ঘোষিকা – বৰ্ণালী ফুকন
মই তেতিয়া নৱম মান শ্ৰেণীৰ ছাত্ৰী৷ ছাত্ৰী একতা সভাৰ মিটিং চলি আছে, লগৰ কেইজনীৰ সৈতে চানা চোবাই শেষৰ ফালৰ বেঞ্চ এখনত বহি আছো৷ হঠাৎ কথা নাই বতৰা নাই মঞ্চত ঘোষণা কৰিলে -এতিয়া পৰৱৰ্তি কাৰ্যসূচী আগুৱাই নিবলৈ শ্ৰীমতি বৰ্ণালী ফুকণক অনুৰোধ কৰিলো৷ অপ্ৰত্যাশিত ভাবে নিজৰ নামটো শুনি ইফালে সিফালে চাই ভুল শুনিলো বুলি চানা দুটমান মুখত ভৰাই চোবাবলৈ ধৰোতেই পোনৰ ঘোষণা কৰিলে -পৰৱৰ্তি কাৰ্যসূচী আগবঢ়াই নিবলৈ শ্ৰী বৰ্ণালী ফুকণক অনুৰোধ কৰিলো৷ এইবাৰ বুজি উঠিলো ইয়াৰ পৰা সাৰি যোৱাৰ কোনো উপায় নাই৷ সন্মুখৰ ছাত্ৰী আৰু চাৰ -বাইদেউ সকলে মইনো অতপৰে কিয় উঠি যোৱা নাই এইবুলি পিছৰ ফালে ঘূৰি চোৱা দেখি হাতৰ চানা ঠাইতে দলিয়াই অত তত উজুটি খাই মঞ্চৰ দিশত আগুৱাই গলো৷ ভয়ৰ কোবত ভৰিখনৰ সৈতে হাতখনো ৰবট্ এটাৰ দৰে আগবাঢ়ি যাবলৈ ধৰিলে৷ শৰীৰটো ঠেলি নি মঞ্চলৈ যেনেতেনে তুলি উঠি মাইকৰ দিশত আগুৱাই গলো৷ মঞ্চৰ পৰা মানুহবোৰৰ ফালে চাবলৈ সাহস নহল৷ ইফালে ভয়ত দুই আঠুৱে কট্ কট্ কৈ এনেদৰে আৱাজ কৰিবলৈ ধৰিলেযে অলপতে হে মাইকত প্ৰতিধ্বনি নহল৷ তথাপি মুখত একো নোহোৱাৰ ভাও দি অভ্যস্তৰ দৰে মাইকটো মুখৰ ওচৰলৈ টানি আনিলোঁ৷ আন সভা সমিতি বোৰত যেনেদৰে চিঞৰে ঠিক তেনেদৰেই কওঁ বুলি চিঞৰি উঠিলো -হেল্ল হেল্ল মাইক টেষ্টিং -মাইকী টেষ্টিং৷
ইক কি ওলাল মুখেদি ..লগৰ বোৰে গিৰ্জনি পাৰি হাঁহিবলৈ ধৰিলে৷ ইফালে বাইদেউ সকলে মুখত ৰুমাললৈ মুখ টিপি হাঁহি থকা দেখি কি কৰিম কি নকৰিম যেন লাগিল৷
এনেতে ল’ৰা এজন আহি মোৰ হাতত এখন কাগজ ধৰাই দিলেহি আৰু ফুচফুচাই কৈ গ’ল ঘোষণা কৰি দিবলৈ৷ চকুৰে কাগজৰ আখৰবোৰ ধোঁৱা কোৱা দেখিবলৈ ধৰিলো৷ চচমা বিচাৰি হাবাথুৰি খালো৷ মুৰেদি ঘাম বৈ আহিল, ঘামৰ কোবত মুৰৰ খজুৱতি আৰম্ভ হল৷ মুৰলৈ হাতখন নি ঘূৰাই আনিলোঁ কেনেবাকৈ যদি ওকণি হৈছে বুলি ভাবে৷ নাই নোৱাৰি খজুৱতি বাঢ়ি আহিল এইবাৰ নোৱৰিছো আৰু৷ মুৰলৈ হাতখন নিওঁতেই হাতগৈ মুৰত পিন্ধি থকা চচমাত লাগিল৷ সম্বিৎ আহিল এইবাৰ চচমাযোৰ পিন্ধিলৈ মাইকটো টানি ললো৷ কপা কপা মাতেৰে পঢ়ি গলো শ্ৰদ্ধাৰে কলিতা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ শ্ৰী জোনামনি দত্তক অনুৰোধ জনালো৷ দুজনমানক সম্বৰ্ধনা দিয়া ঠিক ঠাকেই হৈ গ’লত হেৰুৱাই পেলোৱা সাহস ঘূৰাই পালো৷ এইবাৰ অভাৰ কন্ফিডেণ্ট হৈ কৈ পেলালো শ্বহীদ কমল কুমাৰ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা …ইক কি কলো! সন্মুখত কমল কুমাৰ ডাঙৰীয়াই সোঁ-শৰীৰে বহি মোলৈ টেলেকা চকুৰে চাই থকা দেখি মুছকছ্ যোৱাৰ উপক্ৰম হ’ল৷ ক্ষমা কৰিব বুলি হাতযোৰ কৰি দেখুওৱাতে হে যেনিবা তেওঁ সম্বৰ্ধনা লবলৈ থিয় হ’ল৷
কাৰ্য্যসূচী শেষ হোৱাৰ দিশত আহিল৷ এতিয়া মাত্ৰ সম্পাদকৰ দুআষাৰ বুলি কলেই মোৰ দায়িত্ব শেষ৷ এইবাৰ দীঘল উশাহ এটা লৈ কম বুলি আঁওৰাই ললো-এতিয়া এই সভাৰ সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ দিব্যজোতি ডাঙৰীয়াক দু-আষাৰ কবলৈ অনুৰোধ জনালো৷ এইবুলি কবলৈ লওঁতেই ফটা মুখেৰে ওলাই আহিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বৰ্গীয় দিব্যজ্যোতি ডাঙৰীয়াক দুআষাৰ কবলৈ অনুৰোধ বুলি ৰৈ গলো তেনেতে দিব্যজ্যোতি ডাঙৰীয়াক মঞ্চৰ ফালে অদ্ভুত চাৱনিৰে উঠি অহা দেখি চকুৰ প্ৰচাৰত মই সেই স্থানৰ পৰা ছত্ৰভংগ দিলোঁ৷
★★★★
1:08 am
হা হা– তামাম অভিজ্ঞতা।