দে’তা- নাজিফ হাজৰিকা
২০০১ চন
ধেৰেং……ঢেং…..ঢেং……
ৰাজদূতখনৰ মাত শুনিয়েই ৯ বছৰীয়া প্ৰশান্তই গম পালে দেউতাক আহিছে৷ দৌৰি- দৌৰি সি আগফাললৈ ওলাই আহিল৷
চোতালত মটৰচাইকেলখন ৰখাই বাপেকে বজাৰৰ মোনাটো তাৰ হাতত দিলে৷
: এইটো ভিতৰলৈ লৈ যা৷
মোনাটো হাতত লৈ সি সুধিলে-
: আৰু কিবা আনিছা?
: আৰু কি আনিম?
: আৰু একো অনা নাই?
: নাই অনা আকৌ!
: কিয়, আজি দেওবাৰ নহয়! (প্ৰশান্তৰ অলপ খং উঠিছে)
: তাতে কি হ’ল?
: আজি চিনেমা চাম নহয় …!
দেউতাকে হাঁহি দিলে৷
: আনিছোঁ, আনিছোঁ৷ শু ল এইয়া৷
মটৰচাইকেলৰ বাকচটো খুলি তিনিখন চিনেমাৰ CD তাৰ হাতত দিলে৷ CD কেইখন লৈ cover কেইটা পঢ়িলে – “The 36th Chamber of Shaolin“, “Shaolin Temple“, “Enter the Dragon৷ “ CD কেইখন লৈ চিধাই সি ভিতৰলৈ দৌৰিলে৷
: মোনাটো লৈ যা আকৌ৷
: এ তুমি আনি থাকা৷
দেওবাৰৰ দিনটো বাপেক-পুতেক দুইটাৰে চিনেমা চোৱা দিন৷ ঘৰলৈ নতুনকৈ DVD প্লেয়াৰটো অনাৰ পৰা দুইটাই অকল চিনামকে চাই৷ চিনেমানো কি! সংসাৰৰ কেৰাটে-কুম্ফুহে আৰু৷
সন্ধিয়ালৈকে বাপেক-পুতেক দুইটাই দুখন চিনেমা চাই শেষ কৰি দিলে৷ শেষৰ চিনেমাখন চাই আছে এতিয়া৷
ব্ৰুচ লীৰ ফাইট আৰম্ভ হওঁতেই CD খনে খেলি-মেলি কৰিলে, লাগি লাগি ধৰিল৷ কিকটো মাৰোঁতেই ডিছখন ৰৈ যায়৷
প্ৰশান্তৰ টেমা গৰম হৈ গ’ল৷ সি এবাৰ forward কৰি চালে, কিন্তু লাভ নহ’ল৷ ডিছখন উলিয়াই পিন্ধি থকা গেঞ্জিটোৰে মচি আকৌ ভৰাই দিলে, কিন্তু এইবাৰো কাম নিদিলে৷ খঙতে সি DVD প্লেয়াৰটোত ঢকা মাৰি দিলে৷
বাপেকৰ খং উঠি গ’ল তাক দেখি৷
: অই, কি কৰি আছ এইবোৰ৷
: ডিছখন নচলে ..( সি কান্দোঁ কান্দোঁ হৈ গ’ল)
: নচলে বুলিয়েই তই DVDটো ঢকা মাৰি দিবি নেকি?
বাপেকে ডিছখন উলিয়াই আনিলে৷ কপাহ এডোখৰ তিয়াই ভালকৈ ডিছখন মছিলে৷ তাৰ পিছত DVD প্লেয়াৰত ভৰাই দিলে৷
: এইবাৰ নচলিলে নাই, কিন্তু একদম চুপ চাপ চাই থাক৷
এইবাৰ ডিছখন চলিল৷ গোটেই চিনেমানখন চলিল৷
* * *
২০১১ চন৷
GMCH ৰ প্ৰৱেশদ্বাৰৰ ওচৰত প্ৰশান্তই গাড়ীখন ৰখালে৷ 3rd floor ৰ Nephrology ডিপাৰ্টমেণ্টলৈ গৈ wheel chair এখন লৈ আনিলে৷ দেউতাকক গাড়ীৰ পৰা নমাই কান্ধত ধৰি-ধৰি wheel chair খনত বহুৱালে৷ গাড়ীখন নি পাৰ্কিং প্লেচত ৰাখি পুনৰ ঘূৰি আহিল৷ wheel chairখন ঠেলি ঠেলি সি দেউতাকক লৈ গ’ল 3rd floor ৰ Nephrology ডিপাৰ্টমেণ্টলৈ৷
বিছনা খনত দেউতাকক শুৱাই সি ঘড়ীটোলৈ চালে৷
: ১: ৩০ বাজিছে৷ মই অকণমান তলৰ পৰা আহোঁগৈ৷ কিবা থাকিলে মোক ফোন কৰি দিবা৷
: বাৰু যা৷ খাবলৈ কিবা এটা লৈ আনিবিচোন৷
: কি খাবা?
: মাজা, লিচী জাতীয় কিবা লৈ আনিবিচোন৷
: উম, ঠিক আছে৷
: আজি আহি পোৱা দেৰি হ’ল৷ ঘৰ যাওঁতে ৰাতি হৈ যাব চাগে৷
: সেইবোৰ তুমি চিন্তা কৰি থাকিব দৰকাৰ নাই নহয়৷
: উম৷
প্ৰশান্ত ওলাই আহিল৷ ফুটপাথৰ ওপৰত বহা তামোল-পানৰ দোকান এখনৰ পৰা তামোল এখন কিনি মুখত ভৰালে৷ পেপাৰ এখন আৰু মাজা বটল এটা কিনি গাড়ীলৈ আহিল৷ এঘণ্টা মান পেপাৰখন পঢ়ি সি পুনৰ দেউতাকৰ ওচৰলৈ গ’ল৷ মাজা বটলটো দেউতাকক দিলে৷
: এইটো লোৱা, খাই লোৱা অলপ৷
: উম, আ ..! ৷
দেউতাকে আ কৈ মুখখন মেলি দিলে, প্ৰশান্তই মুখত মাজা অলপ বাকী দিলে৷
হঠাৎ প্ৰশান্তৰ চকু পৰি ডায়েলাইছিছ মেচিনটোৰ ওপৰত৷ সি দেখিলে স্পীদ বাঢ়ি আছে৷ দেখিয়েই তাৰ প্ৰচণ্ড খং উঠিল৷ স্পীদ বাঢ়ি থাকিলে তেজ সোনকালে পৰিশোধন হয়, কিন্তু ৰোগীয়ে যথেষ্ট কষ্ট পাই৷
: এইটোৰ স্পীদ কোনে বঢ়ালে? – নাৰ্ছকেইগৰাকীলৈ চাই সি খঙেৰে সুধিলে৷
: ময়ে বঢ়াব ক’লোঁ৷ – নাৰ্চে উত্তৰ দিয়া আগতেই দেউতাকে উত্তৰ দিলে৷
: কিয়?
: এনেই, অলপ সোনকালে হ’ব তেতিয়া৷
: তুমি ডাক্তৰ নেকি? (প্ৰশান্তৰ খং পুৰা উঠি গ’ল৷)
: নহয় মানে …
: কথা বেছি নক’বা তুমি, মনে মনে থাকা৷
: সোনকালে হ’লে তোৰ অলপ সুবিধা হ’ব৷ ৰাতি হ’লে গাড়ী চলাব দিগদাৰ পাবি তই৷ আৰু ময়ো সহ্য কৰিব পাৰিছোঁ নহয়৷
: চুপ থাকা তুমি৷ একদম চুপ থাকা৷
প্ৰশান্তৰ খং দেখি লগা-লগ নাৰ্চে আহি মেচিনৰ স্পীদ কমাই দিলে৷
: দে’তা, তুমি কিন্তু অলপ বেছি মন-মাৰ্জি কৰিছা দেই! মই কিন্তু অলপো ভাল পোৱা নাই …..
প্ৰশান্তই অলপ টানকৈয়ে কথাবোৰ ক’লে৷ বাপেকে ওপৰৰ ফালে চাই নীৰৱে পৰি থাকিল, প্ৰশান্তৰ ফালে নাচালে৷ প্ৰশান্ত খঙেৰে ওলাই আহিল৷ ওলাই আহিব খোজা চকুলো কোনেও নেদেখাকৈ ৰুমালেৰে মছিলে৷
লাহে লাহে সি গাড়ীৰ ওচৰলৈ আহিল৷ গাড়ীত বহি গাড়ীখন ভিতৰৰ পৰা লক কৰি ল’লে৷ দুই হাতেৰে মুখখন ঢাকি সি নিজৰ মাজতে ফেঁকুৰি উঠিল৷
নিজৰ দেউতাকক গালি পাৰি জানো কোনোবাই শান্তিৰে ……
* * *
২০১৮ চন
: অ’ মা, মোৰ পুৰণা বেডমিণ্টন খেলা ৰেকেটখন ক’ত গ’ল নো? বিচাৰি পোৱা নাই দেখোন৷
: সেই পাছফালৰ গুদামৰ শ্লেবৰ ওপৰত চাচোন৷ তাতেই থাকিব লাগে৷
প্ৰশান্তই শ্লেবৰ ওপৰত উঠি বস্তু খুচৰিব আৰম্ভ কৰি দিলে৷ হঠাৎ তাৰ হাত লাগি বস্তু কিছুমান পৰি গ’ল মাটিত৷
প্ৰশান্ত নামি আহিল, দেখিলে CD দুখন পৰি আছে৷
সি নামটো পঢ়ি চালে – “ Jorhat Matsya Mahotsav 2007 “
প্ৰশান্তৰ দেউতাক যোৰহাটৰ ভাৰপ্ৰাপ্ত জিলা মীন উন্নয়ন বিষয়া হৈ থকা সময়ৰ ডিছ এইকেইখন৷ জীৱিত অৱস্থাত দেউতাকৰ কোনো video ৰেকৰ্ডিং থকা মনত নপৰে প্ৰশান্তৰ৷ তেতিয়া হাতে হাতে মোবাইলো নাছিল, কেমেৰাও নাছিল৷
প্ৰশান্তই দৌৰি গৈ লেপটপটো লগালে৷ ডিছখন ভৰাই চাবলৈ আৰম্ভ কৰি দিলে৷ সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি কিছুমান অনুষ্ঠান পাৰ হৈ যোৱাৰ পিছত প্ৰশান্তৰ দেউতাক ওলাল৷ ভাষণ দিছে দেউতাকে, প্ৰশান্তই একান্তমনে চাই আছে৷ হঠাৎ CDখন লাগি ধৰিল৷ প্ৰশান্তই copy কৰিব চেষ্টা কৰিলে, কিন্তু বিফল হ’ল৷
খঙত টেবুলখনতে ধামকৈ মাৰি দিলে৷
দেউতাকলৈ মনত পৰিল৷ লগা-লগ সি কপাহ এডোখৰ তিয়াই ডিছখন মছিলে ভালকৈ৷ তাৰ পিছত আকৌ ভৰাই দিলে৷ এইবাৰ চলিল ভালকৈ৷
দেউতাকে ভাষণ দি থকা videoটো পজ কৰিলে৷
দেউতাকলৈ চাই সি কৈ উঠিল – “ sorry দে’তা৷ ”
☆ ★ ☆ ★ ☆