ফটাঢোল

পুৰস্কাৰ -মানৱেন্দ্ৰ কুমাৰ শৰ্মা

অৱশেষত খবৰটু আহিল- নৰহৰি মাষ্টৰ আৰু নাই!
গাউৰ তিনআলিত পুৱাৰ পৰা এই কথাটুক লৈয়ে মেল বইছি৷
“ইমান কষ্ট পাই থাকাতকে ভালে হৈছিদে৷ কিন্তু ভাল মানুহ এটা ইংকে নহ হৈ যতুহে অন্তৰখানে ফটকে মানি লবা পাৰা নাই৷” কথাৰ লগে লগে ক জনৰ বুকৰ ভিত্ৰোৰ পৰা গভীৰ হুমুনিয়াহ এটাও ওলে আহিল৷
“আৰে, নহবনা সেনা? নাল্গিবা লাগা জেঙত লাগি থাক্লি এনা নহে আৰু কেনা হবহা?”
“তাকেতো, মাষ্টৰ হলাক বুলি সৱতে ইংকে মাষ্টৰি কৰি থাক্লি কুনি ভাল পাবোহা? স্কুলত মাষ্টৰি কৰক, কিন্তু স্কুলৰ বাইহ্ৰোত কিহৰ মাষ্টৰি? বৰ একেবাৰে সমাজ শুধ্ৰত লাগ্‌ছিল- পালাক নহয় ইটা মজাটু৷”
এখান হাতত দা আৰু আনখান হাতত শুখ্না বাঁহৰ টুক্ৰা এটা লৈ মাষ্টৰৰ ঘৰক লগি যাই থাকা শনে আতায় গাউৰ চেংৰাগেলাৰ এগ্লাখান কথা শুনি অলপ পৰ ৰলাক আৰু তাহাৰ ফালে চাই কলাক, “বাপাহাত, মাষ্টৰে এগ্লাখান সৱ তুহাৰ ভালক লগিহে কচ্ছিলদে৷ চুলাই খাই খাই গাউৰ চলিগেলা অধপাতে য দেখি মাষ্টৰৰ অন্তৰখানে সহ্য কৰ্বা পাৰা নাছিল৷ নহলিনু মদক লৈও কাবায় ইংকে লাগেনা? নিজৰ নাথ্‌কিলিও গাউৰ চলিগিলাকে মাষ্টৰে নিজৰ চলি বুলি ভাব্চিল৷ কিন্তু এই কথাটুৱে তুহুন কুনুদিন বুজাৰ চেষ্টা নক্ৰিলি৷ পাছে তুহুন নুবুজ্লিও উপ্ৰত থাকাজনে কিন্তু সৱ দেখি আছেদে, সৱ বুজি আছে৷ যিয়ে মাষ্টৰৰ মূৰ ইংকে ফাল্লাক, তাৰ বিচাৰ তেৰাই একদিন ঠিকে কৰ্ব, তুহুন চাই থাক্বি৷”
শনে আতাই আৰু তাত নৰ্খি চিধাই মাষ্টৰৰ ঘৰক লগি খোজ দিলাক- শটুও আহি পৰ সময় হৈছি৷
                            ******
চুপাৰ তিৰিকেইটাই মাষ্টেন্নীৰ মাথাত তেল-পানী দি বিচনীদি বিচি আছিল৷ খবৰটু শুনাৰ পৰা কান্দি কান্দি মাষ্টেন্নীৰ আৰু কান্দাৰো শক্তি নহ হৈছিল৷ মাষ্টৰৰ আপীটুৰো একে অবস্থা৷ অলপ দূৰত বিয়া হলিও খবৰটু শুনাৰ লগে লগে তাই মানুহটুৰ লগত দাউৰি আইছি৷ তিৰিকেইটাই তাহাৰ আপডালত লাগি থাকা দেখি মাষ্টৰৰ জাৱাক ঘৰৰ ভিত্ৰোৰ পৰা বাহিৰ ওল্লাক৷
বাহিৰত শনে আতাক দেখি মাষ্টৰৰ জাৱাক আতাৰ কাষক লগি গেল৷
“আতা, কি কৰা যায়হে ইটা?”
“ময়ো তাকে ভাবি আছুহা বাপা৷ এই বুঢ়া দেহাইদি আমিনু আৰু কিমান কৰিমহা? চচুন, পুৱা যাই দুইপ্ৰাৰ সময় হল, ইটাক লগি গাউৰ চেংৰাকেইটাৰ দেখাদেখি নহল৷ ইফালে খৰি যগৰ কৰাৰ পৰা চিতা সাঁজাক লগি কম কাম আছেনা? ইংকে হলি সময়ত চখনক কিংকে নিবা কচুন! ইফালে পলমো কৰ্বা নৰি, কাষৰ গাউৰ মদৰ ঘাটি উঠবা যাই আচলতে চথাদিনায়ে মৰা মানুহ; এই কেইদিন ডাক্তৰে কিবাকেহে মাষ্টৰক বাচে ৰাখ্ছিল৷
                              ******
মাষ্টৰৰ জাৱাক হ’ল আজিৰ দিনৰ মানুহ, বুদ্ধিতো বৃহস্পতি; কুনবায় মুখ মেল্লিয়ে গৰ্ভ দেখে৷ যিংকে নহওক এগ্লা কাম সময়মতে কৰ্বায়ে লাগ্ব৷
তেখেত যাই চিধাই গাউৰ তিনআলি পালাক আৰু লংপেণ্টৰ পকেটৰ পৰা ‘বেগ’টো উললাক৷
পুৱাৰে পৰা তাতে কথা চবে থাকা চেংৰা কেইটাৰ  মুখকেইখান লগে লগে পোহৰ হৈ উঠিল৷ মুহূৰ্ততে কামগেলা তাহাৰ মাজত ভাগ ভাগ কৰি ললাক৷ দুজনক কাষৰ ‘সেই’ গাউখানক লগিও পঠলাক৷
                               ******
মাষ্টৰৰ শটু আহি পৰ লগে লগে তিৰিকেইটামানে ধৰি ধৰি মাষ্টেন্নীক বাহিৰক লগি উলে আন্লাক৷ কান্দি কান্দি মাষ্টেন্নীৰ ভৰিত থিয় হৰো শক্তি নাছিল, তথাপি ধৰি থাকা তিৰিকেইটাক এক আজ্ৰা মাৰি মাষ্টেন্নী চিধাই যাই মাষ্টৰৰ ভৰিত বাগ্ৰি পৰিল৷ মাষ্টেনীৰ কান্দানৰ ৰাউচিত কাষত থাকা তিৰিগেলাৰো চখুৰ পানী ওল্লাক৷
একপাকত তাহুন ধৰা-ধৰি কৰি মাষ্টৰৰ ভৰিৰ বুঢ়া আংলিৰে মাষ্টেন্নীৰ শিৰ জিল্কে থাকা সেন্দূৰখিনি মুচি দিলাক!
“পলম হৈছি, পলম হৈছি, সোনকালে চখনক নিবা লাগে৷” বুলি গাউৰ চেংৰামাখাই ইতিমধ্যে দাউৰা-দাউৰি লুগেছিল৷
                             ***********
(‘নলবেইৰা’ উপভাষাত লিখা গল্প৷ নলবেইৰা বুলি ক’লেও ঠাই বিশেষে শব্দৰ কিছু তফাৎ আছে৷ মই জন্মা চুবুৰীৰ একাংশ নলবাৰী জিলাৰ আৰু আন একাংশ বৰপেটা জিলাৰ অন্তৰ্গত৷ গতিকে ঠিক ‘নলবেইৰা’ নকৈ ‘টিহু-দক্ষিন বজালী অঞ্চলৰ কথিত ভাষা’ত বুলিও ক’ব পাৰি৷)
( খবৰটু- খবৰটো, গাউ-গাঁও, বইছি- বহিছে, কথাটু-কথাটো, ইংকে-এনেকৈ, নহ-নোহোৱা, যতু-যোৱাতো, ভিত্ৰোৰ-ভিতৰৰ, ওলে-ওলাই, সেনা-তেনেকুৱা, নাল্গিবা-নলগিবলগীয়া, থাক্লি-থাকিলে, এনা-এনেকুৱা, কেনা-কেনেকুৱা, হলাক-হ’ল, কুনি-কোনে, পাবো-পাব, বাইহ্ৰোত- বাহিৰত, শুধ্ৰত-শুধৰোৱাত, পালাক-পালে, শুখ্না- শুকান, টুক্ৰা- টুকুৰা, ঘৰক লগি-ঘৰলৈ, চেংৰাগেলাৰ-ডেকা/যুৱকসলৰ, এগ্লাখান-এইবোৰ, ৰলাক-ৰ’ল, তাহাৰ-সিহঁতৰ, তুহাৰ-তহঁতৰ, কচ্ছিলদে-কৰিছিলহঁক, কৰ্বা-কৰিব, চলিগেলা-ল’ৰাবোৰ, কাবায়-কোনোবায়, ভাব্চিল- ভাবিছিল, তুহুন-তহঁতে, কুনুদিনাই-কোনোদিনে, নক্ৰিলি-নকৰিলি, উপ্ৰত-ওপৰত, ফাল্লাক-ফালিলে, কৰ্ব-কৰিব, থাক্বি-থাকিবি, নৰ্খি-নৰখি/নৰৈ, তিৰিকেইটাই-তিৰোতাকেইজনীয়ে,  জাৱাক-জোঁৱাই, ওল্লাক-ওলাল, গেল-গ’ল, ইটা-এতিয়া, চচুন-চোৱাচোন, দুইপ্ৰা-দুপৰীয়া, যগৰ-যোগাৰ, কিংকে-কেনেকৈ, কুনবায়-কোনোবায়, মেল্লিয়ে-মেলিলেই, যিংকে-যেনেকৈ, এগ্লা-এইবোৰ, এক আজ্ৰা মাৰি-এক আঁজোৰ মাৰি, বাগ্ৰি-বাগৰি, চখুৰ-চকুৰ, তাহুন-তেওঁলোকে, আংলি-আঙুলি, জিল্কে-জিলিকাই, মুচি দিলাক-মচি দিলে, চখন-শ্মশান)
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *