ফটাঢোল

এনেকৈয়ে-মৃদুল হালৈ

এনেকৈয়ে গছবোৰ ডাঙৰ হ’ল
অৰণ্য হ’ল
ঘন হ’ল ছায়া
কোনেও নাজানিলে
কিহৰ পৰানো কি হ’ল
গছৰ পৰা গুটি নে
গুটিৰ পৰা গছ
ক’ৰ পৰানো কি হ’ল
কিয় হ’ল কেনেকৈ
একো নজনাকৈয়ে
চৰাইবোৰ হ’ল মানুহ
ঘৰ পথাৰ হ’ল
যুঁজ বাগৰ হ’ল
ৰজা হ’ল প্ৰজা হ’ল
চিকাৰ চিকাৰী
প্ৰলয় পৰলোক
আৰু হ’ল ঢেৰ কিবাকিবি
প্ৰেম গোন্ধালে কেতেকীৰ হাবিত
কেনেকৈ হ’ল
এনেকৈ হ’ল গোপনে
চিঙোগৈ ব’ল
শেহতীয়া খবৰ:
তাৰ পিছতো খোজেপতি
খবৰ বাঢ়িল
সাংবাদিক মৰিল
গুলি বাৰুদ বোমা বাঢ়িল
ৰঙানৈত পানী বাঢ়িল
মোবাইল ফোন বাঢ়িল বাইকৰ হেঁচা-ঠেলা
বিস্ফোৰিত জনসংখ্যা
আৰু দিনে প্ৰতি কমি আহিল
গছ চৰাই আৰু মানুহৰ সঙখ্যা
মানুহে নুবুজা হ’ল
মানুহৰ মাত কথা
কোনেও নাজানিলে
কিহৰ পৰানো কি হ’ল
মানুহৰ মাজৰ পৰা মানুহ
ক’ত নাইকিয়া হ’ল
কিয় হ’ল কেনেকৈ
এনেকৈয়ে হ’ল
এনেকৈ
☆ ★ ☆ ★ ☆

One comment

  • নিভা

    তোৰ কবিতা সদায় প্ৰিয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *