ফটাঢোল

কাঠপুতলাৰ ৰূপকথা (মূল (বাংলা): আনিসুল হক)- ভাবানুবাদ: নীলাক্ষি দেৱী ডেকা

সেই তাহানি দিনৰেই কথা৷ এখন দেশত আছিল এক আজৱ ৰজা৷ তেওঁৰ নাম আছিল কাঠৰজা৷ এই ৰজাজনৰ এক যাদুকৰী শক্তি আছিল৷ তেওঁৰ সোঁহাতৰ তৰ্জনী আঙুলিৰে যি বস্তুকেই চুই দিয়ক লাগে সেই বস্তু নিমিষতে পৰিণত হৈ পৰে কাঠত৷ এদিন ৰজাই নিজ ৰাজসিংহাসন হাতেৰে চুই পৰিণত কৰিলে কাঠত৷ একেদৰেই ৰজাৰ অনিচ্ছাসত্ত্বেও গোটেই ৰাজমহলটোৱেই হৈ পৰিল কাঠৰ৷ কাঠৰ ৰাজমহলত কাঠৰজাই বাস কৰিবলৈ ধৰিলে৷ এদিন ৰজাই মৃগয়ালৈ যাবলৈ ওলাওঁতে ভুলবশতঃ নিজৰ তৰ্জনী আঙুলি লাগিল নিজৰ ঘোঁৰাটোৰ গাত৷ পলকতে ঘোঁৰাটোও ৰূপান্তৰিত হ’ল কাঠৰ ঘোঁৰালৈ৷

তীব্ৰ খঙ আৰু হতাশাত ৰজাই নিজৰ মূৰৰ চুলি টানি টানি চিঙিবলৈ ধৰিলে৷ চুলিৰ যি যি ঠাইত ৰজাৰ আঙুলি লাগিল সেই চুলিবোৰো হৈ পৰিল কাঠৰ৷

ৰজাই এই ভয়ানক বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰিবলৈ ধৰিলে৷ তেওঁ ভাবিবলৈ ধৰিলে এনে পৰিস্থিতিত কি কৰা যায়! কি কৰা যায়! ৰজাৰ লগতে ৰজাৰ মন্ত্ৰী, সেনাপতি, পাৰিষদবৰ্গ সকলোৱে ভাবিবলৈ ধৰিলে৷ আৰম্ভ হৈ গ’ল ভবাৰ প্ৰতিযোগিতা৷ কিন্তু কেৱল ভাবি ভাবি জানো সমস্যাৰ সমাধান কৰিব পাৰি?

এনে সময়তে তেওঁলোকৰ মাজৰে এজন দুজনে পৰামৰ্শ আগবঢ়ালে৷ এনেকৈ ভাবি গুণি সময় অবাবত খৰচ কৰাৰনো প্ৰয়োজন কি, এই অদ্ভুত ৰজাক ক্ষমতাৰ পৰা আঁতৰালেই দেখোন সকলো সমস্যাৰ সমাধান হয়৷ উপায়টো বহুতৰ মনে খাইছিলোঁ৷ কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি৷ ইপিনে ৰাজপ্ৰাসাদত ৰজাৰ গুপ্তচৰো আছে অগণণ৷ চাৰিওফালে পিয়াপি দিয়েই ফুৰে৷ সিহঁতে ৰজাক গোপনে খবৰ দিলে যে কিছুমান সভাসদে বিসংবাদ কৰিছে৷ ৰজাই গমিলে যে বিপদ সন্নিকট৷ লগে লগে ৰজাই জৰুৰী সভা আহ্বান কৰিলে আৰু সকলোকে মাতি পঠিয়ালে৷ অমাত্য আৰু সভাসদসকল আহি সভাত উপস্থিত হোৱাৰ লগে লগে ৰজাই নিজৰ তৰ্জনীৰে এজন এজনকৈ দিলে চুই৷ নিমিষতে সকলো হৈ পৰিল কাঠৰ পুতলা৷ ৰজাই তেওঁলোকক লৈ গঠন কৰিলে ৰাজ্যৰ সাংসদ৷ এতিয়া সকলো হৈ পৰিল ৰজাৰ অধীন৷ ৰজাই উঠ বুলিলেই উঠ, ৰজাই বহ বুলিলেই বহ৷ ইয়াৰ পাছত ৰজাই মন্ত্ৰীসকলকো মাতি পঠিয়ালে৷ তেওঁলোককো কাঠৰ আঙুলিৰে চুই কৰিলে কাঠৰ মন্ত্ৰী৷

তেনে সময়তেই বিপদ আহি পৰিল দেশৰ সৈন্যদলৰ পৰা৷ তেওঁলোকে ভাবিলে,

“আমি হ’লোঁ জীৱন্ত সৈনিক৷ ইফালে কাঠৰ মন্ত্ৰীসভা, কাঠৰ সংসদ৷ এতিয়া আমাৰ কৰ্তব্য হ’ল তেওঁলোকক সকলোকে উৎখাত কৰি দেশত সামৰিক শাসন প্ৰৱৰ্তন কৰা৷ ’’

সৈন্যদলৰ পৰিকল্পনাৰ কথাও চোৰাংচোৱাৰ যোগেদি ৰজাৰ কাণত পৰিল৷ ৰজাই সেনাপতিক ৰাজসভালৈ মাতি পঠিয়ালে৷ ৰজাই চুই দিয়াৰ লগে লগে সেনাপতিও কাঠপুতলা হৈ পৰিল৷

ইপিনে ৰাতি গভীৰ হ’ল৷ সৈন্যসকলো নিজৰ শিৱিৰত গভীৰ টোপনিত৷ মাজনিশা ৰজাই মনে মনে শিৱিৰলৈ গ’ল৷ শুই থকা প্ৰতিজন সৈন্যৰ গাত ৰজাই নিজৰ যাদুকৰী আঙুলিটো বুলাই গ’ল৷ লগে লগে প্ৰতিজন সৈন্য হৈ পৰিল কাঠৰ সৈন্যলৈ৷

ৰজাই স্বস্তিৰ নিশ্বাস পেলালে৷ ভাবিলে আৰু বিপদ নাহে৷ কিন্তু বিপদ সংকেত পুনৰ বাজি উঠিল৷ ৰাজ্যৰ বিদ্যামন্দিৰ সমূহৰ অধ্যাপক সকলে ৰাজ্যৰ এই কাঠপুতলা শাসনৰ বিৰুদ্ধে বিবৃতি দিবলৈ ধৰিলে৷ তেওঁলোকে ৰজাৰ ভুল ক্ৰতিৰো সমালোচনা কৰিবলৈ ধৰিলে৷ পৰিস্থিতি বিষম দেখি ৰজাই সকলোকে উদ্দেশ্যি ক’লে,

“তোমালোকৰ যিসকলে মোৰ আশিসধন্য হ’ব বিচাৰিছা মোৰ অনতিপলমে লগ কৰা৷ মই তোমালোকক দেশৰ বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ পদ দিম, একাডেমীবোৰৰ পৰিচালনাৰ সন্মান দিম৷ তদুপৰি বিদেশ ভ্ৰমণৰো সকলো সুবিধা দিম৷ ”

এই কথা শুনাৰ লগে লগে প্ৰতিবাদী বুদ্ধিজীৱীসকলে চাৰিওফালৰ পৰা আহি ৰাজসভাত ভিৰ কৰিবলৈ ধৰিলে৷ ৰজাই সকলোকে আশীৰ্বাদ দিবলৈ ৰাজসিংহাসনৰ পৰা নামি নিজেই আগুৱাই আহিল৷ এজন এজনকৈ সকলোৰে শিৰত চেনেহৰ হাত বুলালে৷ লগে লগে সকলো চিন্তাবিদৰ মগজু পৰিৱৰ্তন ঘটি হৈ পৰিল কাঠৰ৷

ৰজা এতিয়া সকলো ফালৰ পৰাই বিপদমুক্ত৷ ৰাজ্যৰ উন্নতিৰ যশ দশোদিশে ৰৈ বৈ গ’ল৷ কিন্তু এইবোৰ আন এক বৃহৎ সমস্যাই দেখা দিলেহি৷ কাঠৰজাৰ ৰাজ্য প্ৰতিবেশী ৰাজ্যই আক্ৰমণ কৰিলেহি৷ তথাপিও বিজয় কাঠৰজাৰেই হ’ল৷ কিয়নো তেজ মঙহৰ সৈন্যৰ সন্মুখীন হ’ল কাঠৰ সৈনিক৷ তৰোৱালৰ আঘাততো না সিহঁতে ভয় কৰে, না কৰে যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন৷ কাঠপুতলা সেনাৰ ভাবলেশহীন মুখৰ ফালে চাই শত্ৰুসৈন্য আতংকিত হৈ পলাই গ’ল৷

তথাপিও এই ৰজাৰ ৰাজত্ব কিন্তু স্থায়ী নহ’ল৷ ৰাজ্যত আহি সোমালহি এযোৰা ক্ষুদ্ৰ ঘূণপোক৷ ইমান সুন্দৰ কাঠৰ ৰাজ্য দেখি সিহঁতৰ উলাহে নধৰা হ’ল৷ তাহাঁতি মনৰ সুখত সিংহাসন, ৰাজপ্ৰাসাদ আদি সকলোবোৰ কুটি কুটি খাবলৈ ধৰিলে৷ সুস্বাদু খাদ্যলাভৰ সুবাদতে সিহঁতৰ তীব্ৰ গতিত বংশবৃদ্ধি হৈ জনবিস্ফোৰণ ঘটাৰ উপক্ৰম হ’ল৷ ৰাজ্যৰ সকলো খুলি খুলি খাই শেষ হোৱাৰ পাছত ঘূণপোকবোৰ গ’ল বুদ্ধিজীৱীসকলৰ কাঠৰ মগজু খাবলৈ৷ মগজু খাই খাই মূৰবোৰ পৰিণত কৰিলে অন্তঃসাৰশূন্য লাওখোলাত৷ ভিতৰত একোৱেই নাই কিন্তু বাহিৰৰ পৰা চালে লাগে যেন দশাননৰ শিৰ৷ এই বুদ্ধিজীৱী সকলৰ পৰামৰ্শতেই ৰাজ্য চলিবলৈ ধৰিল৷ কিন্তু এনেকৈ চলিব কেইদিন! এদিন হঠাৎ সিংহাসন খহি পৰিল৷ ঘূণে খাই খাই কেতিয়াবাই ভিতৰটো ফোঁপোলা কৰি পেলাইছিল৷ সিংহাসন ভাঙি পৰোঁতে স্বয়ং ৰজাই বিৰাজমান আছিল তাত৷ যেতিয়াই সিংহাসন বাগৰিল, ৰজাও তিনিলুটি মাৰি মাটিত থেকেঁচা খাই পৰিল৷ পৰাৰ লগে লগে শৰীৰৰ ভিতৰৰ পৰা ওলাবলৈ ধৰিলে কেৱল কাঠৰ হালধীয়া গুৰি৷ ভিতৰত তেজ মঙহ একোৱেই নাছিল৷ ইতিমধ্যে ঘূণপোকে সকলো খুলি খুলি খাই শেষ কৰিছে৷

এইদৰেই কাঠৰজা গ’ল৷ কাঠমন্ত্ৰী গ’ল৷ কাঠৰ সাংসদ, কাঠৰ সৈন্যও গ’ল৷ ৰাজ্যত থাকিল কেৱল সাধাৰণ মুনিহ-তিৰোতা৷ দেশত ৰাইজৰ চৰকাৰ স্থাপিত হ’ল৷

☆ ★ ☆ ★ ☆

30 Comments

  • rintumoni dutta

    সুন্দৰ আৰু সাৱলীল অনুবাদ, খুব ভাল লাগিল

    Reply
    • Nilakshi Devi Deka

      ধন্যবাদ জনালোঁ দাদা

      Reply
    • অনুৰূপ

      ৱাহ, অতি উত্তম ব্যংগ লেখা। বৰ ভাল লাগিল।

      Reply
      • Nilakshi Devi Deka

        আন্তৰিক ধন্যবাদ অনুৰূপ ?

        Reply
  • পোনাকন

    ধুনীয়া হৈছে৷ পঢ়ি ভাল লাগিল বা৷

    Reply
  • পাৰ্থ প্ৰতীম শৰ্মা

    এইটো মই খুব ভাল পালোঁ।

    Reply
    • নীলাক্ষি

      ধন্যবাদ পাৰ্থ

      Reply
    • Nilakshi Devi Deka

      আন্তৰিক ধন্যবাদ জনালোঁ ?

      Reply
      • ৰাজশ্ৰী শৰ্মা

        Excellent বুলি যে কয়, খুব ভাল লাগিল পঢ়ি বা।আপোনাৰ অনুবাদ খুবেই ভাল লাগে।

        Reply
        • Nilakshi Devi Deka

          ধন্যবাদ ৰাজশ্ৰী

          Reply
  • ঘূণ হৈ এফালৰ পৰা সকলোকে খুলি খুলি খাবলৈ মন গৈছে।

    ভাল লাগিল বা।

    Reply
    • Nilakshi

      আন্তৰিক ধন্যবাদ সমুজ্জ্বল ?

      Reply
    • Nilakshi

      আন্তৰিক ধন্যবাদ সমুজ্জ্বল ?

      Reply
  • Dhrubajyoti Borah

    ভাল লাগিল

    Reply
    • Nilakshi Devi Deka

      আন্তৰিক ধন্যবাদ জনালোঁ ?

      Reply
  • Anonymous

    বৰ সুন্দৰ অনুবাদ বা ।বৰ ভাল লাগিল ।

    Reply
    • Nilakshi Devi Deka

      অশেষ ধন্যবাদ জনালোঁ?

      Reply
  • Jyotsna kalita

    বৰ সুন্দৰ অনুবাদ বা ।বৰ ভাল লাগিল ।

    Reply
    • Nilakshi Devi Deka

      আন্তৰিক ধন্যবাদ জোৎস্না। উৎসাহ পালোঁ

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল৷

    Reply
    • Nilakshi Devi Deka

      আন্তৰিক ধন্যবাদ কাবেৰীবা। ??

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সাংঘাতিক লেখা এটা অনুবাদৰ জৰিয়তে পঢ়িবলৈ দিয়াৰ বাবে অশেষ ধন্যবাদ। আগলৈও এনে অনুবাদেৰে ফটাঢোলৰ ভঁ‌ৰাল সমৃদ্ধ কৰিব বুলি আশা ৰাখিলোঁ‌।

    Reply
    • Nilakshi Devi Deka

      অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা ?

      Reply
  • chandana sharma

    বহুত ভাল লাগিল বা এইটো পঢ়ি। অনুবাদ কৰা বাবে ধন্যবাদ।

    Reply
    • Nilakshi Devi Deka

      অশেষ ধন্যবাদ চন্দনা ?

      Reply
  • Gitika Saikia

    বৰ বঢ়িয়া গল্গ অ’!মানে সাংঘাতিক গল্গ। অনুবাদৰ তুলনা নাই। তোমাৰ হাতত কথাবোৰে প্ৰাণ পাই উঠে।

    Reply
    • Nilakshi Devi Deka

      তোমাৰ মন্তব্যত সদায়েই উৎসাহ পাওঁ গীতিকা। আন্তৰিক ধন্যবাদ জনালোঁ।

      Reply
  • আপোনাৰ নিপুণ হাতৰ পৰশত গল্পটোৱে প্ৰাণ পাই উঠিছে ।চুপাৰ্ব ।??

    Reply
    • Nilakshi Devi Deka

      আন্তৰিক ধন্যবাদ মৌচুমী। ?

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *