ফটাঢোল

উল্টা-পুল্টা- জ্যোতিৰ্ময় কলিতা

 (১)
ক’ৰ পৰানো এই ফিৰফিৰিয়া বতাহজাক আহি দেহটো শীতল কৰি পেলালে৷ চেঁচাত একেবাৰে গাৰ নোম ডাল ডাল হ’ল৷ পুহ, মাঘমহীয়া দিন নহয় যদিও ঠাণ্ডাটো কমিবৰে হোৱা নাই৷ তাতে আৰু চাৰিওফালে বিয়াৰ জোৱাৰ৷ সদায় সদায় ৰাতিখন শান্তিত শুব নোৱাৰি৷ স্পীকাৰত ধুম ধুমকৈ বজোৱা গীত শুনিম নে আকাশমাৰ্গত ফুটোৱা বোমাৰ শব্দবোৰ৷ মুঠৰ ওপৰত শান্তি নোহোৱা হৈছে৷ এনেই ৰাতিপুৱা সাৰ নাপাওঁ ১০-১১ বজালৈ৷ মায়ে সদায় কয় পুৱাই উঠিবি, পুৱাই উঠিলে ঘৰৰ দুটামান কাম হয়৷ লাগিলে দিনটো আৰু শুই থাকিবি৷ কথাটো হওঁতে হয় পিছে ফ’ল’হে কৰিব পৰা নাই ৰুটিনখন৷
 তদুপৰি আজে-বাজে টেনচনবোৰতো আছেই৷ কিন্তু টেনচন দূৰ হোৱা দূৰৰ কথা সদায় এটাকৈ বাঢ়েহে৷ কি কৰোঁ কি নকৰোঁ ভাবি কেতিয়াবা গলতে ৰচীডাল লোৱাৰ কথা ভাবোঁ৷ পিছে নোৱাৰোঁ৷ জীৱ হত্যা মহাপাপ বুলি ঋষি মুনি সকলে কৈয়েই গৈছে৷ আজিকালি যিটো দিন পৰিছে সকলে দেখোঁ কিবা “ ৰিপ “ বুলিহে লিখে৷ কেতিয়াবা ভাবোঁ শিক্ষাৰ পোহৰ নপৰা মানুহ এজন ঢুকালে কোনোবাই যদি ’ ৰিপ ’ বুলি লিখি দিয়ে, সি যমৰ ঘৰত গৈ ইংৰাজীৰ টিউচন এটাকে যোগাৰ কৰি ল’ব লাগিব৷ পৃথিৱীত থাকোঁতে খাবলৈ দুই পইচা নোহোৱা ভোদাজনে আৰু যমৰ ঘৰত গৈ কেনেকৈ টিউচন ফিজ্ জমা কৰিব কেতিয়াবা সেইটোৱো ভাবোঁ৷ আচলতে ভাবিবলগীয়াও!
 (২)
 গুৱাহাটীতে নতুনকৈ কাম এটাত সোমাইছোঁ৷ ইণ্টাৰভিউত সুধিছিল- “কামটো কৰিবলৈ কিয় মন কৰিলা? ” মই বোলা- “ছাৰ, ঘূৰা-ফুৰা, খোৱা-লোৱাত মোৰ তামাম চখ এটা আছে, কামটোও বোলে তেনেকুৱাই, সেয়ে ঢপলিয়াই আহিলোঁ৷ ”
ঃ ঘূৰি ফুৰি ভালপোৱা মানে!
ঃ ছাৰ, নিজৰ ঘৰটো ৰাতিহে চিনি পাওঁ, ৰাতিপুৱা যি দুমুঠি পেটত ভৰাই ওলাও আৰু ৰাতিহে সোমাও৷
ঃ কিবা কাম কৰি ফুৰা চাগৈ!
ঃ হয় ছাৰ৷ দোকানীবোৰৰ টাইম পাছ কৰিবলৈ সিহঁতৰ লগত আড্ডা, সিহঁতে দোকানত আনি থোৱা খোৱা বস্তুবোৰ শেষ কৰাত সহায় কৰোঁ৷
ঃ ৱাহঃ ব্ৰিলিয়েণ্ট!
 কেইদিনমান আগতে ফোন এটা আহিল, শিলচৰ যাব লাগে বোলে৷ মই বোলো হ’ব ছাৰ৷ নাইট ছুপাৰৰ টিকট কাটি খানাপাৰাত উঠি এক্কেবাৰে কেপিটেলত নামিলোঁ গৈ৷ কাউৰীয়ে সাৰ নাপাওঁঁতেই গৈ পাই বৰ দোধোৰ মোধোৰত পৰিলোঁ৷ ভাগ্য ভাল আগতীয়াকৈ মেডিকেলত মোৰ বাবে ICU ৰূম এটা ঠিক কৰি থৈছে, ৰূমত সোমাই যি শুলোঁ ১০ বজাত সাৰ পালোঁ৷ গা পা ধুই বাহিৰত ওলাই আহি চাহ খাওঁ বুলি দোকানলৈ গ’লোঁ, এঘোট দিয়েই তালু পুৰিলে৷ জানেই নহয় খোৱাত ভাল সেয়ে যেতিয়াই চাঞ্চ পাইছোঁ কামৰ মাজতে ঠুচি গৈছোঁ৷ তাত বিশেষ অসুবিধা নাই পোৱা, এই ভাষাটোকলৈহে খেলিমেলি৷ না আমি বাংলা জানি না বুজি, হিন্দীতে বহলাই কওঁতে কওঁতে মাজে মাজে একেবাৰে অসমীয়া ওলাই যাওঁ কৰে, হেঁচি ঠেলি ভিতৰত সুমুৱাই থওঁ৷ ভাবিছোঁ তাত এটা অসমীয়া কোচিং ক্লাছ এটা খুলিম৷ ভাবিছোঁহে আৰু…
 এতিয়া গুৱাহাটীলৈ গৈ আছোঁ, খাই বৈ পুষ্ট কিন্তু পানীহে নাখালোঁ বাৰে বাৰে যোৱাৰ ভয়ত, বাৰু ইমানলৈ এৰিলোঁ…৷
 (৩)
 লগৰ এজনে এদিন হঠাতে ক’লেঃ ঐ কালি বিয়া পাতিলোঁ নহয়৷
ঃ কি কৱ… মোক এৰি পাতিলি যে…
আচলতে সিয়ে ময়ে এটা খৰচতে এটা পেণ্ডেলতে বিয়া পতা কথা আছিল, সেয়ে খং উঠিছিল৷ তথাপি পাতিলেই যেতিয়া কি কৰিব পাৰোঁ৷
ঃ ঐ শুন না, ইণ্টাৰেষ্টিং কথাটো..
ঃ ক আকৌ..
ঃ ছোৱালীজনী আব্ৰা (ভোদা), নাকেৰে পানী বৈ থাকে৷ আৰু যৌতুকো দিয়া নাই নহয়… কালি ৰাতি যিখনহে বিছনাত শুলোঁ দুইজনক নোজোৰেই, শেষত মাজ ৰাতি মাক মাতি কৈছোঁ – অ মাই তহুন এটু কি বিয়া কৰেই দিলি এ মোৰ লগত, তোৰ লগতে ৰাখ যা৷
ঃ হেঁ…..
 তাৰ কথা শুনি মই কোনটো গ্ৰহত আছিলোঁ গমেই পোৱা নাছিলোঁ৷
মই বোলো- পিছত মায়ে কি ক’লে..
ঃ কি ক’ব আৰু, যি আনি দিছোঁ তাতেই সন্তুষ্ট থাক নহ’লে পিছত একো নাপাবি..
ঃ সেইবোৰ বাদ দে.. কইনা চাব লাগে ব’ল…
ঃ ক’ত যাবি কইনা চাব?
ঃ তোৰ ঘৰত…
ঃ তাই নাই নহয়, তাই গ’ল ৰাতিপুৱা ৪ মান বজাতে
ঃ হেঁ খেদিলিয়েই মানে..
ঃ ধৈ সপোনত ধৰি ৰাখিব পাৰি নেকি… সৌ সিদিনা কেটৰীণা কাঈফৰ লগত কেলিফৰ্ণিয়া গৈছিলোঁ, পিছতহে গম পাইছোঁ বিছনা তিতি আছিল.. কেলিফৰ্ণিয়াৰ কোনটো টয়লেটত বা মুতিছিলোঁ আজিও নাজানিলোঁ….
মই বোলোঁ ৰক্ষা তে… ব’ল এতিয়া অলপ মুতিয়ে আহোঁ…
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *