প্যাৰ কা দুচমন (ফ্লপ শ্ব) -কুশুমাঞ্জলী শৰ্মা
বয়স এঘাৰ মান চলি থকা দিনৰ কথা৷ ৰোল নং এক আছিল টেলেকা চকুৱা, চুলি ঠৰঙা আৰু ৰোল নং দুই আছিল জপৰা ছুলিয়া, খৰিকাৰ দৰে হাত ভৰিৰে ফৰিং এজনীৰ৷ তাতে চকু দুটা পিতল চকুৱা৷
ফৰিঙৰ কিতাপ টেলেকাই এদিন খুজি নিলে, তাৰ পিছদিনা ঘূৰাই দি কিবা বস্তু আছে বুলি কৈ কাষৰ পৰা দৌৰ৷ প্ৰভূ কিনো আছে কিতাপৰ ভিতৰত?
থৰ থৰকৈ ভয়নে আবেগত কঁপি কঁপি ফৰিঙে লগৰ জনীক দেখুৱালে৷ হয়, সেইদিনত পাণপাতত শৰেৰে হনা লাভচিন নাছিল৷ কিন্তু এষাৰ ভয়ানক কথা আছিল,
:-আই লাভ ইউ৷ কাকো নকবা৷ মই তোমাক বিয়া কৰাম৷
তাইও ক’লে, সি তোৰ লাভত পৰিছে৷
হায় ভগৱান! ফৰিঙৰ দৰা টেলেকা চকুৱা, হাড়গিলা, চিঠিখন এতিয়া ক’ত লুকাব তাই? ঘৰলৈ আহি পুখুৰীৰ কাষৰ আলুতলিলৈ গ’ল৷ তাতে এন্দুৰৰ গাত আছিল৷ চিঠিখন তাতে সুমুৱাই থৈ দলিচপৰাৰে গাতৰ মুখ ঢাকি আহিল৷
বৰদেউতাকৰ ল’ৰা টেন্টন শকুনিয়ে ক’ৰ পৰা চাই আছিল জানো!
চিঠি গৈ পিছদিনা হেডচাৰৰ ৰুম পালে৷ হেডচাৰে ৰুমত টেলেকাৰ বাপেক, ফৰিঙৰ বাপেকক লৈ পঞ্চায়ত বহোৱালে৷ আচামীক তলব কৰা হ’ল৷
কি ক’ব আৰু!
প্ৰেম পূজাৰীক যুগে যুগে কাঠগৰাত থিয় কৰাই আহিছে৷ সৱ প্যাৰ কা দুচমন৷ প্ৰেমে বয়স নামানে বুলি ভুপেনদাই কৈ গৈছিল৷ পঞ্চায়তৰ আগত যেন অৰ্থহীন হৈ পৰিল৷
উস্ ,হেডমাষ্টৰৰ আদালতত জাউৰিয়ে জাউৰিয়ে ভৎৰ্সনা৷
হাজিৰ হৈ থৰ থৰকৈ কঁপি কঁপি টেলেকাই একোণত ঠিয় দি আছিল৷ বাপেকে দুইচৰ লগাই দিলে৷ হায়, প্ৰেমিকাৰ আগত অৰ্থাৎ তাৰ ভৱিষ্যতৰ কইনাজনীৰ আগত বাপেকৰ চৰ খাই বেচেৰাৰ মগজু নষ্ট হ’ল যেন৷
ভয়ে লাজে থিয় দি থকা জেগাতেই নীলা হাফপেণ্টৰ তলেৰে চুৰচুৰকৈ গৰম পানীৰ ধাৰা বোৱালে৷
এইবাৰ ফৰিঙৰ মৰণৰ পাল৷ এন্দুৰৰ গাতত চিঠি লুকুৱাই অপৰাধীৰ অপৰাধ কাৰ্যত সহায় কৰাৰ বাবে ফৰিঙৰ নাম বজ্জাত ফৰিং চৰী বদমাছ ছোৱালী নামে অভিহিত কৰা হ’ল৷
ইতিমধ্যে ঘটনাৰ ভয়াবহ পৰিণতি দেখি ফৰিঙৰ চকুৰ নিমখীয়া পানীৰ দুটি নদী বৈয়েই আছিল, এইবাৰ নাকৰ শেঙুন লগ হৈ ওঁঠৰ ওপৰেৰে গৈ ঠুতুৰীৰে ব’লে৷ টেলেকাই মজিয়াত বানপানী কৰিয়েই থৈছিল, এইবাৰ চকুৰ পানী, নাকৰ শেঙুন মিলি হেডচাৰৰ কোঠাৰ পৰ্দা নিমখময় হ’ল৷
☆ ★ ☆ ★ ☆