দিল্লী কা লাড্ডু : আকৌ এবাৰ -সমুজ্জল কাশ্যপ
(১)
২০০৬ চন।
আগষ্ট মাহৰ কোনোবা এটা দিন।
সময় ভৰ দূপৰীয়া।
দিল্লীৰ ৰাজপথত অকলে ঘূৰি ফুৰিছো। এহাতে ফাইল ক’ভাৰটোত বিভিন্ন নথি-পত্ৰবোৰ লৈ আনখন হাতেৰে কপালৰ পৰা টোপটোপকৈ ডিঙিৰে নামি সৰ্বশৰীৰলৈ বিয়পি পৰা ঘামবোৰ মচি পেলোৱাৰ বৃথা চেষ্টা চলাই গৈছোঁ। লাজপট নগৰৰ ওচৰত ফ্লাই অ’ভাৰৰ কাম চলি থকা বাবে বাছবোৰ এইফালেৰে নাহি বেলেগ এটা ৰাস্তাৰে সোমোৱাই দিছে, ফলস্বৰূপে অঞ্চলটোৰ মানুহখিনি লটিঘটি হৈ বহুখিনি বাট খোজ কাঢ়িয়েই অহা-যোৱা কৰিবলগীয়া হৈছে। ইয়াত ৰিক্সাৰ ব্যৱস্থাও নাই, অ’টোবোৰ থাকে যদিও উঠা অসম্ভৱ। মানুহেৰে ঠাহ খাই ভৰি থকা অ’টোবোৰৰ ভিতৰলৈ চি এন জিৰ আমনিদায়ক গোন্ধটোৰ বাবেও সোমাবলৈ অনিচ্ছা। অঞ্চলটোত থকা বহুকেইটা কোম্পানীৰ কাৰ্যালয়লৈ ঘাইপথৰ পৰা খোজ কাঢ়ি অহা-যোৱা কৰিয়েই ইন্টাৰভিউ দি ফুৰিছো।
আগৰ চাকৰিটো এৰা তিনিমাহ হ’ল, ঘৰত এতিয়াও জনোৱা নাই। ‘অন্য কিবা এটাত সোমাই লওঁ, তাৰ পিছত লাহে লাহে কম’ – এনেকুৱা ভাৱ এটা লৈ যোৱা তিনিটা মাহ ফাকি দি আছোঁ। সকলোৱে ভাবি আছে মই এতিয়াও তাতেই কাম কৰি থকা বুলি।
ঘৰত চিন্তা কৰিয়েই থাকে। অচিনাকী ঠাইখনত ল’ৰাটো কেনেদৰে আছে, কি খাইছে, বিভিন্ন চিন্তা। তাতে চাকৰিটো বাদ দিলোঁ বুলি গম পালে আৰু ৰক্ষা নাই। যেনে তেনে ঘৰলৈ ঘূৰি যাবই লাগিব। হাতৰ জমা টকাকেইটাও শেষ হৈ আহিছে। দৈনিক ইটোৰ পিছত সিটোকৈ ইন্টাৰভিউ দিয়েই গৈছোঁ, ক’তো একো এটা মিলাবহে পৰা নাই।
প্ৰথম চাকৰিটো এৰি আন এটাত সোমাইছিলোঁ যদিও মাত্ৰ এদিন কাম কৰি সেইটোও এৰিবলগীয়া হৈছিল। কনচালটেঞ্চী ফাৰ্ম এখনৰ জৰিয়তে দিল্লী ইলেকট্ৰিচিটি ব’ৰ্ডৰ চাব ডিভিজনেল অফিচ এটাত ‘ডাটা অপাৰেটৰ’ৰ কাম পাইছিলোঁ। তিনিমহীয়া কন্ট্ৰেক্ট বেচিছৰ চাকৰিটোত দৰমহা একেবাৰে সামান্য যদিও অন্য কিবা এটা নোহোৱালৈ সেইটোকে কৰি থকাৰ সিদ্ধান্ত লৈছিলোঁ।
জইন কৰিবলগীয়া নিৰ্দিষ্ট দিনটোত দিল্লীৰ একেবাৰে পশ্চিম দিশে ভিতৰুৱা অঞ্চল এটাত বিছাৰি বিছাৰি যেনেতেনে অফিচটো উলিয়ালো। ৰুমৰ পৰা যথেষ্ট দূৰ। দহ বজাত ৰিপোৰ্টিং টাইম যদিও গৈ পাওঁতে প্ৰায় বাৰটামানেই বাজিল। সোমায়েই অফিচৰ অৱস্থা দেখি মই আচৰিত। ডাটা অপাৰেটৰৰ কাম কৰিবলৈ কম্পিউটাৰ এটা দূৰৰে কথা, টেবুল এখনো নাই, ওখ দীঘলীয়া বেঞ্চখনৰ ওপৰত এটা বৃহৎ আকাৰৰ ফাইল খোলা অৱস্থাত পৰি আছে আৰু কাষতে এটা খোলা আঠাৰ বটল। য’তে ত’তে এসোপামান কাগজৰ টুকুৰা। এটা কোণত ছাগলী পোৱালি এটা বেৰতে গাটো লগাই শুই আছে। চাইকেলৰ ফটা টায়াৰ দুটামান ছাগলীজনীৰ কাষতে পেলাই থোৱা আছে।
অফিচটোৰ পৰিবেশ দেখি কামটো কেনেকুৱা হ’ব ভাবি চিন্তি মূৰ ঘমাই বহি থাকোঁতে দূপৰীয়া এটা বাজিল। মোৰ বাহিৰে এজনো মানুহ তেতিয়ালৈ উপস্থিত হোৱা নাছিল। ডেৰমান বজাত দুজন ডেকা ল’ৰা হঠাতে সোমাই আহি মোক টানি বাহিৰলৈ উলিয়াই আনিলে।
: নতুন ল’ৰাটো তইয়েই নে? চল কাম পে নিকলনা হেই.. বিপ্ বিপ্।
(এই বিপ্ বিপ্ টো হৈছে তেওঁলোকৰ বৰ মৰমৰ ভাষা, দিল্লীৰ মানুহবোৰে এইটো ব্যৱহাৰ নকৰাকৈ সাধাৰণতে কথা নকয়)
: পিছে দাদা, মোৰ কামটোনো কি হ’ব?
উৎসুক মনটোৰে ভয়ে ভয়ে সুধিয়েই পেলালোঁ।
: ৰাস্তে মে বতায়েঙ্গে, অভি চল……..বিপ্।
ল’ৰাজনে টানি আনি বাহিৰত ৰখাই থোৱা ৰিক্সা এখনত বহিব ক’লে। তিনিওজন একেখন ৰিক্সাত যেনেতেনে বহি আগুৱাই গলোঁ। ৰিক্সাৱালালৈ বেয়া লাগিছিল, বেচেৰাই ইমান ৰ’দত তিনিজনক কেনেকৈ টানিছে সিহে বুজিছে। কিন্তু মুখ ফুটাই একো ক’ব নোৱাৰিলোঁ, হাজাৰ হ’লেও ছিনিয়ৰৰ লগত ৰিক্সা সৱাৰী কৰি আছোঁ। তাতে আকৌ প্ৰথম দিন।
: দাদা আমি ক’লৈ গৈ আছোঁ নক’লে যে?
: ইয়াৰ পৰা তিনি কিলোমিটাৰ আগলৈ যিটো এৰিয়া পাম, তাত মিটাৰ ৰিডিং লম…… বিপ্ বিপ্। কুছ খায়া কে নেহী বে….বিপ্ বিপ্?
: আৰে ৱাহ, বৰ সোনকালে মনত পৰিল ‘কুছ খায়া কে নেহী’। তাকো দূপৰীয়া দুটা বজাত! ধুৰ এইসব!
মনতে নিজকে গালি পাৰিলো, কি এটা চাকৰিত আহি সোমালোঁ। …আৰু মিটাৰ ৰিডিং? মানে মই এতিয়া ঘৰে ঘৰে গৈ কাৰেণ্টৰ বিলৰ ৰিডিং ল’ব লাগিব? কন্ট্ৰেক্টত দেখোন তেনেকুৱা একো উল্লেখ নাই!
: দাদা, মোৰ কামটো ডাটা অপাৰেটৰৰ নাছিল জানো?
: হা, ৱহি ত’ কৰণে জা ৰহা হে বে.. .. বিপ্ বিপ্…!
: দাদা, মই ডাটা অপাৰেটৰৰ পোষ্টত জইন কৰিবলৈ আহিছিলোঁ, এনেদৰে দূপৰীয়া ৰ’দে ৰ’দে ঘূৰি মিটাৰ ৰিডিং লোৱাহে কাম হ’ব নেকি?
ন বজাৰ পৰা পাচ বজালৈ কোনোবা এটা ৰুমৰ ভিতৰত আৰামচে বহি কম্পিউটাৰ এটাত কিবাকিবি কাম কৰাৰ মানসিকতাৰে পৰিপুষ্ট মনটোৱে খুদোৱাই আছিল।
: তেৰি বিপ্ কি বিপ্, ইসমে কৌনসি বড়ি বাত হেই বে? হমটো কবসে য়হি কাম কৰ ৰহে হে….বিপ্ …..হে হে।
একেটা ধমকতে মোৰ জোশ ঠাণ্ডা হৈ গ’ল। উপাই নাপাই শান্ত শিষ্ট ল’ৰাটো হৈ ৰিক্সাত বহি থাকিবলৈ চেষ্টা কৰিলোঁ যদিও মনটোৱে নামানিলে আৰু বহুদেৰিৰ পৰা ভাবি থকা কথাটো সুধি দিলোঁ –
: আপোনালোকে পঢ়া শুনা কিমানলৈ কৰিলে?
: ই আমাৰ চড্ডা ভাই, পাঁচ বছৰ আগতে এম.টেক. কৰিছিল আৰু মই বি.ই. ইলেক্ট্ৰনিক্স, হ’ল তিনি চাৰিবছৰ মোৰো। পিছে তই? কি ডিগ্ৰী লৈ জোতা ঘিসি আছ ৰে ইয়াত…. বিপ্ বিপ্?
সিহঁতৰ মৰমীয়াল ভাষা মিহলি আট্টহাস্যত মোৰ মুখৰ মাত সৰিল। বেয়া লাগিছিল, উচ্চশিক্ষিত ল’ৰা দুজনে ঘৰে ঘৰে মিটাৰৰ ৰিডিং লৈ ফুৰিবলগীয়া হৈছে আৰু মই সামান্য গ্ৰেজুৱেশ্যনটো কৰি নিজকে এসোপামান জনা দেখুৱাই ফুৰিছোঁ। তথাপিও সিহঁত দুয়োটাৰ মাজত কোনোবাখিনিত যেন নিজৰেই প্ৰতিচ্ছবি দেখা পালোঁ। পুনৰাই ঠাইখনত ভৰি নিদিয়াৰ সংকল্প লৈ প্ৰথমঘৰ মানুহৰ কাৰেণ্টৰ ৰিডিং ল’বলৈ সোমাই গলোঁ।
*****
(২)
বাছষ্টপেজটোৰ ৰেলিং ডালত ধৰি ভাবিছো, আগৰ চাকৰিটো এৰাৰ সিদ্ধান্তটো ভুল আছিল নেকি! ক’ত এয়াৰ কণ্ডিচনড্ ৰুমত শীতল বতাহৰ মজা লৈ কাম কৰি আছিলোঁ আৰু এতিয়া ক’ত ধূলি বালিৰ মাজেৰে টিকা ফটা ৰ’দত খোজকাঢ়ি ঘূৰি ফুৰিছোঁ!
: কিয় এৰিলি চাকৰিটো, এচিৰ বতাহ হজম নহ’ল নে সোতৰ-ওঠৰ ঘণ্টা একেৰাহে কাম কৰিবলৈ টান পালি? এনেকৈ নহ’ব বোপাই, আমি একেৰাহে বিশ ঘণ্টাও কাম কৰোঁ কেতিয়াবা। কামচোৰ মনোবৃত্তিবোৰ এৰ, দিল্লীত টকা উপাৰ্জন কৰিবলৈ হ’লে কষ্ট কৰিবলৈ শিক।
ফৰিদাবাদলৈ যাওঁতে দ্বীপজ্যোতিৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলোঁ। চাকৰিটো এৰাৰ প্ৰকৃত কাৰণটো কিয় জানো তাক জনাবলৈ ইচ্ছা নাছিল।
কাৰণটো আছিল মোৰ এজন ছিনিয়ৰ। জইন কৰা এবছৰৰ ভিতৰতে মোৰ দুবাৰকৈ প্ৰমোচন হোৱা বাবে তেওঁৰ মনত ঈৰ্ষাৰ ভাৱ হৈছিল। তেওঁ পাবলগীয়া প’ষ্টটো মেনেজমেন্টে হঠাতে মোক দিয়া বাবে ল’ৰাজন জ্বলি-পুৰি মৰিবলৈ ধৰা বুলি ইকানে সিকানে শুনিবলৈ পাইছিলোঁ। লাহে লাহে কথাই কথাই তেওঁৰ পৰা বিভিন্ন তাচ্ছিল্য, অপমান, বেয়া ব্যৱহাৰ পাবলৈ ধৰিলোঁ। সেইবোৰলৈ ভ্ৰূক্ষেপ কৰিবলগীয়া বিশেষ একো নাছিল যদিও কৰ্প’ৰেট ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে কাম কৰিবলৈ অহা মোৰ দৰে চিধা চাধা অসমীয়া ল’ৰাটোক তেওঁৰ বেপেৰুৱা কথাবোৰে একোডাল বিষাক্ত শোলৰ দৰে আঘাত কৰিবলৈ ধৰিলে। আতঁৰি ফুৰিব পাৰ্যমানে চেষ্টা কৰিও প্ৰতিদিনে তেওঁৰ সম্মুখতে ওলাবলগীয়া হৈছিলোঁ।
ল’ৰাজনে এদিন হঠাতে ক’ৰবাৰ পৰা ফাইল এটা আনি মোৰ টেবুলৰ ওপৰলৈ দলিয়াই সেইটো পঢ়িবলৈ ক’লে। ফাইলটো খুলি বুকুখন চিৰিংকৈ গ’ল। দিল্লীলৈ আহি সন্মূখীন হোৱা সমগ্ৰ ঘটনাৱলী এটা এটাকৈ চকুৰ আগেৰে চিনেমাৰ ৰীলডালৰ দৰে বাগৰি গ’ল। পাহাৰগঞ্জত বোমা বিস্ফোৰণ ঘটাই তিনিদিন লকআপত থকাৰ পৰা আৰম্ভ কৰি, ড্ৰাগছ আসক্ত হৈ হোটেলৰ কোঠাত পৰি থকা আৰু পিছত পুলিচক টকা পইচা খোৱাই লকআপৰ পৰা ওলাই অহা, সকলোবোৰ ৰেকৰ্ড এটা এটাকৈ সন্নিবিষ্ট হৈ আছিল সেই ফাইলখনত।
: বেটা দিল্লী কা লড়কা হু, মেৰে চে পঙ্গা মত লিজি এ।
কি পঙ্গা লৈছিলোঁ নুবুজিলো যদিও মনে মনে থকাই ভাল ভাবি মুখফুটাই একো নক’লো। মেনেজমেণ্টৰ আগত সকলো খুলি কোৱাৰ ভয় দেখুৱাই ল’ৰাজনে মোক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিলে। কথাবোৰ মেনেজমেণ্টৰ পৰা লুকুৱাই ৰাখিবলৈ মাহিলী দৰমহাৰ বিশ শতাংশ তেওঁক দিবলৈ বাধ্য হ’লো। কিন্তু মাহে মাহে তেওঁৰ ডিমাণ্ড বাঢ়ি গৈ থাকিল আৰু ছমাহৰ পিছত দৰমহাৰ প্ৰায় আটাইকেইটা টকা ল’ৰাজনৰ হাতত তুলি দিবলগীয়া অৱস্থা হ’ল। অফিচত কাৰো আগত কথাবোৰ খুলি ক’বও পৰা নাছিলো, বিপদ মোৰেই। পুলিচি ৰেকৰ্ড থকা ল’ৰা এজনক কোনটো ভাল কোম্পানীয়ে চাকৰিত ৰাখিব। তাৰ উপৰিও সমগ্ৰ “নাছকম”তে ব্লেকলিষ্টেড হোৱাৰ ভয়। বিভিন্ন কথা চিন্তা কৰি শেষত কামটো এৰি দিয়াই উচিত বিবেচনা কৰিলোঁ। অন্তিম মাহৰ আটাইকেইটা টকা তেওঁৰ হাতত তুলি ফাইলটো হস্তগত কৰি অফিচটোৰ পৰা লাহেকৈ বিদাই ললোঁ।
***
(৩)
: ওয়ে কাশ্যপু….ইধৰ কেইসে ভাই?
সন্মূখেৰে পাৰ হৈ অলপ আগুৱাই ৰৈ যোৱা ৱেগনাৰখনৰ পৰা এখন চিনাকি যেন লগা মুখে ভুমুকিয়াই মাতিলে। মূহুৰ্ততে মনৰ ভিতৰৰ পৰা ভিলেইনজনৰ ছবিখন আঁতৰাই একে দৌৰে গাড়ীখনৰ কাষ পালোগৈ।
: ডিউটি নেহী হেই ক্যা…কুছ কাম থা ইধৰ?
হালধীয়া পাগুৰীৰে চৰদাৰ জনক ফৰিদাবাদত লগ পাইছিলো নেকি! দ্বীপজ্যোতিহঁতৰ লগত কোনোবাটো পাৰ্টিলৈ যাওঁতে হয়তো চিনাকি হোৱা। ভালদৰে মনত নাই যদিও অচিনাকী চহৰখনত কোনোবাই নামধৰি মতা শুনি সাগৰৰ মাজত কাঠ এটুকুৰা বিচাৰি পোৱাৰ দৰে উধাতু খাই তেওঁৰ ওচৰ পালোঁ।
: ডিউটি চিউটি বাদ দিয়ক হে চৰদাৰ জী, মোক চাকৰি এটা লাগে। কিবা ব্যৱস্থা হ’ব নেকি? বহুত আৰজেণ্ট।
মোৰ কথাত চৰদাৰ আচৰিত হ’ল। ভৰিৰ পৰা মূৰলৈ এবাৰ চকু ফুৰাই গাড়ীত বহিবলৈ ইচাৰা কৰিলে। গৰমত ঘামি জামি এ.চি.ৰ হাৱা খাবলৈ আতুৰ হৈ থকা মইও আগ পিছ নাভাবি একেজাপে ৱেগনাৰখনৰ পিছলৈ জপিয়াই দিলোঁ। ভিতৰলৈ সোমায়েই চোলাৰ বুটামবোৰ খুলি পেলালোঁ। চি.এন.জি.ৰ অদ্ভূত গোন্ধটো নাকত লাগি আহিছিল। গাড়ীখনৰ শক্তিশালী এ.চি.টোৰ পৰা ওলোৱা ঠাণ্ডা বতাহ জাকে গাটো কঁপাই গ’ল। নিজকে সম্পূৰ্ণৰূপে চিটত এৰি চৰদাৰৰ লগত কথাত ব্যস্ত হলোঁ। কি কথা হৈছিলো ভালদৰে মনত নাই, কাৰণ শীতল বতাহ জাকৰ আমেজত চকুদুটা জাপ খাই আহিছিল।
কিছু দেৰি পিছত চকু মেলি মই হতবাক। চৰদাৰ, ৱেগনাৰ সকলো উধাও। ৰাস্তাৰ কাষৰ সৰু বাছ আস্থান এটাত মই শুই থকা অৱস্থাত। ইফালে সিফালে চাই ঠাইখনত মানুহৰ বৰ এটা আহ যাহ নেদেখিলো, পৰিবেশটো একেবাৰে নিৰিবিলি। চোলাটোৰ বুটামবোৰ তেতিয়াও আধা খোলা। মূৰত প্ৰচণ্ড বিষ। লগে লগে ‘ৰাণ’ বোলছবিৰ অভিনেতা বিজয় ৰাজলৈ মনত পৰিল। বিপদৰ গোন্ধ পাই গোটেই শৰীৰটো খেপিয়াব ধৰিলোঁ। নাই…একো হোৱা নাই….শৰীৰত কোনোধৰণৰ কটা-চিঙাৰ চিন নাই, ৰক্ষা। হয়তো বিজয় ৰাজৰ দৰে কিডনী বেপাৰীৰ ৰেকেটত সোমোৱাৰ পৰা বাচি গৈছিলোঁ।
কিন্তু পেণ্টৰ জেপ একেবাৰে খালি। পাৰ্চটো নাইয়েই, হাতৰ ফাইল কভাৰটোও ওচৰত নাই। ভাগ্য ভাল তাত অৰিজিনেল ডকুমেণ্টছবোৰ নাছিল। কিন্তু এতিয়া ৰুমলৈ যাওঁ কিদৰে! ভাড়া ভৰিব পৰাকৈ হাতত এটকাও নাই। এ টি এম কাৰ্ডখনো পাৰ্চৰ ভিতৰতে আছিল, এই মূহুৰ্তত পইছা উলিয়াব পৰা ব্যৱস্থাও নহ’ব। তাতোকৈ ডাঙৰ কথা, কোন ঠাইত আছো একেবাৰে ধৰিব পৰা নাই। এইফালে আগতে অহা মনত নপৰে। দিল্লীৰ মেপখনো হেৰোৱা ফাইল ক’ভাৰটোৰ মাজতেই আছিল।
: ছে: কি যে কৰোঁ! মোৰ লগতহে এইবোৰ হয়!
***
(৪)
দিল্লী ট্ৰাঞ্চপ’ৰ্ট কৰ্প’ৰেচনৰ বাছখনত যেনেতেনে উঠি ভিতৰলৈ সোমাই যাব চেষ্টা কৰিলোঁ। দৰ্জা খনত মানুহবোৰ ওপৰা জপৰাকৈ যেনেতেনে ওলমি দিছে। এইখনেই বোলে শেষ বাছ, আওহতীয়া অঞ্চলটোৰ পৰা কালি পুৱালৈ আৰু এখনো গাড়ী নাই। পৰিবেশতো দেখি আমাৰ গাঁৱলৈ মনত পৰিল।
: ডাঙৰ ডাঙৰ চহৰতো তাৰমানে আমাৰ গাঁৱৰ দৰে ছুটি ছুটি বাতে হোতে ৰহতে হে। “ধুৰ দিল্লী!”
মনতে এটা তাচ্ছিল্যৰ হাঁহি ওলাই আহিল, কোনোবা খিনিত মনটো ভালো লাগিছিল। ইমান ভিৰৰ মাজত টিকট বাবুৱে নিশ্চয় টিকট দিবলৈ নাহে। কোনফালেৰে আহিব, বাছখনত ঠাহ খাই থকাবোৰ মানুহেই নে পৰুৱাই ধৰিবলৈকে টান। শৰীৰৰ কোনোবা এটা অঙ্গৰে ইজনে সিজনৰ ওপৰত ভেজা দি ওলমি আছে মাত্ৰ।
তেনেকৈ থকাৰ পৰাই মন কৰিলো, টিকট বাবুৱে পিছফালৰ দুৱাৰৰ সন্মূখৰ আসনখনত বহি কিবাকিবি হিচাপত ব্যস্ত। গাড়ীখনত কোন উঠিছে কোন নামিছে, লক্ষ্য কৰিবলৈ তেওঁৰ সময় নাই। এখন কাগজত টিকটবোৰৰ নম্বৰ লিখিছে আৰু সমানে পইছাৰ হিচাপো চলাই গৈছে। নিশ্চয় কিমান টকা অমিল দেখুৱাব পাৰে তাৰেই হিচাপ। ড্ৰাইভাৰৰ সৈতে ৰাতি হয়তো হিচাপৰ বাহিৰৰ টকা কেইটাৰ ভাগ বতৰা চলিব।
: এওঁ টিকট চেক কৰিবলৈ মুঠেও উঠি নাহে। – মনতে ভোৰভোৰাই সন্তুষ্টি ললোঁ। বাছখনে যেনেতেনে মই থকা ঠাইখনৰ ওচৰে পাজৰে পহুচাই দিলেই ৰক্ষা!
বাছৰ ভিতৰ সোমাবলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল। কিছু আগলৈ চিট এটা পাই বহি পৰিলোঁ। লাহে লাহে গাড়ীখনত মানুহৰ সংখ্যা কমি আহিল। শেষলৈ আমি মাত্ৰ দহজনমানহে ৰ’লোগৈ। কেতিয়ানো মানুহবোৰ নামি শেষ হ’ল গম পোৱা নাছিলো, হয়তো ভাগৰতে কিছু সময় টোপনি আহি গৈছিল। ৰাস্তাৰ কাষৰ গ্লোচাইনবোৰ দেখি ঠাইখন চিনাকি যেন লাগিল। আগৰ ষ্টপেজটোত নমাৰ উদ্দেশ্যেৰে সন্মূখৰ দুৱাৰখনলৈ আগুৱাই গলোঁ। সন্মূখত তেতিয়া বাছখনৰ শেষ ষ্টপেজটো।
বাছৰ পৰা নমাৰ লগে লগে কেইজনমান মানুহে আমাক ঘেৰি ধৰিলে আৰু এটা লাইনেৰে সকলোকে আগুৱাই যাবলৈ ক’লে।
: এইবাৰ আকৌ কি?
সন্মূখত ডি.টি.ছি.ৰ কেইজনমান অফিচাৰে যাত্ৰীসকলৰ টিকট চেক কৰি আছে। এইবাৰহে মৰিলোঁ। হাতত টিকটটো নাইয়েই, পইছাও নাই। কি অজুহাত দেখুৱাম ভাবি থাকোঁতে মোৰ নম্বৰ আহিল। অফিচাৰ এজনে মুখলৈ নোচোৱাকৈ কেৱল হাতখন আগবঢ়াই আঙুলিকেইটা জোঁকাৰি জোঁকাৰি টিকট উলিয়াবলৈ ইংগিত দিলে।
: ছাৰ, টিকট নাই লোৱা। মানে কণ্ডাক্টৰ চোন নাহিলেই টিকট দিবলৈ। তেওঁ পিছফালে বহি থাকিল আৰু মই ভিৰৰ মাজত আগফালে ৰৈয়েই থাকিলোঁ।
অফিচাৰজনে এইবাৰ মূৰ তুলি চালে। হয়তো ভাবিলে এই প্ৰাণীটো ক’ৰপৰা ওলাল বুলি।
: ডি.টি.চি.ত টিকট নিদিয়ে বোপাই, ল’ব লাগে। পিছফালে যে কণ্ডাক্টৰজন বহে, তেওঁৰ ওচৰলৈ গৈ টিকট ল’ব লাগে। কাহা সে আয়ে হ’?
: ছাৰ, মই অসমৰ পৰা আহিছোঁ। এইবোৰৰ একো ভু নাপাওঁ, আমাৰ তাত যিমান ভিৰ হ’লেও কণ্ডাক্টৰ নিজেই আহি পইছা লৈ লয়। সেয়েহে তেওঁ আগুৱাই আহিব বুলি মইও ৰৈ আছিলোঁ।
: ক’ই বাত নেহী….অভি কৰা লো টিকট।
এইবাৰহে মৰিলোঁ। বুজিলো যে পলোৱাৰ কোনো চাঞ্চ নাই।
: ছাৰ, একেবাৰে পইছা নাই অ’, এইবাৰলৈ এৰক আৰু।
এইবুলি দুয়োজনকে এফালৰ পৰা মোৰ দূখভৰি দাস্তান শুনাই গ’লো। কিদৰে হালধীয়া পাগৰ চৰদাৰে মোক লুটি অজান ঠাইখনত এৰি গ’ল আৰু লগত থকা কাগজ-পত্ৰ, পইছাৰ বেগ, এ.টি.এম.কাৰ্ড সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিলোঁ – একে উশাহতে সকলো বৰ্ণনা কৰি পেলালোঁ।
ঘটনাৰ বিবৰণ শুনি দুয়ো অলপ নৰম হোৱা যেন অনুভৱ হ’ল। দুয়ো নিজৰ মাজতে আলোচনা কৰি কাগজ পত্ৰ সোপাত কিবাকিবি লিখিবলৈ ধৰিলে। মই তেনেকৈয়ে তেওঁলোকৰ ওচৰত ঠিয় হৈ ৰলোঁ। ইতিমধ্যে বাছৰ পৰা ড্ৰাইভাৰ আৰু কণ্ডাক্টৰজনো নামি আহি অফিচাৰ দুজনৰ সৈতে হিচাপ নিকাচত ব্যস্ত হৈছিল। কোনেও একো নোকোৱা দেখি মই নিজেই আগবাঢ়ি আহি সুধি পেলালোঁ।
: ছাৰ, এতিয়া পিছে কি, মই যাওঁনে?
: আৰে তুমি কেনেকৈ যাবা? তোমাৰ ওচৰত পইচাই নাই। আমাৰ গাড়ীতে যাব পাৰিবা…একদম চেফ জগহ চোড় দেঙ্গে।
মনতে লাড্ডু ফুটি গ’ল যদিও তেওঁলোকক ধন্যবাদ নজনাই নোৱাৰিলোঁ। মানুহবোৰ ইম্মান ভাল, আমিহে কথাই কথাই সন্দেহ কৰি থাকোঁ। অফিচাৰ জনে দেখুৱাই দিয়া জীপখনলৈ আগুৱাই গলো, তেওঁলোকে ঘৰত নহ’লেও ওচৰে পাজৰে কোনোবাখিনিত নমাই দিলেও হ’ব।
জীপখনৰ ভিতৰলৈ আৰু চাৰিজনমান মানুহ বহি আছিল। সকলোৰে মুখত চিন্তা। অলপ আগতে আটাইকে বাছত দেখা মনত আছে। মোক হাঁহিমুখে জীপৰ পিছলৈ উঠি যোৱা দেখি তেওঁলোকে আচৰিতভাৱে চাইছিল।
: একো নাই, কিয় চিন্তা কৰিছে? আমাক সকলোকে তেওঁলোকে চেফ জাগাত পহুচাই দিব।
সকলোকে নিৰ্ভয় দি মইও জীপখনৰ ভিতৰলৈ বহি পৰিলোঁ।
: হা ভাই, একদম চেফ জগহ জা ৰহে হোঁ।
বেকাকৈ হাঁহিটো মাৰি কোৱা কথাষাৰত তাচ্ছিল্যৰ গোন্ধ আছিল।
এওঁ এনেকৈ কিয় ক’লে? অফিচাৰ কেইজনৰ ব্যৱহাৰ ইমান ভাল, এওঁলোকক মোৰ দৰে ট্ৰিট নকৰিলে নেকি?
: ক’ত থাকে আপোনালোক?
: আমি চাউথ দেল্হীৰ ফালে থাকো, কিন্তু আমাক লৈ গৈ আছে নৰ্থ দেল্হীৰ কোনোবা এটা পুলিচ ষ্টেচনলৈ। উধৰ লক্ আপ মে ডাল দেঙ্গে।
: হে প্ৰভূ! মানে মিঠা মিঠা কথা কৈ ইহঁতে মোক পুলিচত গটাবহে ওলাইছে!
: হা হা। তুমহে ভী খিলাই দিয়ে লড্ডু!?
মানুহজনৰ কথাবোৰ ৰিপিট হৈ ঘূৰি থকা ৰেকৰ্ডখনৰ দৰে মনৰ মাজত বহুদেৰিলৈ বাজি থাকিল।
: আজ চুক্ৰবাৰ হেই, কলতো ছেকেণ্ড ছেটাৰডে। চোমবাৰ তক ৰহো লক আপ মে।
: শুক্ৰ, শনি, ৰবি, সোম…….ধুৰ জিন্দগী!!
:সমাপ্ত:
☆ ★ ☆ ★ ☆
12:45 pm
অতি সুন্দৰ
3:07 pm
ধন্যবাদ।