ফটাঢোল

খাৰখোৱা বুফে  – বিক্ৰমজিৎ কাকতি

‘বুফে’ পাৰ্টি বোৰ যেতিয়া ফ্ৰান্সৰ পৰা আহি আমাৰ এই বন্ধপ্ৰদেশ পালেহি তেতিয়াৰ পৰা তাৰ ৰেহৰূপ মানে গৌহাটীয়া লোকেল ভাষাত “থপৰা“ চেঞ্জ হৈ গল৷ অন্নপ্ৰাসন্নৰ পৰা মৃতকৰ ভোজলৈকে লাহে লাহে খাৰখোৱা buffetএ অধিকাৰ কৰিবলৈ আৰম্ভ কৰিলে৷

ইউৰোপত এই buffet পাৰ্টিত যিবোৰ খোৱা পৰিবেশন কৰা হৈছিল তাত এনে ধৰণৰ খাদ্য দিয়া হয় যিবোৰ খাবলৈ Knife ব্যৱহাৰ কৰিব লগা নহয় যাতে মানুহে সহজতে কাঁটা অথবা চামুছৰে খাব পাৰে৷ কিন্তু আমাৰ খাৰখোৱা buffetত কেতিয়াবা এনে খাদ্য পৰিবেশন কৰা হয় যত কাঁটা অথবা চামুচ বাদেই আপুনি দুয়ো হাত লগাই খোৱা মস্কিল হৈ পৰে৷ এটা উদাহৰণ দিছোঁ, ধৰাহ’ল কোনো খাৰখোৱা buffetতত বহাৰ সুবিধা নাই কিন্তু পৰিবেশন কৰিছে ইলিছ মাছৰ ভাপা, খা বাপ্পেকে কেনেকৈ খাৱ! ! ! ! !

ঠিক পুৰণা সাধু এটাত শুনাৰ দৰে বগলীয়ে শিয়ালক খাবলৈ মাটি চুঙাত খোৱা দিয়া ধৰণৰ কথা৷

তদুপৰি মাছ বা মাংস এনে পাৰ্টিত দিলে bone less দিব লাগে৷ কিয়নো আমাৰ বহু খাৰখোৱা buffetত এনে মাংস দিব গোটেইখন Boneময় হৈ থাকে তাতে ভালকৈ মাংসখিনি নিসিজিলেতো হলেই আৰু, এখন হাতত থালী খন লৈ আনখন হাতেৰে কাটাৰ সহায়ত মাংসৰ পৰা হাড় পৃথক কৰিবলৈ আপুনি এক অভিজ্ঞ চাৰ্জন ৰ দৰে কুচকাৱাজ চলাই থাকোতে মঙহৰ টুকুৰাটো ঠিক এক বেলেষ্টিক মিছাইল টাইপত উৰি গৈ ওচৰতে খাই থকা কোনো মহিলাৰ নতুন পাটৰ কাপোৰযোৰৰ ওপৰত গৈ পৰিলে আপোনাৰ গে’ম অভাৰ, আৰম্ভ হৈ যাব তৃতীয় মহাসমৰ৷ মোৰ দুবাৰ এনে হৈছে, তাৰ পাছত মাংস নাখাই গালি খায়েই পেট ভৰি গৈছে৷ সেয়েহে আজিকালি এনে খাৰখোৱা buffetলৈ গলে মই চিধাই খোৱাৰ সময়ত ৰান্ধনিশাল পাওঁগৈ৷ তাত আপুনি এখন হলেও খালি চকী পাবই আৰু কাঁটা চামুচ বাদ দি হাতেৰে পৰম তৃপ্তিত খাব পাৰিব৷ আগতে আইতাই কৈছিল থিয়ৈ থিয়ৈ খালে হেনো কুকুৰৰ পেটলৈ যায়, কথাষাৰ এনেয়ে কোৱা নাছিল৷■■

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *