ফটাঢোল

এপ্ৰিল ফুল- কৌশিক দাস

জীৱনৰ জীৱনত আজিৰ দিনটোৱেই বোধকৰো আটাইতকৈ ক’লা দিনৰূপে চিহ্নিত হৈ ৰৱ । অৱশ্যে ইতিপূৰ্বেও বহুকেইটা সৰ্ব নিন্দিত ঘটনা তেওঁ সংঘটিত কৰি উঠিছিল । কিন্তু কোনেও তেওঁৰ নোম এডালো লৰাব পৰা নাছিল । আইনলৈ আগবাঢ়ি যোৱা খোজবোৰ এটা এটাকৈ জীৱনৰ স্বমহিমাত দিশাহীন হৈ পৰিছিল । প্ৰশ্ন যিয়েই যিমান নকৰক স্থিতপ্ৰজ্ঞ জনমানসে জীৱনহঁতৰ আশীষধন্য হোৱাৰ প্ৰতিহে আগ্ৰহ প্ৰকাশ কৰে । নকৰিব কিয় । পদপথৰ দোকানী নৰেন, হীৰেণ হঁতেও বুকু ফিন্দাই দাবী কৰে………
__”মানুহৰ বাবে জীৱনে যথেষ্ঠ কৰিছে । ৰাস্তা বনাইছে, দলং সাজিছে , দুখীয়াক ঘৰ দিছে,এটকীয়া চাউল দিছে, আনকি নিবনুৱাক চাকৰি দিয়াৰ নামত তেওঁ কেঁহা তামোল এখনো মুখত দি পোৱা নাই ! ইমানখিনি দিয়াৰ পিছতো আমি আকৌ বেলেগৰ পিছত কিয় দৌৰিম । আজিৰ দিনত এনে মানুহো যে আছে সেইটোৱেই আমাৰ বাবে ডাঙৰ ভাগ্য । ”
নৰেণহঁতৰ দৰে গুণমুগ্ধৰ কৃপাত জীৱন জীৱন্ত কিংবন্তিলৈ পৰিগনিত হোৱাৰ সময়তে এই মহা বিস্ফোৰণটো ঘটিল ।
আজি উন্মোচন হোৱা জীৱনৰ অশীতিপৰ পিতৃ অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া অলকেশ হাজৰিকাৰ আত্মজীৱনী ” মোৰ পথভ্ৰষ্ট দিনৰ ৰেঙণী”ৰ এটা অধ্যায়ত উল্লেখ কৰিছে—” যিদিনাখন সি আমাৰ গাঁওখন জ্বলাই ভষ্মীভূত কৰিছিল এজন বিবেকসম্পন্ন পিতৃ হিচাপে মই অকনো দায়িত্ব অনুভৱ কৰা নাছিলোঁ । কাৰণ টকা আৰু ক্ষমতাৰ মোহে মোকো গ্ৰাস কৰি পেলাইছিল । মানৱজাতিৰ অন্যতম ভূষণ “লজ্জাবোধ” আহৰণ কৰিবলৈ মোৰ প্ৰায় দহ বছৰ পাৰ কৰিবলগীয়া হৈছিল । যাৰ পৰিণতিতে যোৱা বছৰ মই মোৰ একমাত্ৰ সন্তান জীৱনক ত্যাজ্যপুত্ৰ কৰিবলৈ বাধ্য হৈছিলো । এককথাত ই মোৰ সমষ্ট অপকৰ্মৰ এক প্ৰায়শ্চিত্ত বুলিও আপোনালোকে বিবেচনা কৰিব পাৰে । ”
জীৱনে য’ৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল সেই গাঁৱখনৰ অতীত আজিৰ দৰে নাছিল । পথাৰবোৰ শস্যৰে ভৰি আছিল । ঘৰে ঘৰে মাছৰ উভৈনদী আছিল । মানুহবোৰ স্বাৱলম্বী আছিল বাবেই স্বাধীনচেতিয়া চিন্তাচৰ্চাৰে পৰিপুষ্ট আছিল । যিটোৰ পৰা একচেতিয়া ৰাজত্ব সাব্যস্ত কৰাৰ ক্ষেত্ৰত জীৱনৰ বাবে যে অসুবিধাৰ সৃষ্টি হ’ব সেই কথা তেওঁ আৰম্ভণিতেই অনুমান কৰি লৈছিল । কিন্তু বাধাৰ সন্মুখত ৰৈ থকা মানুহ অন্তত: জীৱন নাছিল । চৰম বুদ্ধি আৰু সাহসৰ সমাহাৰত উদ্বেলিত জীৱনে যেন কেৱল আগবাঢ়িহে যাব জানিছিল ।
জীৱনহঁতৰ গাঁৱখন মূলত মৎস্যজীৱী আছিল । মৎস্যজীৱী মানে সাধাৰণ মাছমৰীয়া নহয় । জনৈক কৰ্মবিমুখচামক বাদ দি প্ৰায় প্ৰত্যেকঘৰেই দুই চাৰিটাকৈ বিয়াগোম পুখুৰীৰ অধিকাৰী আছিল ।
প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰি জীৱনে যেতিয়া এই গাঁৱত ভৰি দিছিল । তেওঁ সুধিছিল……
“আপোনালোকে কি বিচাৰে ? ”
গাঁৱৰ মুৰব্বীজনে কৈছিল ……” আপুনি যিটো পথেৰে আহিছে । সেইটোৱেই আমাৰ ডাঙৰ সমস্যা । বিগত পঞ্চাশ বছৰে কোনেও নাভাবিলে ”
—আৰু ?
—- ভগ্নপ্ৰায় চিকিৎসালয় এখন আছে । ডাক্তৰ নাই !
” মোক মাত্ৰ এমাহ দিয়ক ।”
জীৱনৰ কথামতে এটা মাহৰ ভিতৰতে ৰাস্তাটো সম্পুৰ্ণ কৰা হৈছিল । চিকিৎসালয়খনো আধুনিক ৰূপত গঢ় দি ডাক্তৰৰ উপস্থিতি নিয়মীয়া কৰা হৈছিল । গাওঁখনৰ প্ৰাথমিক সমস্যাবোৰ পৰ্যায়ক্ৰমে দূৰ হোৱাৰ উপক্ৰম হৈছিল । জীৱনে ভাবিলে এইদৰে সদায়ে গাঁৱৰ মানুহখিনিক হাতৰ মুঠিত ৰাখি থব পৰা নাযাব । তাতে গাওঁখন অসমৰ অন্য ঠাইৰ সৈতে পৃঠক । অৰ্থনৈতিকভাবে শক্তিশালী আৰু অনাগত সময়তো সহজে অনগ্ৰসৰতাই স্পৰ্শ কৰাৰ কোনো সম্ভাৱনা নাই । এনে অৱস্থাত ৰাইজক অনন্তকাললৈ তেওঁৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিবলৈ স্থায়ীভাবে কিবা এটা কৰাৰ দু:চিন্তাই জীৱনৰ দুৰাকাংক্ষী মনক ব্যতিব্যস্ত কৰিবলৈ ধৰিলে । এদিনাখন সিদ্ধান্ত লৈয়েই পেলালে । মৎস্যভৰা পুখুৰীবোৰ বিষাক্ত কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা । নিমিষতে গাওঁখনৰ বহু লক্ষাধিক মাছ মৃত্যুমুখত পৰিল । অজ্ঞাত শতৰুৰ সন্ধানত মানুহৰ মাজত শ্বাসৰুদ্ধকৰ অৱস্থা এটাৰ সৃষ্টি হ’ল । ইটো চুবুৰীয়ে সিটো চুবুৰীলৈ লক্ষ্য কৰি সন্দেহৰ বীজ বহলভাবে ৰোপন কৰি ললে । ঘৰে ঘৰে জ্বলি উঠিল প্ৰতিহিংসাৰ দাবানল । এনে হ’ল__বছৰৰ বাৰটা মাহেই বিষাক্ত পুখুৰী আৰু জ্বলন্ত ঘৰেৰে বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাবোৰ ভৰি পৰিল । গাওঁখনৰ কোনো পুখুৰীতে এতিয়া মাছ পাবলৈ নাই । ঘৰত যোগাৰ হোৱা অন্নমুঠিৰে কোনোমতে খাই বৈ থাকিবলগীয়া হৈছে । বিপৰীতে প্ৰত্যেকেই বি.পি.এল কাৰ্ড পাইছে । বিনামূলীয়া বিজুলী আৰু ৰন্ধন গেছৰ সংযোগ ঘৰে ঘৰে ঘটোৱা হৈছে । যিকেইটা পুখুৰী বিষত আক্ৰান্ত হৈছিল জীৱন হাজৰিকাৰ কৃপাত তেওঁলোকৰ পৰিয়ালত একোটাকৈ চৰকাৰী চাকৰিৰ সুব্যৱস্থা কৰা হৈছে । “বিপদ”ৰ সময়ত গাওঁবাসীক তেওঁ নতুন জীৱন দিলে । এইকথা সাত শতৰুৱেও স্বীকাৰ কৰিব যে__” উৎপাদন যদিওবা শূণ্যৰ ঘৰত উন্নয়নৰ গতিধাৰাত কিন্তু গাওঁখন বহু আগলৈ ঢাপলি মেলিছে । ” এই অৱদানৰ চিনস্বৰূপে প্ৰগতিশীল যুৱসংঘৰ তত্বাবধানত গাওঁখনৰ মাজমজিয়াত জীৱনৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে । জীৱনৰ জন্মদিন অৰ্থাৎ চলিত বছৰৰ পহিলা এপ্ৰিলৰ দিনাখন খোদ জীৱনৰ হতুৱাই প্ৰতিমূৰ্তিটো উন্মোচন হোৱাৰ কথা । সেই সময়তে জীৱনৰ এই অবাঞ্চিত অধ্যায় শুনি মানুহৰ মন জ্বলি পকি উঠিছে । জীৱনৰ ত্যাজ্যপুত্ৰ হোৱাৰ খবৰ তেওঁলোকে পাইছিল । সেয়া একান্তই পাৰিবাৰিক বুলিহে ভাবি আহিছিল । ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ অলকেশ হাজৰিকায়ো ক’তো এই অভূতপূৰ্ব কাৰকটো ৰাজহুৱা কৰা নাছিল ।
উত্তেজিত জনতাই জীৱনৰ নিৰ্মীয়মান প্ৰতিমূৰ্তিটো ভাঙি পেলালে । অহা এক এপ্ৰিল, যিদিনাখন এই মূৰ্তিটো আনুষ্ঠানিকভাবে উন্মোচন কৰিবলৈ স্থিৰ কৰা হৈছিল , উক্তদিনাৰ সমগ্ৰ কাৰ্যসূচী সঁচাঅৰ্থত “এপ্ৰিল ফুল” হ’ব বুলিয়েই যুৱসংঘই জৰুৰীভাবে ঘোষণা কৰিছে । জীৱনৰ দৰে সুদক্ষ (সৰ্প-বেজ )উভয়ৰূপী নেতাৰ আৱিৰ্ভাবে এপ্ৰিল ফুলক এক নতুন মাত্ৰা প্ৰদান কৰিলে । গাওঁবাসীয়ে নাজানে __এই জীৱন নামৰ ” অতি নাটকীয়” চৰিত্ৰবোৰৰ কেতিয়াবা যতি পৰিবনে নে নপৰে !

 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *