বয়সৰ দোষ-লুনা বৰা
– মধুৰী গছজোপাত ইমান মধুৰী লাগিছে৷
– ক’ত, মইচোন দেখাই নাই৷
– আপুনি ক’ত দেখিব….. বয়সৰ দোষ৷
– হয় দেই বয়সৰ দোষ, মধুৰী কেইটা বৰ সৰু বয়সৰ হৈ আছে, আৰু অলপ ডাঙৰ হ’লে চকুত পৰিব৷
– আপোনাৰ বয়সৰ কথা কৈছোঁ৷
– অঁ, তাকেটো, তহঁতি ফুকলীয়া বয়সৰ, ফুকলীয়া মধুৰী কেইটা দেখিছ, আমি আৰু এডাল্ট, মেছিয়ৰ্ড মানুহ…..
– বয়সৰ লগে, লগে চকুৰ পাৱাৰ কমিছে, সেইয়া মানি নলয় কিন্তু৷
কথাখিনি কৈয়ে সি আগবাঢ়ি গ’ল৷
……..
– কিয় মানি ল’ম৷ চশমা নোহোৱাকৈ এতিয়াও সব কৰিব পাৰোঁ৷ তহঁতৰ নিচিনা কাণত পেটুডাল লগাই অনবৰত মোবাইল জুপি নাথাকোঁ নহয়৷
– হ’ব, আপুনি আৰু একেটা কথাতে পাক লাগি থাকি, টপিকটোৰ দিশ সলনি কৰিব নালাগে৷ এইয়া আচলতে দুৰ্বলতা, বয়সৰ দোষ৷ মানি লওক৷
– সেইয়া মেছিয়ৰিতি, কথা কোৱাৰ আৰ্ট৷ সঠিক কথাটোহে কৈছোঁ৷ তহঁতৰ নিচিনা উৰি ফুৰি কথা কোৱা মানুহ নহয় আমি৷ তহঁতৰ সব সেই মোবাইলৰ জহতহে৷ হকে-বিহকে কাণত সেইডাল লগাই ঘৰে-ৰাস্তাই ….কাষেদি চিনাকি মানুহ পাৰ হৈ গ’লেও খবৰ নাই৷ সামাজিক জীৱৰ শাৰীত পৰ’ নে নপৰ’ জানো..?
– উৰি, ফুৰি কথা কোৱা বুলি নকয় তাক, আমি হ’লোঁ ডিজিটেল মানুহ৷ কম্পিউটাৰ, এণ্ড্ৰইড মোবাইল, ৱাই ফাইৰ যুগৰ মানুহ৷ কথাও সেই তেনেধৰণৰ৷ বহুত এডভাঞ্চ আমি৷ আমাৰ কথাও এডভাঞ্চ৷ হেড ফোনৰ ব্যৱহাৰ কি জানিব……আপোনালোকৰ দিনত এনে কথাবোৰকে উৰি উৰি কথা কোৱা, চেলেং পেটেং কথা কোৱা বুলি কৈছিল৷ সেয়ে কৈছোঁ বয়সৰ দোষ৷
– হ’ব দে, ইণ্টাৰনেট যুগৰ মানুহ হৈ তহঁতিনো কি কৰিছ, চ্ছেটিং, ট্ৰল, টিক-টক…… এইবোৰৰ যি সদ ব্যৱহাৰ কৰিব লগা আছে, আমাৰ বয়সৰখিনিয়ে কৰিছে৷ জনজাগৰণৰ কথাই হওক, সমাজ সেৱাই হওক, সৎ চিন্তা, সু চিন্তা, সৎ ভাৱৰ সম্প্ৰচাৰণ বা সম্প্ৰসাৰণ হওক….আমাৰ জেনেৰেচনৰ কাম৷
– সেইয়া, ধৰিলেও ধৰিলে একেবাৰে চ্ছেটিং, ট্ৰলতহে ধৰিলে৷ ধৰা পৰিছে আপোনালোকৰ বয়সৰ দোষ আৰু দুৰ্বলতাবোৰ৷ আপোনালোকে আপোনালোকৰ দিনত লুকাই লুকাই, ফুচফুচাই কৰাবোৰ আমি সৱে দেখাকে কৰোঁ৷ দম আছে আমাৰ৷
– সেইয়া তহঁতৰ বয়সৰ দোষ, দম নহয়৷ মেছিয়ৰ্ড হ’লেহে বুজিবি৷ ছচিয়েল মিডিয়াৰ যোগেদি কিমান কি ছচিয়েল কামো যে কৰিব পাৰি জান জানো? তহঁতি ক্ৰাচ, জি এফ, এক্স এইবিলাকতে উলমি থাক৷
– চাওক, আপোনালোকৰ হাতত মোবাইল, ইণ্টাৰনেট পৰিছে এই বয়সত আৰু আমাৰ হাতত পৰিছে একদম তেজ গৰম বয়সত৷ আমিহে ইয়াৰ ব্যৱহাৰ বেছি জানিম৷ কাৰণ আমাৰ মন, মগজু সতেজ হৈ আছে৷ ইয়াৰ সদব্যৱহাৰ আমাতকৈ বেছি নাজানে আপোনালোকে৷ আৰু কৰিলোঁৱেই বাৰু চ্ছেটিং, সময়ে এনেকুৱা, এইবোৰত কোনো ইম’চন নাথাকে, জাষ্ট টাইম পাছ৷
– তহঁতৰ টাইম পাছবোৰ আমাৰ দিনত প্ৰেম, ভালপোৱা বুলি কৈছিল, তাকো এটা বা এজনীৰ লগতহে আছিল, এশজনী বা এশ
জনৰ লগত নহয়৷ আজিকালিৰ সংসাৰবোৰত সেয়ে ইমান যুদ্ধ, বিশ্ব যুদ্ধৰ পৰা শীতল যুদ্ধলৈ৷ গম পাবি পিছত, এতিয়াটো বয়সৰ দোষত পৰিছ৷ ইম’ছন বিহীন সম্বন্ধবোৰৰ পিছত লাগি থাকোঁতেইটো ত্ৰিশ, চল্লিশ বয়সলৈকে তপা মূৰিয়া হৈ, মনে-মনে বিয়া পাতিবলৈ ছোৱালী চাই ফুৰিব লগা হয়৷
– চাই থাকক, ভালৰো ভাল এজনী বিয়া পাতি দেখুৱা়ম৷ সংসাৰো ভাল দৰে চলাম৷
– হয় দে, ভালে থাক আৰু থাকিবি৷ বয়সৰ দোষত পৰি একো বেয়া নকৰিবি, মই চাবলৈ সাজু৷
…….
……
– অ’ মা, মা, ক’ত আছা?
– কি অ’, ইয়াত আছোঁ৷ গৈছোঁ ৰ৷
– এহ জানো নহয়, কিবা কিবি কথাবোৰ পাগুলি বহি আছা৷ তোমাৰ বয়সৰ দোষ বৰ সোনকালেই হ’ব ধৰিছে৷ এতিয়া আহি মোক টপিক কেইটামান গুগল চাৰ্চ কৰি লিখি দিয়া৷ মোৰ কম্পিউটাৰত প্ৰজেক্ট কৰিবলৈ আছে৷ সময় নাই৷
– হয় দে, তহঁতৰ বয়সত মোৰ বয়সৰ দোষ দেখিবিয়ে, ……মোবাইল দে….কি লাগে চাওঁ৷
☆ ★ ☆ ★ ☆