ফটাঢোল

ৰাজধানী এক্সপ্ৰেছত এৰাতি- ডাঃ পাৰ্থসাৰথি ভূঞা 

কিছুদিনৰ আগতে ৰাজধানী এক্সপ্ৰেছত সৰু যাত্ৰা এটা কৰিব লগা হৈছিল৷ নগাঁৱৰ চাপৰমুখৰ পৰা ডিব্ৰুগড়৷ ট্ৰেইন চাপৰমুখ আহি দহমান বজাত পোৱাৰ কথা আছিল৷ পিছে মোবাইলতে চাই গম পালোঁ ট্ৰেইনখন প্ৰায় তিনি ঘণ্টা পলমকৈ চলি আছে৷ মোৰ লগত পিছে আৰু তিনিজন মানুহ যোৱাৰ কথা আৰু তাৰে এজনৰ গাড়ীৰে আমি চাপৰমুখলৈকে যোৱাৰ পৰিকল্পনা কৰা আছিল৷ নগাঁৱৰ পৰা চাপৰমুখলৈ মাত্ৰ আধা ঘণ্টা মান লাগে৷ যিহেতু ড্ৰাইভাৰ জনে আমাক থৈ আকৌ উভতি আহিব সেয়ে দহমান বজাতে চাপৰমুখলৈ যাত্ৰা কৰিলোঁ৷ ষ্টেছন পাই পেচেঞ্জাৰ ৱয়েটিং ৰুম বিচাৰি গ’লোঁ৷ দেখোঁ বহু মানুহ তাত বহি শুই আছে৷ সোমাই যাওঁতেই নাকত লগা উৎকট গোন্ধ এটাই আধা ঘণ্টা আগতে ভাত খাই অহা পেটটো পকাই ধৰিলে৷ গোন্ধৰ উৎস বিচাৰোঁতে গম পালোঁ জোতা খুলি মজিয়াতে কাপোৰ এখন পাৰি দীঘল দিয়া এজনৰ মোজাৰ গোন্ধ৷ মনতে বোলো এইজনক ডবাত একেলগে নেপেলাবা প্ৰভু! ৰুমটোৰ একেবাৰে চুকলৈ চকী দুখনমান খালি আছিল, আমি গৈ তাতেই বহিলোঁ৷ মোৰ কাষৰ চিটতে আছিল সৰু ল’ৰা এটা৷ ল’ৰাৰ লগত মাক-বাপেকো আছে৷ ল’ৰাৰ হাতত মোবাইল আৰু তেখেতে মোবাইলত গেম খেলি আছে৷ টুইং ফুইং টেট টেট টেট, ঠাই ঠাই, থক থক থক কি যে শব্দ৷ এইজনাকো একেলগে নেপেলাবলৈ তেৰাক মনতে খাতিলোঁ৷
 গোন্ধ আৰু শব্দ প্ৰদূষণৰ মাজত প্ৰায় আঢ়ৈ ঘণ্টা কোনোমতে পাৰ কৰাৰ পাছত ট্ৰেইনখন ষ্টেছন পালেহি মাজনিশা৷  মাত্ৰ দুই মিনিট ৰয়, সেয়ে দৌৰা দৌৰিকৈ উঠিলোঁ আৰু চিটটো বিচাৰি লৈ( চাইড লৱাৰ) এখন্তেক বহি ইফালে সিফালে চাওঁতে মন কৰিলোঁ বাকী দুটা লৱাৰ বাৰ্থত এফালে এজন বয়সীয়াল পুৰুষ আৰু আনফালে এগৰাকী বয়সীয়াল মহিলা শুই আছে৷ পুৰুষ জনৰ নাকৰ পৰা ওলোৱা মিউজিকে আজি শুবলৈ নিদিব বুলি খাটাং হ’লোঁ৷ পিছে তেনেতে ওপৰৰ পৰা ভাঁহি অহা আন এক নাকৰ সুৰীয়া শব্দত ওপৰলৈ চাওঁতে ওপৰৰ আন এটা বাৰ্থত মোবাইল চাই থকা যুৱক জনে মাত লগালে.. “এই দুজনে পুৰা কম্পিটিছন কৰি আছে, কোনে কিমান ধুনীয়া ছাউণ্ড উলিয়াব পাৰে৷ ” হাঁহি এটা মাৰি ৰাতিটো তেন্তে ভালেৰেই পাৰ হ’ব বুলি কৈ চিটত কাপোৰ পাৰি দীঘল দিলোঁ৷
 দিনটো ভাগৰত আছিলোঁ কাৰণে শব্দৰ মায়াজালৰ মাজতো চিলমিলকৈ টোপনিটো আহিছিল৷ তেনেতে হঠাৎ তলত নাক বজাই শুই থকা পুৰুষজনে, “হেৰা হেৰা, উঠা, ভূমিকম্প ” বুলি চিঞৰ মাৰি উঠি বহিল৷ সিফালে শুই থকা ঘৈণীয়েকে …“শুই থাকক, ট্ৰেইন, ট্ৰেইন, ট্ৰেইনত আছে আপুনি ”বুলি কৈ পুনৰ মূৰে-গায়ে কাপোৰ লৈ শুই পৰিল৷
 আহিব খোজা টোপনিটো যে ভূমিকম্পই ভাঙিলে, বহু চেষ্টা কৰাৰ পাছতো আকৌ নাহিল আৰু, পিছে তেখেতৰ সংগীত গন্তব্য স্থান পোৱাৰ কিছু আগলৈকে চলিয়েই থাকিল৷ ডিব্ৰুগড়ত সেইদিনা উপস্থিত থকা মিটিংখন হামিয়াই হামিয়াই পাৰ কৰিলোঁ৷
☆ ★ ☆ ★ ☆

One comment

  • সুমন শেখৰ কলিতা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *