বাইদেউৰ চেঞ্চাছ -মাধৱ লহকৰ
মোৰ এগৰাকী সম্পৰ্কীয় বাইদেউ৷ তেখেতে প্ৰাথমিক বিদ্যালয়ত কাম কৰে৷ আজি তেখেতৰ কৰ্ম জীৱনৰ সঁচা ঘটনা এটাকে লিখোঁ৷
ঘটনাটো আজিৰ পৰা প্ৰায় দহ এঘাৰ বছৰ মান আগৰ অৰ্থাৎ ২০০৬/০৭ চনৰ ঘটনা৷ তেখেতে তেতিয়া মৰিগাওঁ জিলাৰ ভিতৰুৱা অঞ্চলৰ বিদ্যালয় এখনত কাম কৰিছিল৷ অঞ্চলটোত বাস কৰা প্ৰায় ৯০% মানুহেই ট্ৰাইবেল আছিল৷ বাইদেৱে কাম কৰি ভালেই পালে৷ কাৰণ মানুহ বোৰ বৰ মৰমিয়াল আছিল৷ সাধাৰণতে ট্ৰাইবেল মানুহ বোৰ বৰ চিধা চাধা সহজ-সৰল মানুহ হয়৷ চাওঁতে চাওঁতে এবছৰ মান পাৰ হ’ল৷ বাইদেউৰ চেঞ্চাছ ডিউটিত নাম আহিল যে তেখেতে ওচৰৰ গাওঁ দুখনত চেঞ্চাছ কৰিব লাগে৷ বাইদেউৰ কাম আৰম্ভ হ’ল৷ কিন্তু চেঞ্চাছৰ প্ৰথম দিনৰ অভিজ্ঞতা বৰ এটা ভাল ন’হল৷ কাৰণ গাওঁ খনৰ প্ৰায় মানুহৰ ঘৰতে লাউপানী বনায় লগতে বিক্ৰীও কৰে৷ সেয়েহে কাষ্টমাৰবোৰ থাকে বাবে বাইদেৱে ভয়ে ভয়ে প্ৰথম দিনটো পাৰ কৰিলে৷ সেয়েহে পিছদিনা লগত বাইদেৱে ভতিজা ল’ৰা জনক লগত লৈ গ’ল৷ সেইদিনাও একে অৱস্থা …… তেনেকৈ ১০/১২ ঘৰ মান চেঞ্চাছ হ’ল৷ তেতিয়া দিনৰ বাৰ মান বাজিছে এঘৰ মানুহৰ চোতাল পালে কি নাই ভিতৰৰ পৰা কেটলি এটা আহি চোতালত পৰিল (ধাম………)৷ চোতালৰ একাষত এখন সৰু চালিৰ তলত চাৰিজন মান মানুহে লাউপানী খোৱাত ব্যস্ত৷ তাৰে এজনে চিঞৰিছে
: ঐ জহনী জাইতী ……(******) বাচন কিয়া দলিয়াইছ৷ ভিতৰৰ পৰা মাইকী মানুহ এগৰাকীৰ মাত
: ঐ কুকুৰৰ পোৱালি বাচনেই নহয় … তোকো দলিয়াম চিনি পোৱা নাই মায়েৰক …… মুতনীখোপা খায় মন গ’লেই পিটিবি মোৰ পিঠিখন ৰাজহুৱা ডবা পাইছ? বাইদেৱে ভাবিলে…… হ’ল আজি আৰু ভতিজা জনক লৈ আহি গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ মাজত ফছিলোঁ৷
গিৰীয়েক: নিপিটি কি কৰিম? বিয়া পতা আজি দহ বছৰ হ’ল আজি লাগিনী এটা মতা চনা তুলিবা নোৱাৰিলি৷
চিলভাৰৰ বাল্টি এটা বাহিৰত আহি পৰিল (ধাম……)
ঘৈণীয়েক: ঐ তই কথাই নক’বি? নিজে চনা তুলিবা নোৱাৰে তাক আৰু মতা চনা লাগে! এইযে ছোৱালীজনী দেখিছ তোৰ লাগিনি ৰৈ থাকা হলি ছোৱালী জনীও নাপালং হয় বুজিছ৷
বাইদেউ বোলো হে প্ৰভু তোমাৰ কি লীলা? কি দেখুৱাইছা এইবোৰ? বাইদেউৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ৷ কথাষাৰ শুনি বাইদেৱে ভতিজাকলৈ চাই দেখে যে ভতিজাক ইতিমধ্যে দৌৰি দুই তিনিটা পদূলি পাৰ হৈ গ’ল৷ বাইদেউৰ আৰু মানুহ ঘৰলৈ যোৱাৰ সাহস নহ’ল … সেমেনা-সেমেনিকৈ ৰাষ্টা পালে৷ আৰু সেইদিনা চেঞ্চাছ তাতেই সামৰিলে৷
☆ ★ ☆ ★ ☆