বাঘ ওলাইছে বাঘ- ৰাস্না বৰা
দেখাই শুনাই চেহেৰাই পাতিয়ে বৰাণী বেছ হিষ্ট পুষ্ট খামীডাঠ মহিলাই, পিচে ৰাতি মেকুৰীৰ ফটো দেখিলেও বাঘৰ সপোনেই দেখে তেওঁ। এবাৰ কি হ’ল মানে, বহু বছৰ আগতেই এদিন ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ গ’ল ওচৰৰ মানুহৰ লগত, ঘৰত ল’ৰা ছোৱালী চম্ভালি পতিদেৱে মাংস ভাত ৰান্ধি আজৰি হৈ বাৰাণ্ডাত বহি আছে। ঠাণ্ডা দিনৰ কথা, বাট পথ নিজান। থিয়েটাৰ শেষ হোৱাত মানুহবোৰ ঘৰাঘৰি গৈছে। এনেতে বিপৰীত ফালৰ পৰা এজন আহিল বোলে বাঘ এটা ৰাষ্টাৰে পাৰ হৈ গৈছে। বৰাণীয়ে শুনিবলৈহে পালে লগৰ মখাক এৰি একে দৌৰে ঘৰ সোমাই দুৱাৰ বন্ধ কৰিলেই, ইপিনে পতি পুত্ৰই বাৰাণ্ডাত বহি থকাতে থাকিল। তেওঁলোকে একো নুবুজে চিঞৰেহে চিঞৰে দৰ্জা নোখোলে বোলে বাঘ ওলাইছে। “হে হৰি আমাক কি বাঘে খাবলৈকে বাহিৰত এৰিলা নেকি হে?” তেতিয়াহে সম্বিত আহিল হয়তো কথাটো। পিছদিনা হে উৰহী গছৰ ওৰ ওলাল বাঘ দেখাজনে ৰহিলাৰ ৰহি ডিঙিলৈকে গিলি জহামালকে বাঘ দেখিলে। বেচেৰিজনীয়ে এনেয়ে ভয় খালে।
আকৌ এবাৰ বৰাণী যাওক তীৰ্থ ভ্ৰমণ কৰিবলৈ মধুপুৰলৈ, এইবাৰো লটিঘটি। অলপ দিন আগৰ পৰাই টি ভিত খালি গুৱাহাটীৰ ঘৰে ঘৰে বাঘৰ কাহিনী। কামাখ্যাত বাঘ দিছপুৰত বাঘ, জি এছ ৰোডত বাঘ মুঠতে বাঘেই টি আৰ পি কিছু গোটাইছে চেনেলবোৰে। বৰাণীৰ মন মগজুত বাঘ দ লৈকে শিপাই আছে। নতুন অতিথিশালাত ৰাতি শুইছে প্ৰতি বিচনাত দুজনীকৈ মহিলা। দিনটোৰ কষ্টত ৰাতি টোপনি গৈছিলহে এনেতে ধাম ধুম শব্দ, চিঞৰ বাখৰ ধৰ ধৰ, মাৰিলোঁ ঐ ইত্যাদি। বৰাণীয়ে সাৰ পাই বোলে কথা বিষম গুৱাহাটীৰ বাঘ ইয়ালৈকে আহিল খিৰিকীৰ আইনা ভাঙি। বাঘ বাঘ বুলি চিঞৰি বিচনাৰ তলত সোমাল। অলপ পিছত কোনোবাই লাইট জ্বলাই দিয়াত দেখে এগৰাকীয়ে সপোন দেখি আন এগৰাকীক বম পিটান দি আছে। সাৰ পাই আকৌ সোধে বোলে কি হৈছেনো, কিয় সব উঠি বহি আছা? বেচেৰীয়ে মাৰ খাই বিষৰ দৰৱ খালে আৰু বৰাণীয়ে বিচনাৰ তলত খুন্দা খাই দৰৱ খালে। চাওকচোন লটিঘটিখন।
☆ ★ ☆ ★ ☆