বালকৰ বচন – বিকাশ দত্ত
১) সৰস্বতী পূজাৰ ফটো চাই ছোৱালী পছন্দ কৰা আৰু চিকেন বুলি ছয়াবিন খোৱা একেই কথা।
২) পিয়াঁজ নোহোৱা বড়া আৰু দাড়ি নোহোৱা ল’ৰা, কোনো কাম নাই।
৩) ডেকাকালত প্ৰেম আৰু বুঢ়া কালত পিৰিতি, নিতান্তই প্ৰয়োজনীয়।
৪) সময় থাকোঁতেই লিখি লোৱা চেনেহীৰ নাম হিয়াত, নহ’লে পিছৰ পৰ্যায়ত ক’ব লাগিব “গোল্লা বিলাম তোমাৰ বিয়াত!”
৫) আলু নোহোৱা চিঙৰা কোনেও নাখায়, টকা নোহোৱা ল’ৰা কোনেও নাচায়।
৬) প্ৰেম কৰাঁ কিন্তু ইয়াৰ প্ৰতিদান নিবিচাৰিবা।
৭) নিজৰ হৃদয়ৰ ৱাইফাইৰ পাছৱৰ্ড সকলোকে নিদিবা।
৮) সঁচা প্ৰেমৰ ডাটাপেকৰ দাম সময়ৰ লগে লগে বাঢ়ি যায়।
৯) তপা মানুহবোৰৰ বেছিভাগৰে উপাধি তালুকদাৰেই হয়।
১০) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছাটো হ’ল পাছপৰ্ট ফটো।
১১) ইতিহাসৰ প্ৰথমগৰাকী বেষ্টি ভগৱান শ্ৰীকৃষ্ণ।
১২) যদি নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত চাটিঙ কৰি থাকোঁতে পোৰা পোৰা গোন্ধ পাইছে তেন্তে জানিব যে আপুনি ভুলক্ৰমে তাইৰ আগত তাইৰ বান্ধৱীক প্ৰশংসা কৰিছে।
১৩) ইনবক্সত দাদা বুলি মেছেজ দিলে ভয় নাখাব, কাৰণ মাইনাসকলে ক্ৰাছ হিচাপে ল’বলৈ বয়সৰ সীমা নাচায়।
১৪) ঘনে ঘনে সলনি হোৱা Crush ক Chorus বুলি কোৱা হয়।
১৫) লাইন দিয়াতো তোমাৰ নিয়ম বনোৱা, কিন্তু অনলাইন থাকিও লাইন নিদিয়াটোক তোমাৰ স্বভাৱলৈ পৰিৱৰ্তন কৰা।
১৬) ৰাইজে কয় দৰা, আমি কওঁ খতৰৌ কে খিলাড়ী।
১৭) তামিলনাডু হেজ ৰজনীকান্ত, অসম হেজ ৰাকু দা!
১৮) ছোৱালীৰ ক্ল’জ ল’ৰা ফ্ৰেণ্ডবোৰেই হ’ল প্ৰেমিকৰ প্ৰধান শত্ৰু।
১৯) প্ৰেমিকৰ ৰূপত থকা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীবোৰক শাস্ত্ৰত বেষ্টি বুলি কোৱা হৈছে।
২০) কইনা চাবলৈ গ’লে দাড়ি নকটাকৈ (যদিহে আছে) যাব লাগে। কাৰণ আধুনিক নাৰীয়ে দাড়ি আৰু গাড়ীক খুব বেছি গুৰুত্ব দিয়ে।
২১) পৰচৰ্চা কৰিলে কেনেকৈ ৰাতি পুৱাই যায় গমেই নাপায়।
☆ ★ ☆ ★ ☆
1:15 pm
হাঃ হাঃ
3:04 pm
এনে সুন্দৰ বালক বচন। বঢ়িয়া