৰ ভট্টাচার্য

মানে হতাহতি হ’বলৈহে বাকী আছিল আমি আহি আটাইকেজনৰ মাজত সোমোৱালৈকে। দুৰ্বাদল তৰ্কাতৰ্কি আটাইকেইজনৰ মাজত প্ৰায় এঘণ্টা ধৰি। তৰ্কাতৰ্কি গৈ এটা পৰ্যায়ত হতাহতি হবলৈকে ওলাইছিল যদিও আমি জ্যেষ্ঠ কেইজনমানৰ হস্তক্ষেপত বিষয়টো শাম কাটে।একেখন ঠাইৰে একেলগে ডাঙৰ দীঘল হোৱা ল’ৰা ছোৱালীবোৰৰ মাজত কেনেদৰে সৰু সৰু কথাবোৰত কাজিয়াৰ সৃষ্টি হ’ব পাৰে সেইদিনা সচক্ষে দেখা পালো।
সিহঁত আটাইবোৰ প্ৰায় সমবয়সীয়া। ২০-২৫ বছৰ বয়সীয়া হব, আমাৰ সকলোৰে আশাৰ নৱপ্ৰজন্মটোৰ প্ৰতিনিধি সিহঁত।
সিহঁতৰ বয়সত আমিবোৰে বেছিসময় খেলা ধূলা কৰিয়েই ঘূৰি আছিলো, যিকোনো সন্মান লাঘৱ নোহোৱা কাম কৰি দুপইচা উপাৰ্জনৰ কথা চিন্তা কৰিছিলোঁ। প্ৰত্যক্ষ ৰাজনীতিৰ অৱস্থান আমাৰ পৰা বহু দূৰৈত আছিল, স্কুল কলেজত পোৱা ছাত্ৰ সংগঠনকেইটাই আমাৰ ৰাজনীতিৰ শেষ সীমা আছিল, অৱশ্যে দুই এজনে ৰাজনীতিৰ প্ৰত্যক্ষ ক্ষেত্ৰখনত লাহে লাহে খোজ পেলাব আৰম্ভ কৰিছিল ছাত্ৰ সংগঠনবোৰৰ নেতৃত্বৰ হাত ধৰি।
কিন্তু সিহঁতবোৰ আমাৰ প্ৰজন্মটোৰ দৰে নহয়।
সৰুৰে পৰা পঢ়া শুনাত চোকা, ৰাজনৈতিকভাৱে সচেতন।কলেজীয়া শিক্ষা শেষ কৰিও উপাৰ্জনৰ ৰাস্তা নিবিচাৰে, উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু সমান্তৰালভাবে ৰাজনৈতিক ক্ষেত্ৰখনত নিজক জড়িত কৰি ৰাখিব বিচাৰে। যিকেইজনে শিক্ষা শেষ কৰিব নোৱাৰে সিহঁত অধিক সক্ৰিয় হৈ পৰে ৰাজনীতিৰ পথাৰখনত। দেখিলেই বুদ্ধিদীপ্ত যেন ভাব এটা আহে মনত।
আমি সত্তৰ আৰু আশীৰ দশকত জন্মলোৱাকেইটা সদায় আশাবাদী সিহতক লৈ, দেশৰ দুঃসময় দেখা পোৱা মানুহ আমি, অস্থিৰ হৈ যোৱা অসম দেখা পোৱা মানুহ আমি।দেশৰ ৰাজনীতিত নতুন নতুন শিক্ষিত মুখ দেখিবলৈ পোৱাৰ আশাত, ধুতি কোচাই সদনত বহি টোপনিয়াই থকা আশী বছৰীয়া বৃদ্ধজনৰ ঠাইত কৰ্মোদীপ্ত এজন যুৱকৰ ছবি সপোনত আঁকি মোহাচ্ছন্ন হৈ থাকো।
কিন্তু মোৰ আশাত চেঁচাপানী পৰিল আজি। এইটো প্ৰজন্মৰ ওপৰত অধিক দায়িত্ববোধ দেখাতো যে মোৰ ভ্ৰম আছিল আজি মই ভালকৈয়ে বুজি পালো।
গাঁৱত ৰাভা দিৱস পাতিছিল কেইজনমানে লগ হৈ। বহু বছৰৰ বিৰতিত ৰাভা দিৱস হোৱাত স্বাভাৱিকতেই সকলোৰে মাজত এটা উৎসৱমুখৰ পৰিৱেশ।
ৰাতিপুৱাৰ পৰা কণ কণ ল’ৰা ছোৱালীবোৰৰ মাজত আবৃত্তি, বক্তৃতা, কুইজ, চিত্ৰাঙ্কন প্ৰতিযোগিতা, সন্ধিয়ালৈকে আলোচনা চক্ৰ, নিশালৈকে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে, চহৰৰ পৰা দামী গায়ক আহিব। গায়কজনহে নামী দামী, তেখেতৰ গানবোৰ কিন্তু ৰাভাই শুনাহেঁতেন নিজৰ নাম সলাই বিষ্ণু ৰাভাৰ সলনি অগ্নিশৰ্মা কৰি ল’লেহেঁতেন বুলিয়েই মোৰ মনত ভাব হয়।
সন্ধিয়াৰ বিশেষ আলোচনা চক্ৰত ভাগ ল’ব তিনিজন বিশিষ্ট সমাজকৰ্মী তথা বুদ্ধীজীৱিয়ে। হওঁতে ৰাভা দিৱসৰ অনুষ্ঠানটোৰ আয়োজক হিচাবে গাঁৱৰ প্ৰায়বোৰ মানুহেই আছিল যদিও শেষলৈকে তিনিটামান ফৈদৰ মাজতে আয়োজকৰ দায়িত্বভাগ থাকিল। টকা পইচা যিয়ে বেছিকৈ সংগ্ৰহ কৰিব পাৰিব তাৰেই কদৰ বেছি আয়োজক সমিতিক।
শাসক দলৰ লগত হ’লি গলি থকা ল’ৰাকেইটা থাকিল, নিজকে ৰাভাৰ আদৰ্শৰ উত্তৰসুৰী বুলি চিনাকি দিব বিচৰাকেইটা থাকিল আৰু থাকিল দুয়োটা ফৈদৰ মাজত তাল মিলাই চলি থাকি ৰাইজক দেখুৱাই নিৰপক্ষ হ’ব বিচৰা জাতীয়তাবাদী শিবিৰৰ ল’ৰাকেইটা।
বহুকেইদিন বাক বিতণ্ডাৰ মূৰতহে ৰাভা দিৱসৰ দিনা হ’বলগীয়া আলোচনা চক্ৰখনৰ বিষয়টো নিৰ্দ্ধাৰণ হৈ উঠিছিল। এটা ফৈদে বিচাৰে আলোচনাৰ বিষয়বস্তু হওক, “ভাৰতীয় সংস্কৃতি আৰু সমাজ জীৱনত ভগৱান ৰামৰ ভূমিকা” আনটোৱে বিচাৰে, “বিষ্ণুৰাভাৰ জীৱনত মাওবাদৰ প্ৰভাৱ”, জাতীয়তাবাদীকেইটাই বিচাৰে, “বিষ্ণুৰাভা প্ৰভাৱ অসমীয়া খিলঞ্জীয়া সমাজৰ ওপৰত”।
ৰাইজৰ হস্তক্ষেপত শেষত বিষয়টো “বিষ্ণুৰাভাৰ কৰ্মৰাজি আৰু অসমীয়া সমাজত তাৰ প্ৰভাৱ” ঠিক কৰা হ’ল, কিন্তু বক্তা তিনিজন সিহঁতবোৰে নিজৰ নিজৰ পচন্দ মতে মাতিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।
নিৰ্দিষ্ট দিনটোত সকলোবোৰ কাৰ্যসূচী সঠিকভাৱে পৰিচালিত হৈ সন্ধিয়া আলোচনা চক্ৰৰ সময় আহি পালে।বক্তাসকল এজন এজনকৈ গৈ মঞ্চত উপৱিষ্ট হ’ল। মঞ্চৰ সমুখত নিজৰ নিজৰ পচন্দৰ বক্তাসকলৰ ভাষণ শুনিবলৈ নিজৰ নিজৰ ফৈদৰ ল’ৰা ছোৱালীবোৰ একগোট হ’ল।
প্ৰথম বক্তাজনে মাৰ্ক্সৰ পৰা লেনিন হৈ মানিক সৰকাৰলৈকে সাঙুৰি এক দীঘলীয়া বক্তৃতা ৰাখিলে।তেখেতৰ সমৰ্থকসকল বক্তাৰ পাণ্ডিত্যত মুগ্ধ হৈ মঞ্চৰ তলৰ পৰাই ৱাহ ৱাহ কৰিলে। মুঠৰ ওপৰত একমাত্ৰ কমিউনিজৰ প্ৰভাৱৰ বাবেই যে সাধাৰণ মানুহ এজনৰ পৰা গৈ তেখেত বিষ্ণু ৰাভা হ’ব পাৰিছিল সেইটো বক্তাজনে বুজাই দিলে। “হাল যাৰ মাটি তাৰ”, উদাহৰণেৰে তেখেতে ৰাভা আৰু খাটিখোৱা জনতাৰ সম্পৰ্কটোও বুজালে, অলপ আক্ষেপো কৰিলে যে সাধাৰণ এজন ৰাভাক বিষ্ণুৰাভাৰ পৰ্যায়লৈ লৈ যোৱা মতবাদটোত বিশ্বাসী লোকৰ সংখ্যা অসমত দিনে দিনে কমি যোৱাক লৈ।
ভাষণ শুনি মঞ্চৰ সমুখত বহি থকা সাধাৰণ জনতাই মনত পেলাব অশেষ চেষ্টা কৰিলে আলোচনাৰ মুখ্য বিষয়বস্তুটো কি আছিল।
এইবাৰ দ্বিতীয়জন বক্তা মাইকৰ সন্মুখত হাজিৰ হ’ল।উদাত্ত কণ্ঠ। প্ৰথমজন বক্তাই ৰাভাদেৱক তেখেতসকলৰ মতবাদৰ ব্ৰেণ্ড এম্বেচাদৰ বনাব খোজা কথাটোৰ নায্যতা নসাৎ কৰিলে। ৰাভাদেৱক গণশিল্পীৰ লগত তুলনা কৰি ক’লে যে ৰাভা অকল অসমৰে নমস্য ব্যক্তি আছিল এনে নহয়, অখণ্ড ভাৰতে ৰাভাদেৱক সন্মান কৰিছিল।তেওঁলোকৰ দলৰ চৰকাৰে যে ৰাভাদেৱক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ প্ৰয়াস কৰিছে তাৰ ওপৰতো চমু আভাস এটা দিলে। সত্যক প্ৰতিষ্ঠা কৰিবলৈ ৰাভাদেৱ বদ্ধপৰিকৰ আছিল বুলি ভগৱান ৰামৰ লগতো তুলনা কৰিলে। মঞ্চৰ সমুখৰ পৰা তেখেতৰ সমৰ্থকসকলে “জয় চিয়া ৰাম” বুলি তিনিবাৰ চিঞৰিলে। ভাষণ শেষ কৰি বক্তা নিজৰ স্থানত বহিলগৈ।
ভাষণ শুনি মঞ্চৰ সমুখত বহি থকা সাধাৰণ জনতাই আকৌ মনত পেলাব অশেষ চেষ্টা কৰিলে আলোচনাৰ মুখ্য বিষয়বস্তুটো কি আছিল।
এইবাৰ আহিল তৃতীয়জন বক্তা। এইজন জাতীয়তাবাদী বক্তা, কি শাসক কি বিৰোধী, সকলোৱে সমীহ কৰা নেতা।ৰাভাৰ জন্মকুণ্ডলীখন মুখস্থ মাতিলে, ঢাকাত জন্ম হৈও কিদৰে অসম আহি পালে সেইবিষয়ে বিশদ বৰ্ণনা কৰিলে।সেইসময়ত বাংলাদেশৰ পৰা অসমলৈ মানুহ অহা আৰু বৰ্তমান সময়ত অহা কথাটোৱে অসমৰ জনগাঠনিত কি বিৰূপ প্ৰভাৱ পেলাব পাৰে সেইবোৰো ক’লে।খিলঞ্জীয়াৰ প্ৰতীক হিচাবেও ৰাভাদেৱক সুৱৰিলে।এইবাৰো মঞ্চৰ সমুখত “জয় আই অসম” ধ্বনি মুখৰিত হ’ল। বক্তাই ভাষণ শেষ কৰিলে।
ভাষণ শুনি মঞ্চৰ সমুখত বহি থকা সাধাৰণ জনতাই আকৌ এবাৰ মনত পেলাব অশেষ চেষ্টা কৰিলে আলোচনাৰ মুখ্য বিষয়বস্তু “ৰাভাদেৱৰ কৰ্মৰাজি”ৰ ওপৰত কোনোবাজন বক্তাই কিবা ব্যক্তব্য কৰিছিল নেকি?
নিজৰ নিজৰ সমৰ্থকসকলক ভাষণৰ ফুলজাৰি মাৰি সন্তুষ্ট কৰি বক্তাসকল গ’লগৈ। আয়োজকসকলো লাগি গ’ল নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজনত। ভিতৰি ভিতৰি কিন্তু তিনিওটা ফৈদৰ মাজত জুইকুৰা জ্বলিয়েই থাকিল সাংস্কৃতিক অনুষ্ঠান চলি থকা সময়তো।
“চাল্লা, ৰামক ৰাভাৰ লগত তুলনা কৰিব আহে সি।সেইজন ৰাম যিয়ে নিজৰ ঘৈণীয়েকৰ সতীত্ব পৰীক্ষা কৰিছিল, সেইজন ৰাম যিয়ে ৰাৱণৰ দৰে জ্ঞানী, বিদ্বান মানুহজনক চল চাতুৰীৰে হত্যা কৰিছিল, যিয়ে বালিৰ দৰে বীৰক পিচফালৰ পৰা মাৰিছিল। ধুৎ চাল্লা। ৰাভা আমাৰ, সদায় আমাৰ। মাৰ্ক্স, লেনিন, মাওৰ দৰে যুক্তিবাদী পুৰুষ ৰাভা, খাটিখোৱা ৰাভা।” উচ্চস্তৰত কৈ গ’ল নতুনকৈ কমিউনিষ্টৰ আদৰ্শ লোৱা ৰাতুলে তাৰ ফৈদৰ ল’ৰাকেইটাক।
“ইহতবোৰে কি ভাবে ৰে,ৰাভা কি সিহঁতৰ বাপেকৰ সম্পত্তি নেকি? ৰাভাৰ সৰ্বস্বত্ব কি কিনি লৈছে নেকি সিহঁতে। এজন গণশিল্পীক সিহঁতে নিজৰ ঠেক পৰিসীমাৰ ভিতৰত আৱদ্ধ কৰিব খুজিলে নহ’ব, সমগ্ৰ বিশ্বই ৰাভাৰ কথা গম পোৱাৰ ব্যৱস্থা কৰিব লাগিব আমি, আগৰ চৰকাৰে গুৰুত্ব নিদিয়া ৰাভাদেৱক আমি বিশ্ববাসীৰ ওচৰলৈ লৈ যাব লাগিব”, উদাত্ত কণ্ঠৰে বিপুলৰ আহ্বান সিহতৰ ফৈদৰ ল’ৰাবোৰক।
মঞ্চৰ পিচফালে চলি থকা এই বাক বিতণ্ডা শেষ হোৱাৰ আগতেই সাংস্কৃতিক সন্ধিয়া শেষ হৈ দৰ্শক, গায়ক সকলোবোৰ ঘৰাঘৰি যায়গৈ। আমি বয়োজেষ্ঠ্য কেইজনমানৰ মধ্যস্থতাত হতাহতি নহ’ল যদিও আমাৰ মনত ইমানদিনে অতীব আশাৰ সঞ্চাৰ কৰা যুৱককেইজনৰ আচৰণ ব্যৱহাৰত হতাশ হৈ আমি তাতেই বহি থাকিলোঁ বহুসময় ধৰি। ইমানদিনে কল্পনা কৰি থকা আমাৰ ভৱিষ্যতৰ যুৱ ৰাজনীতিবিদসকলৰ নিজৰ বিবেচনা শক্তি দেখি তবধ মানিলোঁ।
বহি থাকিলো আমি, লগত বিষ্ণু ৰাভা।
ডিঙিত মালা এধাৰি লৈ মঞ্চখনৰ চুক এটাত থকা চকীখনত বহি ফটোখনৰ পৰা মোলৈ চাই হাঁহি আছে।আধামুদা চকুযুৰিৰে যেন পিচৰ প্ৰজন্মৰ মাজত নিজৰ উত্তৰসুৰী বিচাৰি হায়ৰাণ তেওঁ।
লাহেকৈ ওচৰলৈ গৈ সুধি আহিলোঁ,
“বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
সাৰে আছো মই আৰু সাৰে আছা তুমি”।
☆ ★ ☆ ★ ☆

17 Comments

  • Abinash Sarma

    ভাল লাগিল৷

    Reply
    • সঞ্জীব কুমাৰ ভট্টাচাৰ্য

      ধন্যবাদ।

      Reply
  • rintumoni dutta

    বঢ়িয়া লাগিল সঞ্জীব

    Reply
    • সঞ্জীব কুমাৰ ভট্টাচাৰ্য

      ধন্যবাদ দাদা।

      Reply
  • অভিজিত কলিতা

    সাংঘাটিক। এইটো লেখাৰে ফটাঢোল পঢ়া আৰম্ভ কৰিলোঁ‌।

    Reply
  • কাবেৰী মহন্ত

    উচ্চ ব্যংগাত্মক লেখা৷ ভাল লাগিল

    Reply
    • সঞ্জীব কুমাৰ ভট্টাচাৰ্য

      অশেষ ধন্যবাদ।

      Reply
  • HEMANTA KAKATI

    বহুত ভাল লিখিলা সঞ্জীৱ৷ অতীৱ সুন্দৰ৷

    Reply
  • Nilakshi Devi Deka

    বৰ সুন্দৰ লিখনি সঞ্জীৱ। পঢ়ি বহুত ভাল পালোঁ।

    Reply
    • সঞ্জীব কুমাৰ ভট্টাচাৰ্য

      ধন্যবাদ বাইদেউ।

      Reply
  • Gitika Saikia

    ব্যংগৰ সুৰতে বজাই দিলা। ভাল লাগিল।

    Reply
    • সঞ্জীব।

      ধন্যবাদ বাইদেউ

      Reply
  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল দাদা লেখাটো।

    Reply
    • সঞ্জীব।

      ধন্যবাদ ৰাজশ্ৰী।

      Reply
  • Jugal Jyoti

    এতিয়া বহু ৰাতি হ’লেও কমেণ্ট এটা দি কও, মইয়ো নাই শোৱা এতিয়া…….. সত্যতাৰ এটা সুন্দৰ ব্যঙ্গ ।

    Reply
  • প্ৰাঞ্জল

    খুব
    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *