ফটাঢোল

শহুৰ আৰু বোৱাৰী-পৰিহাৰ শৰ্মা 

এজন ল’ৰাই ছোৱালী চাবলৈ গৈছে। এনেতে  ছোৱালীৰ বাপেক আহি সোধ-পোছ কৰিবলৈ ধৰিছে। “বোলো বোপা ক’ৰ পৰা আহিছা, নাম কি, কি কৰা, মাটি বাৰী কিমান।”
ল’ৰাই কলে “শুনক শহুৰ বুঢ়া ম‌ই ভাই বেকাৰ সন্থাৰ সভাপতি, নাম খিতিকান্ত, ঘৰ হেটেমতোলাত আৰু মই ভাই  এক কথাৰ মানুহ ছোৱালী দিয়ে যদি বিয়া পাতিম নিদিলে নাই মুঠতে মই এক কথাৰ মানুহ।” বুঢ়াই ভাবিলে  জোঁৱাই বহুত ডাঙৰ চাকৰি কৰে বহুত  সম্পত্তি আছে  ছোৱালী দিব পাৰি।বিয়া হৈ গ’ল ভালে কুশলে। পিছে বিয়ালৈ মইও গৈছিলোঁ।খালো দে এসাঁজ। টিকাত লাঠ মাৰি দিলেও উঠিব মন যোৱা নাছিল। ইমান সুন্দৰ খানা। পিছে কেচটো নগেন। খাই উঠি তামোলখন মুখত ল‌ওঁতেই এজনে আহি ক’লে  মাটিমাহৰ দাইলখনত বোলে  কুমজেলেকুৱা পৰি কেঁকোৰা লাগি আছিল। মোৰ তাতে  অৱস্থা বেয়া। বাকী বাদ দি দৰাৰ লগত গ’লো। বহুত ফুৰ্তি কৰি গৈছো বেলদাৰ বাছগাড়ী এখনত। গাৱৰ বুঢ়ী এজনীও আমাৰ লগত গৈছিল তাতে বুঢ়ী প্ৰথমবাৰ বাছত উঠিছে আৰু ৰাস্তাটো পিছফালে কেনেকৈ দৌৰি থাকে তাকে চাই আছে।  তেনেতে বুঢ়ীৰ চকুত পৰিল চালকজনে গিয়াৰ লিভাৰডাল এখন হাতেৰে লৰাই আছে। বুঢ়ীৰ আগৰ দাঁত কেইটাও নাই কথা ক’লে ফোচকৈ বাহিৰ হৈ যায়। প্ৰবোধ বুলিলে প্ৰভোচহৈ যায়। ক’লে  “হেৰা বোপা গাড়ীত উঠিবৰ পৰাই দেখিছো এইডাল লৰায়েই আছা উঘালিব পৰা নাই? আমাৰ প্ৰভোছে একেতানে উঘালি দিলে হয়। আমি বাগৰি বাগৰি হাঁহিলো। কইনা ঘৰ পাই বহিলো খালো পেটৰ বেমাৰ হোৱাবোৰে কইনা ঘৰৰ বাৰিখন পুতি থৈ আহিল। এনেতে আহিল ধুমুহা বতাহ বৰষুণ চোতালত বানপানী। হোমৰ জু‌ই গ’ল নুমাই, দৰা দৌৰি গৈ পাকঘৰত সোমাল আৰু  ক‌ইনা গৈ বিছনাৰ তলত। এইবোৰ বিলৈ বিপদৰ মাজত কোনোমতে দৰাই কইনাক সেন্দূৰ পিন্ধালে  ৰাতিও পুৱাল। আমাৰে ভাদেই বাইয়ে ক‌ইনাক ধৰি উলিয়াই  আনিলে মাকেও কান্দিছে  বুকু ভাঙি ছোৱালী বিদাই বেলা দিয়কছোন। আমাৰো মন সেমেকি গ’ল। কইনাই  কান্দিছে “অ মা মোক কিয় বিয়া দিলি ঐ আজিৰ পৰা ত‌ই দেউতালে লুকুৱাই থোৱা পিঠাখন চোৰ কৰি কোনে খাব ঐ, ঐ মা ম‌ই নাযাওঁ  জোঁৱাইৰ লগত ত‌য়ে যা ঐ।”  এতিয়াহে মৰ বাপ্পেকে ক’ত মৰ।
পিছদিনা পুৱা বোৱাৰী ঘৰ সোমাল। শাহুক সেৱা কৰি শহুৰক সেৱা কৰিছে তেনেতে শহুৰেকে আশীৰ্বাদ দিছে “আই ঐ বহুত ভাল হওক তহঁত হালৰ,  কুশলে থাক  আৰু বছৰৰ ইমূৰে এটা আৰু  সিমূৰে এটাকৈ ল’ৰা ছোৱালী হওক।” বোৱাৰী বেহুচ হৈ পৰিল। এনেকৈ দিনবোৰ গৈছে। এদিন ক‌ইনাই ভাত বনাব গৈছে শহুৰ চোতালত বহি আছে। কেঁচা খৰি জুই নুঠেহে নুঠে। ফুৱাই ফুৱাই জুই জ্বলাই আছে। যিমানে জুই ফুৱাই সিমানেই পিছফালে পাদ যায়। শহুৰ বুঢ়াই ভাবিছে শুকাই থোৱা কঠালগুটি কেইটা জুইত পুৰি বোৱাৰীয়ে অকলে খালে। তেনে ভাবি মাত দিলে “জুইত দিছা কঠালগুটি বোৱাৰী দি মোকো এটি”। বোৱাৰীয়ে বুজি পাই মাত দিলে “নহয় শহুৰ কঠালগুটি জুই ফুৱাওঁতে  মাতে কতি”।
এবাৰ বোৱাৰীয়ে দুদিন লঘোণ পৰিব ধৰিলে আৰু  নিজৰ দেউতাকক চাউল লৈ আহিবলৈ খবৰ দি পঠিয়ালে।   লৈ আহি দেউতাকে জোঁৱাইক সুধিলে “বোপা অ তুমি দেখোন কৈছিলা বেকাৰ সন্থাৰ সভাপতি চাকৰি কৰো বুলি আৰু এক কথাৰ মানুহ। সেই কাৰণেহে মোৰ ছোৱালীজনী দিছিলো”।
জোঁৱাইয়ে কলে “হেৰি শহুৰ দেউতা ভুলটো আপোনাৰে হৈছে মোৰ একো নাই কাৰণে বেকাৰ বুলি কৈছো আৰু  মই এক কথাৰ নহয় মোৰ মাটি এক কঠা বুলিহে কৈছোঁ। এই কথা মাটিত থাকিম নে খেতি কৰিম”। জোঁৱাইৰ কথা শুনি শহুৰৰ হাওঁফাওঁ বন্ধ হৈ গ’ল চিৰ দিনৰ কাৰণে। কিন্তু জী জোৱাইৰ সংসাৰ  সুখেৰে চলি  থাকিল।।
(এয়াই আমাৰ গাঁৱলীয়া হোজা মানুহৰ ছবি)
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *