ফটাঢোল

এটা ইছিকমানি প্ৰেমৰ গল্প -হিমাংশু ৰাজখোৱা

কাহিনীটো প্ৰেমৰ, প্ৰেম মানে দুৰ্ঘোৰ প্ৰেমৰ!
সময় ১৯৯৮ ৰ পৰা ২০০৪ ৰ ভিতৰৰ কোনোবা এছোৱা৷
নায়ক-নায়িকা?
এহ বাদ দিয়ক হে, গছৰ ফল খাওক না, শিপাৰে কাৱৈ মাছৰ জোল খাব নেকি?বাৰু, মানে তামাম প্ৰেম আৰু! নায়িকা কলেজলৈ যায়, কাম বন খতি কৰি নায়ক উপস্থিত৷ কলেজৰ পৰা উভতি আহে, নায়ক উপস্থিত!
নায়কক লগ কৰাৰ তাড়নাত একো এটা বিষয়েই টিউচন কৰিবলৈ বাদ দিয়া নাই, নায়িকাই৷
কেতিয়াবা বাটত নায়কক লগ নাপালে, মাষ্টৰৰ ঘৰৰ পৰা আকৌ ঘূৰি আহে৷ বাটত কলমটো পৰি আহিল যে!
তেনেতে যেনিবা দুই ঘৰতে ২টা ফোন হ’ল৷ না, না, মোৱাইল নহয়৷ লেণ্ড লাইন৷ নায়ক-নায়িকাক আৰু পাই কোনে, কেতিয়াবা অহোৰাত্ৰ প্ৰেমালাপ, ডিচেম্বৰ মাহৰ ঠাণ্ডাত খালী ভৰিৰে পকা মজিয়াত ঠিয় হৈ থাকি কেনেকুৱা লাগে দেহি নায়িকাক সুধিব বাৰু লগ পালে!
খালী ভৰিৰে কিয়? হেই, চেন্দেল চোঁচৰালে ঘৰৰ মানুহে গম নাপাব নেকি কিবা?
আচ্ছা, কাহিনীয়ে ভয়ানক মোৰ এটা ল’লে তেতিয়া, যেতিয়া ২ মাহৰ মূৰত ২৬৫৫৩* নম্বৰৰ বিলখন আহিবৰ হল!
নায়িকা শিয়ান, বুদ্ধিত বৃহস্পতিৰ এআঙুলমানহে তলত! পিয়ন খুড়াক কাবৌ- কাকূতি, খুড়া বিল আহিলে মোকেই দিব বিলখন, ঘৰত নেদেখুৱাব!
যথা সময়ত বিল আহিল, কিমান আহিল জানিবৰ মন যায় ন?
বেছি নহয় ৬২৩৮ টকা!
দিয়া এতিয়া বিল, ক’ৰ পৰা দিয়া! ঘৰত গম পালেতো, ফোন এদিনতে কাটি দিব৷
বুদ্ধিৰত্ন নায়িকাই চৰম সিদ্ধান্ত ল’লে, ঘৰত কাঁহৰ কাঁহী-বাটি অসংখ্য আছে, তাৰে ২টা মান জলাঞ্জলি দিয়া যাওক৷ প্ৰেমৰ নামত মানুহে জীৱন দিয়ে, কাঁহী-বাটি কি বস্তু!
যথা সময়ত নায়িকাই চেগ বুজি কলেজলৈ আহোঁতে কাঁহী-বাটিৰ টোপোলাটি বেচি, ফোনৰ বিল পৰিশোধ কৰি হাঁহি মুখে আৰু ২ মাহলৈ নিষ্কণ্টক হ’ল!
এতিয়া নায়কৰ পত্নী নায়িকাই কয়, এই আম্বাণীটোৱে জিঅটো 20 বছৰ মান আগত উলিওৱাহেঁতেন, কাঁহী-বাটি কেইটা ৰক্ষা পৰিলহেঁতেন!
বি.দ্ৰ. শুনা কথা দেই, পাঠকে কাহিনীটো, লিখকৰ ব্যক্তিগত জীৱনৰ লগত সনা পোতোকা নকৰে যেন৷ এতিয়া ল’ চালিৰ সন্মুখত আৰু এইখন!
☆ ★ ☆ ★ ☆

10 Comments

  • উৎপল বৰা

    হয় দেই, এই প্ৰেম কাহিনী বোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ ভাল দৰে হোৱা হেঁতেন, লাইলা – মজনু হত কৰবাতে থাকিল হয়।

    Reply
  • বিশ্বজিত শইকীয়া

    মজ্জা?

    Reply
  • Barbie Punnag

    হাঃ হাঃ … বঢ়িয়া লাগিল দেই জানি

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ তামাম লাগিল হিমাংশু!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ ! বঢ়িয়া৷

    Reply
    • Abhijit Goswami

      বঢ়িয়া লাগিল দাদা

      Reply
  • Gitika Saikia

    লিখকেই যে নায়ক সেইটো পিছে খুব সুন্দৰকৈ ফুটি উঠিছে। ভাল লাগিল পঢ়ি।

    Reply
  • অৰুন্ধতী

    শেষৰ লাইনটোতে গম পাইছো নায়ক কোন

    Reply
  • Gitu hazarika

    ???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *