ফটাঢোল

নলবাৰীৰ কথিত ভাষাত বিয়াৰ চিঠি- গীতু হাজৰিকা

:: নিমন্ত্ৰণী শৰাই ::
মাই পিতে খালি বিয়া পাতে, মই এটা আপিক ভাল পায় আশ্লো  তাইও বেলেগ ধনী আপা পাই মোক  ঠগে গেল, দুইদিনমান সেই দ্ধুখ্ত চাধা খাবা ধইল্লো, মোক দেখি মাই পিতে দুখত ভাত নাখো হ’ল, মই ক’লো মাই পিতি দুখ নকৰিবি তহঁতে চাই দিয়া আপি বিয়া কৰাম দে, আতুৰ বিতুৰকে আপি এটা চাওঁ, মোৰ কথা শুনি মাই আত্ৰা আত্ৰিকে এটা থৌগা আপি চলাক। এতুই ও এৰি যাব বুলি দাওঁৰা দাওঁৰিকে মালা পিন্ধে লৈ আইল্লো, ইটা যিহেতু তাইক মই কৈলজ্বাৰ এক ফাল বুলি ভাবি লৈছোঁ সেয়ে ভাবছোঁ অহা বহাগৰ ১৫ তাৰিখে (ইংৰাজী 2 এপ্ৰিল) আপন্নালোকক আমাৰ চতালত এক সাঁজ ভাত খুয়ৰ লগতে বৰ কইনাক আশীৰ্বাদ দিবা আইভা লাগবো। কাবো কৰি চবে আইভো।
            ইতি
শ্ৰী নেগেশ্বৰ তালুকদাৰ
নলবাৰী
(দিপ্ৰা ১ টা বাজাৰ পৰা ভাত দিয়া হ’ব ৰাতি ৭ টাক লেগি)
☆ ★ ☆ ★ ☆

2 Comments

  • Dwijen Tamuli

    আমাৰ এতে কিন্তু ৭ টাক লেগি ভাত নুখোই৷ ৪ টা মানোকলেগি হে দেই৷ পাছোত ভাতিবেলাৰ জলপান দেই সক্লোকে

    Reply
  • Raktim Deka

    মজা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *