ফটাঢোল

মামাহঁতৰ বিয়া খাবলৈ গৈছিলোঁ-নুৰুল ইছলাম

আমাৰ মাৰ ভাই-ককাই অর্থাৎ মামা আছিল দুজন। তাৰে বৰজনা মামাই পৈতৃক সম্পত্তিতেই থাকিল। খেতি-বাতি কৰে। পিছে সৰুজন মামাই চাকৰিসূত্রে চহৰতে ঘৰ মাটি কৰাৰ লগতে বিয়াবাৰু পাতিলৈ চহৰৰে স্থায়ী বাসিন্দা হ’ল। মামাৰ চাকৰিটো ভাল হেতু টকা পইচাও দেধাৰ হ’ল। মুঠতে মামাৰ
এতিয়া মহাসুখ। মামাৰ সংসাৰত ল’ৰা-ছােৱালী বুলিবলৈ মাত্র
এহাল। ল’ৰাটো ডাঙৰ আৰু ছোৱালীজনী সৰু। দুয়োকে ভালকৈ পঢ়াশুনা কৰাই চাকৰিটোত সুমুৱাই দিছে। মামাৰ অৱশ্যে চাকৰিৰ পৰা অৱসৰ লােৱা আজি এবছৰমান হ’ল। এতিয়া মামাৰ একমাত্র পুত্র টিংকুৰ বিয়াখন পাতিবলৈ ওলাইছে।
ছোৱালী চহৰৰ নাম থকা পৰিয়ালৰে। পচন্দ কিন্তু মামা-মামীৰ নহয়। ল’ৰাৰ নিজৰ। এনেতে মামা-মামীহঁত আচ্চৱঁৰ ঘৰলৈ আহি আমাকো বিয়াৰ নিমন্ত্রণ দি থৈ গ’ল। মুঠতে বিয়াত
আমি সপৰিয়ালে যাবই লাগিব হেনো। হওঁতে আগ-পিছ নাই বুলি এটায়েই ল’ৰা যেতিয়া আমিও সপৰিয়ালেই যােৱাৰ বাবে ঠিৰাং কৰিলোঁ। পিছে বিয়াৰ দিন বাৰ আহি পৰাৰ লগে লগে আমাৰ ঘৰখনত বিশেষ অসুবিধা আহি পৰাৰ হেতু বিয়ালৈ কেৱল ময়েই যাবলগীয়া হ’ল। শুনিবলৈ পাওঁ চহৰীয়া বিয়াবােৰ হেনাে আমাৰ গাঁৱৰ দৰে নহয়। তদুপৰি মামাহঁতেও বিয়াখন
তেওঁলােকৰ চোতালত নেপাতে। ওচৰৰে কিবা বিয়াঘৰ ভাড়াত লৈহে পাতিব হেনো। গতিকে অইন যি কি নহওক চহৰীয়া বিয়া জীৱনত প্ৰথমবাৰৰ বাবে চোৱাই হ’ব। এইবুলি পুৱাতেই মই
মামাহঁতৰ বিয়ালৈ বুলি ৰঙাবাছত উঠি যাত্ৰা আৰম্ভ কৰিলোঁ।
 দুপৰীয়া সময়ত মামাহঁতৰ তৰুণ নগৰৰ ঘৰত উপস্থিত হ’লোগৈ। পদূলিমুখ গৈ পোৱাৰ মুহূর্ততে একে ৰঙৰ কাপোৰ পিন্ধা ভদ্ৰলোক দুজনে মিচিকিয়া হাঁহি মাৰি নমস্কাৰ জনাই ভিতৰলৈ সোমোৱাৰ ইংগিত দিলে। মানুহ দুজনৰ কাণ্ড দেখি
মোৰ সন্দেহ উপজিল। মানুহ কেইজনে বাৰু মোক চিনি পাই নেকি? নহ’লেনো হাঁহিব কিয়! পিছে দুখোজমান আগুৱাই আহি পুনৰ ঘূৰি চাই দেখো যে মানুহ দুজনে দেখোন ইয়ালৈ অহা সকলো অতিথিকে তেনেকুৱাই কৰি আছে। কথাটোনো
কি মই একো তৎ ধৰিব পৰা নাই। তাৰপাছত চোতাল পোৱা মাত্রকে পুনৰ সেই একে ৰঙৰে কাপোৰ পিন্ধা এজনে আথে-বেথে বহিবলৈ দিলে। তেনে সময়তে আন এজনে এগিলাছ চর্বত দি গ’ল। এইবাৰ পিছে সন্দেহ মোৰ মনত ভালকৈয়ে শিপালে মই বাৰু মামাহঁতৰ ঘৰ বুলি বেলেগ কিবা মেল মিটিঙত
সোমোৱা নাইতো! আনহাতে, দৰা টিংকুতো বাদেই মামা মামীহঁতকো দেখা নেপাওঁ। এনেকৈ ভবা-চিন্তা কৰি থাকোঁতে হঠাৎ সাউৎকৰে সৰুমামাক অকণমান দেখা যেন পাই বহাৰ পৰা উঠি ঘৰৰ ভিতৰলৈ দৌৰ মাৰিলোঁ। ওচৰ পোৱাৰ লগে লগে মামাই সাবটি ধৰি একেবাৰে চিঞৰি উঠিল,”কেতিয়া আহি পালানাে? বাইদেউহঁত আহিছেনে?”
এইবাৰ মামাৰ ওচৰতে বহি লৈ ঘৰৰ অসুবিধাবোৰ সকলো বিৱৰি ক’লো। মামাই ক’লে,”আচলতে
বিয়াৰ খোৱ-বোৱাকে ধৰি সকললোবোৰ সৌ ভৱনতহে। ইয়াত কেৱল জিৰণিৰহে ব্যৱস্থা কৰিছোঁ। মামীয়েৰাহঁত সকলোবোৰ তাতেই আছেগৈ। গতিকে আমিও তালৈকে যাওঁ ব’লা।”
 মামাৰ পিছে পিছে গৈ বিবাহ ভৱনত সোমালোঁ। তাতো সেই একেই কাৰবাৰ। ঘৰত দেখা তেনেকুৱা পোচকী মানুহেই তাতো। সকলো তদাৰক কৰি আছে। এইবাৰ মোৰ মনৰ উৎসুকতা দমাব নোৱাৰি মানুহবোৰৰ বিষয়ে মামাক সুধিয়েই পেলালোঁ।
মোৰ কথাত মামাই হাঃ হাঃকৈ হাঁহিলে। মামা আকৌ বৰ ৰসিক মানুহ। এইবাৰ মামাই লাহেকৈ ক’লে,”এইসকল ৰিচিভচনিষ্ট। গাঁৱত এইবোৰ নাই। চহৰত কিন্তু কিবা সকাম নিকাম পাতিলে এইসকলক লাগিবই। আচলতে সুবিধা অনুসৰি টকাও দিব
লাগে দেধাৰ। মুঠতে বিয়াখনৰ সকলো কাম-কাজৰ উপৰিও কাৰোবাৰ সৰুপানী লাগিলে সেই কামফেৰাও অতিথিৰ হৈ সিহঁতেই কৰি দিবহি আনকি কোনাবাই দাঁতৰ বিষত মাংস চোবাব নোৱাৰিলে চোবাই দিয়া মানহো পোৱা যায় চহৰত।
কেৱল খাওঁতাজনে মুখখন মেলি গিলি দিলেই হ’ল বুজিছানে!” মামাৰ কথাবোৰ শুনি ভালকৈয়ে আচৰিত হ’লো। ইফালে টিংকু মানে দৰাই ৰাজসিংহাসন যেন প্রকাণ্ড চকী এখনত বহি আছে। তদুপৰি খোৱাবোৱাও সম্পূর্ণ বেলেগ। মানে অতিথিয়ে হাতে হাতে থাললৈ জেগাৰ পৰা নিজে নিজে ল’ব লাগে ভাত
তৰকাৰবোৰ। এইবাৰ মামাক সুধিলো”তেনেহলে দেখোন টকা-পইচাও সৰহখিনিয়েই খৰচ হৈছে নহয়নে? মোৰ কথাশুনি ৰসিক মামাই ক’লে,”হওঁতে হয়। পিছে ময়ো নকল ষ্টেণ্ডার্ড কৰিছো তুমি ধৰিব নোৱাৰিবা। মানে সেই যে মানুহে খাই এৰেহা
মাছৰ কাঁইটবোৰ বাল্টিত ভৰাই নি আছে দেখিছানে? সেইবোৰ ভালকৈ ধুই পখালি অলপ মডিফাই কৰি মুৰিঘণ্টা নামৰ এবিধ বিশেষ ব্যঞ্জন তৈয়াৰ কৰি থকা হৈছে বুজিছানে!”
মামাৰ কথাষাৰ শুনি হাঁহিমেই নে কান্দিমেই এনেকুৱা লাগিল মোৰ। কাৰণ মই খাওঁতেও সেইফেৰা ব্যঞ্জনত কাঁইটৰ বাহিৰে বেলেগ
একোৱেই পোৱা নাছিলো। জীৱনত প্ৰথমবাৰৰ বাবে এনে অদ্ভুত কথা শুনি এটি সৰু ল’ৰাৰ দৰে সৰুমামাৰ মুখলৈ একেথিৰে চাই ৰ’লোঁ।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *