ফটাঢোল

ফটাঢোলত ভাওনাৰ আখৰা – দিগন্ত বৰুৱা

আগকথা 

(এই লেখাটো কাকো জনমানসত হেয় প্ৰতিপন্ন কৰিব’লৈ নাইবা কাৰো মনত আঘাত দিবৰ বাবে লেখা নাই৷ মনত ভাৱ এটা উপজিল, লেখিবলৈ লৈছো৷ কাহিনীভাগৰ লগত কোনো বিষয় বা ব্যক্তিৰ মিল দেখা পালে ই কাকতালীয় বুলি ধৰি ল’ব৷ সকলো নামৰ লগত থকা সম্বন্ধ বোৰ উঠাই দিলো৷ তাৰবাবে সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী৷ )


প্ৰথম খণ্ড = সোণটোৰ স্বগতোক্তি
ডুডুম•••••ডুডুম•••••ডুডুম•••••
গমগমাই বাজি উঠা দবাৰ শব্দই ৰজনজনাই গ’ল সন্ধিয়াটো৷ গাওঁখনৰ সকলোৰে মনবোৰ কিবা এটা অজান আনন্দত আত্মহাৰা হৈ উঠিল৷
এৰা, বহুদিনৰ মুৰত গাওঁখনত আনন্দৰ বন্যা ববলৈ আৰম্ভ কৰিছে৷
এইয়া দাসত্ত্বৰ পৰা মুক্তি লভাৰ আনন্দ৷
এইয়া এখন মুক্ত আকাশৰ তলত মনে মিলা মানুহবোৰৰ সৈতে হাঁহি – কান্দোন ভাগ-বটোৱাৰা কৰাৰ আনন্দ! !
দবাৰ মাৰি দুদাল নিদিষ্ট ঠাইত থৈ গামোচা খনেৰে কপালত জিলিকি উঠা বিন্দু বিন্দু ঘামৰ টোপাল কেইটা মছি মছি নামঘৰৰ বাহিৰলৈ ওলায় আহিল সোণটো৷ সদায় সন্ধিয়া দবা কোবোৱাতো তাৰ নিত্য নৈমিত্তিক কাম৷ অৱশ্যে প্ৰকৃত নামঘৰীয়া অভিজিত কলিতা যদিও বিভিন্ন কামত সদাব্যস্ত মানুহজনে সন্ধিয়াৰ চাকিগছ জ্বলাই দবাত কোব মৰাৰ দ্বায়িত্বটো আজি প্ৰায় দুমাহৰ আগতেই সোণটোক গতাই দিছে৷ সোণটোৱেও নিজৰ গুৰুৰ আদেশ হিচাবে এই কৰ্মভাগিত সময়ৰ কোনো হীন-দেৰী নোহোৱাকৈ সম্পাদন কৰি গৈছে৷ ভগৱানৰ কাম৷ অলপ ইফাল-সিফাল হ’লেই জগৰ লাগিব! !
সকলো পছকিৰে অগাধ বিস্বাস, অনেক ভক্তিভাৱ আছে নামঘৰটোৰ প্ৰতি৷ নিজ হাতেৰে গঢ়ি তোলা নামঘৰ৷ ইয়াৰ প্ৰতিদাল কাঠি-কামী প্ৰতিজন পছকিৰ দেহৰ ঘামেৰে সিক্ত৷ সকলোৱে মিলি তিল তিলকৈ গঢ় দিছে ইয়াৰ প্ৰতিখন দুৱাৰ-খিড়ীকি, মণিকূট নাইবা নামঘৰটোৰ আন আন সম্পদবোৰ৷
এৰা, সিয়োটো কমখন কষ্ট কৰা নাই৷ এখিনি উদ্ভিন্ন মনৰ মানুহক একেকঠি কৰি এখন চালিৰ তলত সকলোৰে সুখ-দুখ, হাঁহি – ধেমালি ভাগ বটোৱাৰা কৰিব পৰা পৰিবেশ সৃষ্টি কৰিব পৰাটো কমখন ডাঙৰ কথা নে? ?
সি নিজেইবা কৰিছেনো কি? ?
এটা নামঘৰ সজাৰ সপোন দেখিছিল সকলোৱে৷ তাৰ নিজ ভাতৃতকৈয়ো আপোণ, তাৰ সমষ্ট কৰ্মসূচীৰ মুল চালিকাশক্তি, বিজয়-ৰিণ্টুমণি দাদা হঁতৰ বাবেই টো এই নামঘৰৰ সপোনটো বাস্তৱত পৰিণত হ’ল৷ সপোন দেখুৱাইছিল প্ৰণীতাবা, মণিমালাবা হঁতৰ দৰে অনেকে৷ নীলাক্ষীয়েও তাক কমখন গালি দিছিল নে! ! আৰু বৰবায়েন কাকতি খুড়াই? ?
সদায় সদায় ঘৰত আহি দিয়া দিহা-পৰামৰ্শবোৰ সি জানো পাহৰিব পাৰিব কেতিয়াবা? ? আৰু তাৰ মৰমৰ শেখৰদা, মেঘালী হঁতক? ?
ওঁহো, কেতিয়াও নোৱাৰে! !
ভাৱত বিভোৰ হৈ কেতিয়ানো নামঘৰৰ পদূলিৰ বাজ ওলাল, সোণটোৱে ততকে ধৰিব নোৱাৰিলে৷
“নাই, কোনো নোলালহি দেখোন? ? “ মুখৰ ভিতৰতে বিৰবিৰাই উঠিল সি৷
আজি নামঘৰত নাট মেলাৰ কথা৷
“ভীস্ম পৰ্ব“! !
এইটো নামঘৰত প্ৰথম ভাওনা হ’ব৷ নাই দেৰী কৰিলে নহ’ব৷
পুনৰ উভতি আহিল সি নামঘৰৰ ভিতৰত থকা দবাটোৰ ওচৰলৈ৷ যথাস্থানৰ পৰা মাৰি দুদাল উলিয়াই কপালৰ কাষলৈ নি সেৱা কৰা ভঙ্গিমাত ৰ’ল আৰু তাৰপাছত তাৰ হাতদুখন লাহে লাহে তললৈ নামি আহি দবাটোত বুলাই গ’ল___^^^
ডুডুম•••••ডুডুম•••••ডুডুম•••••


দ্বিতীয় খণ্ড = ৰোমন্থন
ৰংজুলি! !
চহৰৰ উপকণ্ঠৰ এখন গাওঁ৷ হাঁহি-ধেমালি, ৰং-ৰহইচৰে ভৰপূৰ এখন গাওঁ৷ অসমীয়া সমাজ জীৱনত থাকিবলগীয়া তিতা-মিঠা সকলো উপাদানেৰে সমৃদ্ধ এখন গাওঁ৷ যথেষ্ট ডাঙৰ গাওঁ৷ গাওঁখনত প্ৰায় এহেজাৰ ঘৰ মানুহ৷ গাঁৱৰ পশ্চিমে চহৰলৈ যাব পৰা একমাত্ৰ পকী আলিবাট তো৷ পকী আলিবাটতোত গৈ গাঁৱৰ পৰা ওলোৱা কেঁচা আলিটো মিলি এটা তিনিআলিৰ সৃষ্টি হৈছে৷ তিনিআলিৰ দক্ষিণ দিশে একমাত্ৰ হাইস্কুল খন৷ মুখামুখিকৈ আছে এল পি স্কুলখন৷ হাইস্কুলৰ পৰা প্ৰায় দুশ গজ আতৰত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি৷ তাৰ সমুখা-সমুখীকৈ ৰাষ্টাৰ আনটো পাৰে গাৱঁলীয়া বেংকটো৷ বেংকৰ বাওঁফালে ডাকঘৰটো৷ গোটেই ঠাইডোখৰক কেন্দ্ৰ কৰি নতুনকৈ গঢ় লৈ উঠিছে বিভিন্ন ধৰণৰ ব্যৱসায়িক ন৷
গাওঁ খনৰ ঠিক সোঁ-মাজতে আছে ৰাজহুৱা বৰনামঘৰটো৷ প্ৰায় তিনিবিঘা মাটিকালিৰে আগুৰা নামঘৰটোৰ আশেপাশে মানুহৰ ঘৰবাৰী তেনেকৈ নায়েই৷ নামঘৰটোৰ সোঁ-দিশে আছে অৰ্ধনিৰ্মিত ৰঙ্গমঞ্চটো৷ নিশা হ’লে নামঘৰৰ সন্মুখেৰে পাৰ হৈ যাবলৈ ভয় কৰে সকলোৱে৷ কিবা হেনো জয়াল জয়াল লাগে! !
আচলতে নামঘৰটোৰ মাটি-ভেটি সকলো দান কৰিছিল বংশী মুক্তিয়াৰে৷ খামি ডাঠ মানুহ তেওঁ৷ অত্যন্ত জেদী আৰু অহংকাৰী মনৰ মানুহ তেওঁ৷ নিজৰ মই বৰ ভাৱ জহাবলৈ গৈ সমাজত বহুবাৰ অপমানিত হৈছে তেওঁ৷ কিন্তু সেইবোৰলৈ কেৰেপ কৰা লোক নহয় তেওঁ৷ তেওঁ ভাৱে গাঁৱৰ সকলো মানুহে তেওঁৰ কথামতে উঠা-বহা কৰক, কোনেও প্ৰতিবাদ নকৰক৷
বৰনামঘৰত তেওঁ সদায় গুৰু আসন খনতে বহে৷ তেওঁ যি ক’ব সেয়াই আইন৷
আচলতে বংশী মুক্তিয়াৰে নিজে একো নকৰে৷ তেওঁৰ এক স্তাৱক বাহিনী আছে৷ এই স্তাৱক বাহিনীটোৱেই সকলোখিনি কৰে৷ তথাপিও মানুহ খিনিৰ মাজত মিলাপ্ৰীতিৰ কোনো হীন-দেৰী হোৱা নাছিল৷ অসন্তুষ্টি আছিল, কিন্তু সহ্যাতিত নাছিল৷ ভিতৰি ভিতৰি অতিষ্ঠ হৈছিল বহুলোক৷ গাঁওখনৰ নিদিষ্ট কেইজনমানৰ বাদে আনসকলে কিন্তু একো আও-ভাও পোৱা নাছিল কথাবোৰ৷
খবৰটো খুউব লাহে লাহে গাঁৱত বিয়পি পৰিল৷ এজনক নামঘৰৰ খেলৰ পৰা উলিয়াই দিয়া হৈছে৷ নামঘৰত প্ৰবেশো নিষিদ্ধ কৰা হৈছে৷ আগতেও কোনোবাই দোষ কৰিলে এঘৰীয়া কৰা হয়৷ নামঘৰত বিচাৰ চলে৷ দণ্ড হয়৷ পাছত আকৌ গুৱা-পান লৈ ৰাইজৰ ওচৰত আঁঠু লয়, ৰাইজ ভাৰসা কৰে৷ ৰাইজে বুকুত সাৱতি লয়৷ কিন্তু এইবাৰৰ কথাটো অলপ বেলেগ৷ কোনো ৰাইজমেল নবহাকৈ সিদ্ধান্ত লোৱা হ’ল৷ মুক্তিয়াৰ আৰু তেওঁৰ স্তাৱক কেইজন মিলি লোৱা একপক্ষীয় সিদ্ধান্ত এয়া৷ কথাবোৰ বহুকেইজন ব্যক্তিৰ কাণত ৰিণিকি ৰিণিকি বাজি ৰ’ল৷
কথাটো ভাল নহ’ল! !


তৃতীয় খণ্ড = বংশী পূৰাণ
পকা ৰাষ্টাটোৰ পৰা গাঁৱৰ মাজলৈ সোমাই অহা কেঁচা আলিবাটতোৰে তিনিশ খোজমান আহিয়েই গোপাল কেঞাৰ গোলা৷ গোপাল জাজু৷ বহুত পুৰণি মানুহ৷ গোলাখন পাৰ হৈ আলিটোৱে এটা কেকুৰী লৈ দুফাল হৈ দুটা দিশেৰে গতি কৰিছে৷ এটা উত্তৰ মুৱা হৈ গাঁৱৰ বৰনামঘৰৰ কাষেদি গৈ ভুলুঙিজানতে শেষ হৈছে৷ আনটো বাট অলপ দূৰ পোনে পোনে গৈ গাঁৱৰ ভিতৰে ভিতৰে অসংখ্য ভাঁজ লৈ কাষৰ গাঁওখনত সোমাই পুনৰ চহৰলৈ যোৱা পকী আলিবাটতোত বিলিন হৈছেগৈ৷ সেই ৰাষ্টাটোৱেদি গোলাখনৰ পৰা প্ৰায় দুই ফাৰ্লং মান গ’লেই সোঁহাতে এখন বিশাল গেজেপনী মৰা হাবি৷ হাবিখন পাৰ হৈয়েই এজোপা প্ৰকাণ্ড জৰীগছ ডালে-পাতে ওলমি ৰাষ্টাতো ঢাকি থোৱা যেন লাগে৷ জৰীজোপা পাৰ হৈ এশখোজ মান গ’লে দেখা পোৱা যায় এখন বৃহৎ বাৰীৰে সৈতে এটা প্ৰকাণ্ড পুৰণি পনিয়লী ঘৰ৷ ঘৰটো পুৰণি হ’লেও তাত পুৰণি আভিজাত্যৰ ছাপ এতিয়াও বিদ্যমান৷ প্ৰায় শ বছৰ পুৰণি ঘৰটোৰ বেৰত এতিয়াও পহুৰ শিং, বাঘৰ ছাল আদিৰ উপস্থিতিয়ে ঘৰখনৰ আভিজাত্যক যেন সগৌৰবে ধৰি ৰখা বৃথা প্ৰয়াসৰ যুদ্ধ এখন অব্যাহত ৰাখিছে৷
হয়, ঘৰতো বংশী মুক্তিয়াৰৰ৷ ককাকে বনোৱা ঘৰ৷ অজস্ৰ সম্পতিৰ মালিক আছিল ককাক৷ বৃট্ৰিছৰ লগত ভাল আছিল তেখেতৰ৷ খাজনা দিব নোৱাৰি নীলামত যোৱা অৱস্থা হোৱা গাৱৰ দুখীয়া খেতিয়কৰ মাটিবাৰী বোৰ সামান্য এটা পকা জলপান খুৱাই নিজৰ নামত কৰি লৈছিল ককাকে৷
বংশী আচলতে সৰুৰেপৰাই আন দহজন ল’ৰাৰ দৰে নাছিল৷ কিবা জাকত জীণ নোযোৱা বিধৰ৷ সৰুৰে পৰাই তেওঁৰ মনত এটা চিন্তাই পোকে খোৱাদি খুলি খুলি খাইছিল, কেনেকৈ গাঁৱৰ মানুহ খিনিৰ পৰা সমীহ আদায় কৰিব পৰা যায়? ?
হঠাত এদিন এটা নতুন চিন্তাই বংশীৰ মন-মগজুত ঢৌ খেলি যায়৷ নামঘৰ! !
হয়, এটা নামঘৰ সঁজা যাওক! !
কিন্তু মাটি? ?
মাটি হৈ যাব! !
গোপাল কেঞাৰ দোকানৰ পৰা উত্তৰ দিশে যোৱা ৰাষ্টাতোৰ কাষতে মাটি তিনিবিঘা আছে তেওঁৰ৷ ছন পৰা মাটি৷ ওচৰত মানুহ দুনোহো নাই৷ হৈ যাব! ! নিজৰ কাঠনিত অজস্ৰ কাঠ-বাঁহেৰে ঠাহ খাই আছে তেওঁৰ৷ মুঠতে এটা নামঘৰ লাগে, য’ত তেওঁ হৰ্তা-কৰ্তা-বিধাতা হৈ থাকিব পাৰে জীৱনৰ অন্তিম দিনটোলৈকে! !
আজি সেই নামঘৰতে ঘুণে ধৰিছে৷ ফাট মেলাৰ উপক্ৰম হৈছে নামঘৰটোত৷ বংশীয়েই ভালদৰে জানে যে এই সকলোবোৰ তেওঁৰ বাবেই হৈছে৷ সকলোবোৰৰে মুল হৈছে তেওঁৰ অহংকাৰ, তেওঁৰ সকলো কামতে দেখুৱা মই বৰ ভাৱ৷ বংশীয়ে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে৷ নামঘৰ লাগিলে ফাটি খণ্ড – বিখণ্ড হৈ যাওক, ৰাইজৰ একতা ভাঙি ঠানবান হৈ যাওক তেওঁ তেওঁৰ সিদ্ধান্তত অটল হৈ থাকিব৷
অৱশ্যে ফাটমেলাৰ কাৰণটোৱো যে তেওঁৱেই সেইটো বংশীৰো অবিদিত নাছিল৷ তেওঁ ভালকৈয়ে জানিছিল যে তেওঁ জীয়াই থকালৈকে গাওঁখনৰ কোনো মানুহে তেওঁৰ সন্মুখত মুৰ তুলি কথা ক’ব নোৱাৰে৷ কিন্তু তেওঁৰ অবৰ্তমানত? ? কি চিন ৰাখি যাব তেওঁ যিটোৱেনেকি তেওঁবিহীন গাওঁখনত তেওঁৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিব? ?
ঠিক! !
সেইটোৱেই ঠিক হ’ব! !
তেওঁ এখন চৰিত পুথি লেখিব৷ য’ত সন্নিবিষ্ট থাকিব ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালত সংঘতিত হাঁহি – তামাচাবোৰ৷ কিন্তু নাম? নাম কি হ’ব পুথিখনৰ? ?
বংশী পূৰাণ! !
হয়, বংশী পূৰাণ! !
কিন্তু পুথিখন লেখিব কেনেকৈ? ?
তেওঁ ভালকৈ জানে তেওঁৰ চিন্তাৰ দৌৰ কিমান! !
সহায় ল’ব লাগিব! !
কিন্তু কাৰ সহায় ল’ব তেওঁ? ?
তেওঁতো আজিলৈকে কাৰো ওচৰত হাত পাতি পোৱা নাই৷
মাত্ৰ এখন চৰিত পুথিৰ বাবে তেওঁৰ নিচিনা মানুহে কি আনৰ ওচৰত হাত পাতিব? ?
ওঁহো, কেতিয়াও সম্ভৱ নহয়! !
কিন্তু এনেদৰে হ’লে তো মনৰ আশা মনতে লৈ তেওঁ ইহসংসাৰ ত্যাগ কৰিব লাগিব! !
তেওঁৰতো আশা আছিল তেওঁবিহীনতাত গাওঁখনৰ মানুহে তেওঁ লেখা পুথিখনকে নামঘৰৰ সকলো অনুষ্ঠানত পাঠ কৰিব৷ কিন্তু এই সপোন দিঠকত পৰিণত কৰিব পৰা যাব কেনেকৈ? ?
অলেখ চিন্তাই মুৰত ভীৰ কৰিলেহি বংশী মুক্তিয়াৰৰ৷ কিন্তু সহজে হাৰ মনা লোক নহয় এই বংশী মুক্তিয়াৰ! !
এইবোৰ চিন্তা ভাৱনাৰ মাজতে হঠাত এটা নতুন বুদ্ধিয়ে দোলা দি গ’ল বংশীৰ মন-মগজুত৷ হয়তোন! ! এই কামটোত অলপ সময় বেছি লাগিব পাৰে, কিন্তু কামটো নিখুত হ’ব৷ বিভিন্নজনে লেখি থৈ যোৱা কৃষ্ণ লীলাৰ বিভিন্ন পংক্তি, বা নাতিদৈৰ্ঘ্য্য্যৰ লেখনি অ’ত ত’ত পৰি ৰৈছে৷ সেইবোৰ সংগ্ৰহ কৰি দেখোন চৰিত পুথিখন নিজৰ নামত লেখি পেলাব পাৰি! !
কথাটো মনঃপূত হ’ল বংশী মুক্তিয়াৰৰ৷ আৰম্ভ কৰি দিলে সংগ্ৰহ অভিযান৷ কিন্তু এই সংগৃহীত লিপিসমূহে পুথিৰ আকাৰ লোৱাৰ আগমুহূৰ্তত অনাহুত এক নতুন বিপদ তেওঁৰ সন্মুখত আহি ঠিয় দিলেহি৷ আহত চাতকৰ দৰে ধৰফৰাই উঠিল বংশী মুক্তিয়াৰ৷ তীব্ৰ ঘৃণাৰে মুখৰ ভিতৰতে বিৰবিৰাই উঠিল এটা নাম৷
ৰিণ্টুমণি! !


চতুৰ্থ খণ্ড = ৰিণ্টুৰ স্বপ্ন ভঙ্গ
ৰংজুলী গাঁৱৰ ঠিক ঈশান কোণত কুকুৰাপহীয়া ঠেঙাল গাওঁ৷ প্ৰায় সত্তৰ ঘৰ মানুহেৰে পৰিপূৰ্ণ এখন সৰু গাওঁ৷ সেই গাঁৱৰ সীমা পোৱাৰ আগেয়ে প্ৰায় দুবিঘা মাটি আগুৰি আছে এখন ডাঠ বাঁহনিয়ে৷ গেজেপ মৰা৷ বাঁহনিদৰাৰ কাষেদি এটা লুঙলুঙিয়া বাট সোমাই গৈছে প্ৰায় এশ গজ মান ভিতৰলৈ৷ বাৰিষা গেলি থাকে বাটতো৷ কোনো দিন ৰ’দৰ মুখ নেদেখা বাটতোত বাৰিষা সময়ত ফলীয়া তামোলগছ পাৰি থোৱা থাকে বোকা নগচকাকৈ যাবৰ বাবে৷ বাটতো য’ত শেষ হৈছে তাতে দুঘৰ মানুহ৷ এটা ঘৰ ভকতৰ৷ তিতাই ভকত৷ আচল নাম মিনধৰ, মিনধৰ কলিতা৷ ভকতৰ ঘৰৰ কাষৰে পৰা বাটতো এটা সৰু বকিয়া হৈ ধাননি পথাৰৰ মাজে মাজে গৈ ঠেঙাল গাঁৱত উঠিছেগৈ৷
“আজি যেনে তেনে হ’লেও তিনিহলা বৈ উলিয়াবৈ লাগিব “, জেওৰাৰ গোজখিনি ঘাড়ি ঘাড়ি মুখৰ ভিতৰতে বিৰবিৰালে ৰিণ্টুমণিয়ে৷ ভকতৰ ঘৰৰ সমুখৰ ঘৰটোৱেই তাৰ৷ বাঁহ – বেতৰ হ’লেও সুন্দৰ পৰিপাতি এটা ঘৰ৷ দীঘল পদূলিটোৰ দুয়োকাষে শাৰী শাৰীকৈ ৰোৱা আছে নানা বিধৰ ফুলৰ গছ৷
সেই পদূলিৰ জেওৰা খনেই দিব’লৈ লৈছে সি৷ পচ ধৰিছে জেওৰাত৷ পুৰণিও হ’ল৷ কেনেবাকৈ গৰুৱে ভাঙি পেলালে গোটেই ফুলনিডৰা তহিলং কৰি পেলাব৷
চালে চকুৰোৱা জেওৰা দিয়ে সি৷ দহজনে ৰৈ চায়৷ আন মানুহে এদিনত যিমানখিনি জেওৰা দিব পাৰে সিমানখিনিত তাৰ তিনিদিন লাগে৷ নেলাগিবনো কিয়? কোনদাল সুচী ক’ত পৰিব/মোখনি কোনদাল সূচীৰে মাৰিলে জেওৰাখন গদগদীয়া হ’ব ইত্যাদি বোৰ মিলাই থাকোতেই সময় আধাখিনি যায়৷ তাতে দুটিয়া মুৰৰ জেওৰাৰ তিনিনম্বৰ আৰু পাঁচনম্বৰ সুচী দুদালেই আতাইতকৈ ভাল লাগে৷ সিহঁতেই জেওৰাখনৰ মুল প্ৰতিৰোধী ক্ষমতা বহন কৰে৷
আজি নতুন নামঘৰত ভাওনাৰ বচন বিলাব৷ কাইলৈৰ পৰা আৰু ক’ত সময় ওলাব জেওৰা দিব’লৈ৷ গতিকে আজি যেনেতেনে তিনিহলা বৈ উলিয়াব পাৰিলে অন্তঃত গৰু সোমোৱাৰ পৰা ৰক্ষা পৰিব৷ গোজকেইটা ঘাড়ি হোৱাৰ পাছত কাঠৰ হাতুৰীটোৱে টঙনিয়াই টঙনিয়াই ভাবি গ’ল কথাবোৰ সি৷
গাঁৱৰ চফল ডেকা সি৷ শিক্ষিত৷ সৰুকালৰ পৰাই গাওঁখনত ভাল কিবা কৰাৰ হেঁপাহ আছে তাৰ৷ হেঁপাহ আছে প্ৰচলিত সমাজ ব্যৱস্থাটোৰ পৰিৱৰ্তন অনাৰ৷ সেই লৈ বৰনামঘৰত হোৱা আলোচনা বিলোচনাবোৰত প্ৰায়েই প্ৰতিবাদ মুখৰ হৈ পৰে সি৷ বিশেষকৈ বংশী মহাজনৰ কথা-বতৰাবোৰত একেবাৰে সুখী নহয় সি৷ বহুবাৰ তাৰ লগত সৰুসুৰা খুট-খাত নলগাও নহয়৷ কিন্তু সি আঁতৰি আহে সেইবোৰৰ পৰা মাত্ৰ গাওঁখনৰ স্বাৰ্থত, একতাৰ স্বাৰ্থত৷
এইবাৰ কিন্তু নোৱাৰিলে৷ বংশীৰ চৰিত পুথিখনক লৈ এষাৰ নমতাকৈ নিজক বান্ধি ৰাখিব নোৱাৰিলে সি৷ যেনেকৈ নহওক, বংশীয়ে ৰাইজৰ মত লোৱা উচিত আছিল৷
বংশী মুক্তিয়াৰ চালাক মানুহ৷ কেচা কাম নকৰে তেওঁ৷ তেওঁৰ পুথিখনক লৈ আহিব পৰা বিপদসমূহ আগেয়ে চিনাক্ত কৰি ৰাখিছে তেওঁ৷ বিপদ আৰু বেছি শিপাবলৈ দিব নোৱাৰি৷ এই বিপদে আৰু দহজনক সামৰি লোৱাৰ আগতেই ইয়াক আঁতৰাব লাগিব৷
আৰু ঠিক সেইদিনাই বংশী মুক্তিয়াৰ সহিতে তেওঁৰ স্তাৱক বাহিনীয়ে বৰনামঘৰত আন ৰাইজে গম নোপোৱাকৈ মেল পাতি ৰিণ্টুক এঘৰীয়া কৰিলে৷ আন ৰাইজৰ সৈতে জুই পানী সঞ্চাৰ! !
কথাবোৰ ভাবি ভাবি তাৰ দুখো লাগে, কেতিয়াবা ভালো লাগে৷ দুখ লাগে এইবাবেই যে সি সপোন দেখিছিল গাওঁখনৰ বাবে৷ সপোন দেখিছিল গাওঁ খনক আন দহোখন সাধাৰণ গাঁৱতকৈ উন্নত তথা পৃথক গাওঁ হিচাবে কৰাৰ৷ নাই, নোৱাৰিলে সি৷
আকৌ তাৰ ভাললাগে এইবাবেই যে তাৰ এই প্ৰতিবাদৰ ভাষা বুজিপোৱা লোকৰ অভাৱ নাই গাওঁখনত৷ তাৰ সেইদিনা আনন্দৰ চকুপানী দুগালে বৈ আহিছিল যিদিনা কাকতি বৰবায়েন, নামঘৰীয়া কলিতাভকত, প্ৰণীতাবা হঁতে তাক সঙ্গ দিছিল৷ সোণটোতো তাৰ মৰমৰ ভাই৷ আৰু বিজয়! ! বিজয়ৰ সাহসতেইতো জীয়াই আছে সি! ! আজি বিজয় নোহোৱাহ’লে জানো নতুন নামঘৰৰ ভেটি প্ৰস্তুত হ’লহেঁতেন? ? বিজয়ৰ সাহস, বিজয়ৰ কৰ্মোদ্যমক এতিয়াও শ্ৰদ্ধা কৰে সি! !
কিন্তু এটা কথা এতিয়াও সাঁথৰ হৈ ৰ’ল ৰিণ্টুৰ বাবে৷ সিহঁতৰ মাজত এনে কি বিচাৰি পাইছে এই মানুহজনে? ? কি এনে গুণ আছে সিহঁতৰ যিয়েই নেকি বৰনামঘৰত এক সুন্দৰ স্থানত থকাৰ পাছতো মানুহজন সিহঁতৰ কাষত ঠিয় হ’ল? ? ককাইদেউ বুলি মাতে সি, এৰা দিগন্ত ককাইদেউ! !
ডুডুম•••••ডুডুম•••••ডুডুম
ডবাৰ শব্দই তাক কাল্পনিক জগতখনৰ পৰা পুনৰ বাস্তবলৈ ঘূৰাই আনিলে৷ এৰা, সোণটোৱে নামঘৰৰ ডবা বজালেই৷ ইতিমধ্যে জেওৰাখনৰো আধা-আধি কাম শেষ৷ এতিয়া আৰু গৰুৱে আমনি কৰিব নোৱাৰে৷ কালিলৈ বাকী খিনি বৈ উলিয়াব লাগিব৷
দাখন আৰু হাতুৰীটো হাতত লৈ সি পিছচোতালত থান থিত লগাই হাতত তিয়নি খন লৈ পুখুৰী পাৰলৈ খোজ দিলে৷
“গাটো তিয়াই সোনকালেই যাব লাগিব নামঘৰলৈ“৷ মনতে ভাবিলে সি৷
জীউ’ৱেও সোনকালে অহাৰ কথা কৈছিল তাক৷ কিবা এটা ভাবি মনটো ভৰি গ’ল তাৰ৷


পঞ্চম খণ্ড = প্ৰণিতাবাৰ অতীত ৰোমন্থন
নামঘৰৰ চৌহদৰ মুল জপনাখন থেলি মাটিত সোঁহাতৰ আঙুলি কেইটাই স্পৰ্ষ কৰি কপালত লগালে মানুহগৰাকীয়ে৷ ঘূৰি লৈ জপনাখনত ডোলদাল লগাই ধীৰে ধীৰে নামঘৰৰ দিশত খোজ দিওতেই কাৰোবাৰ মাত এষাৰ শুনি মণিকূটৰ দিশত চকু ঘূৰাই আনিলে তেওঁ৷
“বাইদেউ পালেহি৷ গোসাঁই খুটাৰ কাষতে কঠ কেইখনমান পাৰিয়েই থৈছো৷ আপুনি বহকগৈচোন৷ মই সাউৎকৈ মাহ-প্ৰসাদ কেইটা ধুই আনোগৈ“৷ সোণটোৱে আগন্তুকালৈ চাই ক’লে৷
“কোনো আহি পোৱাহি নাই নেকি, সোণটো“?
“নাই, বাইদেউ “৷
লাহে লাহে মানুহগৰাকীয়ে পুনৰ এটা সেৱা লৈ নামঘৰত প্ৰবেশ কৰি সোণটোৱে পাৰি থোৱা কঠ এখনত বহি পৰিল৷
সেইয়া প্ৰণিতা বাইদেউ৷ অন্তৰখোলা মানুহ৷ সকলোৱে ভালপাই, সকলোৱে সন্মান কৰে তেওঁক৷ কি নাজানে বাইদেৱে? অসমীয়া লোকাচাৰ, পৰম্পৰাৰ ভড়াল তেওঁ৷ নিৰহনিপানী মানুহ৷ কাকো আজিলৈকে বেয়াকৈ কৈ পোৱা নাই তেওঁ৷ গাওঁ খনৰ সকলো মহিলাৰে আপদৰ সঙ্গী বাইদেউ৷ কাৰোবাৰ ঘৰৰ ছোৱালী তোলনী হ’লে দৌৰিব লাগিব বাইদেউ৷ নহ’লে কণাই বন্ধাত খেলিমেলি হ’ব৷ কাৰোবাৰ ঘৰত লগুণদিয়নী হ’লে বাইদেউ আগদিনা ৰাতি থাকিব লাগিব৷ নহ’লে দৈয়ন দিয়াত খেলিমেলি হ’ব৷ এইবোৰ ৰাইজৰ আবদাৰ! !
কাৰোবাৰ ঘৰত বৰবিয়া হ’লে তিনিদিন আগৰে পৰা বাইদেউক লৈ টনা-আজোৰা৷ কোন সময়ত পানী তুলিব লাগিব, পানী তোলোতে কোনটো নাম গাব লাগিব, দৈৱকীৰ হাচতি আৰু ছুৰি কটাৰী কোন জেগাত খোচ মাৰি ৰাখিব লাগিব, বেইৰ ওচৰত কি নাম গাব লাগিব, সুৱাগুৰি তোলোতে কি নাম জুৰিব লাগিব, কেনেকৈ জোঁৱাই আদৰিব লাগিব ইত্যাদিবোৰ বাইদেউতকৈ বেছি জনা মহিলা আৰু কোনোবা আছে জানো গাওঁখনকে? ?
আৰু নামঘৰৰ?
কি কাম নাজানে তেওঁ? ?
সকলো তেওঁৰ নখদৰ্পনত! !
এৰা, সেইজনী মানুহেই আজি গাওঁখনৰ এচাম মানুহৰ বাবে এলাগি হ’ল৷ বংশী মুক্তিয়াৰৰ কুটিল ৰাজনীতিৰ পৰা বাইদেউৰ দৰে সৰবৰহী মহিলাও সাৰি নগ’ল৷ বাইদেউৰ এটাই দোষ, তেওঁ বংশীক অনুৰোধ জনাইছিল ৰিণ্টুক এঘৰীয়া কৰাৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব লাগে৷
বাইদেউক বৰনামঘৰ এৰিব’লৈ বাধ্য কৰোৱা হৈছিল৷ বাধ্য কৰাইছিল বংশীৰ একনিষ্ঠ সেৱকসকলে৷ ৰাষ্টাই-ঘাটে, সবাহে-পাৰ্বনে তেওঁক ইচ্ছাকৃত ভাৱে তিৰ্যক মন্তব্যৰে ব্যতিব্যস্ত কৰি তোলা হৈছিল৷
সেইদিনা, তেওঁৰ খুউব ভালদৰে মনত আছে দিনটো৷ সেইদিনা ৰাইজৰ গন্য-মান্য কেইজনৰ মাজত আলোচনা বহিছিল৷ য’ত কলিতা নামঘৰীয়া, কাকতি বৰবায়েন, বংশী মুক্তিয়াৰ সহিতে তেওঁৰ সাংগো-পাংগোসকল আৰু বাইদেউ উপস্থিত আছিল৷ সেই আলোচনাতেই বংশীৰ এজন স্তাৱকে বাইদেউ সহিতে গোটেই কেইজন বয়স্ক লোককে যিধৰণে তিৰস্কাৰ কৰিলে সেই কথা মনত পৰিলে এতিয়াও তেওঁৰ দুচকু সেমেকি উঠে৷ তেওঁলোকৰ দৃষ্টিত বাইদেউ, নামঘৰীয়া, বৰবায়েনহঁতৰ দৰে ব্যক্তি সকল অচল টকা৷ আবাল বৃদ্ধ-বনিতা! ! বাইদেউৰ শোকটোৱে বুকুত খুন্দা মাৰি ধৰিছিল সেইসময়ত, যিসময়ত বংশীৰ কথাত উঠা-বহা কৰা স্তাৱক এটাই তেওঁৰ সমুখতে অ’তকেইজন মানুহক অপমান কৰি গ’ল কিন্তু বংশীৰ মুখৰ পৰা টু শব্দ এটাও নোলাল৷ এই কথাটো তেওঁৰ বাবে এতিয়াও সাঁথৰ হৈ ৰ’ল, সেইটো বংশীৰ আগতীয়া পৰিযোজনা আছিল নে আন কিবা! !
বৰনামঘৰৰ বাবে কি কৰা নাছিল বাইদেউ হঁতে? ? মেঘালীয়েই তো বৈ উলিয়াইছিল সিংহাসনৰ বৰ কাপোৰ! !
নামঘৰৰ আঠোটা বৰখুটাত থকা গামোচা কেইখন? ?
মাধুৱেইটো বৈ উলিয়াইছিল! !
সেই প্ৰকাণ্ড প্ৰকাণ্ড চন্দ্ৰতাপ কেইখনত সুন্দৰকৈ ফুল বাছি উলিয়াওতে কমখন কষ্ট হৈছিল নে মণি আৰু পলাৰ? ?
আৰু নিলুৰ কথা পাহৰি যাব পাৰি জানো? ? সেই কণমানি ছোৱালীজনীয়ে যেতিয়া তিনিকোঠলীয়া নামঘৰটো অকলেই মছি শেষ কৰে তাইলৈ কিবা এটা মৰম লাগি যায় প্ৰণিতা বাইদেউৰ! !
এতিয়া আৰু বৰনামঘৰলৈ ঘূৰি যোৱাৰ হেঁপাহ নজন্মে বাইদেউ হঁতৰ৷ ইয়াতেই ভাল৷ নতুন নামঘৰ৷ সৰু হ’ব পাৰে কিন্তু আটোমটোকাৰি! !
হঠাৎ এক প্ৰাণচঞ্চল হাঁহিৰ শব্দই বাইদেউৰ চিন্তাত আউল লগাই গ’ল৷
“অ, সেইজনী জীউ৷ ইহঁত মখা কেতিয়া আহিল গমেই নাপালো৷ “ মুখৰ ভিতৰতে বিৰবিৰালে বাইদেৱে৷

“সোণটো ঐ, পানীৰ ডেকচিটো উঠাই দেচোন৷ চাহ এটোপাকে খাওঁ “৷
বাইদেউলৈ চাই মিঠা হাঁহি এটা মাৰি চাহ বনোৱা চৌকাটোৰ কাষলৈ খোজ ল’লে সোণটোৱে! !


ষষ্ঠ খণ্ড = বায়েন বুলনি
বংশী মুক্তিয়াৰৰ ঘৰটো পাৰ হৈয়েই এটা দ হোলা পোৱা যায়৷ চেচুক, ধানখেতি নহয় তাত৷ হোলাটোৰ সমগ্ৰ পশ্চিম দিশটো বংশীৰ সেই বিশাল কাঠনীডৰাই গিলি ৰাখিছে৷ হোলাটো পাৰ হৈয়ে প্ৰথম ঘৰটো অমিতাভৰ৷ এতিয়া তলা মৰা৷ তাৰ পাছৰ ঘৰটো মাধুহঁতৰ৷ মাধুহঁতৰ ঘৰৰ মুখামুখিকৈ আছে সোণটো আৰু মেঘালিহঁতৰ ঘৰ৷ চোতাল একেখনেই৷ সিহঁতৰ ঘৰ পাৰ হৈ এটা মুকলি চাপৰি৷ শালিখেতিৰ দিনত তাত বাম কঠিয়া সিচে কলিতা নামঘৰীয়াই৷ সেইবাবে চাপৰিটো পথাৰৰ দৰে ডৰা ডৰাকৈ আলি দি ভাগ কৰা আছে৷ কঠিয়ানীডৰা পাৰহৈ বাওঁহাতে এটা দীঘল পদূলিৰ সৈতে এটা ঘৰ৷ সমুখত বাঁহৰ জপনা৷ পদূলিৰে সোমায়েই বাওঁফালে চকোৱাৰে বেৰা গৰু গোহালিটো৷ ঘৰটোৰ ছাল কেইখন বুৰুলি খেৰেৰে চোৱা৷ বেছাবোৰ ঘন বাবেই ছালখন বৰ ডাঠ ডাঠ লাগে৷ তাৰ পিৰালিত ধুনীয়াকৈ সজাই থোৱা আছে পথাৰৰ পৰা খৰালি কাটি অনা ডাঙৰ ডাঙৰ পকা চপৰা৷ বাৰিষা একাধাৰে জাগল পাতিলে গৰুবোৰে গোহালিত মুতি, খচকি গোটেইখন খেইচটানি কৰি পেলাই৷ তেতিয়া এই পকা চপৰাবোৰ বৰ কামত দিয়ে৷
গোহালীটোৰ কাষতে নৰাৰে চোৱা এটা সৰু অথচ তেনেই চাপৰ ঘৰ৷ ঠিয়হৈ সোমাব নোৱাৰি৷ মাজত এটা ডাঙৰ চৌকা খন্দা আছে৷ সেইটো দানা বনোৱা ঘৰ৷ দেখিলেই অনুমান কৰিব পাৰি তাত বহুদিন দানা সিজোৱা কাম কৰা হোৱা নাই৷ এতিয়া খৰি থোৱা ঘৰ হিচাবে ব্যৱহৃত হৈ আছে৷ তাৰ পাছতেই এখন সৰু চোতালৰ সৈতে এটা আটোমটোকাৰি তিনিখোটলীয়া ঘৰ৷ সমুখত এখন দীঘল বাৰাণ্ডা আৰু তাৰ সোঁচুকত এখন তাঁতশাল৷ ঘৰটো দক্ষিণ মুৱা হোৱা বাবে চোতালখন সদায় ৰ’দ পৰি ফৰফৰিয়া হৈ থাকে৷ তাঁতশাল খনৰ কাষেদি ঘৰটোৰ পাছফালে যাব পৰা বাট৷ আচলতে সেইটো বাট নহয় ঘৰটোৰ পূৱ দিশত থকা সেইখন মুল চোতাল৷ যথেষ্ট ডাঙৰ৷ খৰালি তাতে মৰণা মৰা হয়৷ চোতালখনৰ অৱস্থিতি আগফালৰ তাঁতশাল খনৰ ওচৰৰ পৰা ৰান্ধনী ঘৰৰ মুধলৈকে৷ সেইখন চোতালমুৱাকৈ আৰু এখন বাৰাণ্ডা আছে৷ গাঁৱৰ কোনোবা আহিলে এইখন বাৰাণ্ডাতহে বহে৷ চোতালখনৰ উত্তৰ দিশত পশ্চিম মুৱাকৈ ভঁৰালটো৷ ভঁৰালটোৰ এখন গাধৈত কেইটামান বগা কোমোৰা, সঁচলৈ ৰখা দুটা জিকা, এটা তৰৈ সদ্য বিদ্যমান৷ তৰৈটোৰ গাত কেৰ্কেটুৱাই খাবলৈ চেষ্টা কৰি বিফল হোৱাৰ প্ৰমাণ স্পষ্ট, এটা সৰু গোল খোলনি আছে তাত৷ আনখন গাধৈত দুটা নাঙল৷ এটা চিংফৌ নাঙল৷ মাটি কঢ়াবলৈ ভাল৷ অলপ উব্৷ আনটো মুখফলীয়া৷ মাটি সমা বোৱাৰ পৰা ৰুবলৈ বোকা দিয়ালৈকে সকলোবোৰ সেই নাঙলটোৰেই কৰা হয়৷ সেও কৰি শালি থোৱা আছে৷ নাঙলৰ মুঠিটো ক্ষয় গৈ গৈ এক ইঞ্চি মানহে ৰৈছেগৈ৷ তৃতীয়খন গাধৈত একো নাই যদিও মানুহৰ সহজে চকুত নপৰা চতুৰ্থ খন গাধৈত এটা পুৰণি চেপা আউজাই থোৱা আছে৷ ভৰালৰ আগটোত এখন পুৰণা গৰুগাড়ীৰ জুৱলীখন মাৰলিত বান্ধি ওলোমাই ৰখাদি ৰখা আছে৷ শ’লমাৰি কেইদাল নাই৷ হয়তো কোনোবাই চুচি – মাজি ধোলৰ মাৰি বনালেগৈ৷ গাড়ীখনৰ পাছফালে থকা লাংছিং দালো নাই৷ গৃহিনীয়ে ছাগৈ দুৱাৰত দাং লগালেগৈ৷
“এইয়া আকাশবাণী, দুপৰীয়াৰ বাতৰি পঢ়িছো••••! !
পৰম বিৰক্তিৰে ৰেডিঅ’টো বন্ধ কৰি দিলে মানুহজনে৷ কিযে বাতৰি পঢ়াৰ ধৰণ আজিকালি ইহঁতবোৰৰ৷ দাড়ি, কমা, যতিৰ একো চিনচাব নাই৷ অনৰ্গল গাই যায়৷ আগৰ দিনবোৰ ভাল আছিল৷ লিলি দাস মালিক, অৰুণ দাস, নীৰেন বৰুৱা, অৱন বৰপূজাৰী হঁতৰ বাতৰি পৰিবেশনৰ আমেজেই সুকিয়া আছিল৷
“হেৰী, বাতৰিটো শুনিম বুলি ৰেডিঅ’টো লগাই থ’লো৷ টপকৈ আহি বন্ধ কৰি দিলে যে“? ? গৃহস্থনীৰ মাতত ঘূৰি চালে মানুহজনে৷ হয়, এইজনেই কাকতি বৰবায়েন৷ গাওঁখনৰ এজন মুধাফুটা লোক৷
“ তুমি নগৈ গড়গাঁৱৰ বাতৰি লৈ কিদাল কৰিবাহে! ! থাওক, বন্ধ থাওক সেইটো৷ বায়েনে যিমান পাৰি সিমান সুৰটো কোমলাই ক’লে৷
“হে’ৰি, আপুনি দিনে-ৰাতিয়ে টলৌ টলৌকৈ সৱাহে- ভাওনাই ঘূৰি ফুৰে৷ দহজেগাৰ দহটা বাতৰি কাণত পৰে৷ মই মানুহজনী দিনৰ দিনটো ঘৰতে থাকো৷ খবৰ বুলিবলৈ এই বাতৰিটোহে৷ তাতো আৰণি দেখে নে“? ? উস্মাৰে ক’লেও কথাকেইটাত যথেষ্ট জোৰ আছিল বায়েননীৰ৷
“হে’ৰা, টলৌ টলৌকৈ এনেই ঘূৰি নুফুৰো মই৷ মই নহ’লে সমাজৰ কাম নহয়৷ মই নোহোৱাকৈ কোনোবাই ভাওনা এভাগ পাতকচোন চাওঁ“! ! বায়েনে কথাষাৰ ক’লে যদিও কিবা এটা দোমোজা ভাৱ ৰৈ গ’ল মনত৷
“থৈ দিয়ক হে আপোনাৰ বৰ কথা৷ যোৱাবাৰ বৰনামঘৰত হোৱা ভাৱনাৰ আগদিনা আপোনাৰ জ্বৰে বিছনা লোৱাওতে দেখোন বংশী মুক্তিয়াৰে অকলেই ভাওনা চলাই শেষ কৰি দিলে৷ আপুনি নহ’লেও যে নামঘৰত ভাওনা কৰিব পাৰি তাৰ প্ৰমাণ দেখুৱাই দিলে“৷
কোনো উত্তৰ নিদিয়াকৈ লাহে লাহে ভিতৰলৈ সোমাই গ’ল বৰবায়েন৷ এৰা, এই কথাটো মনত পৰিলে এতিয়াও বুকুৰ একোনৰ পৰা বিষ এটা উজাই আহি কলিজাখনত হেঁচা মাৰি ধৰে৷
হাতত এটা পেটন(? ) গজাল লৈ পুনৰ বাহিৰ ওলায় আহিল বায়েন৷ সেইটো গজাল তাহানি গাঁৱৰ সিটো মুৰত থকা কাঠৰ দলংখন বনাওতে মৈমনচিঙীয়া মিস্ত্ৰীটোৱে দিছিল৷ ভালেকেইটা দিছিল৷ এইটো ৰাখি বাকীকেইটা পাগঘৰৰ কাঠৰ খুটা জোৰা লগাওতে মৰা হ’ল৷
পেটন গজালটো হাতত লৈ তেওঁ বাৰাণ্ডাত আউজাই থোৱা চাইকেল খন ঠেলি যেনেতেনে ভড়ালৰ আগ পোৱালেহি৷ যোৱা ৰাতি কলিতা নামঘৰীয়াৰ ঘৰলৈ যাওঁতে গোটেই ৰঙা বোকা লাগিল৷ এতিয়া এইটোৰে খুচি খুচি এৰুৱাব লাগিব৷ বহুত পুৰণি চাইকেল এইখন৷ বৃটিছৰ দিনৰ ইংলেণ্ড ৰেলি চাইকেল৷ ৰঙাজান বাগানৰ ইংৰাজ মেনেজাৰ জনে যাবৰ সময়ত দি গৈছিল তেওঁৰ ককাকক৷
চাইকেল খন চাফা কৰি কৰি বায়েনে ভাবি গ’ল তেওঁৰ শ্ৰীমতীয়ে কোৱা কথাবোৰ৷ হয়, যোৱাবছৰ বৰনামঘৰত হোৱা ভাৱনাৰ আগদিনা জ্বৰে কোঙা কৰি পেলাইছিল তেওঁক৷ সকলো ৰাইজে বংশীক অনুৰোধ কৰিছিল ভাওনা পিছুৱাবৰ বাবে৷ বংশীয়ে নামানিলে৷ মানিবৈ বা কিয়? ? তেওঁৰ বাবে সেইটো আছিল সোণালী সুযোগ৷ এই সুযোগৰ সদ্ ব্যৱহাৰ কৰিছিল তেওঁ৷ কান্ধত খোল লৈ সাংগো – পাংগো সহিতে শেষ কৰি দিছিল ভাওনা৷ নবজালে গায়েনযোৰা৷ মাত্ৰ ঘোঁষা গায় সূত্ৰৰ প্ৰবেশ ঘটোৱালে৷ কাৰণ দেখুৱালে সময় কম হোৱাৰ৷ গায়েনযোৰা গাওতে প্ৰায় তিনিঘণ্টা সময় লাগে৷ হাতত সময় নাই৷ ভাওনা আৰম্ভ কৰিব লাগে৷
আচল কথাখিনি কাকতি বৰবায়েনৰ বাদে আন কোনেও নাজানে৷ জানিবও বা কেনেকৈ?
ভাওনাৰ আগদিনা তীব্ৰ জ্বৰে দহিছিল বায়েনক৷ পাছদিনা ভাওনালৈও যাব পৰা নাছিল তেওঁ৷ বিছনাত পৰি পৰিয়েই সকলো শুনি আছিল তেওঁ৷ শুব পৰা নাছিল৷ গায়েনযোৰা নাগালে৷ কোনো কথা নাই৷ বহুত পুৰণি কলীয়া গায়েন সেইযোৰা৷ অংকীয়া৷ বিলুপ্তপ্ৰায় হৈছেগৈ এতিয়া৷ বৰ টান, জয়াল৷ সেইবাবে আজিকালি সকলোতে কমলাবৰীয়া ভাগ গায়েনহে চলে৷ নিদিষ্ট কেইখনমান গাঁৱত হে ৰৈছেগৈ এই গায়েনযোৰা৷
প্ৰথম বগা কাপোৰ দি গায়েনযোৰা আদৰাৰ পাছতেই চাহিনী তিনিখন আৰম্ভ হয়৷ এই তিনিখনেই মুল৷ তাৰ পাছত গুৰুঘাত৷ তাৰ পাছত হে সৰু ধেমালি, বৰ ধেমালি আৰু চুক ধেমালি বুলি তিনিখন ধেমালি গোৱা হয়৷ চাহিনী তিনিখন আৰু ধেমালি তিনিখনৰ ভাঙনি কেইটাক “সচা“ বুলি কোৱা হয়, যিকেইটা বংশীৰ নিচিনা পাবতগজা বায়েনে জীৱনত শিকিব নোৱাৰিলে৷ ভাওনাখনত গায়েনযোৰা নবজোৱাৰ মুল কাৰণ এইটোৱেই৷ এই চাহিনী কেইখন ইমানেই জয়াল যে নামঘৰৰ বাদে কেৱল মৰা সকামতহে গাব পাৰি৷ ধেমালি কেইখন শেষ হোৱাৰ পাছত ঘোষা গাব লাগে৷ কেৱল শৰণ- ভজন লোৱা সকলেহে ঘোষা গাব পাৰে৷ কিন্তু সেইখন ভাওনাত এইবোৰ তো একোৱেই নকৰিলে! !
তেৱোঁ মন কৰিছে কথাটো৷ আজিকালি মানুহৰ শিকাৰ আগ্ৰহ কম৷ মাত্ৰ নন্দীসুহাই ৰাগটো একতালত আৰম্ভ কৰি সূত্ৰভাগ নচুৱাব পাৰিলেই হ’ল৷ তাৰ পাছত মূল ভাওনাখনৰ প্ৰতিটো গীত, প্ৰতিটো প্ৰবেশ, প্ৰতিটো স্তুতি, প্ৰতিটো বিলাপ পৰিতাল নাইবা একতালত ঘাটি কল্যাণ খৰমান গাই শেষ কৰি দিয়ে৷ আৰু সেই কামতোকে কৰি পেলালে বংশী মুক্তিয়াৰে৷
সেইদিনা ভাওনাখনত প্ৰতিটো গীতেই যেতিয়া বংশীয়ে পৰিতালত ঘাটি গৈছিল বায়েনৰ বুকুত কোনোবাই হাতুৰীৰে একোব একোবকৈ কোব বহুৱাই যোৱা যেন অনুভৱ হৈছিল! !


সপ্তম খণ্ড = ব্যঞ্জন
পানীৰ ডেকচিটো চৌকাত তুলি জুইকুৰা জ্বলাই দিলে সোণটোৱে৷ শুকান কাঠ খৰিৰ জুই৷ দাও দাওকৈ জ্বলি উঠিল কেৰাচিন তেল দুটোপাল দি জুইশলা কাঠি মৰাৰ লগে লগে৷
“পানীখিনি উতলি থাকক৷ মই সাউৎকৈ গৈ কল-কুহিয়াঁৰ খিনি ধুই আনোগৈ৷ দেউৰী-বিলনীয়া কেইজনৰ সকাহ হ’ব৷ “ মুখৰ ভিতৰতে বিৰবিৰালে সি৷ দুইহাতেৰে পাছিটোৰ বাওটোত ধৰি কল-কুহিয়াঁৰ খিনি লৈ হেকো-কেকোকৈ পুখুৰী পাৰ পালেগৈ সোণটো৷
নতুন নামঘৰ সাজিবলৈ এই মাটিডোখৰ দান দিছে ৰিণ্টুৱে৷ ডেৰ বিঘাতকৈ অলপ বেছি মাটি৷ আগতে কুহিয়াঁৰ খেতি কৰিছিল৷ মাটিডোখৰৰ পশ্চিম কোনত ওখ ঢিপ সদৃশ জেগা অকন আছে৷ তাতে দুটা জালিগাঁতৰ অৱশিষ্ট এতিয়াও আছে৷ কুহিয়াঁৰৰ ৰস পগাবলৈ ব্যৱহাৰ কৰা ফেলাই দুখন এতিয়াও তাৰ ভঁৰালৰ গাধৈত বান্ধি থোৱা আছে৷ পোৰা ম’বিল সানি ৰখা বাবে এতিয়াও মামৰে খাব পৰা নাই ফেলাই দুখন৷ প্ৰায় ত্ৰিশ-পয়ত্ৰিশ জাপ কুহিয়াঁৰ পেৰিছিল প্ৰতিবছৰে৷ প্ৰতিজাপত বাৰ কণা কুহিয়াঁৰ৷ প্ৰতিকণাত মিঠাতেলৰ টিঙেৰে প্ৰায় এটিংকৈ ৰহ্ ওলাইছিল৷ ফেলাইখন বাৰ টিং ৰহ্ ধৰিব পৰা জোখৰ৷ ফেলাইভৰ্ত্তি ৰহ্ হোৱাৰ পাছতেই সি জালিগাঁতত জুই দিয়া আৰম্ভ কৰি দিছিল৷ কিমান যে দীঘলীয়া কাম আছিল ঐ সেইটো৷ অকলশৰীয়া মানুহৰ বাবে নহয় কুহিয়াঁৰ খেতি৷ ঘৰত এটা গোনা ম’হ পুহি কুহিয়াঁৰ খেতি কৰাটো বৰ সহজ কথা নহয়৷ তাৰ লগত লাগি লাগি নিজেও এটা গোনা ম’হলৈ ৰুপান্তৰিত হৈ গৈছিল সি৷ সেইবাবেই জিউৱে তাক গোনা ম’হ বুলি জোকাইছিল৷
এৰা, সি এটা গোনা ম’হেইতো হয়! !
কেইবাবছৰো হ’ল সি কুহিয়াঁৰ খেতি নকৰা৷ কিমান যে কষ্ট ঐ! ! খেতি কৰাটো বাৰু যেন তেন৷ কিন্তু কুহিয়াঁৰ পেৰা? ? ৰাতিপুৱা সোনকালে শুই উঠি ম’হটো লৈ কুহিয়াঁৰ পেৰা শালখনৰ ডিলাদালত তাক বান্ধি দিয়াৰে পৰা আবেলি গুৰ নমোৱালৈকে কমখন কষ্ট হয়নে তাৰ? ? প্ৰায় তিনিঘণ্টা লাগে কুহিয়াঁৰ পেৰোতে৷ তাৰ পাছত অকণমান ৰহ্ ম’হটোক খুৱাই আগদিনাই গোটাই থোৱা কুহিয়াঁৰৰ পাতখিনি গড়ালত দি ম’হটো তাত বান্ধি থৈয়েই আৰম্ভ হয় জুই দিয়া পৰ্ব৷ মাজে মাজে শুকান ডাবৰি আৰু মাজে মাজে জেংখৰি জালিগাঁতত ভৰাই ভৰাই ৰসখিনি উতলাব লাগে৷ প্ৰায় এঘণ্টাৰ কাৰ্য্যসূচী৷ ৰসখিনি ভালকৈ উতল অহাৰ পাছত তাৰ গেদেৰী কটা৷ গেদেৰী কটাৰ পাছত বিশেষ কাম নাথাকে৷ মাত্ৰ জুই দি গ’লেই হ’ল৷ লাহে লাহে ৰহ্ খিনি শুকাই ডাঠ হৈ অহাৰ পাছৰ সময়খিনি আটাইতকৈ বিপদজনক৷ সেই সময়ত দুজন মানুহ লাগেই৷ বিজয় আহে, লাগি দিয়ে৷ ৰহ্ উতলিব ধৰে, জাকি আহে৷ কেচা জাকিত ইমান দিগদাৰ নাই৷ এজনেই চম্ভালিব পাৰে৷ কিন্তু পকা জাকি আহিলে ৰক্ষা নাই৷ এজনে অনবৰত জাকি মাৰি থাকিব লাগিব আৰু আনজনে জুই৷ জুই বেছিকৈ মাৰিবও নোৱাৰি৷ গুৰ ধুপিব৷ লাহে লাহে ফেলাইৰ ৰহ্ খিনি চকলা চকলকৈ উতলিবলৈ আৰম্ভ কৰিব আৰু মাজত অকণমান ফেন দেখা দিলেহে জাকি মৰা কামটোৰ পৰা আজৰি হ’ব৷ তাৰ পাছত অলপ দেৰী কম কমকৈ জুই মাৰি গুৰৰ ফুট চাইলৈ নমাব লাগে৷ ফুট কোমল হ’লে মিঠৈ বান্ধিবলৈ ভাল আৰু ফুট টান হ’লে এনেই খাবলৈ ভাল৷
দেহিঐ, এসময়ত কিমান যে কষ্ট কৰিছিল সি! !
কথাবোৰ ভাবি ভাবি আহি থাকোতে কেতিয়ানো নামঘৰৰ জপনা মুখ পালেহি গমেই নেপালে ৰিণ্টুৱে৷ সি লাহেকৈ জপনাখন খুলি সোঁহাতে থকা নামঘৰৰ পুখুৰীটোৰ ফালে খোজ ল’লে হাত-ভৰি কেইটা তিয়াই লওঁ বুলি! !
“মানুহ গোটেই বোৰ আহিলেনে? মোৰ দেৰীয়েই হ’ল নি? ? “ ৰিণ্টুৱে সুধিলে৷
“প্ৰায়বিলাকেই আহিল৷ অকল বৰবায়েন আৰু নামঘৰীয়া ককাইদেউ হঁত আহিব বাকী আছে৷ “
কল ধুই থকাৰ পৰা ওপৰলৈ মুৰ নোতালাকৈয়ে ক’লে সোণটোৱে৷
ৰিণ্টুৱেও আৰু একো নুসুধিলে৷ পুখুৰীৰ পাৰত থকা বাল্টিটোত পানী অকণমান লৈ হাত-ভৰি কেইটা তিয়াই মণিকূটৰ ফালে আগবাঢ়িল৷
নামঘৰৰ ভিতৰলৈ ভূমুকি মাৰি ৰিণ্টুৱে দেখিলে কেইখনমান কঠ পাৰি থোৱা আছে৷ তাতে বহি প্ৰণিতাবা, কংকনাবা, ভাস্কৰদা, নৱজিৎদা, বিজয়, শেখৰ, মণিমালা, উৎপলাহঁতে কথা পাতি আছে৷ সি নোসোমাল তাত৷ উৎপলা, মণিমালাহঁতে বৰ কামোৰ দিয়ে৷ নামঘৰৰ পাছফাললৈ বুলি খোজ ঘূৰাই আনিলে সি! !
নামঘৰটো নতুন৷ আশেপাশে গছ-গছনি নায়েই তেনেদৰে৷ আচলতে মাটিকণত কুহিয়াঁৰ খেতি কৰাৰ বাবে মাজত কোনো গছ নাছিল৷ মাত্ৰ ধাপে ধাপে কেইজোপামান আম-কঠালৰ গছ আছে৷ সিহে আগফালৰ জপনাৰ দুইকাষে দুটা কেন্দুগছৰ পুলি নতুনকৈ আনি লগাইছে৷
নামঘৰৰ পাছফালখন যথেষ্ট বহল৷ তাত জাকে জাকে মানুহে জুম বান্ধি বান্ধি কথাৰ মহলা মাৰিছে৷ এটা চুকত মণিষা, কৃষ্ণা, শ্যুইটলিনা, পল্লৱী, নিলু৷ তাৰ ঠিক ওচৰতে যাজ্ঞ্য, কৌশিক, ধনজিৎ আৰু ডিম্পল৷ নাই সেইফালে যাব নোৱাৰি৷
ৰিণ্টুৰ চকুযোৰে যেন কিবা এটা বিচাৰি ফুৰিছে৷ ক’ত গ’ল তাই৷ তাইতো সোনকালে অহাৰ কথা৷ তাৰেই দেৰী হ’ল নি? ? ঠেহ পাতি গুছি গ’ল নি? ?
হঠাৎ তাৰ চকু পৰিল একেবাৰে বাঁও চুকত থকা আমজোপাৰ গুৰিটোলৈ৷ হয়, সিহঁতেই হয়৷ গছজোপাত পিঠি দি বহি থকাৰ বাবে নামঘৰৰ ফালৰ পৰা নেদেখি সিহঁতক৷ কিবা এক অজান পুলকে দেও দি গ’ল তাৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে৷ খৰ খোজেৰে আগবাঢ়িল সি আমজোপাক উদ্দেশ্যে কৰি! !
তলত খাৰুৱা লগোৱা কলৰ পাছিটো কলপাত এখনৰ ওপৰত ৰাখি ডেকচিটোৰ সাঁফৰ খুলি চালে সোণটোৱে৷ পানী টপটপকৈ উতলি আছে৷ কেটলিটোৰ মুখত চেকনিখন লগাই চাহপাত খিনি তাতে বাকী দিলে সি৷
“অ’, , , , চেনিৰ বৈয়ামটো ক’ত গ’ল? ? চাহপাতৰ সৈতেতো একেলগেই ৰাখিছিলো? ? “ পৰম বিস্ময়ত চকুদুটা ডাঙৰ হৈ উঠিল সোণটোৰ৷ লগে লগে উঠি সি নামঘৰৰ পাছফাল পালেগৈ৷ হঠাত আমজোপাৰ ফালে চকু পৰাত আচৰিত হৈ উঠিল সি৷ জিউৰ হাতত চেনিৰ বৈয়াম! ! খালে খালে এইজনীয়ে! !
“আপুনি নোকোৱা নেমেলাকৈ চেনিৰ বৈয়ামটো আনি ইয়াত কি কৰি আছেহি? ? “ সোণটোৰ মাতত বিৰক্তিবোধ ফুটি উঠিছিল৷
বৈয়ামটো সোণটোৰ হাতত দি জিউই অস্ফুত স্বৰত ক’লে, “ৰিণ্টুদাৰ তামোলে মুৰত ধৰিছিল অ’! ! “
“তামোলখন তাবিজৰ পানীত ডুবুৱা আছিল ছাগৈ! ! “ কৈয়েই এক মিনিটো নৰ’ল সোণটো! !
কিবা এটা লাজ লাজ ভাৱে দোলা দি গ’ল ৰিণ্টু আৰু জিউক! !


অষ্টম খণ্ড = বায়েনৰ ৰণচালী
ৰংজুলি গাঁও৷
ৰঙে – ৰসে ভৰপূৰ এখন গাওঁ৷ বেছিভাগ মানুহেই টকা-পইছাৰ দুখীয়া হ’লেও মনবোৰ কিন্তু দুখীয়া নহয়৷ এঘৰত এটা জাতিলাউ লাগিলেও তাৰে চাৰি চিত্ কৰি চাৰিঘৰে খায়৷ গাঁৱৰ ডেকা – গাভৰু মাছলৈ গৈ ঘূৰি আহোতে যাব নোৱাৰা ঘৰত মাছ এখামোচা দি থৈ যায়৷ খৰালি মহীয়া কাৰোবাৰ ধাননি পথাৰৰ মাজত থকা ডাঙৰ পুখুৰী যেতিয়া লেহেতি লগাই সিচে, তাত সিচাকেইজন ভাগতকৈ সমুজুৱা ভাগ বেছি হয়৷ কাৰো আপত্তি নাই এইবোৰত৷ সকলোৱে মাথো আনন্দ লয়৷
গাওঁ খনৰ এমুৰেদি চহৰলৈ যোৱা পকী পথটোৰ তিনিআলিটোত থকা হস্পিটেল খনৰ ওচৰতে প্ৰতি দেওবাৰে বজাৰ বহে৷ ৰংজুলীৰ লগতে ওচৰৰ সাতোখন গাঁৱৰ ৰাইজে তাতে বজাৰ – সমাৰ কৰে৷ ৰংজুলি গাঁৱৰ মানুহে তাত আকৌ বস্তু বিক্ৰি কৰিব’লৈ হে যায়৷ আহোতে লাগতিয়াল বস্তুখিনি গোপাল কেঞাৰ গোলাৰ পৰাই লৈ আহে৷ সকলো বস্তু পাই তাত৷ গেলামালৰ পৰা লোহা-টিনপাতলৈকে! ! আচলতে দোকানখনত অকল গেলামাল হে ৰাখে৷ বাকীবোৰ বস্তু কাৰোবাক দৰকাৰ হ’লেই গোপালে চহৰৰ পৰা অনাই দিয়ে৷ গাঁৱৰ মানুহৰ খেতিৰ সমষ্ট ধান-মাহ তেওঁৰ ওচৰতে জমা থাকে৷ বছৰৰ মুৰতহে হিচাব হয়৷ কাৰোবাৰ কাৰোবাৰ দুই-তিনিবছৰৰ ধন জমা হৈ থাকে৷ পাছত কাৰোবাক লোহা, টিং, সাৰ ইত্যাদি দৰকাৰ হ’লে তেওঁ সেই পইচাৰে আনি দিয়ে৷ এক অৰ্থত গোপাল গাওঁখনৰ বাবে এটা বেংক৷
আৰু সুত? ?
সুত লোৱাতো হেনো পাপ! !
দোকানখনত আজিকালি অকল গোপালহে থাকে৷ লগত কেইজনমান বিহাৰী লগুৱা৷ তেওঁৰ তিনিওজন ল’ৰাৰ চহৰত কিবা ডাঙৰ ডাঙৰ দোকান/ব্যৱসায় আছে হেনো! !
আজি সেইখন গাঁৱৰ মানুহৰ মাজতে সম্বন্ধৰ ফাট মেলিছে৷ চাৰিওফালে সন্দেহৰ বীজে গা-কৰি উঠিছে৷ মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হৈছে৷ যিখন গাঁৱৰ মানুহে দেওবাৰৰ বাদে অন্যবাৰত দোকানৰ মুখ দেখা নাছিল, সেইখন গাঁৱৰ মানুহে লৰ মাৰি গৈ ইঘৰৰ পৰা বস্তু এপদ আনিবলৈ সংকোচ কৰা হ’ল৷ আগতে কাৰোবাক মিঠাতেল দুআঙুল, চাহপাত এৰোজৰ, কেৰাচিন তেল এবটল, নিমখ এবাতি, ধপাত এক চতাক, পেপৰৰ পাত এখিলা ইত্যাদিবোৰ দৰকাৰ হ’লে সাউৎকৈ দৌৰ মাৰি কাষৰ ঘৰৰ পৰা খুজি আনিছিল৷ কিন্তু আজি আৰু সেই দিন নাই৷ গাওঁখনত ভূতে লম্ভিছে৷ বংশী মুক্তিয়াৰৰ দ্বাৰা লালিত – পালিত ভূত! ! সেই ভূতে গাওঁখনত দুটাকৈ খেলৰ সৃষ্টি কৰিছে৷ পূৰণা বৰনামঘৰ বাদ দি এটা খেলে নতুন নামঘৰ পাতিছে৷ সেই নামঘৰতে অহা জেঠত বৰসৱাহ-ভাওনা৷ আজি নাট মেলা! !
দুপৰীয়াৰ ভাতসাঁজ খাই উঠোতে প্ৰায় তিনিয়েই বাজিল কাকতি বৰবায়েনৰ৷ চুণে – চাধাই পাগ উঠাকৈ তামোল এখন খাই পিক্ পেলাও বুলি ভঁৰালটোৰ চুকলৈ ওলাই আহিল বায়েন৷ আজি কোনো কামতে মন বহা নাই তেওঁৰ৷ গধূলিলৈ নতুন নামঘৰত নাট মেলা৷ ভীস্ম পৰ্ব নাট৷ বৰ জয়াল নাট৷ সকলো নিয়মনীতিৰ মাজেৰে কৰিব লাগিব নাটভাগ৷ তেওঁ সতৰ্ক থাকিব লাগিব, একো যেন বাদ পৰি নাযায়৷ নাটত থকা দৰেই সকলোখিনি কৰি যাব লাগিব৷ এইখন নাটত নন্দীসুহাই-একতালৰ পৰা সিন্ধুৰা-একতাল, আসোৱাৰী-পৰিতাল/একতাল, কানাড়া – পৰিতাল, ৰচক-একতাল, সাৰেং-পৰিতাল, মাল্লাৰ -ৰক্ততাল, ভূপালি- ৰূপক, ধনশ্ৰী -একতাল, ভাটিয়ালী -ৰচক, সালেঙী- একতাল, বেলোৱাৰ- ৰূপক, হৰবসন্ত- ৰক্ততাল, মাহুৰ-একতাল/পৰিতাল, গান্ধাৰ -ধৰমজ্যৌতি, পয়াৰ আদি কৰি প্ৰায় সকলোবোৰ ৰাগ আৰু তাল বিদ্যমান৷ ন-শিকাৰু বায়েনৰ বাবে একেআষাৰে শিক্ষাৰ কঠিয়াতলি৷
এৰা, , , সকলোখিনি গীত, সকলোখিনি ৰাগ তালত ঘাটিব লাগিব এইবাৰ৷ বংশীক দেখুৱাই দিব লাগিব আচলতে ভাওনা কি বস্তু, কি খিনি সম্পদ গুৰু দুজনাই আমাৰ বাবে এৰি গৈছিল! !
ভঁৰালৰ ওচৰৰ পৰা লাহে লাহে আহি পাছচোতালৰ বাৰাণ্ডাত পাৰি থোৱা আৰামী চকীখনত গাটো এৰি দিলে কাকতি বৰবায়েনে৷ দুপৰীয়া ভাত কেইটা খাই উঠি অলপ বাগৰ মৰাৰ অভ্যাস এটা আছে তেওঁৰ৷
নাই, আজি আৰু বাগৰ মাৰিব নোৱাৰি৷ বহুত কাম পৰি আছে তেওঁৰ৷ ভাও বিলাব লাগিব তেওঁ৷ কাক কি ভাও দিব এই সকলোখিনি নিৰ্ভৰ কৰিব তেওঁৰ ওপৰত৷ তেওঁৰ ওপৰত কোনো মাত মাতোতা নাই৷
কিয় জানো এইবাৰ তেওঁৰো ভাও এটা দিব’লৈ মন গৈ আছে৷ কলিতা নামঘৰীয়ায়ো কৈছে কথাটো৷ তেওঁৰো মন৷
কিন্তু বায়েনে ভাও ল’লে নাট পৰিচালনা কৰিব কোনো? ?
এনে কোন ব্যক্তি গাওঁখনত আছে যিয়েই নেকি সুচাৰুৰূপে নাটভাগ আগুৱাই লৈ যাব পাৰিব? ?
হঠাত মনটো ফৰকাল হৈ উঠিল কাকতি বৰবায়েনৰ৷
হয় আছে৷
এজন লোক আছে যিজনৰ আজি বহুবছৰ ধৰি গাওঁখনৰ লগত সম্বন্ধৰ যতি পৰিছে৷ কাকতিতকৈয়ো ডাঙৰ বায়েন তেওঁ৷ গাঁৱৰ পৰা গৈ সাতমাইল দূৰত পাম খুলিলে তেওঁ৷ গাঁৱলৈ সঘনাই আহিব নোৱাৰে৷ পামত অন্য খেতিৰ লগতে বহুত লিচু গছ আছে৷ ৰাতি বাদুলিয়ে দিগদাৰ দিয়ে৷ চোমনিডৰাত মূগা পোহে৷ তাতো ৰাতি চৰায়ে দিগদাৰ দিয়ে৷ অনবৰতে ৰখি থাকিব লাগে৷
কিন্তু এইবাৰ আহিব পাৰিব তেওঁ৷ কথা দিছে৷ এতিয়া পামখন পুতেকে চায়৷ তেওঁ আজৰি৷
আৰু সাতমাইল বাট? ?
হেৰৌ সাতমাইল বাট দৈনিক অহাযোৱা কৰা তেওঁৰবাবে মামুলি কথা৷ দুখন তামোল খোৱাৰ বাট৷ তেওঁৰ সমান চাইকেল চলাব পৰা লোক এই ভূ-ভাৰস্তত নাই! !
দত্ত! !
হয় বিভূতি ভূষন দত্ত! !
এক তৃপ্তিৰ আনন্দই চকুদুটা জপাই আনিলে কাকতি বৰবায়েনৰ! !


নৱম খণ্ড = কাকতিৰ কুটিল সমীকৰণ
••••••••••••••••••••••••••••••••••••••••
“হে’ৰি, , , , , , , চাহ খাওক“৷
বায়েননীৰ মাতত খকমককৈ সাৰ পাই উঠিল কাকতি বৰবায়েনে৷ ছেহ্, , সময় বহুতেই হ’ল দেখোন! ! কিমান সময় বা হ’ল? ?
হয়, বিভূতি ভূষন দত্তৰ কথা ভাবি থাকোতেই তেওঁৰ চকু দুটা জাপ খাই আহিছিল৷ তাৰ পাছত আৰু একো মনত নাই৷
বায়েননীয়ে দিয়া পিতলৰ ঘটিতোৰে পানীপোতাতে চকুকেইটা ধুই চাহৰ বাতিটোত চুমুক দি মুখখন বিকতাই আনিলে তেওঁ৷
“চেনি নাই নেকি“? বায়েননীৰ মুখলৈ নোচোৱাকৈয়ে কৈ উঠিল বায়েনে৷
“অহা দেওবাৰে হাটলৈ গ’লে লৈ আহিব৷ মই আৰু কাৰো ঘৰত চেনি ধাৰলে বিচাৰি নাযাওঁ“৷ কথাষাৰ কৈ বায়েননী নৰ’ল৷
নিমখ দিয়া চাহ বাতি অনিচ্ছা স্বত্বেও এঢোক এঢোককৈ গিলি শেষ কৰিলে বায়েনে৷ সন্ধিয়া নামঘৰলৈ যাব লাগিব৷ আজি নতুন নামঘৰত নাটমেলা৷ এইবাৰ তেওঁ নিজেও ভাও এটা লোৱাৰ কথা ভাবিছে৷ কলিতা নামঘৰীয়াইও ভাও এটা ল’বলৈ বৰ মন কৰিছে৷ যদি তেওঁলোক দুইজনে ভাও লয় তেন্তে দত্ত বায়েনৰ লগত খোল-তাল সংগত কৰিব কোনে? ? সেই কথাটো ইমানসময়ে মনলৈ অহা নাছিল তেওঁৰ৷
বহুসময় ভবাৰ পাছত সিদ্ধান্ত কৰি পেলালে তেওঁ, দত্তৰ লগত বিকাশ আৰু মদনেই বহিব সহযোগী বায়েন হিচাবে৷ সিহঁত দুটা ন-শিকাৰু কিন্তু চাপৰকেইটা ভাল৷ ভাৱৰীয়াই ভাল পাব৷ গায়েনযোৰাত ডেকা আৰু তামোলীয়ে বৰতাল বজাব৷ হৈ যাব৷ নিচিন্ত হ’ল তেওঁ৷
কলিতা নামঘৰীয়াক কৃষ্ণ ভাওটো দিয়াটোৱেই ঠিক হ’ব৷ নিজে ভীষ্ম ল’ব তেওঁ৷ ডেকাকালত দুইজনে এই দুটা ভাও অনেকবাৰ কৰিছে৷ পুৰস্কাৰো পাইছে কেইবাবাৰো৷ এইবাৰ শেষবাৰৰ বাবে সুযোগ এটা আহিছে৷ হাতছাড়া হ’বলৈ দিব নোৱাৰি৷ বিদুৰৰ বাবে নৱজিতেই ভাল হ’ব৷ প্ৰায় সমবয়সীয়া মানুহ৷ ভাল ভাও দিয়ে৷ সূত্ৰটো সোণটোৰ বাদে আনে কৰিব নোৱাৰিব৷ তাৰ হাতত আকৌ গোটেই আলহী সকলক আপ্যায়নৰ দ্বায়িত্বও আছে৷ গতিকে সোনকালেই আজৰি হৈ যাব৷ সঞ্জয়টো শেখৰেই গাওঁক৷ পাৰিব, কিয় নোৱাৰিব? আগতে মন্ত্ৰীৰ ভাও লোৱা মানুহ৷ কুন্তীৰ বাবে কংকনা বাইটিয়েই ভাল হ’ব৷
কিন্তু গান্ধাৰী? ?
গান্ধাৰী কোন হ’ব? ?
বায়েনৰ মুখত ইষৎ হাঁহিৰ বোল এটাই ঢৌ খেলি গ’ল৷ গান্ধাৰীৰ বাবে বন্দিতাই উত্তম হ’ব! !
গান্ধাৰী হ’ল বাৰু৷ ধৃতৰাষ্ট্ৰ?
ধৃতৰাষ্ট্ৰ কোন হ’ব? ?
পাতিৰিক দিলেই ভাল হ’ব নেকি? ?
কথাবোৰ পাগুলি থাকোতে কেতিয়ানো বায়েননীয়ে তামোল দি গ’ল গমেই নাপালে বায়েনে৷ বঁটাতোৰ পৰা তামোল এখন মুখত ভৰাই পানখনত চুণ এচিকুত লগাই ল’লে তেওঁ৷ ব’হাগ মাহ৷ এতিয়া কুমলীয়া পাণৰ বতৰ৷ পাণত অকণমান চুণ বেছি হ’লেই জিভাত ডাকে৷ জুখিমাখি লগাব লগীয়া হয়৷ লগতে ক’লা ধপাতকনো যদি জোখৰ নহয় তেন্তে তামোলৰ পাগেই নুঠে ভালদৰে৷ কিবা তিতিকি তিতিকি লাগে৷
তামোলখন চোবাই চোবাই পিকখিনি ভঁৰালৰ ওচৰৰ সেই নিদিষ্ট জেগাখিনিত পেলাই পুনৰ আৰামী চকীখনত বহিলহি বায়েন৷
“মই অকণমান স্যুইটলিনাৰ ঘৰৰ পৰা আহো৷ কিবা তাঁতত ফুল বাচিব’লৈ লৈছে বোলে৷ ফুলৰ চানেকিখন কাহানিবাই নিলেহি৷ এতিয়া কাঠিহে মিলাব পৰা নাই৷ মই গৈ মিলাই থৈ আহিব লাগে বোলে৷ ব’ খিনিও ভাল নহ’ল বোলে৷ জাল ভালকৈ নেমেলিছে৷ আহোতে অকণমান দেৰী হ’ব৷ বাৰী-ঘৰলৈ মন কৰিব“৷ কথাকেইটা কৈয়েই বায়েনৰ উত্তৰলৈ বাট নাচাই জপনাৰ মুখ পালেগৈ বায়েননী৷ বায়েনেও আৰামী চকীখনত মুৰতো পেলাই লৈ চকুকেইটা জপাই দিলে৷
ভীষ্মপৰ্ব নাটখন ডাঙৰ৷ এগালমান ভাৱৰীয়া আছে তাত৷ বায়েনে নিজেই ভীষ্ম লোৱাৰ কথা ভাবিছে যেতিয়া কৌৰব পক্ষটো শক্তিশালী হ’ব লাগিব৷ ভাল ভাৱৰীয়া লাগিব৷ দুৰ্যোধনৰ বাবে জ্যোতিৰূপমেই ভাল হ’ব৷ গায়ে-গাৰীয়ে, কথাই-বতৰাই তেওঁতকৈ উপযুক্ত দ্বিতীয় এজন এইখন গাঁৱত নাই৷ পেটুৱা ভাস্কৰ তেওঁৰ লগত বেচ মিলিব৷ তেওঁক দুঃশাসন দিলে নামঘৰ গমগমাই থাকিব৷ হিমাংশু দ্ৰোণাচাৰ্য্য হওক৷ ৰাজখোৱাক জয়দ্ৰথ দিলে মানুহটো শুৱাই পৰিব৷ চিদাই বৰ ভাল ভাও কৰে৷ তেওঁক শল্য ভাল চাজিব৷ কৃপাচাৰ্য্যৰ বাবে আদিত্যই উত্তম হ’ব৷ ধনজিতক উলুপ চৰিত্ৰটোৱে ভাল লাগিব৷ কথাবোৰ নিজৰ মনতে পাগুলি পাগুলি কিবা এটা ভাল লাগি গ’ল বায়েনৰ৷ কৌৰব পক্ষৰ ভাৱৰীয়া নিৰ্ব্বাচন প্ৰায় শেষ৷ এতিয়া আহিল পাণ্ডৱৰ পক্ষ! !
গাওঁ খনত আটাইতকৈ ভাল ভাৱৰীয়া বুলি ক’লে সদায় দুজনৰ নামেই প্ৰথম মনলৈ আহে৷ এজন ৰিণ্টু আৰু আনজন বিজয়৷ আজিলৈকে গাওঁখনত হোৱা এনে এখন ভাওনা নাই যিখনত সিহঁত দুটাই ভাও লোৱা নাই৷ কৃষ্ণ, অৰ্জুন, ৰাম, কৰ্ণ নাইবা ৰাজকুমাৰ আদি ভাও সদায় ৰিণ্টুৰ বাবে একাষৰীয়া কৈ ৰখা হয়৷ সেইবিলাক চৰিত্ৰত তেওঁতকৈ ভালকৈ অভিনয় কৰিব পৰা লোক যিদৰে গাওঁখনত নাই থিক সেইদৰে দুৰ্য্যোধন, ভীম নাইবা আন তেনেধৰণৰ চৰিত্ৰ বিজয়তকৈ ভাল কৰিব পৰা লোক গাওঁখনত আৰু দ্বিতীয় জন নোলাব৷ সেই কথা বায়েনেও জানে৷
কিন্তু এইবাৰ আগৰ দৰে নহ’ব৷ বায়েনক কৰা অপমানৰ পোতক তুলিব লাগিব! !
কি আছিল সেই অপমান? ?
কথাবোৰ এটা এটাকৈ মনত পৰি গল বায়েনৰ৷ হয়, , , , , সেইদিনা বৰষুণ জাক নেৰানেপেৰাকৈ লাগিছিল৷ ৰিণ্টুৰ ঘৰত ভাগৱত পাঠ আছিল৷ লগত ছাতি নিনিয়াৰ বাবে তেওঁ আৰু বিজয় ৰাতি থাকিবলগীয়া হৈছিল ৰিণ্টুৰ ঘৰত৷ তাতেই ঘটিল ঘটনাটো৷ ৰাতিপুৱা শোৱনীপাতিতে বায়েনৰ বস্ত্ৰহীন শৰীৰ আবিষ্কাৰ কৰি গোটেই গাঁৱতে ৰৌজাল-বৌজাল কৰি হাঁহিয়াতৰ পাত্ৰ কৰিলে তেওঁক৷ ৰিণ্টুৱো কম নহয়৷ উচতাই জোল খোৱা লোক সি৷ এইটোৱেই সুবৰ্ণ সুযোগ প্ৰতিশোধ লোৱাৰ৷
বায়েনে কিবা এটা ভাবি ঘৰৰ ভিতৰলৈ সোমাই গ’ল আৰু কাগজ-কলম হাতত লৈ পুনৰ আৰামী চকীখনত পোন হৈ বহি ল’লেহি! !
ভাবি ৰখা ভাওবোৰ এটা এটাকৈ লিখি উঠি বায়েনে চিন্তা কৰিব ধৰিলে পাণ্ডৱ পক্ষত কাক কাক ৰখা ভাল হ’ব৷ গাওঁখনৰ মানুহবোৰৰ চেহেৰা এটা এটাকে মনলৈ আহিব’লৈ ধৰিলে তেওঁৰ৷ যুধিষ্ঠিৰৰ বাবে বিজেবিয়েই উত্তম হ’ব৷ গহীন-গম্ভীৰ মানুহ আৰু ভাওৱো ভাল কৰে৷ অমিতাভক ভীম দি দিয়া যাওক৷ ধ্ৰুৱক অৰ্জুন দি দিলে দ্ৰৌপদীৰ বাবে চিন্তা নাই৷ নীলুৱে হাঁহি হাঁহি সন্মতি দিব৷ পল্লৱীক সুভদ্ৰা ভাল চাজিব৷ নকুলটো পাতলা ভাস্কৰক দিলে বঢ়িয়া হ’ব৷ সহদেৱৰ চৰিত্ৰত ৰামানুজ আটাইতকৈ ভাল হ’ব৷ অভিমণ্যুৰ বাবে যাজ্ঞ্যক পাম যদিহে মণিষাক উত্তৰা দিওঁ৷ ঘটোৎকচৰ বাবে কৌশিকৰ নাম আগতেই ঠিক কৰি থৈছে বায়েনে৷
নাৰদৰ ভাওটো আগেয়েও মৃদুলে কৰে, এইবাৰো তাকে দিয়া যাওক৷
কৰ্ণ কাক দিয়া যায়? ?
দিগন্তক? ?
ঠিকেই, সি কৰ্ণই হওক৷ মুল সুঁতিলৈ আনিব নোৱাৰি তাক৷ মহাবীৰ হৈয়ো সি চিৰদিন অস্পৃশ্য হৈয়েই থাওঁক! !
কিন্তু তাক কৰ্ণ দিলে পদ্মা কোনে ল’ব? ?
ৰিণ্টুক শকুনি আৰু বিজয়ক শিখণ্ডী দিলে একো খেলিমেলি নহয় তো? ? কথাটোৱে আকৌ চিন্তাত পেলাই দিলে বায়েনক! !
“হে’ৰি, তেতিয়াৰে পৰা ইয়াতে বহি আছেনে? নামঘৰত দুবাৰকৈ দবা কোবালে৷ পুখুৰীৰ পাৰত তিয়নি-গামোচা থৈ আহিছো৷ সাউৎকৈ গাটো ধুই নামঘৰ যাওকহি৷ মানুহমখা ছাগৈ আপোনালৈ আশা কৰি ৰৈ আছে“৷
বায়েননীৰ কথাত সম্বিৎ ঘূৰি আহিল বায়েনৰ৷ এৰাতোন, সাঁজ লাগিলেই৷ নামঘৰত ছাগৈ সকলো গোট খাই ৰৈ আছে৷
কাগজখন ভালকৈ ভাঁজ কৰি নামঘৰলৈ পিন্ধি যাব লগা কামিজটোৰ জেপত ভৰাই কোবাকুবিকৈ পুখুৰীৰ পাৰলৈ খোজ ল’লে বায়েনে৷

দশম খণ্ড = নামঘৰীয়াৰ চকুলো
ৰংজুলি গাঁৱৰ বৰনামঘৰ৷ হয় যথেষ্ট আহল-বহল এটা নামঘৰ৷ প্ৰায় ছয়-সাতশ মানুহ বহি একেলগে মাহ-প্ৰসাদ ল’ব পৰা নামঘৰ৷ মূল ঘৰটো আঠোটা প্ৰকাণ্ড শাল খুটাৰ ওপৰত ঠিয় দি আছে৷ তাৰ দুইকাষে দুখন বাৰাণ্ডা সদৃশ টিনৰ চালি মণিকূটৰ কাষৰ পৰা আৰম্ভ হৈ সমুখৰ ফালে ঘোৰ লৈ মূল প্ৰবেশ পথটোৰ ঠিক সোঁমাজত লগ লাগিছেহি৷ সেইখিনিতে নিৰ্মিত এটা টুপে নামঘৰতোৰ জেউতি চৰাইছো৷
নামঘৰলৈ যোৱা পথটোৰ পৰা সোমায়েই প্ৰথমে পোৱা যায় বাটচৰাটো৷ বাটচৰাটোত মানুহ বহিব পৰাকৈ পকাৰে বেঞ্চৰ নিচিনাকৈ বনোৱা আছে৷ তাৰপৰা উত্তৰ দিশলৈ টিনৰ দুচলিয়াকৈ দিয়া কৰিড’ৰ৷ সেইটোৰে চল্লিশখোজমান আগুৱাই গ’লেই কৰিড’ৰটোৱে সোঁফালে মানে পূৱলৈ সমকৌণিক ভাঁজ এটা লৈ নামঘৰৰ দিশত দহ খোজমান আগুৱাই গৈ ৰাঙলীচৰাটোত সোমাইছেগৈ৷ ৰাঙলীচৰাটোৰ শেষৰ পৰাই নামঘৰটোৰ আৰম্ভণি হৈছে৷
টুপটোৰ তলতে নামঘৰলৈ উঠা মূল প্ৰবেশদ্বাৰ৷ তাৰপৰাই পোনে পোনে চালে মণিকূটৰ সিংহাসন দেখা যায়৷ পাঁচ খলপীয়া সিংহাসন খনৰ ওপৰত চাৰিওদিশে গামোচাৰে আবৃত কৰা আছে৷
নামঘৰৰ মূল আঠোটা খুটাৰ প্ৰবেশপথৰ ফালৰ পৰা তৃতীয়যোৰ খুটাৰ মাহাত্ম আছে৷ সেই খুটাযোৰৰ কাষত সকলো মানুহ নবহে৷ বাওঁফালৰ খুটাতো গোসাঁই খুটা৷ সত্ৰৰ প্ৰভু ঈশ্বৰ কেতিয়াবা শৰণ দিব’লৈ আহিলে সেইটো খুটাৰ সমুখত বহে৷ কেতিয়াবা বছৰেকীয়া বৰসবাহত আহিলেও তেওঁ তাতেই বহে৷ সোঁফালৰ খুটাতো বায়েনৰ খুটা৷ তাৰ সমুখত বৰবায়েন বহে৷ ভাওনাৰ নাট পৰিচালনা সেই খুটাতোৰ কাষৰ পৰাই হয়৷
মণিকূটৰ ফালৰ পৰা সোঁফালৰ প্ৰথম খুটাতোত এটা চাম কাঠৰ নৰসিংহ মুৰ্তি সুন্দৰকৈ লগোৱা আছে৷ দেখিলে এনে ভাৱ হয় যেন সেয়া নৰসিংহৰ জীৱন্ত প্ৰতিমুৰ্তি৷ বাওঁফালৰ খুটাতোত এটা গৰুন্দ্ৰ পখীৰ কাঠৰ মুৰ্তি এনেভাৱে লগোৱা আছে যেন পখীটো এইমাত্ৰ উৰিবলৈহে লৈছে৷ নৰসিংহ মুৰ্তিটোৰ সোঁহাতে থকা খালী জেগাকণ অতীজৰে পৰা সেই বৃহৎ দবাটোৱে দখল কৰি আছে৷ গৰুন্দ্ৰ পখী থকা খুটাতোৰ কাষৰ ঠাইকণত আছে এটা কাঠেৰে নিৰ্মিত স্থায়ী কাৰাগাৰ৷ দেখিলে এনে লাগে সেইটো যেন এটা লোহাৰ পিঞ্জৰা হে৷ আচলতে সেই পিঞ্জৰাটোত এখন বেৰা হে আছে, দৰ্শকৰ ফালে৷ ভাওনা হ’লে সেইটো কামত দিয়ে৷ তাৰ কাষেদিয়েই চো-ঘৰলৈ যোৱা বাট৷
কিয়জানো এই কথাবোৰে আজি কলিতা নামঘৰীয়াৰ চকুত বৰকৈ অগাদেৱা কৰি আছেহি! !
কিমান যে কষ্ট কৰিছিলে তেওঁ সেই নামঘৰটোৰ কাৰণে! !
এই যে বাটচৰা, ৰাঙলীচৰা, মূল প্ৰবেশপথত টুপ ভাঙি সেৱকীৰ সুবিধা কৰি দিয়া ইত্যাদি বোৰ আচলতে তেওঁৰ সৃষ্টি৷ কোনে বুজিব প্ৰায় দুবছৰ দিন ধৰি গুৰু সিংহাসন খন তৈয়াৰ কৰি উলিয়াওতে হোৱা তেওঁৰ কষ্টৰ কথা৷ গোটা কাঠৰ কুন্দা কাটি পাত(পাতি)বটালী আৰু থোলা(খোলা)বটালীৰে কুৰুকি কুৰুকি কৰা শ্ৰমৰ বিনিময়তহে সেইকেইটা সম্পদে জীৱন্ত ৰূপ পাইছিল৷
এতিয়াও মনত আছে তেওঁৰ৷ হানিফ চাইকেল মিস্ত্ৰীৰ দোকানৰ পৰা পুৰণা চাইকেলৰ চকা তাল মৰা মেচিনটো আনি তাত যোগাৰ লগাই কুন্দশাল পাতিছিল তেওঁ৷ তাত ৰছী লগাই সোণটো আৰু যাজ্ঞৰ হতুৱাই টনাই টনাই কুন্দত কাটিছিল সিংহাসনৰ বিভিন্ন অঙ্গ সমূহ আৰু লগতে নৰসিংহ আৰু গৰুন্দ্ৰপখীৰ মুৰ্তি দুটা৷
“অ’, , , , , এইজন দেখোন একে বহাতে ৰ’ল৷ হেৰি, , , , , পুখুৰীৰ পাৰত তিয়নি-গামোচা দি আহিছো৷ বায়েন ককাইদেউ আহে হে লাগে৷ অথনি একেলগে নামঘৰলৈ যোৱাৰ কথা কৈ যোৱা নাছিল জানো? ? “
শ্ৰীমতীৰ কথাৰ একো উত্তৰ নিদি নামঘৰীয়া বহাৰ পৰা উঠিল৷ ডিঙিত ওলোমাই ৰখা গামোচাখন হাতলৈ নমাই লাহে লাহে পাছফালৰ পুখুৰীটোৰ ফালে আগুৱাই গ’ল তেওঁ৷
কলিতা নামঘৰীয়া অকল ৰংজুলী গাঁৱৰে নহয়, সমগ্ৰ অঞ্চলটোৰে এজন সৰবৰহী ব্যক্তি৷ কাষৰ গাওঁকেইখনৰ যিকোনো নাম, পাঠ, সকাম, ভাওনা, বৰসৱাহ ইত্যাদিত কলিতা নহ’লে নহয়৷ কাৰোবাৰ ঘৰত ৰতিয়া নামগোৱা হ’লে কিৰ্ত্তন পাঠ কৰিব লাগিব তেওঁ৷ ক’ৰবাত ভাগৱত দুআধ্যা পাঠ হ’লে অৰ্থ ভাঙিব লাগিব তেওঁ৷ মুঠতে তেওঁ নহ’লে কাৰোবাৰ ঘৰৰ সকামেই হওক বা কোনোবা নামঘৰৰ সবাহ-ভাওনাই হওক, সকলো যেন উদি উদি৷
আচলতে মানুহজনক দহোৰাইজে ভালপোৱাৰ কাৰণো আছে৷ ইমান গুণী-জ্ঞানী হৈয়ো তেওঁৰ কোনো অহঙ্কাৰ নাই৷ বৰ নিৰ্জু মানুহ৷ তেওঁ কাৰোবাৰ লগত তৰ্ক কৰা কোনেও আজিলৈকে দেখা পোৱা নাই৷ তেওঁৰ আটাইতকৈ ডাঙৰ গুণ হৈছে সকলোকে শিকোৱাৰ আগ্ৰহটো৷ কাৰোবাৰ ঘৰত নাম-পাঠ হ’লে তেওঁ নতুন চামক পাঠ গাবলৈ দিয়ে আৰু ওচৰতে ঢৰা এখন পাৰি বহি লৈ সিহঁতক উৎসাহ দি যায়৷ কাৰোবাৰ সুৰৰ খেলিমেলি হ’লে নিজে টানি সেইফাকি পদ গাই দিয়ে৷ সেইবাবেই সকলোৱে ভালপাই, সকলোৱে শ্ৰদ্ধা কৰে তেওঁক৷
সেইজন ব্যক্তিৰে আজি বৰনামঘৰত স্থান নাই৷ নাই মানে তেওঁক পাকে-প্ৰকাৰে স্থানচ্যুত কৰা হৈছে৷ বংশী মুক্তিয়াৰৰ নিৰ্দেশত খুউব পৰিকল্পিত ভাৱে তেওঁক আতৰোৱা হৈছে৷ এনে এক ষড়যন্ত্ৰ তেওঁৰ ওপৰত ৰচনা কৰা হ’ল যে তেওঁক নামঘৰৰ পৰা উলিয়াই নিদিলেও তেওঁ আৰু কোনোদিন নামঘৰত প্ৰবেশ কৰাৰ ইচ্ছা প্ৰকাশ নকৰে৷ আৰু সেই পৰিকল্পনাত এশ শতাংশই সফল হ’ল বংশী৷ তেতিয়াৰ পৰা আৰু কোনোদিন সেইমুৱা হোৱা নাই নামঘৰীয়া৷
নতুন নামঘৰ৷ এৰা, , মনে মিলা মানুহখিনিক লৈ এটা নতুন নামঘৰ বনোৱাৰ কথা মনলৈ আহিছিল তেতিয়াই৷ কিন্তু কথাটো কাকো ক’ব পৰা নাছিল তেওঁ৷ আজি বিজয়, ৰিণ্টুহঁতে তেওঁৰ মনৰ ভাৱনাক বাস্তৱত ৰূপায়ণ কৰিলে৷
হঠাৎ এটোপাল গৰম চকুপানী নামঘৰীয়াৰ বাওঁ আঠুত আহি পৰিলহি৷ তেওঁ চকুত চকুপানী৷ এইয়া আনন্দৰ চকুপানী! !
“দেউতা, , , , , , তুমি তেতিয়াই গা তিয়াবলৈ আহি পুখুৰীৰ পাৰত বহি আছাহি যে? ? সিফালে বায়েন বৰদেউতা নামঘৰলৈ বুলি আহি বাৰাণ্ডাত বহি আছে হি৷ সোনকালে আহা“৷
জীয়েকৰ মাতত বহি থকাৰ পৰা ধহমহাই ঠিয় দিলে নামঘৰীয়াই৷
“তই বৰদেউতাৰক তামোল এখন দেগৈচোন৷ মই সাউৎকে গাটো তিয়াই গৈ আছো“৷
কৈয়েই নৰ’ল নামঘৰীয়া৷ লাহে লাহে পানী যুঁৱলিলৈ নামি গ’ল তেওঁ! !


একাদশ খণ্ড = বিদ্ৰোহৰ উকমুকনি
•••••••••••••••••••••••••••••••••••
ৰংজুলি গাঁৱৰ নতুন নামঘৰত আজি নাটমেলা৷ নামঘৰটো নিৰ্মাণৰ লগত জড়িত থকা সকল আজি ভীষণ ব্যস্ত৷ কিন্তু আন সকলতকৈয়ো যেন অলপ বেছি ব্যস্ত এজন লোক! !
ভঁৰালৰ তলত খৰালি দিনতে গোটাই শুকুৱাই থোৱা ৰঙামাটি খিনি ৰাতিপুৱাই দুটা বাল্টিত ভৰাই দিলে সি৷ নৈৰ কাণৰ গৰু চৰা চাপৰিৰ পৰা অনা ৰঙা মাটি৷ অলপ বালিচঁহীয়া, অলপ আলতীয়া৷ ঘৰ মচিবলৈ ভাল৷ ভালকৈ শুকুৱাই ৰখা বাবে মাটিখিনিত পানী ঢালিলেই চুণ উতলাদি বক্ বককৈ উতলি আহে৷ ৰাতিপুৱাই সেইখিনি নিলুহঁতক নামঘৰত দি আহিল সি৷ নামঘৰ মচি-কাচি ধুনীয়া কৰিব লাগে৷ নামঘৰত সোতকাণি(সোপাকাণি) লগাব নেপাই৷ হাতেৰে মছিব লাগে৷ মছাৰো আকৌ নিয়ম আছে৷ বেছি পনীয়া হ’লে শুকুৱাৰ পাছত ঢৌ উঠি উঠি ফাটি যায়৷ মাটিখিনি ডাঠকৈ গুলি টানকৈ মছিব লাগে৷
সেইখিনি দিহা-পৰামৰ্শ দি সি চিধাই আহি ঘৰত সোমাই নেলিয়া কটাৰী খন লৈ পাছফালৰ বাৰী পালেগৈ৷ কলপাত কাটিব লাগে৷ ইহঁত কেইটাৰ সময় নাই৷ বিকাশ গৈছে মুচিয়ালৰ ওচৰত খোলত ঘুণ লগাবলৈ৷ কৌশিক আৰু যাজ্ঞ লাগি আছে নামঘৰৰ মূল জপনাখন ঠিক কৰাত৷ সোণটো কল-কুহিয়াঁৰ গোটোৱাত ব্যস্ত৷ গতিকে কলপাত কটাৰ কামটো সি নিজেই কৰিব লাগিব৷ কিমাননো লাগিব? এশখিলা মান হ’লেই হৈ যাব৷ শৰাই সজাবলৈ দুখিলা আগলি কলপাত লাগিব৷
কলপাত খিনি কাটি লৈ একেবাৰে বান্ধি-কুন্ধি সি নামঘৰলৈ বুলি বাট ল’লে৷ নামঘৰলৈ তাৰ ঘৰৰ পৰা গ’লে বংশী মুক্তিয়াৰৰ ঘৰৰ সমুখেদি যাব লাগে৷
বংশীৰ ঘৰৰ ওচৰ পালেই তাৰ পিন্ধি থকা চোলাটোৰ বুকুৰ ওচৰৰ বুটাম দুটা টান হৈ যায়! !
কিয় জানো দুই বাহুৰ শিৰা-উপশিৰাবোৰ কটকটাই উঠে! !
কলপাত খিনি নামঘৰত থৈ আহি ঘৰ পায়েই মাকক মাত দিলে সি, “ মা, , , , , , ভাত নাইহোৱা যদি চাহ একাপকে দিবি নেকি“? ?
“পানী তপতায়ে থৈছো৷ হাতখন ধুই আহ“৷ মাকৰ নিৰোত্তাপ উত্তৰ৷ মানুহজনী তেনেকুৱাই৷ গহীন৷ কোনো কথাতে হায়ৈ-বিয়ৈ নাই৷
চাহটোপা খাই উঠি সি তামোলৰ বঁটাটোলৈ চালে৷ নাই, তামোল নায়েই কিজানি৷ ক’লা ধপাত থোৱা পুৰণি নেভিয়া ক্ৰীমৰ টেমাতো খোচৰোতে তামোল এডোখৰ পালে হয়, কিন্তু সেইডোখৰৰ বুকু বুলিবলৈ একোৱেই নাই৷ শুদা পিঠিখন হে আছে৷ কণ গেলা তামোল৷ গোন্ধটোৱো শুকান মাছৰ গোন্ধতকৈ কোনোগুণে কম বেয়া নহয়৷ সেইখনকে অলপ বেছিকৈ চুণ-চাধা লগাই মুখত ভৰাই বেলিটোলৈ চাই পঠিয়ালে সি৷ এৰা, বেলিচোন এঢলীয়া হ’লেই৷ সাউৎকে গাটো ধুই আহো বুলি টিয়নি গামোচা খন লৈ লাহে লাহে পাছফালৰ পুখুৰীৰ পাৰ পালেগৈ সি৷
সেইটো বিজয়৷ গাওঁখনৰ আটাইতকৈ সাহসী ল’ৰা সি৷ ৰিণ্টুতকৈ বয়সত কেইবছৰমান সৰু৷ চুটি – চাপৰ, কিন্তু থাওকিয়াল ল’ৰা৷ ভয় কি বস্তু বুজি নাপাই সি৷ গাঁৱৰ জীয়ৰী – বোৱাৰী সকলোৰে বিজয় নাইবা বিজয়দা সি৷ মুখখন বৰ একাচেকা যদিও খুউব শুদ্ধ অন্তৰৰ ল’ৰা৷ কোনোবা দাৱনীয়ে পৰা ধান দাই থাকোতে বিজয় যদি সমুখেৰে যায় ঠিয় হৈ মুঠি বন্ধাৰ ভাও জোৰে সিহঁতে৷ সেইদৰে দ পথাৰত ভূঁই ৰুই থাকোতে বিজয় যদি পাছফালে পথাৰৰ আলিয়েদি গৈ থাকে তেতিয়া ৰোৱনী হঁতে কঠিয়াৰ মুঠি এটা ফালি শিঙা-আজোৰা বোৰ মিলাই থকাৰ ভাও জোৰে৷ কিন্তু সিহঁতে যিমানেই চেষ্টা নকৰক কিয় বিজয়ৰ মুখৰ পৰা নিৰ্গত হোৱা এষাৰ বা দুষাৰ বাক্যবাণে সিহঁতৰ হাড়ে-ছালে বিন্ধি যাবই যাব৷ এনেকুৱা এষাৰ কথা কৈ যাব সি, যিষাৰ শুনাৰ পাছত বহুত দেৰীলৈকে ইজনীয়ে সিজনীৰ চকুলৈ চাবলৈ সাহস গোটাব নোৱাৰে৷ কিবা এটা লাজে হেঁচা মাৰি ধৰে সিহঁতক৷ তথাপিও বিজয়ক ভালপাই সিহঁতে৷ তাৰপৰা তেনেকুৱা এষাৰ বাক্যবাণেই সদায় আশা কৰে সিহঁতি৷ কিবা এটা ভাল লাগে তাৰ মুখৰ পৰা তেনেকুৱা কথা শুনি৷
আচলতে বিজয় তেনেকুৱা ব্যক্তিত্বৰ ল’ৰা নহয়৷ সেইবিলাক তাৰ ধেমালি হে৷ সি হ’ল গাওঁখনৰ এটা প্ৰতিবাদী কণ্ঠ৷ বংশী মুক্তিয়াৰৰ মুৰৰ কামোৰণি সি! !
সৰুৰে পৰাই গাওঁখনত চলি অহা অন্যায়-অনীতিৰ বিৰুদ্ধে মাত মাতি আহিছে সি৷ দেখি আহিছে তাৰ মাকক, খুড়াক-বৰদেউতাক হঁতে কৰি অহা লাঞ্ছনা-গঞ্জনা বিলাক৷ সেইবিলাক দেখি দেখিয়েই তাৰ মনত গাওঁখনত থকা প্ৰতিজন বংশী মুক্তিয়াৰৰ চৰিত্ৰৰ লগত সাদৃশ্য থকা ব্যক্তিৰ প্ৰতি ঘৃণা ভাৱ লাহে লাহে সঞ্চিত হ’বলৈ ধৰিলে৷ আৰু সেই ঘৃণা বিদ্ৰোহলৈ ৰূপান্তৰিত হৈছিল সেইদিনা, যিদিনা বংশীয়ে অমিতাভক কৰা অপমানৰ পৰিণতিত অমিতাভ গাওঁ এৰি চহৰলৈ গুছি গৈছিল৷
গাটো তিয়াই আহি ভাত কেইটা খাই ল’লে সি৷ আজি আৰু ঘৰত অন্য কাম নহয়৷ আজি সিহঁতৰ নতুন নামঘৰত প্ৰথম নাটমেলা৷ বংশীৰ সকলো কুটিল ষড়যন্ত্ৰ ওফৰাই সিহঁতে নামঘৰ কৰিলে৷
তাৰ ভাবিলে কেতিয়াবা আচৰিত লাগে, সি অকলেই যুদ্ধ ঘোষণা কৰি বংশী মুক্তিয়াৰক কেনেকৈ কাবু কৰিব পাৰিলে? ?
বংশীয়ে এই অপমানৰ পোটক নুতুলিব নে? ?
তাৰ কেতিয়াবা ভাবি ভালো লাগে, কিছুমান মানুহে তাক ইমান ভাল পায়! !
কলিতা নামঘৰীয়াৰ আশীৰ্বাদ তাৰ ওপৰত নথকা হ’লে সি বংশীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষনা কৰিব পাৰিলে হেতেঁন নে? ?
কাকতি বৰবায়েনৰ দৰে সমাজৰ লাইখুটা স্বৰুপ ব্যক্তিৰ দিহা-পৰামৰ্শ নোপোৱা হ’লে এই নামঘৰটো হৈ উঠিলহেঁতেন নে? ?
আৰু ৰিণ্টুদা! ! ৰিণ্টুদাইটো গোটেই কাৰ্য্য প্ৰণালীৰ মূল চালিকা শক্তি! !
আৰু সি? ?
সি তেতিয়াহ’লে কি? ?
সি নিজেই ভৰত, ৰামচন্দ্ৰৰ খৰমযোৰ ৰাজসিংহাসনত থৈ ৰাজ্য চলাইছে সি! !
ডুডুম•••••ডুডুম•••••ডুডুম
নামঘৰত কোবোৱা দবাৰ শব্দ শুনি খৰধৰকৈ বহাৰ পৰা উঠিল সি৷ মাকে গোটাই থৈ দিয়া ধুতি- পাঞ্জাবীযোৰ পিন্ধি এখন্তেকো নৰ’ল সি৷ খৰ খোজেৰে বাট বুলিলে নামঘৰলৈ বুলি! !


দ্বাদশ খণ্ড = শীতল যুদ্ধ
••••••••••••••••••••••••
মানুহজনৰ আগচোতালত পূবা-পশ্চিমাকৈ এটা যুৰীয়া ভঁৰাল৷ ককাকৰ দিনতে সজোৱা৷ এটিয়া মুৰেৰে ফালি ফালি বোৱা গাধৈৰ বেৰা৷ প্ৰতিখন বেৰাতে প্ৰায় আঠ-ন ইঞ্চি দুৰে দূৰে যুৰীয়া কামিত বেতৰ গাঁঠি দিয়া আছে৷ বেৰাৰ বাহিৰ ফালে আকৌ কোৰৰ নলীয়া বাঁহেৰে ঠিয় ঠিয়কৈ আৰু এখন ঘণ বেৰা দিয়া আছে৷ তাতো ঘণ ঘণকৈ যুৰীয়া কামিত বেতৰ গাঁঠি৷ আগৰ দিনত হেনো চোৰ-ডকাইত আহি যাঠী মাৰি ভঁৰাল ফুটাই তলত বস্তা পাতি ধান লৈ গৈছিল৷ সেইবাবেই ধনী মানুহ বোৰে এইদৰে ভঁৰালৰ সুৰক্ষা ব্যৱস্থা কৰি লৈছিল৷ দুইটা ভঁৰালৰ মাজ অংশৰ খালী ঠাইডোখৰত কেইখনমান পুৰণি বেতৰ চকী পৰা আছে৷ সেইটো তেওঁৰ অন্য এক বৈঠকখানা৷ ঘৰৰ মানুহে শুনিব নলগিয়া কথাবোৰ ইয়াতে আলোচনা কৰে তেওঁ৷ বিশেষকৈ গাওঁখনৰ আৰু নামঘৰটোৰ কথা৷ হয়, , , , , তেওঁ বংশী মুক্তিয়াৰ৷
:
আজি নতুন নামঘৰত নাটমেলা৷ কথাটো শুনাৰ পৰাই বংশী মুক্তিয়াৰৰ গাটো বিছাই ডকাদি ডাকি আছে৷ ৰাতিপুৱাৰ জলপানো ভালকৈ খাব নোৱাৰিলে৷ দুপৰীয়াৰ ভাতকেইটাও লিৰিকি-বিদাৰি দুগৰাহমান খায়েই কাঁহিত পানী ঢালি থৈ আহিল৷ আজিৰ কথাটোৱে যেন মুক্তিয়াৰৰ মগজুত জ্বলি থকা জুইকুৰাত ঘিঁউ হে ঢালি দিলে৷
কথাবোৰ পাগুলি পাগুলি ভঁৰাল ঘৰৰ সেই বৈঠকখানাত তেওঁৰ বাবে আছুতীয়াকৈ থকা আৰামী চকী খনত বহি পৰিল বংশী মুক্তিয়াৰ৷ পুৰণি কথাবোৰে এটা এটাকৈ ভূমুকি মাৰি গ’লহি তেওঁৰ মনৰ দাপোনত৷
কি কৰা নাছিল তেওঁ? ?
কি কৰা নাছিল নতুন নামঘৰটো হোৱাত বাধা দিবৰ বাবে? ?
তেওঁৰ নিৰ্দেশতেইতো তেওঁৰ সকলো ভৃত্যই সকলো খিনি কৰি গৈছিল! !
তেন্তে তেওঁৰ ভুল হ’ল ক’ত? ?
তেওঁৰ কথা মানি ৰত্ন গাওঁবুঢ়া, কণ্ঠী সাতোলাকে ধৰি প্ৰায় সকলোখিনি নিজৰ মানুহে কামবোৰ সূচাৰুপেইতো আগবঢ়াই নিছিল৷ প্ৰত্যেকেই নিজৰ নিজৰ চোতালৰ পৰা নতুন নামঘৰৰ লগত জড়িত সকলক গুৱালগালি পাৰিছিল৷ তিনিআলি-চাৰিআলি বোৰৰ আড্ডাত তেওঁৰ পোহনীয়া ভৃত্য সকলেইতো সদায় বদনামৰ পোহাৰ মেলিছিল৷ তেন্তে তেওঁ সফল হব নোৱাৰিলে কিয়? ?
প্ৰশ্নটোৱে আজি খুলি খুলি খাই মাৰিছে বংশী মুক্তিয়াৰক! !
মানুহক ভুল পথে পৰিচালনা কৰিবৰ বাবে কি কি কৰা নাছিল তেওঁ৷ সকলোতে যেতিয়া ৰিণ্টুক বৰনামঘৰৰ পৰা এঘৰীয়া কৰাক লৈ বুবু – বাবা চলিছিল, তেতিয়াই তেওঁ প্ৰথম খেলতো খেলিছিল৷ ৰিণ্টুহঁত ঘৰত নথকাৰ সুযোগত সেই বাটেৰে অহা-যোৱা কৰা মানুহৰ চকুত পৰাকৈ এদিন প্ৰায় তিনি-চাৰিঘণ্টা সময় সিহঁতৰ বাৰাণ্ডাৰ চকীখনত বহি কটাইছিল তেওঁ৷ মানুহক দেখুৱাব বিচাৰিছিল যে ৰিণ্টুৰ লগত তেওঁৰ কোনো মনোমালিন্য নাই৷ কিন্তু তেওঁ ভৱামতে নহ’ল৷ মানুহবোৰে তেওঁৰ ধুৰ্তালী বুজি উঠিল৷
বেলি লহিয়াবলৈ আৰম্ভ কৰা লগে লগে মুক্তিয়াৰৰ উচপিচনি বাঢ়িব’লৈ ধৰিলে৷
কিয় আজি এজনো আহি পোৱাহি নাই? ?
গাওঁবুঢ়া, সাতোলা এজনৰো দেখা দেখি নাই কিয়? ?
কিয় আজি কোনেও এটা ভাল খবৰ আনি দিব পৰা নাই তেওঁক? ?
আচলতে এই ৰত্ন গাওঁবুঢ়া একো কামৰে মানুহ নহয়৷ না ভালকৈ নামঘৰত গীত-ৰাগ টানিব পাৰে, না কোনো বাদ্য ভালকৈ বজাব পাৰে৷ ওফৰাজেং মাত্ৰ৷ হক কথাত মাত মাতিবলৈ পাহৰি যায়, অনাহক কথাত অযথা তৰ্ক-বিতৰ্কত লিপ্ত হয়৷ কণ্ঠী সাতোলা আকৌ দেখাত তেনেই নিৰ্বোধ যেন লাগিলেও ভিতৰি ভিতৰি কিন্তু সাত ঘাটৰ সৈয়া কণী৷ কেইবছৰ নো হৈছিল গাওঁখনলৈ অহা৷ এই দুই-তিনিবছৰৰ ভিতৰতে নিজৰ বুদ্ধি খটুৱাই বৰনামঘৰত এটুকুৰা নিগাজী স্থান দখল কৰি ল’লে৷ সাতোলাই ভালকৈয়ে জানিছিল যে পৰিয়ালৰ আন মানুহক ব্যৱহাৰ নকৰিলে এই স্থান দখল কৰা সম্ভৱ নহয়৷ আৰু তাকেই কৰিছিল তেওঁ৷
ডুডুম•••••ডুডুম•••••ডুডুম
নতুন নামঘৰত কোবোৱা দবাৰ শব্দই যেন বংশী মুক্তিয়াৰৰ বুকুত হে কোব বহুৱাই গ’ল৷
“ নাট খুলিছে সিহঁতি৷ ভীষ্ম পৰ্ব৷ মোক সিহঁতি দুৰ্যোধন বনাইছে৷ মোক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে সিহঁতি৷ সেইবাবেই বিজয়ক সমুখত ৰাখি যুদ্ধ ঘোষনা কৰিছে৷ সিহঁতে ভালকৈয়ে জানে বিজয়ক মই অলপ হ’লেও সমীহ কৰো বুলি৷ মোৰ দূৰ্বলতাৰ সুযোগ লৈছে সিহঁতি৷ “ মুখৰ ভিতৰতে বিৰবিৰাই উঠিল বংশী মুক্তিয়াৰে৷
এজন দুজনকৈ গাওঁবুঢ়া, সাতোলাকে ধৰি আঠ-দহজন মানুহ গোট খালেহি বংশীৰ বৈঠকখানাত৷ তেওঁৰ কাৰো প্ৰতি ভ্ৰূক্ষেপ নাই৷ এটাৰ পাছত এটা চিন্তাই খুলি খুলি খাইছে মানুহটোক৷ বংশীৰ এই আচৰিত পৰিৱৰ্তন দেখি কোনো এজনেও মাত মাতিবলৈ সাহ কৰিব পৰা নাই৷
“হয় ময়েই দুৰ্যোধন৷ গাওঁবুঢ়া দুশাসন৷ তেন্তে শকুনী কোন? ? গাওঁবুঢ়াই দুশাসনৰ লগতে শকুনীৰ ভাওটোৱো কৰি থকা নাইতো? ? হয়, হবও পাৰে৷ শকুনীয়ে যেনেকৈ কৌৰবৰ ৰাজসভাত সকলোৰে সমুখত পাণ্ডৱসকল তিৰস্কাৰ কৰিব’লৈ প্ৰৰোচিত কৰিছিল, ঠিক তেনেকৈ ইয়াতো আবাল বৃদ্ধ-বনিতাৰ দৰে শব্দ প্ৰয়োগ কৰি তেওঁলোকক প্ৰৰোচিত কৰিব’লৈ কুণ্ঠাবোধ কৰা নাছিল৷ “ কথাবোৰ ভাবি ভাবি বংশীৰ মুৰটো আচন্দ্ৰাই কৰা যেন লাগিল৷ এইবিলাক কৰোতে মানুহ ভাগিছেহে দেখোন, বঢ়া নাই! !
আৰামী চকীখনত গাটো হেলান দি এবাৰ বহি থকা সকলোলৈ চাই পঠিয়ালে বংশী মুক্তিয়াৰে৷ নাই, , , , সকলোৰে ওপৰত বিস্বাস হেৰাই গৈছে তেওঁৰ৷ সন্মুখত বহি থকা সকলোৱেই যেন একো একোটা সুবিধাবাদী চৰিত্ৰ৷ সকলোৱেই যেন একো একোজন তৈলমৰ্দনকাৰী! !
হঠাৎ এটা নতুন কথাই দোলা দি গ’ল বংশীৰ মনত৷
“ বিজয়ক ইহঁতি হাথিয়াৰ হিচাবে ব্যৱহাৰ কৰিছে৷ সিহঁতে ভালকৈ জানে মই বিজয়ৰ লগত যুদ্ধ নকৰো বুলি৷ সেইবাবে তাক ৰথৰ সন্মুখত শিখণ্ডী ৰূপে ঠিয় কৰাই মুল অৰ্জুনৰ ভাও কৰি আছে ৰিণ্টুৱে৷ আৰু সকলো কৌশল তথা দিহা-পৰামৰ্শৰে সিহঁতক বলীয়ান কৰি তুলিছে কৃষ্ণৰূপী কলিতা নামঘৰীয়াই৷ “ বংশীয়ে কথাবোৰ ভাবি থাকোতেই নতুন নামঘৰত দ্বিতীয়বাৰৰ বাবে দবাৰ কোব পৰিল৷
ডুডুম•••••ডুডুম•••••ডুডুম
“নাই, , , , , , , , , মই কলি যুগৰ দুৰ্যোধন৷ মই দ্বাপৰৰ দুৰ্যোধনৰ দৰে মুৰ্খ নহয়৷ পাণ্ডৱে মাত্ৰ পাঁচখন গাওঁ বিচাৰোতে বেজিৰ আগত উঠি অহা সুচাগ্ৰ মেদিনীও নিদিও বুলি দুৰ্যোধনে যি ভুল কৰিছিল সেই একেটা ভুলকে মই কৰিব নোৱাৰো৷ যি গ’ল গ’ল৷ আৰু যাবলৈ দিব নোৱাৰি৷ থকাখিনি যেনেতেনে ধৰি ৰাখিব লাগিব“৷ কথাখিনি চিঞৰি চিঞৰি কৈয়েই পিন্ধি থকা সাজেৰেই বৰনামঘৰৰ দিশত লৰ ধৰিলে বংশী মুক্তিয়াৰে৷ পাছে পাছে বৈঠকখানাত বহি থকা বংশীৰ পদলেহনকাৰী ভৃত্যসকল! !
হঠাৎ বৰনামঘৰৰ দবা-কাঁহ, খোল-মৃদঙ্গ সকলোবোৰ লেঠাৰি নিছিগাকৈ বাজিবলৈ ধৰিলে৷ এজন-দুজনকৈ গাওঁখনৰ প্ৰায় অৰ্ধেক মানুহ আহি নামঘৰটোত গোট খালেহি৷ হৈছে কি, কোনেও একো উৱাদিহ পোৱা নাই৷ মুঠতে কিবা এটা যে হৈছে সেইটো সকলোৱে বুজি পাইছে৷ নহলেনো বংশীয়ে নিজেই দবা কোবাইনে? ? গাওঁবুঢ়াই বৰতাল কোবোৱা আৰু সাতোলাই মৃদঙ্গ বজোৱা ৰাইজে এই প্ৰথম দেখিছে৷
নামঘৰটো মানুহে প্ৰায় ঠাহ খাই পৰাৰ পাছত বংশী ৰ’ল৷ সকলোলৈ চাই তেওঁ প্ৰলাপ বকা দি ক’বলৈ আৰম্ভ কৰিলে৷
“ৰাইজ, , , , , সিহঁতে নতুন নামঘৰ পাতিছে৷ আজি তাত নাটমেলা৷ আপোনালোকে জানেই, , , , , , ৰাইজে কাৰোবাক এঘৰীয়া কৰাৰ পাছত সেইজনৰ লগত মিলামিচা কৰিলে তেওঁকো এঘৰীয়া কৰা হয়৷ গতিকে ইয়াত থকা কোনোবাই যদি সিহঁতৰ লগত লেটপেট কৰিব বিচাৰিছে তেন্তে সসন্মানে ইয়াৰ পৰা ওলায় যাওক৷ পুনৰ বৰনামঘৰৰ ভেটিত ভৰি দিয়াৰ কথা ভুলতো নাভাবিব৷ “ কথাকেইটা কৈ বংশীয়ে ফোঁপাবলৈ ধৰিল৷ তেওঁ ভালকৈয়ে জানে যে তাত উপস্থিত থকাসকলৰ কোনো এজনে তেওঁৰ কথাৰ ওপৰত কথা ক’ব নোৱাৰে৷ ক’ব পৰা মানুহমানুহখিনি ইতিমধ্যে আঁতৰি গৈছে৷ সেইবাবেই তেওঁৰ হাতত থকা শেষ অস্ত্ৰপাট মাৰি পঠিয়ালে তেওঁ৷
নামঘৰটোত উপস্থিত থকা সকলো ৰাইজলৈ চাই পঠিয়ালে বংশীয়ে৷ নাই, , , পুৰণা দুই-এজনৰ বাদে মুল মানুহখিনিৰ বেছি ভাগেই নাহিল৷ :
হঠাৎ দুগৰাকী মহিলা মানুহৰ ভিৰ ঠেলি মণিকূটৰ দিশলৈ আগুৱাই আহিল৷ গম্ভীৰ মুখ৷ মনিকুটৰ ঠিক সন্মুখ পাওঁতেই ভিতৰত থকা বৰপুঠি ভাগলৈ সাষ্টাঙ্গে প্ৰণিপাত জনালে দুয়োগৰাকীয়ে৷ তাৰপিছত লাহে পিছুৱাই আহি নামঘৰৰ মুল প্ৰৱেশদ্বাৰৰ সন্মুখত ৰৈ গোটেই ৰাইজখিনিৰ মুখলৈ এবাৰ চাই ৰ’ল৷ লগে লগে আৰু সাতগৰাকী মানুহ ভিৰৰ মাজৰ পৰা ওলাই আহি প্ৰৱেশদ্বাৰৰ ওচৰত আঁঠু ল’লে শেষবাৰৰ বাবে৷ সেইদুগৰাকী আছিল মাধু আৰু কংকনাবা৷
খৰখোজেৰে মাধু আৰু কংকনাবাৰ সৈতে আন সাতগৰাকী নামঘৰৰ পৰা বাহিৰ ওলাই যোৱা দৃশ্যই বংশীৰ মুখখনৰ অভিব্যক্তি যুদ্ধবিধ্বস্ত ভাগৰুৱা সৈনিকৰ দৰে কৰি থৈ গ’ল৷ দুখে-অপমানে জৰ্জড়িত বংশী ঠিয় দি থকা ঠাইতে আঁঠু কাঢ়ি বহি ৰ’ল৷
আকৌ এবাৰ নিজৰ নামঘৰতে পৰাজিত সৈনিক হিচাবেই থাকি গ’ল বংশী মুক্তিয়াৰ! !


ত্ৰয়োদশ খণ্ড = ঐক্যন
ডুডুম•••••ডুডুম•••••ডুডুম
নামঘৰৰ দবাত তৃতীয়টো কোব মৰাৰ লগে লগেই বাহিৰৰ অ’ত-ত’ত জুম বান্ধি কথাৰ মহলা মাৰি থকা সকলোখিনি লোক লাহে-লাহে ভিতৰলৈ সোমাই আহিল৷ চিদানন্দ, আদিত্য হঁতৰ দৰে আধা ডেকা আধা বুঢ়া সকল প্ৰণিতাবা আৰু কংকনাবা হঁত বহি থকা ঠাইকণৰ ওচৰত পাৰি থোৱা ঢৰা কেইখনত আৰামকৈ বহি ল’লেহি৷ তাত আগৰেপৰাই জ্যোতিৰূপম, ভাস্কৰ বৰুৱা, শংকৰ আৰু কেইবাজনেও বাইদেউ হঁতৰ লগত কথাৰ পাগ উঠাই আছিল৷ মাধুৱো আহি বহি লোৱাত কথাৰ পাগ দুগুনে চৰিল৷ প্ৰণিতাবা বৰ সাদৰী মানুহ৷ সকলোৱে ভালপাই তেওঁক৷ অকল হাঁহিয়েই থাকে৷ কংকনাবাই আকৌ দেখুৱাই খং কৰে যদিও সকলোকে নিজৰ ল’ৰাৰ দৰে মৰম কৰে৷
“বাই, , , , , , , আজি লৈ অহা চাদৰ খন কেৰাচিন তেলত ধুই আনিছিলি নেকি ঔ! ! পৰুৱা লাগিছিল হ’বলা“! !
কথাষাৰ কৈয়েই ৰিকি তাত নৰ’ল৷ কৌশিক, যাজ্ঞ, ধনজিৎ, ডিম্পল হঁত বহি থকা নামঘৰৰ একেবাৰে শেষৰ কোণটোলৈ খৰকৈ খোজ পোনালে৷
“তোৰ বাপেৰ-মাৰৰ বিয়াত বিয়ানাম গোৱা মানুহ ঐ মই! ! এতিয়া আৰু গাত পৰুৱা লগাৰ বয়স নাই! ! বাঘ ধকা খাবলৈ মন গৈছে যদি ওচৰলৈ আহ “? ?
কথাকেইটা খঙত কোৱা যেন লাগিলেও আচলতে বাইদেৱে মৰমতে কয় তেনেকৈ৷ সকলোৱে বাইদেউ বুলি মাতিলেও ইহঁত কেইটাক নিজৰ পুত্ৰৰ দৰে মৰম কৰে তেওঁ৷ সেইবাবে চলো পাই সিহঁতে৷
বাইদেউহঁতৰ পৰা অলপ দূৰৈত ঠিক কাৰাগাৰটো য’ত বনোৱা আছে সেই ঠাইতে বহিলহি জিউ আৰু চুমি৷ সিহঁত দুজনীয়ে লগ নাভাঙে৷ বহুতে সন্ধ্যা- ললিতা বুলিও কয়৷ সেই জেগাৰ পৰা নামঘৰটোৰ সকলো খিনি দেখি৷ কিন্তু সিহঁতক আধাখিনি মানুহেহে দেখা পাই৷ আন সকলে দেখা পাবলৈ হ’লে হয় পাছলৈ ঘূৰি চাব লাগিব নহয় অলপ বেকাহৈ হালি দিব লাগিব৷ সেই জেগাডোখৰ সিহঁতৰ পচন্দৰ৷
মণিষা, চুইটি, ঋতুপৰ্ণা, পল্লৱীহঁত যাজ্ঞহঁতৰ মুখামুখিকৈ বহিলহি৷ চকুত সিহঁতৰ সোণালী ভবিষ্যতৰ চিকিমিকি আভা৷
প্ৰণীতাবাহঁত বহি থকা গোঁসাই খুটাটোৰ ঠিক সন্মুখা-সন্মুখীকৈ বায়েনৰ খুটা৷ তাৰ কাষতে ঢৰা পাৰি বায়েন বহে৷ আশেপাশে তেওঁৰ সহযোগী বায়েনসকলৰ বহা স্থান৷ ডেকা আৰু তামোলীও তাতেই বহিছে৷ লগত বৈশ্য মাষ্টৰ৷ তেওঁ একো বাদ্য নবজালেও গাওঁখনৰ একমাত্ৰ শিক্ষক হিচাবে তেওঁৰ স্থান বৰবায়েনৰ লগত৷ সকলোৱে সন্মান কৰে তেওঁক৷ এনেয়েও বৰবায়েনৰ প্ৰায় সমবয়সীয়া তেওঁ৷ দুই-এবছৰ ডাঙৰ – সৰু৷ পাতিৰিৰো নিগাজী স্থান সেইডোখৰতেই৷ বায়েনৰ বাল্য-বন্ধু৷ গীত-পদ আওঁৰোৱাত পাকৈত৷
বাকীসকলেও য’তে যেনেকৈ পাৰে ঢৰা এখন টান মাৰি আনি বহি ল’লেহি৷
সকলোৰে দৃষ্টি এতিয়া বায়েনৰ খুটাটোলৈ৷ তাত থকা ঢৰাখন এতিয়াও খালি৷ নামঘৰটোৰ সোঁফালৰ প্ৰথম খুটাটোৰ কাষত আৰু এখন ঢৰা খালী হৈ আছে৷ সেইখন নামঘৰীয়াৰ৷ প্ৰত্যেকৰ চকুত এক প্ৰশ্নবোধক চাৱনিয়ে দোলা দি গ’ল৷ কিয়বা ইমান দেৰী কৰিছে বৰবায়েন আৰু নামঘৰীয়াই? ?
নামঘৰৰ জপনামুখত ঠিয় দি থকা সোণটো হুৰমূৰাই সোমাই আহিল নামঘৰৰ চো’ঘৰটোলৈ৷ কাকো একো সোধাৰ সুযোগ নিদি বাহিৰা বাল্টিটো হাতত লৈ কুকুৰ লৰ দিলে পুখুৰীৰ পাৰলৈ৷ হঠাৎ ব্যস্ত হৈ পৰিল বিকাশ৷ মণিকুটৰ পৰা তিনিখিলা কলপাত আনি বায়েনৰ খুটাৰ সন্মুখত সজালে সি৷ তাৰ খোজত যেন যুদ্ধকালীন ব্যস্ততা৷ আকৌ মণিকুটৰ ভিতৰলৈ সোমাই গৈ আগতেই সজাই ৰখা ঠগীখন আনি বায়েনৰ বাবে নিদিষ্টকৈ ৰখা ঢৰাখনৰ সমুখত পৰা কলপাত খিলাৰ ওপৰত সভক্তিৰে ৰাখিলে৷ ঠগীখনৰ ভিতৰত আজি মেলিবলগীয়া নাটভাগ গামোচাৰে ঢাকি থোৱা আছে৷ কাৰাগাৰটোৰ বেৰত ওলোমাই ৰখা খোলটো আনি বায়েনৰ সোঁহাতে পাৰি থোৱা কলপাত খিলাৰ ওপৰত ৰাখি সোঁ-হাতৰ আঙুলি কেইটাই স্পৰ্শ কৰি নিজৰ কপালত লগালে সি৷ আজি তাল বজাব সি৷ নতুন বায়েন হিচাবে বৰবায়েনৰ লগত তাল বজোৱাটোৱো কম গৌৰৱৰ বিষয় নহয় তাৰবাবে৷ খুটিতাল যোৰ আনি বায়েনৰ বাওঁকাষে পাৰি থোৱা কলপাত খিলাত ৰাখি ঢৰা এখন টানি সেইখিনিটেই বহি ল’লে বিকাশ৷
সোঁহাতে দবাটোৰ কাষত জিউহঁতৰ মুখামুখিকৈ বহিছে যদিও ৰিণ্টুৰ মনটো আজি কিবা ভাল লাগি থকা নাই৷ চাওঁ বুলিও এবাৰ চাব পৰা নাই সি তাইৰ চকুলৈ৷ কিবা যেন ভয় ভয় ভাৱ এটাই হেঁচা মাৰি ধৰিছে তাক৷ কথাটো তাৰ কাষত বহি থকা বিজয়েও লক্ষ্য কৰিছে৷ কিন্তু সুধিবলৈ সাহ কৰা নাই৷
কি হ’ব পাৰে বাৰু? ?
কিহৰ দুখে হেঁচা মাৰি ধৰিছে মানুহটোক? ?
সুধিয়েই পেলাওঁ নেকি? ?
বিজয়ৰ মনত এইবোৰ কথাই দোলা দি থাকোতেই নামঘৰৰ প্ৰবেশ দ্বাৰত দুজন মানুহে আঁঠু লৈ সেৱা ল’লেহি৷
কাকতি বৰবায়েন আৰু কলিতা নামঘৰীয়া! !


চতুৰ্দশ খণ্ড = বায়েনৰ মণিকুট দৰ্শন
হাঁহি – তামাচাৰ কথাৰে গমগমাই থকা নামঘৰতো হঠাত গহীন হৈ পৰিল৷ নামঘৰীয়া আহিছে৷ লগত বৰবায়েন৷ সকলোৰে দৃষ্টি এতিয়া তেওঁলোক দুজনৰ ওপৰত নিবদ্ধ৷ তাৰ মাজতো কিন্তু কেইবাযোৰা চকুৰ মাজত সলজ ভাৱৰ আদান-প্ৰদান নিমিষতে ঘটি গ’ল৷ লগত বহি থকা দুই-একৰ বাদে প্ৰায় সকলোৰে দৃষ্টিৰ অগোচৰে থাকি গ’ল সকলোখিনি! !
নামঘৰৰ প্ৰবেশ পথতে সাষ্টাঙ্গে প্ৰণিপাত কৰি কালৈকো নোচোৱাকৈ নিজৰ নিজৰ বাবে পাৰি থোৱা ঢৰা দুখনত বহিলহি কাকতি বৰবায়েন আৰু কলিতা নামঘৰীয়া৷
“বিকাশ, , ঠগীখনৰ ওচৰত পানী এঘটি ৰাখিব’লৈ পাহৰিলি নেকি“? ?
বিকাশক উদ্দেশ্যি কোৱা বৰবায়েনৰ মাতটোৱে গহীন হৈ উঠা পৰিবেশটো আৰু গহীন কৰি তুলিলে৷ কোনো বাক্যব্যয় নকৰি খৰখোজেৰে মণিকুটৰ ভিতৰ সোমালগৈ বিকাশ৷ হাতত দীঘল ডিঙিৰ পিতলৰ ঘটি এটা আৰু সৰু কলপাত অকন লৈ বায়েনৰ সোঁহাতে খোলটো ৰখা স্থানতে ৰাখি পুনৰ নিজৰ জেগাত বহিলগৈ সি৷ বায়েনে ঘটিটো একতিয়া কৰি পানী এচলু সোঁহাতত ল’লে৷ দুইখন হাতৰ তলুৱাৰে পানী চলু মোহাৰি মোহাৰি নামঘৰত বহি থকা সকলোলৈ এবাৰ চালে৷ কিন্তু বিশেষ এজনৰ চকুত চকু পৰাৰ লগে লগে বায়েনৰ চকুদুটা জিলমিলাই উঠিল৷
“কিহে চিদা? তুমি ইমান লুকাই চুৰকৈ কিয় ফুৰা? ? প্ৰতিভা আছে তোমাৰ৷ সৎ কামত লগোৱা৷ ওচৰলৈ আহা৷ ইয়াত বহাহি“৷ বুলি কৈ বায়েনে নিজৰ কাষতে ঢৰাখন পাৰিব পৰা ঠাই অকণমান উলিয়াই দিলে৷ সকলোলৈ সলজ চাৱনি এটা নিক্ষেপ কৰি বায়েনৰ পাছফালে ঢৰা এখন পাৰি বহি ললেহি চিদা৷
:
কলিতা নামঘৰীয়াই অমিতাভ আৰু হিমাংশুৰ লগত সৰু সৰুকৈ কিবা কথা পাতি থাকোতেই সোণটো আহি তেওঁৰ কাণৰ কাষতে কিবা এটা কৈ পুনৰ মণিকুটৰ ভিতৰ সোমালগৈ৷ বাকীসকলে নামঘৰীয়াই মুৰ দুপিয়াই থকাহে দেখা পালে, কিন্তু একো বুজি নাপালে৷ দোখোজ আগুৱাই আহি নামঘৰীয়াই বায়েনৰ লগত কিবা কথা পাতিলে৷ বায়েনও না কৰাৰ ভঙ্গীত দুবাৰমান মুৰটো জোকাৰিলে যদিও পাছত সন্মত হ’ল আৰু বহি থকা ঠাইতে থিয় হৈ পিন্ধি অহা কামিজটো আৰু গেঞ্জীটো খুলি চেলেং চাদৰখন গাত মেৰিয়াই ল’লে৷ বহি থকা ঢৰাখনতে গেঞ্জীটো ৰাখি কামিজটো হাতত লৈ জেপত হাতটো সুমুৱাই কিবা এটা বিচাৰি চালে তেওঁ৷ এক আসুৰিক আনন্দৰ ৰেঘা বৈ গ’ল তেওঁৰ দুই ওঁঠৰ মাজেদি৷
:
“ৰাইজ, , , , , , , আজি আমাৰ এই নতুন নামঘৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ভাওনাৰ নাটমেলা৷ গতিকে আপোনালোক সকলোৰে সহায় – সহযোগ কামনা কৰি শৰাই ভাগ সজাবলৈ আগবাঢ়িছো৷ আশীৰ্বাদ কৰিব সকলোৱে“৷ বুলি সকলোলৈ হাত যোৰ কৰি কৈ উঠিল বৰবায়েনে৷ লাহে লাহে বহা জেগাৰ পৰা উঠি আহি নামঘৰৰ সোঁমাজত আঁঠু লৈ হাত যোৰ কৰি মণিকুটৰ দিশত সেৱা জনাই মুখৰ ভিতৰতে প্ৰাৰ্থনা এটা বিৰবিৰাই উঠিল তেওঁ৷
“অউ, , , , , , , , , , , , , , , হৰি “
বুলি নামঘৰীয়াই কোৱাৰ লগে লগে উপস্থিত সকলোৱে সমস্বৰে গাই উঠিল
“অউ, , , , , , , , , , , , , , ৰাম“৷
বৰবায়েন আৰু নামঘৰীয়া মণিকুটৰ ভিতৰত প্ৰবেশ কৰাৰ লগে লগে আকৌ প্ৰাণ পাই উঠিল নামঘৰটোৱে৷ আকৌ আৰম্ভ হ’ল কথাৰ মহলা৷ কিন্তু আগতকৈ গতি কিছু ধীৰ! !
হঠাত কিবা এটা উফৰি আহি কৌশিকৰ বুকুত খুণ্ডা খাই বহি থকা ঢৰাখন আৰু দুই ভৰিৰ মাজৰ অংশটোত পৰিলহি৷ এনেকুৱা পৰিস্থিতিৰ বাবে মুঠেও সাজু নথকা কৌশিক কিছু বিব্ৰত হৈ পৰিল৷
কি পৰিল এইটো? ?
কি আছে তাত? ?
যি হয় হ’ব বুলি খুলি পেলালে সি সৰু কাগজৰ টোপোলাটো৷ দুখন তামোল৷ পানৰ ভিতৰত অকণমান চুনৰ লগতে ক’লা চাধাকণ দি দিয়াত চুণকণৰ ৰং ৰঙচুৱা হৈ পৰিছে৷ ঠিক সধবা নাৰীৰ শিৰৰ সেন্দূৰকণৰ দৰে! !
তামোলৰ টোপোলাটি আকৌ জপাই ইফালে-সিফালে চাওঁতেই তাৰ চকুৱে চকুৱে পৰি তলমুৰ কৰি পেলালে মণিষাই৷ মুখমণ্ডলত তাইৰ জিভা কামোৰ খোৱাৰ প্ৰতিচ্ছবি স্পষ্ট! ! মুৰতো ঘূৰাই সি কাষতে বহি থকা যাজ্ঞৰ মুখলৈ এবাৰ চাই পঠিয়ালে৷ কিন্তু ই কি? ? মিচিক – মাচাককৈ তাৰ ফালে চাই দেখোন হাঁহি আছে সি৷ অজানিতে হাতৰ টোপোলাটো আগবাঢ়ি গ’ল যাজ্ঞৰ ফালে৷ কৌশিকে জানে এইটোত হক যাজ্ঞৰহে, তাৰ নহয়৷
আন কোনেও লক্ষ্য কৰা নাছিল যদিও এগৰাকীৰ দৃষ্টিৰ পৰা সাৰি নগ’ল এই সমগ্ৰ ঘটনাৱলী৷ এক তীব্ৰ প্ৰতিহিংসাৰ ভাৱে গা কৰি উঠিল তাইৰ সমগ্ৰ সত্ত্বা৷ তাৰেই প্ৰথম পদক্ষেপ হিচাবে একেবাৰে কাষতে বহি থকা মণিষাৰ গাত লাগি থকা হাততো আজোৰ মাৰি আনি যিমান পাৰি দূৰত বহিবলৈ চেষ্টা কৰিলে তাই৷ তাইৰ সঘনাই সলনি হৈ পৰা মুখৰ বৰণ অসহায় ভাবে দূৰৈৰ পৰা চাই ৰ’ল কৌশিকে৷ ধিক্কাৰ দিলে সি নিজৰ জীৱনটোক৷ যিদিনাই তাইৰ লগত ভাৱৰ বিনিময় কৰাৰ সুযোগ মিলে, সেইদিনাই কিবা নহয় কিবা এটা ঘটনাৰ পাকচক্ৰত সোমাই পৰে সিহঁত দুটাৰ প্ৰেম৷ আকৌ এবাৰ কৌশিকে চাই পঠিয়ালে স্যুইটলিনালৈ৷ নাই, , , আজি আৰু তাইৰ মন ঘুৰোৱা সম্ভৱ নহয়৷ বৰ জেদী ছোৱালী তাই৷
তাৰ কান্ধত এখন চেঁচা হাতৰ স্পৰ্শ অনুভৱ কৰিলে সি৷ ঘূৰি চালে, যাজ্ঞ৷ সোঁহাতত তাৰ তালৈ আগবঢ়াই দিয়া এখন তামোল৷ অনিচ্ছা তামোলখন হাতত তুলি ল’লে সি৷
খাব নে নেখাব সি তামোলখন? ?
এইখন তামোলেইটো এইমাত্ৰ তাৰ আৰু স্যুইটলিনাৰ মাজত বিহ ঢালি গ’ল! !
এতিয়া কি কৰিব সি? ?
নামঘৰত বহি বহি আৰু এগৰাকী ছোৱালীয়ে অস্বস্তি অনুভৱ কৰিব’লৈ ধৰিলে৷ এহাল চকুৱে তাইৰ সমগ্ৰ শৰীৰত আঠা লগাদি লাগি ৰৈছে৷ আৰু যেন পৃথিৱীত চাবলগীয়া একো নাই৷
“ ভাল বজ্ৰলেপটোৰ মুখামুখিকৈ বহিলো মই৷ “ মুখৰ ভিতৰতে ভোৰভোৰায় পিন্ধি থকা চাদৰ খনকে ইফালে-সিফালে টানি-টুনি নিজকে সম্পূৰ্ণ আবুৰত ধৰি ৰখাৰ যুদ্ধখন চলাই গ’ল মণিষাৰ কাষতে বহা ঋতুৱে! !
“সোণটো, , , , , , , আৰু কোনোবাই গুৱা-পাণ আগ কৰিছে যদি শৰাই সজোৱাৰ ওচৰলৈ লৈ আহ“৷
মণিকুটৰ ভিতৰৰ পৰা ভাঁহি অহা নামঘৰীয়াৰ গলগলীয়া মাতে বিভিন্ন কথাৰ মহলাৰে বেসুৰা হৈ পৰা পৰিবেশটো আকৌ এবাৰ থানথিত লগাই থৈ গ’ল! !

পঞ্চদশ খণ্ড = গুৰুঘাত
মণিকুটৰ থাপনাখনৰ সমুখত লেপেটা কাঢ়ি বহি ল’লে বৰবায়েন৷ কাষত নামঘৰীয়া৷ সোঁহাতেৰে কলপাত এচিকুট টানি আনি নিজৰ বাওঁহাতে ৰাখি মাটিৰ চাকিগছ তাতে থৈ কাষতে যতনাই থোৱা বটলটোৰ পৰা মিঠাতেল অকণমান ঢালি দিলে তাত৷ চাকিগছত শলিতা বাটি আগতেই তৈয়াৰ কৰি ৰাখিছিল সোণটোৱে৷ জুইশলা কাঠিটো জ্বলাই সোঁহাতেৰে চাকিগছ জ্বলাই দি কাঠিটো চাকিগছৰ ওপৰত দুপাকমান ঘূৰাই লৈ পুনৰ চাকিগছৰ ভিতৰত একতিয়াকৈ ৰাখি নামঘৰীয়াৰ মুখলৈ চাই ৰ’ল৷ চকুত তেওঁৰ অসহায় চাৱনি৷
নহ’বই বা কিয়? ?
জীৱনত প্ৰথম বাৰৰ বাবে শৰাই সজাবলৈ আগবাঢ়িছে৷ ইয়াৰ আগত কিবা বস্তু বিচাৰি সোমোৱাৰ বাদে মণিকুটত সোমোৱাৰ প্ৰয়োজনবোধ কৰা নাই কোনোদিন৷ আজি নামঘৰীয়াই জোৰ কৰাত হে আগবাঢ়ি আহিছে শৰাইভাগ সজাবলৈ৷
“ প্ৰথমে আগলি কলপাত এখন থাপনাৰ সন্মুখত ৰাখি তাৰ ওপৰত শৰাইখন ৰাখক৷ পাতখিলা ওপৰমুৱাকৈ আৰু আগটো থাপনাৰ দিশত দিব৷ “ কৈ গ’ল নামঘৰীয়াই৷ তেওঁ নামঘৰত সাধাৰণতে শৰাই নসজাই৷ আন ক’ৰবাত নামগোৱা বা সকাম পাতিলে সজাবলগীয়া হ’লে নিজেই সজাই৷ নামঘৰীয়া হোৱাৰ বাবে ইয়াত নিজে সজাবলৈ বেয়া পায়৷ তাতে নতুনকৈ গঢ়লৈ উঠা নামঘৰ৷ বৰবায়েন তেওঁতকৈ বয়সত জেষ্ঠ আৰু গাওঁখনত তেওঁৰ এটা বিশেষ সন্মান আছে, সেইবাবেই নামঘৰীয়াই আজি জোৰ কৰিলে বায়েনক৷ কিবা এটা শিকাৰ আগ্ৰহতে প্ৰথমে না কৰিছিল যদিও শেষত সন্মতি জনাইছিল বায়েনে৷
“ এতিয়া চাকিগছিৰ কাষত ধুপ কেইদালমান জলাই দি সেৱা এটি লওক৷ “ নামঘৰীয়াই কোৱাৰ দৰেই বায়েনে কৰি গ’ল সকলোখিনি৷
“তাৰ পাছত ৰাজহুৱাকৈ আগ কৰা তামোলপাণ ভাগ শৰাইৰ সোঁদিশে আৰু ব্যক্তিগত ভাৱে আগ কৰা তামোলপাণ কেইভাগ বাওঁদিশে সুন্দৰকৈ ৰাখি দিয়ক৷ “ কৈয়েই নামঘৰীয়াই বাহিৰলৈ চাই সোণটোক চিঞৰ ধৰিলে৷
“সোণটো, ; , , , আৰু কোনোবাই আগ কৰা তামোলপাণ আছে যদি লৈ আহ৷ আৰু, , , এটা কাম কৰ৷ এবাৰ মণিকুটৰ ভিতৰলৈ সোমাই আহি শৰাইৰ বস্তুবোৰ যতনাই দেহি৷ “
নামঘৰীয়াৰ মাততোলৈহে যেন অপেক্ষা কৰি আছিল সোণটোৱে৷ খৰখোজেৰে মণিকুটৰ ভিতৰলৈ সোমাই আহি বুট-মগু, উপকৰণ, আদা-নিমখ, প্ৰসাদ চাউল ইত্যাদি শৰাইৰ বস্তুখিনি বায়েনক যতনাই দি ঠিয় হৈ ৰ’ল তাতে৷ তাৰো শিকিবলৈ ইচ্ছা আছে এই সকলোখিনি! !
“বায়েন ককাইদেউ, , , , এতিয়া প্ৰসাদ চাউল অলপ সোঁহাতেৰে শৰাইখনৰ ঠিক সোঁমাজতে ৰাখক৷ তাৰপাছত হাতৰ খামোচাত যিমান ধৰে সিমানখিনি মগু সেই প্ৰসাদ চাউলখিনিৰ ওপৰত বহুৱাই দিয়ক৷ চাব যাতে মগুখিনি বহল হৈ নাযায়৷ “ কৈয়েই সোণটোৰ ফালে চালে নামঘৰীয়াই৷
“সৰু কুমলীয়া কলপাত এচিকুত আনচোন৷ “
হাতত লৈয়েই আছিল সি কলপাতৰ টুকুৰা এটা৷ লাহেকৈ আগবঢ়াই দিলে বায়েনলৈ৷
“অ, , , , , , , এইটুকুৰা কলপাতেৰে মগুকেইটা সমান কৰি দিয়ক ককাইদেউ৷ দাঁতি কেইটাও সমান কৰি দিব৷ “
“এতিয়া হাতৰ মুঠিৰে কম কমকৈ মগুমাহ খিনিৰ চাৰিওদিশত চাৰিভাগ বুটমাহ দিয়ক৷ সেইধৰণে প্ৰতিবিধ কলৰে চাৰিটাকৈ চাৰিওদিশত দিয়ক৷ উপকৰণখিনিও একেধৰণে চাৰিওদিশত চাৰিটাকৈ দি শেষত অকণমান নিমখ আৰু কেইচকল মান আদা ওপৰতে দি দিয়ক৷ “ বুলি কৈ উঠি সোণটোৰ ফালে মুখ ঘুৰালে নামঘৰীয়াই৷
“ঠুৰীয়া তামোল ক’ত“? ?
“সেইয়া প্ৰসাদ চাউল ৰখা খোলটোতে আছে“৷ সোণটোয়ে যেন মুখস্থ হে মাতিলে৷ সকলো খিনি তাৰ নখ দৰ্পনত৷ নহ’বনো কিয়? নামঘৰীয়াই দিহা দিয়া মতে সিয়েইটো গোটেইখিনি গোটাই-পিতাই ৰাখিছে৷
“এতিয়া এই ঠুৰীয়া তামোল চাৰিখন একেবাৰে ওপৰত দি দিয়ক ককাইদেউ“৷ কৈয়েই তেওঁ কটাৰী খন লৈ আগলি কলাপাত এখন টান মাৰি আনি তাত ছিদ্ৰ কৰিব’লৈ ধৰিলে৷ সৰ্বমুঠ নটা ছিদ্ৰ৷ মানুহজন শিল্পী হোৱাৰ বাবে সাধাৰণ কলপাত এখিলাতো তেওঁৰ শিল্পই প্ৰাণ পাই উঠিছে৷ কলপাতত কটাৰীৰে কাটি উলিওৱা সেই নটা ছিদ্ৰ, কোনো সাধাৰণ ছিদ্ৰ নহৈ যেন একো একোটা তৰাহৈ হে জিলিকি উঠিছে৷
“ককাইদেউ, , , , , এইখন লওক৷ এইখনেৰে শৰাইখন ঢাকি দিলেই সজোৱাৰ কাম শেষ৷ এতিয়া সেৱা এটি লৈ নামঘৰলৈ আহক৷ “ বুলি কৈয়েই নামঘৰীয়া নৰ’ল তাত৷
মণিকুটৰ পৰা নামঘৰীয়া ওলায় অহাৰ সময়টোলৈ হে যেন উপস্থিত সকলোৱে বাট চাই আছিল৷ পাছে পাছে বৰবায়েনো ওলায় আহি নিজৰ আসনত বহাৰ লগে লগে নামঘৰটোত কাঁহ পৰি জিণ যোৱা অৱস্থা৷ সকলোৰে মনবোৰ ৰোমাঞ্চিত হৈ পৰিছে৷ এই যেন নাট আৰম্ভ হ’ব৷ এই যেন ভাও বিলোৱা কামটো আৰম্ভ হ’ব৷
“ককাইদেউ, , , , দেৰী নকৰিব৷ আৰম্ভ কৰক“৷ নামঘৰীয়াৰ গুৰু গম্ভীৰ মাতত যেন চিন্তাত যতি পৰিল ৰিণ্টু, বিজয়হঁতৰ দৰে আন বহুকেইজনৰ! !
বৰবায়েনে এবাৰ বিকাশৰ ফালে চকুৰ ইঙ্গিতেৰে খুটিতাল যোৰ ল’বলৈ কৈ দুয়োহাতেৰে দীঘলকৈ সেৱা এটি কৰি খোলটো কান্ধলৈ তুলি আনিলে৷ পুনৰ খোলটোত সেৱা এটি জনাই দুয়োখন হাত কপালত লগাই আৰম্ভ কৰিলে গুৰুঘাত! !
খ্ৰতৌ খ্ৰৌ খ্ৰেটিততৌ
তৌ নিত তৌ (আঠবাৰ )
ধেৰ খ্ৰিতা ধেৰ খ্ৰিত তাখ
ধেৰ খ্ৰিতি তাখ
ধেৰ খ্ৰিতি তাখ
তৌ নিত তৌ
তৌ খ্ৰি খ্ৰিত তৌ খ্ৰিট ধেৎ তৌ
খ্ৰিত ধেৎ তৌ
খ্ৰিত ধেৎ তৌ(ৰব)
ঘ্ৰিণা ঘ্ৰিণি তাখি তৌ
খিতা খিতি তাখি তৌ( এই যোৰা আঠ বাৰ)
খ্ৰিত তৌ নিত তৌ ধে–ই! !
গুৰুঘাট বজায়েই পুনৰ খোলটোক সেৱা এটি জনাই সোঁহাতে ৰাখিথোৱা কলপাত খনৰ ওপৰত খোলটো থবলৈ লওতেই নামঘৰৰ শেষৰ ফালৰ পৰা উফৰি অহা এটা প্ৰশ্নই কপালৰ ভ্ৰু কোঁচ খুৱাই আনিলে বৰবায়েনৰ৷
কোন আছিল সেইজন? ?
এনে কি প্ৰশ্ন আছিল সেইটো, যিটোৱে নেকি বৰবায়েনক অসুখী কৰি তুলিছিল? ?
ষোড়শ খণ্ড = কল্যাণ-খৰমান
“গুৰুদেউ, , , , , , , , আন নামঘৰত নাট মেলোতে আসোৱাৰী ৰাগত আৰু পৰিতালত কৃষ্ণ গীততো ঘাটে৷ আমাৰ ইয়াত কিয় গুৰুঘাতটো ঘাটে“? ?
এনেকুৱা এটা প্ৰশ্নৰ বাবে মুঠেই প্ৰস্তুত নাছিল কাকতি বৰবায়েন৷ হঠাত উঠি অহা খঙটো কোনোমতে হজম কৰি প্ৰশ্ন কৰোতাৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই পঠিয়ালে তেওঁ৷ সেইটো দিম্পল৷ ল’ৰাটো এনেয়ে ভাল৷ কিন্তু স্থান, কাল, পাত্ৰ কোনো বিবেচনা নকৰাকৈ এনেকুৱা এটা অবান্তৰ প্ৰশ্ন সুধি দিয়ে যে বৰবায়েনৰ নুঠিবলগীয়া কথাটোতো টিঙিচকৈ খংটো উঠি যায়৷ কিবা এটা ক’ম বুলিও হঠাত ৰৈ গ’ল বায়েন৷ দিম্পলৰ কাষতে বহি থকা ধনজিত আৰু যাজ্ঞই দেখোন মিচিক – মাচাককৈ হাঁহি আছে৷ আচলতে গোটেই কথাটোৰ মুলতে ইহঁত দুটা৷ ইহঁত দুটাই দিম্পলক উচতাই ৰং চাইছে! !
বায়েনৰ সঘনাই সলনি হোৱা মুখৰ ৰং দেখিয়েই নামঘৰীয়াই ধৰিব পাৰিছিল যে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে৷
তেওঁ বায়েনৰ মুখৰ কথা কাঢ়ি আনি গহীন-গম্ভীৰ মাতেৰে কৈ উঠিল “ চা বাপধন৷ প্ৰথমে পিতৃগুৰু, তাৰ পাছত শিক্ষাগুৰু আৰু তাৰ পাছতহে জগতগুৰু৷ সেইবাবেই আমি জগতগুৰুৰ বন্দনা কৰাৰ আগতে সেইজন শিক্ষাগুৰুক স্মৰণ কৰো যিজনে আমাক জগতগুৰুক ভজিবলৈ পথ দেখুৱাই থৈ গ’ল“৷ কথাখিনি কৈয়েই নামঘৰীয়াই বায়েনৰ ফালে হাত যোৰ কৰি ক’বলৈ ধৰিলে, “ককাইদেউ, , , , , আপুনি বচন বিলোৱা আৰম্ভ কৰক৷ সময়বোৰ গৈ আছে“৷
নামঘৰীয়াৰ উত্তৰত যথেষ্ট সকাহ অনুভৱ কৰিলে বায়েনে৷ ইমান সুন্দৰ এটা উত্তৰ হয়তো তেওঁ নিজেই কেতিয়াও দিব নোৱাৰিলেহেঁতেন৷
বহি থকা ঢৰাখনৰ পাছফালে খুটাটোৰ কাষতে চপাই কোচাই থোৱা কামিজটোৰ জেপত কিবা এটা খেপিয়াই চালে বৰবায়েনে৷ হয় আছে৷ জেপৰ পৰা লাহেকৈ কাগজখন লৈ পুনৰ আগৰ দৰেই কামিজটো থৈ দিলে তেওঁ৷ জাপি ৰখা কাগজখন দুয়োখন হাতেৰে মেলি লৈ খুউব সন্তৰ্পনে ইফালে সিফালে এবাৰ চালে৷ নাই, কোনেও মন কৰা নাই কথাটো৷ লিখি অনা ভাওবোৰৰ সৈতে ভাৱৰীয়াসকলৰ নামবোৰ আকৌ এবাৰ পঢ়ি চাবলৈ কিয় জানো মন গ’ল তেওঁৰ! !
“এটা এটাকৈ ভাও আৰু ভাৱৰীয়াৰ নামবোৰ পঢ়াৰ পাছত কেইটামান নামত চকু ৰৈ গ’ল তেওঁৰ৷
বিজয়-শিখণ্ডী, , , , ৰিণ্টু-শকুনি, , , , , , , ! !
বৰবায়েনৰ চকুত বিজুলিৰ চিকমিকনি৷ দুই ওঁঠৰ ফাকেদি এক বক্ৰ হাঁহিৰ ৰেঘা টানি বহি থকা ঢৰাখনৰ পৰা লাহে লাহে ঠিয় হ’ল তেওঁ৷
বায়েনৰ মুখত ফুটি উঠা আসুৰিক তৃপ্তিৰ সেই হাঁহিৰ ভিতৰত সোমাই থকা কুটিল মনটো আনৰ চকুত ধৰা নপৰিলেও সাৰি যাব পৰা নাছিল এগৰাকী মানুহৰ এহালি চকুৰ পৰা! !
প্ৰণীতাবা! !
হয়, প্ৰণীতাবা! !
তেৱেই নামঘৰত উপস্থিত থকা সকলৰ ভিতৰত একমাত্ৰ আছিল, যিয়েই নেকি বৰবায়েনক হাড়ে-হিমজুৰে চিনি পাইছিল৷ বয়সত তেওঁতকৈ কেইবছৰমান সৰু হ’লেও প্ৰায় সমনীয়াই আছিল তেওঁলোক৷
সেইবাবেই বাইদেৱে ৰন্ধ্ৰে ৰন্ধ্ৰে চিনি পাইছিল তেওঁক৷ তেওঁ বুজি উঠিছিল, মিনিটে মিনিটে সলনি হৈ পৰা বায়েনৰ মুখৰ অভিব্যক্তিয়ে যেন আগন্তুক এক অসহিষ্ণু পৰিবেশ সৃষ্টি কৰিব’লৈ হে আগবাঢ়িছে৷
এই কথায় কথা নহয়৷ হঠাত প্ৰণীতাবায়ে কাষতে বহি থকা কংকনাবাৰ ডিঙিত ধৰি মুখৰ কাষলৈ টানি আনি কাণতে কিবা এটা ফুচফুচাই ক’লে৷ কিবা শুনা পাওঁ বুলি পাছতে বহি থকা মাধুৱেও কাণ উনালে যদিও একো হ’লে বুজি নাপালে৷ আলস্য ভাৱে বহি থকা কংকনাবা যেন হঠাৎ সক্ৰিয় হৈ পৰিল! !
নামঘৰত কাঁহ পৰি জিন যোৱা পৰিবেশ৷ সকলোৰে মনৰ মাজত উত্তেজনা বিৰাজমান৷
কোনে কি ভাও পাব? ?
কৃষ্ণ পূৰ্বৰ দৰেই মৃদুলে পাবনে? ?
বিজয়ে ছাগৈ ভীমটো পাবয়েই! !
অৰ্জুণটো ৰিণ্টুৰ বাদে আনে ইমান সুন্দৰ কৈ ফুটাই তুলিব পাৰিবজানো? ?
বিজয়ে যদি ভীম পায় তেন্তে অমিতাভে কি পাব? ?
ৰিণ্টুৱে অৰ্জুণ পালে কৰ্ণ কোনে কৰিব? ?
হাজাৰটা প্ৰশ্নই ক্ষন্তেকতে দোলা দি গ’ল প্ৰত্যেকৰে মন-মগজুত! !
“ৰাইজ, , , , , আপোনালোকে জানেই যে আজি আমি নতুন নামঘৰত প্ৰথমবাৰৰ বাবে ভীষ্মপৰ্ব নাটখন মেলিবলৈ আগবাঢ়িছো৷ আপোনালোকে পূৰ্বৰ পৰম্পৰা অনুসৰি যাকেই যি ভাও দিয়া হয়, কোনো প্ৰতিবাদ নকৰি হাঁহিমুখে গ্ৰহণ কৰিলে আমি নথৈ সুখী হ’ম আৰু আমাৰ অতিজৰে পৰা চলি অহা পৰম্পৰাও অক্ষুণ্ণ থাকিব“৷ কথাকেইটা কৈয়েই বৰবায়েনে নামঘৰত বহি থকা মানুহখিনিলৈ এবাৰ চাই পঠিয়ালে৷ হঠাত তেওঁৰ চকু পৰিল তেওঁৰ সমুখা -সমুখীকৈ গোঁসাই খুটাৰ কাষতে বহি থকা প্ৰণীতাবাৰ চকুত৷
কিন্তু ই কি? ?
কি দেখিছে তেওঁ প্ৰণীতাবাৰ চকুত? ?
তেওঁ আজি ভীষ্মৰূপে সজাইছিল নিজকে৷ কিন্তু কি দেখা পালে প্ৰণীতাবাৰ সেই কৰুণ চকুযুৰিত? ?
নাই নাই, , , , এইয়া হ’বই নোৱাৰে৷
তেওঁৰ চকুৱে ভুল দেখিছে এইয়া! !
পুনৰ চাই পঠিয়ালে তেওঁ প্ৰণীতাবাৰ সেমেকা চকুযুৰিলৈ৷ হয়, ঠিকেই দেখিছে তেওঁ৷
সেই চকুযুৰিত যেন অম্বাৰ প্ৰতিচ্ছবি দেখা পাইছে তেওঁ! !
অম্বা! !
হয়, সেই অম্বা! !
যি অম্বাক সয়ম্বৰ সভাত উপস্থিত সকলো ৰাজকুমাৰক পৰাভূত কৰি পিতামহ ভীষ্মই বলপূৰ্বক ভাবে লৈ আনিছিল নিজ ভাতৃ বিচিত্ৰবীৰ্য্যৰ বাবে! !
সেই অম্বা, যি অম্বাক শাল্বৰাজৰ লগত প্ৰণয় থকা বুলি গম পোৱাৰ পাছত আকৌ ঘূৰাই পঠাইছিল পিতামহে৷ শাল্বৰাজেও গ্ৰহণ নকৰাৰ পাছত পুনৰ ঘূৰি অহা অম্বাক গ্ৰহণ কৰিব’লৈ ভীষ্মক কৰা কাতৰ আহ্বান যেন আজি প্ৰণীতাবাৰ চকুযুৰিত দেখা পাইছে তেওঁ! !
প্ৰণীতাবাৰ সেই চকুৰ দৃষ্টি সহ্য কৰিব নোৱাৰি চকু তললৈ নমাই আনিলে বৰবায়েনে৷ কিছুসময় তভক মাৰি ৰৈ পুনৰ সমুখলৈ চাই পঠিয়ালে তেওঁ৷ চকুৱে চকুৱে পৰিল কংকনাবাৰ৷
কিন্তু ই কি! !
ধম্ কৈ বুকুখনত যেন কোনোবাই হাতুৰীৰে কোব বহুৱাই গ’ল বৰবায়েনৰ! !
কি দেখিলে তেওঁ কংকনাবাৰ চকুযুৰিত? ?
হয়, বাইদেউৰ চকুযুৰি যেন এক জ্বলন্ত অগ্নিপিণ্ড হে! !
সেই চকুযুৰিত যেন থিতাপি লৈছেহি অম্বাৰ সেইসময়ৰ প্ৰতিচ্ছবিয়ে, যি সময়ত ভীষ্মৰ দ্বাৰা উপেক্ষিত হৈ ভীষ্মবধৰ চৰম প্ৰতিজ্ঞা কৰি জ্বলন্ত অগ্নিত আত্মজাহ দিয়াৰ আগমুহূৰ্তত ভীষ্মৰ প্ৰতি থকা প্ৰচণ্ড ঘৃণাই! !
“নাই নাই, , , , , , এইয়া কি কৰিব’লৈ ওলাইছে তেওঁ৷ তেওঁ যি কৰিব’লৈ ওলাইছে সেয়া কৰিলে দেখোন গাওঁখন পুনৰ দুফাল হ’ব৷ গাঁৱত আকৌ এটা নামঘৰ হ’ব৷ তেওঁৰ মনৰ ভিতৰতে দেখোন এজন বংশী মুক্তিয়াৰ লুকাই আছে৷ নাই নাই, , , , , , , , , , , তেওঁ বংশী মুক্তিয়াৰ হ’ব নোৱাৰে৷ আৰু কোনো বংশী মুক্তিয়াৰ গাওঁখনত সৃষ্টি হ’বলৈ দিব নোৱাৰি“৷ অনুস্ব কণ্ঠেৰে বিৰবিৰাই উঠিল কাকতি বৰবায়েনে৷ ডিঙিতো যেন শুকাই গৈছে তেওঁৰ৷ কোন মুহূৰ্তত হাতত লৈ থকা ভাও আৰু ভাৱৰীয়াৰ নাম লিখি লৈ অহা কাগজখন মুচৰি লাডু বনাই পেলালে নিজেই ক’ব নোৱাৰিলে তেওঁ! !
অসহায় ভাৱে কলিতা নামঘৰীয়াৰ ফালে চাই ৰ’ল কাকতি বৰবায়েন৷ জীৱনত আহি পৰা যিকোনো বিপদৰ সময়ত কোনোদিন লগ এৰা দিয়া নাই এই মানুহজনে৷ আজিও যেন এটা ডাঙৰ বিপদৰ সন্মুখীন হৈছে তেওঁ৷ নামঘৰীয়াই যেন কিবা এটা বুজি উঠিল৷ বৰবায়েনৰ চকুলৈ চাই মুৰ দুপিয়ালে তেওঁ৷
“ৰাইজ, , , , , , আমি মতা মানুহখিনিয়েই সদায় ভাওনা কৰি আহিছো৷ আমি ডেকা থাকোতে অকল পুৰুষেহে নামঘৰত ভাও দিব পাৰিছিল৷ মহিলাৰ দ্বাৰা ভাও দিয়া নিষেধ আছিল৷ লাহে লাহে সেই নিষেধাজ্ঞা শিঠিল হৈ নামঘৰত ছোৱালীয়ে ভাও ল’ব পৰা হ’ল৷ “
কথাকেইটা কৈয়েই অলপ সময় ৰ’ল বৰবায়েন৷ সদায় বীৰদৰ্পে থকা বৰবায়েন যেন আজি বিধস্ত৷ আজি যেন খুউব ভাগৰুৱা তেওঁ! !
লাহে লাহে তেওঁ দুইহাত যোৰ কৰি কপালত লগাই থোকাথুকি মাতেৰে কৈ উঠিল, “ ৰাইজ, , , , , , , , , , , , আপোনালোক দ্বিমত নহ’ব৷ এইবাৰ নাটখন বিবাহিত-অবিবাহিত সকলো মহিলাৰ দ্বাৰা কৰা হওক৷ মই আপোনাসৱৰ চৰণত সেৱা জনাই মিনতি কৰিছো, আপোনালোকে হয়ভৰ দিয়ক৷ এক নতুন পৰম্পৰাই আমাৰ নামঘৰৰ পৰা গতি লাভ কৰক“৷ বুলি কৈয়েই হুকহুকাই কান্দি উঠিল কাকতি বৰবায়েন৷
আচম্বিতে ঘটি যোৱা ঘটনাটোৱে নামঘৰত উপস্থিত থকা প্ৰায়খিনি মানুহৰে চকু সেমেকাই তুলিলে৷ বৰবায়েনৰ লগতে হুকহুকাই কান্দি উঠিল প্ৰণীতাবা, বিজয়, ৰিণ্টুকে ধৰি আন বহুতো! !
পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি সষ্টম হৈ উঠিল কলিতা নামঘৰীয়া৷ বহি থকা ঠাইতে হঠাত ঠিয় হৈ তেওঁ চিঞৰি উঠিল৷
“আয়তীসকল, , , , , , , এইয়া এটা ভাল কামৰ আৰম্ভণি৷ আপোনালোকে উৰুলি দিয়ক৷ সোণটো, , , , , , , , ক’ত আছ? ? দবাত কোব দে৷ আজি আমাৰ বাবে এটা গৌৰৱৰ দিন৷ আদিত্য, , , , , , তুমি শঙ্খ বজোৱা৷ যাজ্ঞ, , , , , সোণটোৰ ওচৰলৈ আহ৷ ঘণ্টা বজা৷ দবা, শংখ, ঘণ্টা, উৰুলিৰ মাতেৰে মুখৰিত হওক আমাৰ মৰমৰ গাওঁখন৷ সকলোৱে মিলি একতাৰ ডোলেৰে আগবাঢ়ি যোৱাৰ শপত লওঁ আহক এই নামঘৰৰ মজিয়াতেই “! !
ডুডুম•••••ডুডুম•••••ডুডুম
দবা, শংখ, ঘণ্টা, উৰুলিৰ মধুৰ আলোড়নে আনন্দৰ বন্যা কঢ়িয়াই লৈ গ’ল নীৰৱে নিটালে শুই পৰা ৰংজুলি গাওঁ খনলৈ! !
সেই ধ্বনিৰ মাজত হেৰাই গ’ল বংশী মহাজনৰ পদূলিৰ মুখত থকা জৰীগছ জোপাৰ ফেঁচাটোৱে দূৰ্বল কণ্ঠেৰে কৰা কৰ্কশ গেঙনি! !

••••••••••••••••সমাপ্ত•••••••••••••••••

উপসংহাৰ
•••••••••••
দবা-কাঁহ, শংখ-উৰুলিৰ মঙ্গলধ্বনিত মুখৰিত হৈ পৰিল ৰংজুলি গাওঁ৷ সাজ লাগি গৈছেহে মাথোন৷ কাৰো ঘৰৰ চৌকাত জুয়ে থিতাপি ল’বৰ সময় হোৱাই নাছিল তেতিয়া৷ নামঘৰৰ পৰা ভাঁহি অহা শব্দই যেন গাওঁখনৰ বেছিভাগ মানুহৰে হৃদয়ত আনন্দৰ বন্যা বোৱাই গ’ল৷ পাৰভঙা উচাহত ঘৰৰ ভিতৰত যি যেনেকৈ আছিল তেনেকৈয়ে লৰ ধৰিলে নিজৰ আগচোতালৰ দিশে৷ আজি এটা শুভ কামৰ আৰম্ভণি ঘটিছে৷ গাওঁখনৰ অপায়-অমঙ্গল দূৰ হোৱাৰ কামনাৰে সকলোৱে হাত যোৰ কৰি উঠিল নামঘৰৰ দিশে! !
কিংকৰ্তব্যবিমুঢ় হৈ বহা জেগাতে থৰ হৈ পৰা নামঘৰৰ মানুহখিনি পুনৰ প্ৰাণচঞ্চল হৈ উঠিল বিজয়ৰ কথাকেইটা শুনি৷ তাৰ এটাই মাত্ৰ কথা, প্ৰণীতা বাইদেৱে নাটখন পৰিচালনা কৰিব আৰু সকলোৱে মিলি তেওঁক সহযোগ আগবঢ়াব৷ সকলোৱে হৰিধ্বনী দিয়াত বাইদেৱে নিজৰ দুটামান কবলগীয়া কথা কৈয়েই নীলুক আকাৰে ইংগিতে কিবা এটা ক’লে৷ নীলুৱেও ঠিয় হৈ সকলোৰে জ্ঞানাৰ্থে নামঘৰত ভাওনা কৰোতে পালিবলগীয়া নীতি নিয়মৰ বিষয়ে থুলমুল কৈ বৰবায়েনক অনুৰোধ কৰিলে কৃষ্ণগীত ঘাটিবলৈ৷
গীতৰ ছন্দে ছন্দে লয়লাস ভঙ্গিমাৰে কৃষ্ণৰূপী মান্তা নামঘৰৰ মাজ পাওঁতেই বৰবায়েনৰ গীত ঘটাও শেষ হৈছিল৷ আৰু সকলোকে বিমুহিত কৰি মান্তাৰ মুখত সুললিত হৈ ফুটি উঠিছিল নতুন নামঘৰৰ প্ৰথমখন ভাওনাৰ প্ৰথম ফাকি বচন! !
সেই যি ধাৰা নামঘৰত আৰম্ভ হ’ল, সেই ধাৰা আজিও অব্যাহত হৈ ৰ’ল নামঘৰৰ লগত জড়িত সকলোৰে মনৰ কোঁহে কোঁহে৷
অহা আহিল, যোৱা গ’ল৷ বাছকবনীয়া খিনি ৰৈ গ’ল৷
ৰংজুলি গাঁৱৰ কাষতে থকা চহৰখন লাহে লাহে গাভৰু হ’ল৷ আশেপাশে থকা সৰু সৰু গাওঁবোৰ বুকুত সাৱতি চহৰখনে দক্ষিণৰ দিশলৈ আগুৱাই গ’ল৷ ৰংজুলিও বাদ পৰি নগ’ল! !
ৰংজুলি গাওঁখন নগৰখনৰ গাতে লাগি আছিল, সেইবাবে নতুন নতুন মানুহে মাটি কিনি ঘৰ বান্ধি নিগাজী হ’লহি গাওঁখনত৷ লাহে লাহে তেওঁলোকো সোমাই পৰিল গাওঁখনৰ মানুহখিনিৰ অন্তৰৰ ভিতৰচৰাত৷ কোন নতুন, কোন পূৰণি কোনেও হিচাব নৰখা হ’ল৷ সকলোৰে মাথো এটাই উদ্দেশ্যে গাওঁখন ভাল হ’ব লাগে, গাঁৱৰ উন্নতি হ’ব লাগে৷ নতুন-পুৰণি মিলি নামঘৰত নিতৌ চাৰি প্ৰসঙ্গ নাম যোৰা হ’ল৷ সকলো মিলি আলোচনা চলে নামঘৰটো দহোৰাইজৰ মাজত জাকত জিলিকা কৰি তোলাৰ বাবে৷ সকলোৰে সন্মিলিত প্ৰচেষ্টাত ঠুনুকা অৱস্থাত থকা নতুন নামঘৰটোৱে প্ৰগাঢ় ৰূপ পালে নিচেই কম দিনৰ ভিতৰতে আৰু গোটেই অঞ্চলটোৰ মাজত এটা জাকত জিলিকা নামঘৰ হৈ মুৰ ডাঙি ঠিয় হ’বলৈ সক্ষম হ’ল৷ সেই বিজয় ধাৰা আজিও অব্যাহত আছে আৰু হাজাৰটা বংশী মুক্তিয়াৰৰ প্ৰত্যাহ্বানক ওফৰাই পেলাবলৈ সাজু আৰু সক্ষম হৈ উঠিছে! !
চৰম লজ্জা আৰু অপমানত বিধ্বস্ত হৈ কঁকাল ভাঙি পৰা বংশী মুক্তিয়াৰো কিন্তু এনেয়ে বহি থকা নাই৷ সুযোগৰ অপেক্ষাত ৰৈছে তেওঁ৷ তেওঁৰ সাংগো – পাংগো ৰত্ন গাওঁবুঢ়া, কণ্ঠি সাতোলাকে ধৰি গোটেই স্তাৱক বাহিনীটোৱে অহৰহ সুযোগৰ সন্ধান চলাই আছে৷ মাজে মাজে দুই এখন শীতল যুদ্ধও চলি নথকা নহয়৷ কিন্তু এক বৃহৎ অঘটন ঘটোৱাৰ অপেক্ষাত এতিয়াও আশাবন্দী বংশী মুক্তিয়াৰ! !
(অ’ পাহৰিছিলোৱেই৷ ইয়াত নামঘৰৰ পালিত নীতি-নিয়ম সম্পৰ্কে কিবা যদি ভুল-ভ্ৰান্তি ৰৈ গৈছে আপোনাসৱে নিজ গুণে ক্ষমা কৰি দিব৷ মই নিজে 1984 চনৰ পৰা 1988 চনলৈকে নামঘৰত খোল বজাইছিলো৷ সেই সময়তেই যিবোৰ দেখিছিলো, যিবোৰ শিকিছিলো তাকেই অংকন কৰিব’লৈ চেষ্টা কৰিছিলো এই কাহিনীটোত৷ 1988 চনত মেট্ৰিক পাছ কৰি উঠাৰ পাছত ওপজা গাওঁখনৰ লগত সম্বন্ধ প্ৰায় শেষ হৈ গৈ ওপজা ঘৰখনত হে স্তুপিকৃত হৈ ৰৈছিল৷ গতিকে ভুল হোৱাতো স্বাভাৱিক৷
সদৌ শেষত প্ৰতিজন পঢ়ুৱৈলৈ পুনৰবাৰ সেৱা জনালো৷ ফটাঢোল বাদক সকলৰ মৰম নোপোৱা হ’লে এইখনে কলিতে মৰহি গ’লহেঁতেন৷ পঢ়ি কি পালে, কি নাপালে সেয়া আপোনালোকৰ হাতত৷ )

■■

8 Comments

  • ৰিণ্টু

    বংশী মুক্তিয়াৰৰ দৰে চৰিত্ৰ এটা সকলো গাওঁ, সকলো সমাজতে বিদ্যমান। খুব ভাল লাগিল পঢ়ি, লিখি থাকিব দাদা

    Reply
  • অভিজিত কলিতা

    গাঁ‌ৱৰ পৰিবেশৰ নিখুত বৰ্ণন, ডিটেইলিং, ভাষা, বিন্যাস, কি কম আৰু? অনন্য!

    Reply
  • পৱন বুঢ়াগোহাঞি

    সামগ্ৰিকভাৱে গ্ৰাম্য জীৱনৰ এখন জীৱন্ত ছবি অঁকাৰ প্ৰচেষ্টা প্ৰতিটো বাক্যতে বিদ্যমান । গুৰুজনাৰ ভাওনা-সংস্কৃতিক মাধ্যমৰূপে লৈ নামঘৰৰ ভিতৰ-চ’ৰাত কৰণীয় প্ৰতিটো খুটি-নাটি কথা ভীষণ আন্তৰিকতাৰে, আথে-বেথে বৰ্ণনা কৰিছে । বংশী, ৰিণ্টু, বিজয়, প্ৰণীতাবা আদি চৰিত্ৰসমূহে ‘ভাওনাৰ আখৰা’ৰ কাহিনীভাগক আগবঢ়াই নিয়াত অকণো কৃপণালী কৰা নাই ।
    সৰ্বশেষত এষাৰ কথা ক’বৰ মন গৈছে । আগলৈ শব্দৰ মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখিলে পাঠকৰ বাবে অধিক সুখপাঠ্য বুলি ভাবোঁ ।

    Reply
  • Chayakshi borah

    হিতেশ ডেকাৰ উপন্যাস পঢ়ি থকাৰ দৰে লাগিল..

    Reply
  • শুভচিন্তক

    গাঁৱৰ উপাদানখিনি ভাল, সেইখিনি সাহিত্য| কাহিনী… মনে সজা কাহিনীতো লেখকে কাৰোবাক বদনাম কৰাৰ সীমা থাকে| ঈশ্বৰে সুমতি দিয়ক|

    Reply
    • অভিজিত কলিতা

      আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ। লেখকে অৱশ্যে প্ৰথমতেই নিজৰ কথাখিনি কৈছে-

      “এই লেখাটো কাকো জনমানসত হেয় প্ৰতিপন্ন কৰিব’লৈ নাইবা কাৰো মনত আঘাত দিবৰ বাবে লেখা নাই৷ মনত ভাৱ এটা উপজিল, লেখিবলৈ লৈছো৷ কাহিনীভাগৰ লগত কোনো বিষয় বা ব্যক্তিৰ মিল দেখা পালে ই কাকতালীয় বুলি ধৰি ল’ব৷ সকলো নামৰ লগত থকা সম্বন্ধ বোৰ উঠাই দিলো৷ তাৰবাবে সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী”

      গতিকে আনভাৱে নোলোৱাই ভাল!

      Reply
  • পাৰবীন

    উপন্যাসিকাখনৰ গতি খুব সাৱলীল । চৰিত্ৰসমূহৰ বৰ্ণনাবোৰ বাস্তৱসন্মত । বংশী মুক্তিয়াৰৰ দৰে চৰিত্ৰ প্ৰতিখন সমাজতে আছে । আমাৰ সমাজৰ গাঁওৰ ছবি এখন ফুটাই তুলিবলৈ সক্ষম হৈছে । তাতোকৈও প্ৰয়োজনীয় কথা, ইমানখিনি ব্যস্ততাৰ মাজতো লেখা এনেবোৰ কাহিনীয়েই আমাৰ ভাষা-সাহিত্যৰ চালিকাশক্তি । ৯৫ নম্বৰ পৰিপূৰ্ণতা পোৱা উপন্যাসখনৰ পৰা ৫ নম্বৰ চাফ-চিকুণৰ বাবে, অ’ নহয়, বানানৰ বাবে কাটি ৰাখিলো ।

    Reply

Leave a Reply

Your email address will not be published.