ফটাঢোল

পাপ (গল্প : লেখক হুমায়ুন আহমেদ) ভাষান্তৰ-মুনমুন সৰকাৰ শইকীয়া

মহাশয় আপোনাক এটা ভয়ংকৰ পাপৰ গল্প কওঁ নে? পাপ কাৰ্য ময়ে কৰিছিলোঁ৷ ইচ্ছাকৃতভাৱে কৰা নাছিলোঁ৷ মানুহজনীৰ কাৰণে কৰিবলগীয়া হৈছিল৷ স্ত্ৰীৰ কাৰণে পৃথিৱীত বহুত পাপ কাৰ্য সংঘটিত হৈছে৷ মানুহৰ আদি পাপটোও আদি মানৱী হাৱাৰ কাৰণে সংঘটিত হৈছিল৷ আপোনাক এইবোৰ কথা কোৱা অৰ্থহীন৷ আপুনি নিজেই জনা বুজা মানুহ, আদি পাপৰ গল্প আপুনি নাজানিলে কোনে জানিব? যি কি নহওক মূল গল্পলৈ আহোঁ৷
মই তেতিয়া মাধবখালি ইউনিয়নত শিক্ষকতা কৰিছিলোঁ৷ গাওঁখনৰ নাম আছিল ধলা৷ ধলা গাঁৱৰ প্ৰাইমাৰী স্কুলৰ শিক্ষক৷ নতুনকৈ বিয়া পাতিছোঁ৷ মানুহ গৰাকী লগতেই থাকে৷ মোৰ বয়স তেতিয়া ২৫ বছৰমান হ’ব৷ মানুহজনী তেনেই সৰু৷ বয়স ১৫-১৬ মান হ’ব৷ ধলা গাঁৱত আমি প্ৰথম সংসাৰ পাতিলোঁ৷ স্কুলৰ ওচৰতেই ভালেমানখিনি জেগা লৈ আমাৰ টিনৰ ঘৰ৷ আমি সুখেৰেই আছিলোঁ৷ ফুলিৰ গছ-গছনিৰ প্ৰতি খুবেই চৌখিন৷ তাই গছ-গছনিৰে গোটেই ঘৰ-বাৰী ভৰাই পেলালে৷ ওঁহ পাহৰিছিলোঁ ফুলি মোৰ মানুহজনীৰ ঘৰত মতা নাম৷ ভাল নাম নাছিমা খাতুন৷
বুজিলেনে মহাশয়, ধলা খুব ধুনীয়া গাওঁ৷ নৈপৰীয়া৷ নৈখনৰ নাম কাঞ্চন৷ মাছ খুব সস্তা৷ ডোমবোৰে মাছ মাৰিয়েই ঘৰত দি থৈ যায়৷ তাৰ সোৱাদেই বেলেগ৷ পোন্ধৰ বছৰ আগৰ কথা কৈ আছোঁ৷ এতিয়াও তাৰ পাভ মাছৰ সোৱাদ মুখত লাগি আছে৷ ঠাণ্ডাকালি বৰালি মাছবোৰ খুব তেলাল হৈছিল৷

ধলা গাঁৱৰ মানুহবোৰ বেছ মিলিজুলি থকা বিধৰ৷ আজিকালি গাওঁ বুলি ক’লেই ভিলেজ পলিটিক্সৰ কথা মনলৈ আহে৷ দলিয়া-দলি, কটা-কটি, মৰিয়া-মৰি৷ ধলা গাঁৱত এইবোৰ একোৱেই নাছিল৷ শিক্ষক হিচাপে মোৰ মৰ্যাদা বেলেগ আছিল৷ যিকোনো বিয়া সবাহত মৰমেৰে নিমন্ত্ৰণ দি খুৱাইছিল৷ গাৱঁৰ মেল মিটিংত মোৰ বক্তব্য গুৰুত্ব সহকাৰে লোৱা হৈছিল৷ দুবছৰমান সুখেৰেই কটালোঁ৷ তাৰ পিছৰে পৰা সংগ্ৰাম আৰম্ভ হ’ল৷ আপোনালোকৰ মতে স্বাধীনতাৰ যুঁজ৷ গাৱঁৰ মানুহৰ বাবে সংগ্ৰাম৷ ধলা গাওঁখন আওঁহতীয়া৷ পাকবাহিনী যে কেতিয়াবা ধলা গাঁৱলৈ আহিব পাৰে সেই কথা আমাৰ সপোনৰো অগোচৰ আছিল৷ কিন্তু জুন মাহৰ পৰা পাকবাহিনীৰ গানবোট কাঞ্চন নদীয়েদি চলাচল কৰিবলৈ আৰম্ভ কৰিলে৷ মাধবখালি ইউনিয়নত সৈন্য বাহিনীৰ ঘাটি হ’ল৷ আৰম্ভ হ’ল অত্যাচাৰ৷ সিহঁতৰ অত্যাচাৰৰ কথা আপোনাক নতুনকৈ ক’ব লাগিব বুলি নাভাবোঁ৷ আপুনি মোতকৈ বহুত বেছি জানে৷ মই কেৱল আপোনাক ঘটনা এটাৰ বিষয়ে সদৰি কৰিম৷

কাঞ্চন নদীৰ ইপাৰে ধলা গাঁৱ সিপাৰে চৰ হাজৰা৷ জুন মাহৰ ১৯ তাৰিখে‌ চৰ হাজৰা গাঁৱত সৈন্য বাহিনীৰ গানবোট লাগিলহি৷ চৰ হাজৰাৰ বিশিষ্ট মাতব্বৰ সৈন্য বাহিনীক খুবেই আদৰ সাদৰ কৰি নিজৰ ঘৰলৈ লৈ গ’ল৷ মহাশয় কথাবোৰ বেলেগ ধৰণে নল’ব সেইসময়ত তেওঁলোকক আদৰ-সাদৰ কৰাৰ বাহিৰে অন্য উপায় নাছিল৷ সবেই নিৰুপায় আছিল৷ ইয়াকুব আলীয়ে সৈন্য বাহিনীৰ প্ৰতিজনকেই খুব আদৰ- সাদৰ কৰিলে৷ ডাব নাৰিকল খুৱালে৷ দুপৰীয়া খাহী ছাগলী কাটি খুৱালে৷ সাজ লাগি ভগালৈকে তেওঁলোক থাকিল৷ খোৱা-বোৱা কৰিলে৷ যাওঁতে ইয়াকুব চাহাবৰ দুই কন্যা আৰু পুত্ৰবধূক লগতে লৈ গ’ল৷ তেওঁলোকৰ একো খবৰ পোৱা নগ’ল তাৰ পিছত৷ এতিয়া শুনিলে এইবোৰ কাহিনী কাহিনী লাগে কিন্তু এয়া বাস্তব৷ মই নিজে দেখা৷ সিদিনা‌ নিমন্ত্ৰিত অতিথিৰ ময়ো এজন আছিলোঁ৷ নাও পঠিয়াই মোক লৈ গৈছিল তেওঁৰ ঘৰলৈ৷ মই গৈছিলোঁ৷

চৰ হাজৰাৰ ঘটনাৰ পিছত আমি ভয়ত বিতত হৈ পৰিছিলোঁ৷ বিপদৰ পৰা হাত‌ সাৰিবলৈ মছজিদত কোৰান পাঠ কৰা হৈছিল৷ গাঁৱৰ সীমা বেৰি দিয়া হ’ল৷ লক্ষ লক্ষ বাৰ ঈশ্বৰৰ নাম জপ কৰা হ’ল৷ কিমান যে অশান্তিত দিন কটাবলগীয়া হৈছিল আপোনাক কি ক’ম৷ ৰাতি ৰাতি টোপনি ক্ষতি হৈছিল৷ মানুহজনী তেতিয়া মাক হ’বলৈ ওলাইছিল৷ সাতমাহ চলি আছিল৷ হাতত এটকা পইচা নাছিল৷ স্কুলত দৰমহা হোৱা নাছিল৷ গাঁৱৰ ঘৰৰ পৰা যে কিছু টকা-পইচা পঠাব তাৰো বাট নাছিল৷ দেশত যোগাযোগৰ কোনো ব্যৱস্থা নাছিল৷ কোনেও কাৰো খবৰ পোৱা নাছিল৷ কি যে বিপদত পৰিছিলোঁ একমাত্ৰ ঈশ্বৰেহে জানে৷

ভূতৰ ওপৰত দানহ পৰা দি বিপদ আহিছিল৷ জুলাই মাহৰ শেষৰফালে মুক্তি বাহিনীয়ে দেখা দিলে৷ নাওত আহে, দুই এবাৰ ফটকা ফুটুওৱাৰ দৰে ফুটাই গুচি যায়৷ বিপদত পৰোঁ আমি৷ সৈন্য বাহিনীৰ মানুহে আহি গাঁৱবোৰ জ্বলাই থৈ যায়হি৷ মুক্তি বাহিনীৰ তেতিয়া কোনো উমঘামেই নাথাকে৷ ছেপ্তেম্বৰ মাহৰ শেষৰফালে অৱস্থাৰ পৰিৱৰ্তন হয়৷ মুক্তি বাহিনীয়ে তেতিয়া কেৱল ফুট-ফাট নকৰে৷ দস্তুৰমত যুদ্ধ কৰে৷ ভাল যুদ্ধ৷ ক’লে বিশ্বাস নকৰিব চাগে কিন্তু ইহঁতে কাঞ্চন নদীত এওঁলোকে সৈন্য বাহিনীৰ ফেৰী এখন ডুবাই দিয়ে৷ ঘটনাটো ঘটিল ছেপ্তেম্বৰ মাহৰ ছাব্বিছ তাৰিখে৷ স্বাধীন বাংলা অনাতাঁৰ কেন্দ্ৰৰ যোগেদি এই বাতৰি প্ৰকাশ কৰা হয়৷ আপুনিও হয়তো শুনিছিল শতাধিক সৈন্যৰ প্ৰাণ গৈছিল৷ এইটো অৱশ্যে একো ভাল কথা হোৱা নাছিল৷ সৈন্য কমেই আছিল৷ বেছিৰ ভাগ পাকিস্তানৰ সৈন্য বাহিনীৰ দ্বাৰা একত্ৰিত কৰা বাংলাদেশ বিৰোধী অৰ্ধ সামৰিক বাহিনীৰ মানুহে আছিল৷ সিহঁতে সাতুৰি পাৰলৈ উঠিছিল, গাঁৱৰ মানুহে তেওঁলোকক মৰিয়াই মাৰিলে৷ যুদ্ধ ভীষণ বেয়া বস্তু মহাশয়৷ যুদ্ধই সাধাৰণ মানুহকো হিংস্ৰ কৰি তোলে৷ মই নিজ চকুৰে দেখা৷

এতিয়া মূল গল্পলৈ আহোঁ৷ ছেপ্তেম্বৰ মাহৰ আঠাইছ তাৰিখৰ ঘটনা৷ মগৰিবৰ নামাজ পঢ়ি বাৰাণ্ডাত বহি আছিলোঁ৷ তুমুল বৰষুণ দি আছিল৷ কলহৰ কাণ ঢলা৷ অকলে অকলে বৰষুণ দিয়া চাই আছোঁ৷ মোৰ মানুহজনী শোৱনি কোঠাত৷ আন্ধাৰ কোঠাত শুই আছে৷ তাইৰ গা খুব বেয়া৷ দুদিন ধৰি একোৱেই খাব পৰা নাই৷ যি খায় বমিয়াই দিয়ে৷ দেহা দুৰ্বল৷ একো এটা নধৰাকৈ থিয় হ’ব নোৱাৰে৷ ডক্টৰক দেখুৱাব পৰা নাই ক’ৰ পৰা দেখুৱাম? মাধবখালিত যিজন ডক্টৰ আছিল নলিনী কুমাৰ ৰায়,  সৈন্য বাহিনীয়ে প্ৰথম দিনা আহিয়েই তেওঁক মাৰি পেলাইছিল৷

যিটো কথা কৈ আছিলোঁ, মই বাৰাণ্ডাত বহি বৰষুণ দিয়া চাই আছোঁ৷ মন বেয়া৷ বৰষুণে আৰু তীব্ৰতৰ ৰূপ ধাৰণ কৰিলে৷ এটা সময়ত ধুমুহা অহাদি আহিল৷ ঘৰ দুৱাৰ কঁপিবলৈ ল’লে৷ মই অলপ দুশ্চিন্তাত পৰিলোঁ৷ পুৰণা ঘৰ-দুৱাৰ৷ ধুমুহাই উৰুৱাই নিলে অসুস্থ স্ত্ৰীক লৈ বিপদত পৰিম৷ ‌ ওচৰতেই মোক্তাব চাহাবৰ পকী ঘৰ৷ তাইক লৈ তেখেতৰ তালৈ যায় নে নাই ভাবি থাকোঁতেই ফুলিয়ে মোক ভিতৰলৈ মাতিলে৷ মই আন্ধাৰ কোঠালৈ সোমাই গ’লোঁ৷ বুলিয়ে ফুচফুচাই ক’লে, “ তোমাৰ সৈতে কথা এটা আছিল৷ ”

মই ক’লোঁ, “কি কথা? ”

আগতে মোৰ ওচৰত আহি বহা৷ মই বহিলোঁ৷ বুলিয়ে ক’লে, “ মই যদি তোমাৰ পৰা কিবা এটা বস্তু বিচাৰোঁ দিবানে? ”

মই ক’লোঁ, “দিব পৰা হ’লে নিশ্চয় দিম৷ আকাশৰ জোন বিচাৰিলেতো দিব নোৱাৰিম৷ বস্তুটোনো কি? ”

“তুমি আগেয়ে মোৰ গা চুই প্ৰতিজ্ঞা কৰা৷ ”

মই তাইৰ কপালত হাত থৈ ক’লোঁ, “প্ৰতিজ্ঞা কৰিলোঁ৷ এতিয়া কোৱা কথাটো কি? ”

“লেম্পটো জ্বলোৱা৷ ”

লেম্প জ্বলালোঁ৷ তাইৰ মূৰৰ শিতানত কোৰান শ্বৰীফ থকা দেখিলোঁ৷ মোক ক’লে, “ আল্লাহৰ কালাম চুই শপত খোৱা যে কথা দি কথা ৰাখিবা৷ ”

মই কিবা সাঁথৰৰ সন্মুখীন হোৱা যেন লাগিল৷ ঘটনাটো কিনো? গৰ্ভাৱস্থাত ছোৱালীবোৰৰ বহুত পাগলামি লম্ভে, মই ভাবিলোঁ তেনেকুৱা কিবা এটা হ’ব৷ আচলতে একো চিন্তা কৰিবলগীয়া নাই৷ মই কোৰান শ্বৰীফ চুই প্ৰতিজ্ঞা কৰিলোঁ৷ তাৰপিছত ক’লোঁ, “এতিয়া কোৱা মই কি কৰিব লাগিব? ”

“মানুহ এজনৰ জীৱন ৰক্ষা কৰিব লাগিব৷ ”

“তাৰমানে? ”

এজন মানুহে মোৰ ওচৰত আহি আশ্ৰয় লৈছে৷ তাৰ জীৱন ৰক্ষা কৰিব লাগিব৷ ”

“একো ধৰিব পৰা নাই৷ কোনে আশ্ৰয় ল’লে তোমাৰ ওচৰত? ”

ফুলিয়ে সৰু সৰু মাতত মোক যি ক’লে মোৰ কলিজা শুকাই গ’ল৷ দুদিনমান আগতে সৈন্য বাহিনীৰ ফেৰী ডুবিছিল৷ এজন সৈনিকে সাতুঁৰি পাৰলৈ আহিছিল৷ আমাৰ ঘৰৰ পাছফালে কলগছৰ আঁৰত লুকাইছিল৷ ফুলিক দেখিয়েই বেহেনজী বুলি মাতি কান্দি দিলত তাই আশ্ৰয় দিলে৷

মই হতভম্ব হৈ সুধিলোঁ, “ দুদিন ধৰি সৈন্য এজন আমাৰ ঘৰত আছেহি? ”

ফুলিয়ে ক’লে, “ওঁ! “

“সঁচাকৈয়ে৷ ”

“ওঁ, এতিয়া তুমি তাক মাধবখালিলৈ লৈ যোৱা৷ ”

মাধবখালিত কেম্প আছে আজি ধুমুহাৰ ৰাতি, কোনেও গম নাপায়৷ আন্ধাৰ হৈ থাকোঁতেই যোৱাগৈ৷ ”

“তোমাৰ মগজ বেয়া নেকি? ”

“মোৰ মগজ বেয়া হওক বা নহওক তুমি প্ৰতিজ্ঞা কৰিছা৷ ”

মই সৈনিক এজনক লৈ ৰাওনা হ’ম, বাটত মুক্তি বাহিনীয়ে পাওক, দুয়োকে গুলিয়াই মাৰি পেলাব! ”

“ইমান ধুমুহা বৰষুণত কোনো নোলায়৷ তুমি ৰাওনা হোৱা৷ ”

“সি আছে ক’ত? ”

“অহা, তোমাক দেখুৱাই দিওঁ৷ ”

“লগত অস্ত্ৰ শস্ত্ৰ কি আছে? ”

“একোয়েই নাই, সুদা হাতেৰে সাতুঁৰি পাৰলৈ আহিছিল৷ ”

মই মুঠেও বিশ্বাসত ল’ব পৰা নাছিলোঁ৷ অস্ত্ৰ থাকক বা নাথাকক, সৈনিক হয় সি৷ জানি বুজি এনে শত্ৰুক ঘৰত স্থান দিয়া কেৱল মহিলাৰ কাৰণেই সম্ভৱ৷ মূৰটো আচন্দ্ৰাই কৰা দৰে লাগিল৷ মই সৰুকৈ মাত উলিয়াই ক’লোঁ, “হাৰামজাদাটো ক’ত? ”

ফুলিয়ে মোক দেখুৱাবলৈ লৈ গ’ল৷ এনেয়ে তাই একো এটা নধৰাকৈ থিয় হ’ব নোৱাৰে, আজি আকৌ লেম্প হাতত লৈ গটগটাই গুচি গ’ল৷ পাকঘৰ কাষতেই ভাড়াঘৰ জাতীয় কোঠালী এটা আছে, তাত চাউল, দালি, পিয়াজ আদি থাকে৷ ফুলিয়ে মোক সেই কোঠালীৰ ওচৰলৈ নিলে৷ তলা বন্ধ৷ মাষ্টাৰ লক এটা ওলমি আছে৷ ফুলিয়ে তলা খুলিলে৷ লেম্প ওপৰলৈ দাঙি দেখুৱালে৷ দেখিলোঁ চুক এটাত কম্বল পাৰি থোৱা আছে, তাত কমবয়সীয়া ল’ৰা এজন বহি আছে৷ সি মোৰ লুঙি আৰু পাঞ্জাবী পিন্ধি আছে৷ আৰু এটা চুকত পানীৰ জাগ, গিলাচ৷ পাকিস্তানৰ সৈন্য বাহিনীৰ সাহসৰ কথা কিমান শুনিছিলোঁ৷ ল’ৰা জনে মোক দেখি ভয়ত শিয়ঁৰি উঠিল৷ কুচিমুচি হৈ বহিল৷ ফুলিয়ে আকাৰ ইংগিতেৰে বুজাই দিলে ভয় পাবলগীয়া একো নাই৷ মই হাৰামজাদাটোক খুব মনোযোগেৰে চাই আছিলোঁ৷ ইমান ওচৰৰ পৰা মই আগতে কেতিয়াও সৈন্য এজনক দেখা পোৱা নাছিলোঁ৷ আজি প্ৰথম দেখিছোঁ, লুঙি, পাঞ্জাবী পিন্ধি থকা বাবেই তাক সাধাৰণ বেংগলী ল’ৰাৰ দৰে দেখাইছে৷ কেৱল ৰঙটো বেছি বগা, নাক মুখত কটাকটিৰ চিন৷

মই ফুলিক সুধিলোঁ, “ইয়াৰ নাম কি? ”

ফুলিয়ে পটকৈ ক’লে, “ ইয়াৰ নাম দিলদাৰ৷ লেফটেনেণ্ট৷ ঘৰ বালাকোটত৷ ৰেশমী নামৰ ছোৱালী এজনীৰ লগত তাৰ প্ৰেম, দেশলৈ উভতি গৈ তাইক বিয়া পাতিব৷ ৰেশমী যে ইমান ধুনীয়া তুমি ভাবিব নোৱাৰা ধুনীয়া, পৰীৰ দৰে, ৰেশমীৰ ফটোখন চাবা? দিলদাৰৰ পকেটত সদায় তাইৰ ছবি থাকে, গাৰুৰ তলত ফটোখন নথ’লে তাৰ টোপনি নধৰে৷ ”

সেই মুহূৰ্তত কাৰো ফটো চাবলৈ মোৰ চখ নাছিল৷ মূৰ ঘূৰাই গৈছিল মোৰ৷ সমস্যা এটাত জৰ্জড়িত হৈ আছোঁ৷ ফুলিয়ে তথাপিও ফটোখন দেখুৱালে৷ ঘাগৰা পৰিহিত এজনী ছোৱালী৷ হাঁহিমুখীয়া৷ ফুলিয়ে ক’লে, “ছোৱালীজনী ধুনীয়া নহয়নে? কেনে পালা? ”

মই ক’লোঁ, “হুঁমম“

“এতিয়া তুমি তাক মাধবখালিলৈ পঠোৱাৰ ব্যৱস্থা কৰা৷ আজি ৰাতিয়েই কৰা৷ “

“ চাওঁ৷ “

“চাবলৈ একো নাই তুমি ৰাওনা হোৱা৷ “

“মাধবখালিলৈ খোজ কাঢ়ি যাব নোৱাৰিম নহয়, নাও লাগিব৷ “

“নাৱৰ ব্যৱস্থা কৰা, তাক পাৰ কৰাবলৈ আজি ৰাতিটোৱেই ভাল হ’ব৷
“ভয়তে ল’ৰাটো অস্থিৰ হৈ আছে, পানীৰ বাহিৰে একো খাব পৰা নাই৷ “

মই কোনোমতে ক’লোঁ, “ চাওঁ কি কৰিব পাৰোঁ৷ “

ফুলিয়ে তালৈ চাই আনন্দেৰে ক’লে, “ তোমাৰ আৰু কোনো ভয় নাই, মোৰ স্বামীয়ে তোমাক নিৰাপদে থৈ আহিব৷ তুমি এতিয়া ভাত অলপ খাই লোৱা৷ “

সি কিনো বুজিলে জানো৷ অকল ক’লে, “ শুকৰিয়া বেহেনজী, শুকৰিয়া৷ “

 ফুলিয়ে ভাত বাঢ়ি আনিলে তাক খুৱাবলৈ৷ মোক ক’লে, “তুমি ৰৈ নাথাকিবা-যোৱা, সোনকাল কৰা৷ “

 মই ছাতি এটা লৈ ঘৰৰ পৰা ওলালোঁ তেতিয়াও খুব বৰষুণ দি আছে৷ কিন্তু বতাহ নাই মৰা৷ মই দ্ৰুত চিন্তা কৰি আছোঁ কিন্তু কি কৰিম ভাবি পোৱা নাই৷ মানুহজনীক কথা দিছোঁ, আল্লাহৰ কালাম চুই প্ৰতিজ্ঞা কৰিছোঁ৷ সেই প্ৰতিজ্ঞা ৰক্ষা কৰাটো দৰকাৰী৷ ল’ৰাটোলৈ মায়াও লাগিছে৷ সৰু ল’ৰা, এইসকল হুকুমৰ গোলাম৷ উৰ্দ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশ মতে চলিব লাগে৷ ল’ৰাটোৰ জীৱন আৰম্ভ হোৱাই নাই৷ দেশলৈ ঘূৰি গৈ বিয়া বাৰু পাতিব৷ সুন্দৰ সংসাৰ এখন হ’ব৷ আকৌ বেলেগ চিন্তা এটাও হৈছে৷ ইয়াক মাধবখালিলৈ নিলে কথাটো ওলাই পৰিব, অইন নালাগে নাৱৰীয়াই কৈ দিব৷ একো লুকাই নাথাকে৷ তাৰ পিছত মোৰ বিচাৰ হ’ব৷ দেশৰ মানুহে মোক থুৱাব৷ পাকিস্তানৰ সৈন্য বাহিনী কেৱল আমাৰ পৰম শত্ৰুৱেই নহয়, ইহঁত চয়তান৷ ইহঁতৰ কোনো ক্ষমা নাই৷ মই নাৱৰ খবৰ কৰিবলৈ নগ’লোঁ৷ মুক্তি বাহিনীৰ কেম্পত খবৰ দিলোঁগৈ৷ ৰাতি দুটামান বজাত তেওঁলোকে আহি দিলদাৰক ধৰি নিলে৷ দিলদাৰে মোৰ মানুহগৰাকীৰ পিনে এবাৰ চাই মাত্ৰ এবাৰ মাতিলে, “ বেহেনজী৷ “

তাৰপিছত পি মনে মনে থাকিল৷ মোৰ মানুহজনীয়ে আচৰিত হৈ মোৰ ফালে চাই থাকিল৷ দিলদাৰক সেই ৰাতিয়েই গুলিয়াই মৰা হ’ল৷ মৃত্যুৰ আগলৈকে সি কেবাবাৰো মোৰ মানুহজনীক মাতি থাকিল, “বেহেনজী, বেহেনজী৷ “ মোৰ মানুহজনী সন্তান জন্ম দিবলৈ যাওঁতে মৰিল৷ ভালেই হ’ল চাবলৈ গ’লে৷  জীয়াই থাকিলে গোটেই জীৱনটো হয়তো মোক ঘৃণা কৰি কটালেহেঁতেন৷ তেনেকৈ জীয়াই থকাটো, মৃত্যুতকৈও বেয়া৷ বুজিলে মহাশয়, যুদ্ধ খুব বেয়া বস্তু৷ যুদ্ধত কেৱল পাপৰ খেতি কৰা দৰে হয়৷ মোৰ নিচিনা সাধাৰণ মানুহ এজনে কিমানটা পাপ কৰিলে চাওক৷ সদায় মোৰ বিচাৰ হ’ব৷ আল্লাহে কিদৰে মোৰ পাপ – পুণ্য বিচাৰ কৰে বা, মোক বা কি শাস্তি দিয়ে সেয়াই চাবলৈ মন আছে৷

☆ ★ ☆ ★ ☆

4 Comments

  • Neelabh Sourav

    বৰ ভাল কাম হৈছে, অনুবাদ সাহিত্যই সমৃদ্ধ কৰে৷

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সুন্দৰ অনুবাদ। খুব ভাল লাগিল।

    Reply
  • ফটিক বৰা

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *