আধা মিনিটৰ অগল্প -মালবিকা কলিতা
নৰেনে কোৰ্টত বিবাহ-বিচ্ছেদৰ আবেদন জনালে৷ পত্নী হীৰাই একো বুজি পোৱা নাই, তাইৰ ভুল ক’ত হ’ল? বিয়াৰ দিন ধৰি হীৰাই যি কৰিছে নৰেনক সুখী কৰিবলৈকে কৰিছে৷ দুয়োৰে প্ৰেমৰ সাক্ষী স্বৰূপে সিহঁতৰ মাজত এটা মৰমলগা ল’ৰা পোৱালিও আহিছে৷ পুতেকটোও দেখাই শুনাই এক্কেবাৰে নৰেনৰ লেখিয়া হৈছে৷ মাক-বাপেক, বিশেষকৈ বাপেকৰ চকুৰ মনি সি৷ কিন্তু যোৱাবাৰ হীৰাৰ মাকৰ ঘৰৰপৰা অহাৰ পিছৰে পৰা নৰেনে পুতেককো কিবা মৰম নকৰা হৈছে যেন অনুভৱ কৰিছিল হীৰাই, সুধিলেও একো নকয় নৰেনে৷ হীৰাই ভাবিলে কিবা কথাত খং উঠি আছে চাগে সময়ৰ লগে লগে থিক হৈ যাব৷ কিন্তু বিবাহ-বিচ্ছেদ! হীৰা হতভম্ব৷
যথাসময়ত কোৰ্টত হাজিৰ হ’ল নৰেন হীৰা৷ উকিলে নৰেনক প্ৰশ্ন কৰিলে কিয় তেওঁ বিচ্ছেদ বিচাৰিছে? নৰেনে ঘপহকৈ ক’লে হীৰাই তাৰ লগত বিশ্বাসঘাতকতা কৰিছে৷ আনকি সিহঁতৰ কলিজাৰ টুকুৰাটোও সিহঁতৰ নহয় হেনো৷ কোৰ্ট ৰূম কাঁহপৰি জীণ গ’ল৷ নৰেনে কি কয় এয়া৷ নৰেন হীৰাৰ প্ৰেমৰ উদাহৰণ ওচৰৰ সাতখন গাঁৱলৈ দিয়ে, হীৰাই নৰেনক বিশ্বাসঘাটকতা কৰিব! ই অসম্ভৱ৷ নৰেনক সোধাত সি ক’লে যে সাক্ষী আছে৷ যি জানে সিহঁতৰ পোনাকণ নৰেনৰ সন্তান নহয়৷ যিয়ে গাড়ীত সকলোৱে শুনাকৈ কৈছিল সিহঁতৰ ল’ৰাটো নৰেনৰ সতীয়া বুলি৷
সাক্ষীক মতা হ’ল৷ সাক্ষীৰ লগত যেতিয়া সাক্ষীবাদী চলিলতেহে ওৰহী গছৰ ওৰ পৰিল৷ সেইদিনা নৰেন সপৰিয়ালে হীৰাৰ মাকৰ ঘৰৰপৰা আহি আছিল বাছত৷ কাষত আছিল এই সাক্ষীজন৷ নৰেনৰ কোলাত পোণা৷ নৰেনে বাছত বহি চিগাৰেট এটা জ্বলাই হাতত চাধা অকন ল’লে৷ কাষৰ মানুহজনে গোটেই ঘটনাটো চাই আছিল কেনেকৈ নৰেনে কেঁচুৱাটো কোলাত লৈ চাধা মাৰি চিগাৰেট জলালে! সেয়ে মানুহজনে নৰেনক কৈছিল যে ল’ৰাটো নৰেনৰ সতীয়া নেকি যে তাক কোচত বহুৱাই সি চাধাই চিগাৰেটে খাই আছে যে!
☆ ★ ☆ ★ ☆