ফটাঢোল

দদাইদেউ আখ্যান- স্বৰ্ণা সোণোৱাল

ইতিহাসৰ পাতত জিলিকি থকা এটুকুৰা ঠাইৰ নাম শিৱসাগৰ জিলাৰ বকতা। চাৰিওফালে চালে চকু ৰোৱা সেউজীয়া পথাৰ, ধান ধন গাঁৱৰ মানুহৰ উভৈনদী। তাতেই বাস কৰিছিল আমাৰ এই মেম্বৰ দদাইদেউ। এই মেম্বৰ দদাইদেউৰ কথানো কি ক’ম, ক’লে শেষেই নহয়। দদাইদেউ সৰুৰে পৰা আমাৰ সমাজৰ ভব্য-গব্য মানুহৰ লগত উঠা বহা কৰা। কিন্তু হ’লে নো কি হ’ব, তেওঁ হৈছে আঁঠুৰ মূৰত সোণ বিচৰা মানুহ। বোলো ৰাতি হলে সাত হাল বায়, পুৱা হ’লে এহালো নাই। আজি মই এই মেম্বৰ দদাইদেউৰে দুটা কাহিনী শুনাম।
দদাইদেউৰ এজনী বৰ ধুনীয়া, দীপলিপ ছোৱালী আছিল। সকলোৰে দৰে দদাইদেউৰো খুব আশা ছোৱালীকনৰ শান্তি বিয়া খন বৰ ধুম ধামেৰে পতা।কি ঠিক ছোৱালী ডাঙৰ হৈ সিখন বিয়া পাতিবলৈ সুবিধা দিয়ে বা নিদিয়ে! সময়ত ছোৱালীজনী পুস্পিতা হ’ল, এতিয়া দদাইদেউৰ মস্ত চিন্তা, ‘বিয়াখন কেনেকৈ পাতিম, কাক কাক মাতিম।’ দদাইদেউৰ এই সকলোবোৰ চিন্তাৰ ভিতৰত মূলতঃ দূৰৈত আমন্ত্ৰিত মানুহ বিলাকক কি খুৱাব, সেইটোৱে আগস্থান পাই আহিছিল! ঘৰৰ মানুহে সুধিলে কয়, “হ’ব নহয়, মই সকলো ঠিক কৰিম। দদাইদেৱে ঘৰৰ আগফালে এখন আটক ধুনীয়াকৈ ৰভা দিয়াই ধুনীয়াকৈ সজাই পৰাই দিলে। ৰাস্তাইদি যোৱা মানুহৰো চকু ৰৈ যায় ৰভা দেখি। লগে লগে দদাইদেৱে অঞ্চলটোৰ সকলো ধনী মানুহক বিয়ালৈ মাতিলে। অঁ, ঘৰৰ মানুহৰ প্ৰশ্নৰ উৎপাতত দদাইদেৱে নিমন্ত্ৰণ কৰা মানুহক খুৱাবলৈ তামোল পাণ আনি ক’লে, “এইখিনি আনিছোঁ আৰু মোক বস্তু অনা কথা কৈ মাথা গৰম নকৰিবি।”
যথা সময়ত বিয়া ঘৰৰ আলহী আহিবলৈ আৰম্ভ হ’ল, মানুহবোৰে হাতত ভাল ভাল প্ৰেজেণ্ট লৈ বিয়ালৈ বুলি আহিল। দদাইদেৱে প্ৰেজেণ্ট লৈ হাতত থকা তামোলৰ বঁটাৰ পৰা তামোল দি দি মানুহবোৰক মাতি থাকিল। মানুহবোৰো ৰৈ আছে খাবলৈ মাতিব মাতিব বুলি! নাই, ভিতৰৰ পৰা নামাতেহে নামাতে, ইফালে মানুহৰ দেৰিও হৈছে! নাইখোৱা বুলি কবলৈও বেয়া পাইছে মানুহবোৰে।তেনেকৈ মানুহবোৰ এজন এজন কৈ যাবলৈ ওলাল, আলহীয়ে আলহীক যাবৰ সময়ত মাত লগাই কৈ গৈছে কিন্তু দেই….মোৰ খোৱা-বোৱা হ’ল, আপোনালোকে খাই বৈ আহিব। আলহী যাবৰ সময়ত আমাৰ মেম্বৰ দদাইদেৱে বাৰে বাৰে কৈছে, “কি পালে, কি খালে বেয়া হ’লে নাপাব আকৌ দেই।” অ’ আলহীয়েনো কি উত্তৰ দিব! বোলে “হয় হে’, খোৱা-বোৱা নো কি মাত কথা হে মূল।”
সেই মেম্বৰ দাইদেউয়ে আৰু এটা কাহিনী কওঁ হা।আমাৰ দাইদেউ কথা কৈছোৱে তেওঁ সদায় ভাল ভাল মানুহৰ লগত উঠা বহা কৰিবলৈ মন, ধুনীয়া ধুনীয়া ঠাই গাড়ীত উঠি ফুৰিবলৈ মন। এদিনাখনৰ কথা, আমাৰ দাইদেউ ওলাল নগৰ ফুৰাৰ মানসেৰে।ৰাতিপুৱা ঘৰৰ পৰা ঠিকেই ওলাল, দিনটো ফুৰি মেলি থাকোঁতে নগৰতে আবেলি হ’ল। দদাইদেউৰ মনত এটা কথা খেলালে, ঘৰলৈ যামেই যিহেতু এখন গাড়ীতে নাযাওঁ কিয়। ভবা মতে কথা, দাইদেও গাড়ীৰ ষ্টেণ্ডটোৰ ওচৰত গৈ দাম দৰ কৰাত লাগিল।গাড়ী চালকে দাইদেউক জনালে যে তেওঁ কোৱা ঠাইলৈকে পূৰা আঠশ(৮০০)টকা ল’ব। ইহঃ আমাৰ দদাইদেউ কি ইমান তল পৰা মানুহ নেকি, তেওঁ বোলে, “হেৰৌ বোপাই যিমান যিমান লোৱা ল’বা, মোক থৈ আহিবা ব’ল, ঘৰত থকা তিনিখন গাড়ীৰ দুখন ল’ৰা দুটাই লৈ গল, মোৰ লগত খুৰীয়েৰো লগত আহিছিল নহয় বজাৰ কৰিবলৈ, ইমান বজাৰ কৰিলে যে মই বহিবলৈকে ঠাই নোহোৱা হ’ল, মই বোলো তহঁত যা, মই কিবা কৰি মিলাই মেলি যাম।সেই বাবে এই তোমাৰ ওচৰত আহিলোঁ, হ’ব বৌলা মোক ঘৰত নমাই পূৰা পূৰি পইচা এক হাজাৰ লৈ আহিবা”। তাকে শুনি গাড়ী চালক জাঁপ মাৰি উঠিল, মনতে ভাবিছে আজি পুৱাই মই কাৰ মুখ চালোঁ লাভেই লাভ।
দদাইদেউক লৈ গাড়ী ঢাপলি মেলিলে বকতা অভিমুখে। গাড়ী চালকে ভাবিলে, “মানুহজন ইমান ভাল, মই অলপ চৰ্ত কাট মাৰিলেও একো নহয়” বুলি দিলে ভিতৰৰ ৰাস্তা এটাই ভৰাই! চালকৰ মনত লাড্ডু ফুটি আছে, এনেই বুঢ়ী নাচনী, তাতে নাতিয়েকৰ বিয়া। ইফালে দদাইদেৱে মনতে ভাবি আছে, ঘৰ “পোৱাৰ আগতে ইয়াৰ পৰা কেনেকৈ আঁতৰিব পাৰি, চালকে গাড়ী সেইফালেদি সুমুওৱা দেখি দাইদেও মনত এটা বুদ্ধি খেলালে। নানা কথাৰ মাজতে দদাইদেৱে ভগৱানৰ নাম ঘন-ঘনকৈ লোৱা শুনি চালকে ক’লে, “কিবা অশান্তি হৈছে নেকি খুৰাদেউ, আপুনি বৰকৈ ভগৱানৰ নাম লৈছে।” উফ্! সেইষাৰহে যেন শুনিবলৈ ৰৈ আছিল আমাৰ দদাইদেউ। তেওঁ লৰালৰিকৈ কৈ উঠিল, “বোপাই অ’ গাড়ীখন ৰখা চোন, মোৰ জোৰকৈ বাৰী ফুৰিব লাগিছে, অলপ দেৰি হ’লে গাড়ীতে……..” বুজিছাই নহয়”।
হে’ ভগবান কিবা গাড়ীতে অথন্তৰ হলে হল আৰু বুলি চালকে ততা-তৈয়াকৈ গাড়ী ৰাখিলে। দদাইদেউ গাড়ীৰ পৰা নামি চালকক উদ্দেশ্যি ক’লে বোলো, “তুমি ইয়াতে অলপ ৰ’বা, মই পুতুককৈ বাৰী ফুৰি আহোঁ, ঘৰ পালোঁহিয়ে আৰু বেছি দূৰ নাই, সৌ যে পথাৰখনৰ সিপাৰে লাইটকেইটা জ্বলি আছে সেইটোৱে আমাৰ ঘৰ”। এনেকৈয়ে কৈ দদাইদেউ পথাৰত সোমাল যি সোমাল বোলে! চালকৰ আগত ওলোৱাই নাই, চালকেও বোলে পথাৰত ৰৈ লাইট কেইটাৰ ফালে চায়েই থাকিল, চায়েই থাকিল…
শুনাহে কথা হলে দেই,সঁচা মিছা নাজানো।।
☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *