ফটাঢোল

ফটা পদ্য- পূৰ্ণময়ী মেধী

শুনা, শুনা সৰ্বজন
মিটৰ খবৰ,
আমি যদিও যোৱা নাছিলোঁ,
পাওঁ গোটেই খবৰ৷
শ্ৰীবিজয় আমাৰ যে হেডমিন দেওঁ
ফেচিয়েল কৰাইও নাপালে একো ভাওঁ,
হেকাদাৰ জুইকুৰাৰ কিবা দপদপনি নাই,
ৰিণ্টুদাৰো মন ভগা কাৰোবালৈ চাই৷
চেকীয়াৰ আজিকালি বেলেগ বেলেগ চ্চাল,
গৌৰীৰো হ’ল বোলে স্বভাৱটো ভাল৷
অভিদাৰ দেখিলোঁ আমিৰৰ দৰে হাঁহি,
অলকেশদাৰো এইবাৰ এক্টিভ সন্মিলনী৷
দিম্পুকলৈ বুকুটা গৰ্বে ফুলি যায়,
তাবিবে খোৱা দেখি মুখ মেলা যায়৷
বাৰ্বী, নীলা আৰু ডলী মাই,
এইসব দেখি মোৰ হিয়া জ্বলি যায়৷
ধুৰ ভাইটিৰ নাচি নাচি কঁকাল বিষাই গ’ল,
তাকে দেখি দিজেনদাই ও দিলে হৰি বোল৷
সঞ্জুবাবাৰ যে চুলিৰ ডিজাইন কি চাবা,
দেৱইও পাকঘুৰনি খালে, লৈ কেমেৰা৷
গোসাইদেৱে ফটো উঠিলে মিচিক -মাচাক কৰি,
শেষত গৈ দুলালদাৰো আহিল সেইমাৰ্কা ছবি৷
মেইন মানুহ শংকৰবোপাৰ আছিল মেনেজমেণ্ট,
মিট মাষ্টাৰ বুলি আছে তাৰ আন এটা টেলেণ্ট৷
আৰু আছে বহুত বাঘা বাঘা ঢুলীয়া, ঢুলীয়ানী,
ক’বলৈ গ’লে হ’ব ৰাইজ মস্ত দীঘল বাণী৷
এহিমতে এৰিলন্ত মোৰ বৃদ্ধাংগুলী,
ক্ষেমিবো, নধৰিবো দোষ, নিদিব
ব্লকত চাকৰি৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *