ফটাঢোল

আগৰ সেই দিন নাই আৰু-পূৰৱী বৰুৱা 

 “দোষ্টি কি হে আজি বতৰ ডাৱৰ নেকি? ”
মোমায়েকৰ মতা শুনিও দুলালে ঘূৰি নাচালে৷ বিদ্যুতে বুজিলে সঁচাই বতৰ বেছি ডাৱৰীয়া৷ এই সময়ত জোকাই ল’লে ঠেঁহ গৈ উচুপনি হোৱাত দেৰি নালাগিব৷ আহি পাওঁতেই ইমান নিঃপালি দি থকা দেখি বায়েকক সোধাত কৈছিল, “আজি জাৰণ দিলোঁ৷”
“দুলাল আগৰ সেই দিন নাই আৰু বুজিছ৷ আমাক যেয়ে পাই সেয়ে বজাইছিল৷”
দুলালে মোমায়েকলৈ পেন্দুৱাকৈ চালে৷ ওঁ ওঁ গলিছে পাই হেঃ হেঃ বিদ্যুতে ভাগিনীয়েকলৈ চাই চকু টিপিয়ালে৷
“ঢোলহে বজাই কিবা, মানুহক বজাই নেকি?”
– নাম মাত্ৰ নৰম হ’লেও পেন্দুৱাকৈ চায়েই দুলালে ক’লে৷
“ইয়ো তই একো নাজান পাই আমাৰ দিনত মাৰ খালে সেইটো বজোৱা বুলি কৈছিল৷ আগৰ সেই দিন নাই আৰু বুজিছ দুলাল৷”
পেটে পেটে হাঁহি উঠিছিল যদিও মুখত দুখৰ ভাব এটা ফুটাবলৈ চেষ্টা কৰিলে বিদ্যুতে৷
 “অ’ মামা তোমালোকে সৰুতে মাৰ খাইছিলা ন? কোৱানা” – ডিঙিত ধৰি ওলমি দুলালে লেনিয়ালে৷
“শুনিবি আমাৰ দিনৰ কাহিনী? ৰহ আগতে দুইটা বিছনাত ভাল দৰে বহি লওঁ৷”
“ডবা দেখিছ ডবা? নামঘৰত যে বজাই গধূলি৷”
“ওঁঁ দেখিছোঁতো, ঘৰলৈ গ’লে নামঘৰীয়া ককাই বজাই গধূলি৷ মই হাতযোৰ কৰি কৃষ্ণ কৰি দিওঁ৷” – দুলালে উৎসাহেৰে কৈ উঠিল৷
“সেয়া ভাল ল’ৰা দেখোন বহুত কথা জান পাই৷ ডবা কেনেকৈ বজাই ডুডু ডুম ডুডু ডুম এনেকৈ হয়নে? জোৰ কৈ মাৰি ডালে পিটি দিয়ে৷ আমাকো ধৰি সৰুতে এনেকৈ ডবা কোবোৱা দি কোবাইছিল৷”
শুনিয়েই দুলালে হিঃ হিঃ কৰি হাঁহিবলৈ ধৰিলে৷
“তহঁতি আজিৰ দিনৰ পোৱালিবোৰে ভাবিবও নোৱাৰ আমাৰ দিনত কি কি কাৰণত আমি পিটন খাইছিলোঁ৷ দাঁত সৰিবলৈ লোৱাৰ পৰা কওঁ হাঁ৷
দাঁত এটা লৰিবলৈ ধৰিলে সৰিবই ন নিজে নিজে৷ নাই নহ’ব আইতাই আদেশ দিলে দাঁতটো লৰাই থাকিবি৷ লৰাই আছোঁ লৰাই আছোঁ নসৰে৷ এদিন ধৰি লৈ বজাই দিলে৷ ভালকৈ লৰোৱা নাই কিয়?
এদিন স্কুলত নিজে নিজে দাঁত এটা সৰিল৷ ঘৰত আহি ক’লোঁ৷ সেইদিনাও দিলে বাজন৷
বোলে আগৰটো সৰোঁতে যে ইমান দিন লাগিল এইটো কেনেকৈ সোনকালে সৰিল৷
 হাঁহিছ ন দুলাল৷ হাঁহ হাঁহ এনেই কৈছোঁ নেকি আগৰ সেই দিন নাই আৰু৷ আগতে পৰীক্ষাত নম্বৰ কম পালে বজাইছিল কিহৰ কাৰণে কমকৈ পালি? পঢ়িবলৈ ক’লে নপঢ় খালি ধিতিঙালি৷ পৰীক্ষাত নম্বৰ বেছিকৈ পালেও বজাইছিল কেনেকৈ বেছিকৈ পালি? পঢ়া দেখাই নাই দেখোন নিশ্চয় লোকৰ পৰা চাই লিখিছ৷
 গছত উঠিলে বজাইছিল বোলে পৰি মৰিবলৈ উৎপাত বাঢ়িছে৷ গছত উঠিব নাজানিলে বজাইছিল বোলে চাগৈ যা সেই অমুকৰ পুতেকে গছত উঠি তামোল পাৰি আনিছে আমাৰ এইবোৰহে একো ফালে নাই৷
 বাজন দিওঁতে চিঞৰি কান্দিলে কিয় সংসাৰৰ সব মানুহে শুনাকৈ চিঞৰি কান্দিছ বুলি আৰু এবাৰ বজাইছিল৷ নকন্দা দিনা ইমান বজালোঁ কিয় কন্দা নাই বুলি আকৌ বজাইছিল৷
খেলোঁতে কাজিয়া লাগি বেলেগক পিটি থৈ আহিলে বজাইছিল বোলে তই বৰ হিৰ’ ওলাইছ নি? কাজিয়া লাগি নিজে মাৰ খাই আহিলে বজাইছিল বোলে লাজ লগা নাই ঘৰৰ মান সন্মান শেষ কৰিলি লোকৰ হাতত মাৰ খাই আহিছ৷
 স্কুলত উৎপাত কৰি পিটন খালে বজাইছিল বোলে ভাল কৈ নাথাক কিয় মাষ্টৰে যে পিটন দিব লগা হৈছে৷ স্কুলত লগৰ দুটামানে পিটন খোৱাৰ দিনাও ঘৰত বজাইছিল বোলে তই কম বস্তু নেকি আমি নেজানো নে কিবা৷ নিজে উৎপাত কৰি সিহঁতক ফচালি৷
 ভাত বেছিকৈ খালে বজাইছিল বোলে খাই গাহৰি হৈছ কামৰ নামত কুটা এগছ নাই৷ ভাত কমকৈ খালে বজাইছিল বোলে নাখাই নাখাই কেপেনীয়া দিছ সৌটো লোকৰ ল’ৰা চাচোন কিমান কিমান খায়৷
 খেলি ফুৰিলে বজাইছিল বোলে অকল খেলা ধাণ্ডা৷ নেখেলাকৈ ঘৰত সোমাই থাকিলে বজাইছিল বোলে তেজ চলাচল হ’ব লাগে খেলিবলৈ নাযাৱ কিয়?
 দুপৰীয়া নুশুলে বজাইছিল গছ তলে, বাঁহ তলে পিংপিঙাবলৈ মন, নেজানো বুলি ভাবিছ নেকি৷ ৰাতিপুৱা শুই নুঠিলে বজাইছিল সোনকালে উঠি পঢ়া শুনা কৰিব লাগে খবৰ নাই৷
 পিছে হেৰি নহয় দোষ্টি, আজি তোক কিয় বজালে? ”
কথা শুনি খিটখিটাই হাঁহি থকা দুলালে ক’লে, “মোক বজোৱাই নাই৷”
“হেঁহ মাৰে দেখোন কৈছিল জাৰণ দিলোঁ বুলি৷”
 – বিদ্যুত আচৰিত হ’ল৷
“চকলেট দুইটা একেলগে খালোঁ মায়ে বেড বয় চানডে পাৰ্কলৈ নিনিওঁ বুলি খং কৰিছিল৷”
“এৰা অ’ দুলাল সেই আগৰ দিন নাই আৰু তই গালি খাইয়েই ইমান মুখ ফুলাই আছ, আমাক ঠিকছে ডবা বজোৱা পাছতো ইমান মুখ ফুলাই থাকিলে আকৌ এবাৰ বজাই দিছিল মুখ ফুলাই আছ কিয়?”
☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *