সম্পাদকীয়–সোনটো ৰঞ্জন বৰুৱা
“আহ আহ ওলাই আহ সজাগ জনতা
আহ আহ ওলাই আহ পোহৰ আনোতা
…………..” – ভূপেন দা
এটা আন্দোলনৰ প্ৰয়োজনীয়তাঃ-
হয়, আন্দোলন এটাৰ খুবেই প্ৰয়োজন হৈছে৷
ইমানবোৰ আন্দোলনৰ মাজতো আকৌ আন এটা আন্দোলনৰ এটাৰ খুবেই প্ৰয়োজন হৈছে৷ অপ্ৰিয় যদিও সত্য যে বিগত কেইদশকমান ধৰি জাতিটোৱে মূলত এটা দিশতে নিজৰ অস্তিত্ব খুব সবলকৈ জাহিৰ কৰিব পাৰিছে; সেয়া হৈছে আন্দোলন৷ অন্যায় অনিয়মৰ প্ৰতিবাদ হ’ব লাগে৷ কিন্তু আমি সঠিক দিশত আন্দোলনবোৰ আগবঢ়াই নিব পাৰিছোঁনে? সমস্যাবোৰ শেষ হ’লনে? এই আন্দোলনবোৰ নেতা, মন্ত্ৰী, এমএলএ গঢ়াৰ কমাৰশাল ৰূপেহে পৰিগণিত হৈছে নেকি? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ সময় এতিয়া আহি পৰিছে৷
বাংলাদেশী সমস্যা, তেল খাদৰ ব্যক্তিগত কৰণ, ভূমি হস্তান্তৰ আদিৰ দৰে অলেখ আন্দোলনেৰে ভাৰাক্ৰান্ত ৰাজ্যখনত বছৰটোৰ বাৰ মাহেই এটা নহয় এটা আন্দোলন, বন্ধ, ধৰ্ণা আদিৰে ভৰি থাকে৷ আনহাতে অসমৰ দৰে উৰ্বৰ ঠাই এখনতো শাক-পাচলি, মাছ, কণী আদি সকলো আমি বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হৈছে৷ আমি প্ৰতিটো কথাতে পৰনিৰ্ভৰশীল হৈ পৰিছোঁ৷ আনকি আমাৰ নিজৰ সমস্যাবোৰো আমি নিজে সমাধান কৰিব নোখোজোঁ, প্ৰতিটো কথাতে চৰকাৰ বা আনৰ মুখলৈ চাই থাকোঁ৷ সেয়েই হয়তো বহুতেই আমাক লুণ্ঠন কৰিবলৈ সুবিধা লয়৷
মূলতঃ কৰ্মমুখী এটা আন্দোলন গঢ় নিদিয়ালৈকে হাতত হেংদাং লোৱাৰ আপ্তবাক্যশাৰী সংলাপ হৈয়ে থাকিব৷
বৰ্তমানৰ পৰিস্থিতিত আমি সকলোৱে নতুন এটা আন্দোলনৰ অভাৱ অনুভৱ কৰিছোঁ৷ পৰিকল্পিতভাৱে অৰ্থনৈতিক তথা সামাজিকভাৱে ব্যাপক কাৰ্য্যসূচী হাতত লোৱাৰ সময় এতিয়া সমাগত৷ কিন্তু নতুন এটা আন্দোলন কেনেকৈ কৰা হ’ব?
অলপ বহলকৈ ভাবি চালে দেখা পাওঁ যে ডাঙৰ হৈ অহাৰ লগে লগেই আমাৰ সমাজ ব্যৱস্থাটোত প্ৰথমে মনলৈ অহা প্ৰশ্নটোৱেই হ’ল কৰ্মসংস্থাপন৷ আমাৰ সমাজত এতিয়াও ব্যৱসায়তকৈ চাকৰিক আগস্থান দিয়া হয়৷ মূলত: চৰকাৰী চাকৰিকে সাধাৰণতে সফলতাৰ চানেকি বুলি ধৰি লোৱা হয়৷ সেয়ে সৌ সিদিনালৈকে দেখা গৈছিল যে লক্ষাধিক টকা দি লোকসেৱা আয়োগৰ চাকৰি এটা কিনিবলৈও আমাৰ বহুতেই কুণ্ঠাবোধ নকৰে৷ বৰ্তমান এই মানসিকতাৰ সামান্য পৰিবৰ্তন দেখা গৈছে যদিও অসমৰ প্ৰেক্ষাপটত গাওঁ অঞ্চলত এতিয়াও বহু বাট যাবলৈ আছে৷ নিবনুৱাৰ সংখ্যাৰ বিপৰীতে চৰকাৰী বিভাগবোৰত খালী হোৱা পদৰ সংখ্যা কম বাবে এতিয়াও কৰ্মসংস্থাপনহীনতাৰ বিষয়টো নিৰ্বাচনৰ বৈতৰণী পাৰ হ’ব পৰা এটা বিষয় হৈয়ে আছে৷ পিছে সুখৰ কথা যে আজিকালি বহু অসমীয়া ডেকাই ব্যৱসায় বা বৃহৎ পৰিসৰত খেতি-বাতি কৰিবলৈ আগবাঢ়ি আহিছে৷ এই ক্ষেত্ৰত মাত্ৰ এটা দিশতেই গুৰুত্ব দিয়া অতি প্ৰয়োজন, সেয়া হৈছে গুণগত মূল্য৷ ‘অসমীয়া’ নামটোৰ আৱেগতকৈ গুণগত মূল্যইহে এবিধ সামগ্ৰীয়ে বজাৰ দখল কৰা বা বজাৰত টিকি থকাত সহায় কৰে৷
এইখিনিতে এটা সবল আন্দোলনৰো প্ৰয়োজন আহি পৰিছে৷ এই ক্ষেত্ৰত উল্লেখযোগ্য দিশবোৰ ফঁহিয়াই চাবলৈ হ’লে কেইটামান কথালৈ মন দিব লাগিব: –
১) খেতি: ধানক বাদ দি শাক পাচলিৰ ব্যৱসায়ত অসমীয়াৰ প্ৰভুত্ব একেবাৰে দুখলগা৷ অসমৰ বজাৰৰ সৰহভাগ পাচলি মেঘালয় আদিৰ পৰা আহে৷ মাছ আহে অন্ধ্ৰৰ পৰা৷ পিছে এখন খেতিৰ কেলেণ্ডাৰ তৈয়াৰ কৰিব নোৱাৰিনে? যে বজাৰৰ প্ৰথম ফচলবোৰ থলুৱা খেতিয়কৰ পথাৰৰ পৰাই আহিব৷ এই বজাৰৰ বিশ শতাংশও যদি থলুৱা খেতিয়কে দখল কৰে, অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ছবিখনেই সলনি হৈ যাব৷
২) শিক্ষা: ব্যক্তিগতভাবে ব্যৱস্থাটোক সলনি কৰিব নোৱাৰি৷ কিন্তু নিজৰ চৰিত্ৰ, কৰ্তব্যবোধ নিশ্চয় সলনি কৰিব পাৰি৷ এজন সু-নাগৰিক হোৱাৰ লগতে নিজৰ সন্তানকো সমাজৰ এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াৰ প্ৰয়োজন৷ পথৰ মাজৰ নতুনকৈ ৰং দিয়া ডিভাইদাৰত পিক পেলাই বা ঘৰৰ আৱৰ্জনা ওচৰৰ নলাটোলৈ নিক্ষেপ কৰি আপুনি বা মোৰ চৰকাৰক চহৰখনৰ কদৰ্য্যময় পৰিবেশৰ বাবে গালি দিয়াৰ নৈতিক অধিকাৰ নাই৷
৩) প্ৰশাসন: চৰকাৰ এখনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে প্ৰশাসন যন্ত্ৰই৷ বিগত দিনবোৰত আমি অসমৰ সমাজখনে যিমানবোৰ নেতা তৈয়াৰ কৰিলোঁ, তাৰ তুলনাত ইউপিএছচি পৰ্য্যায়ত দক্ষ অসমীয়া বিষয়া সৃষ্টিৰ সংখ্যা একেবাৰেই নগণ্য৷ কেৱল প্ৰশাসন যন্ত্ৰই নহয়, বৰ্তমানৰ প্ৰেক্ষাপটত কাৰিকৰীভাৱে দক্ষ মানৱ সম্পদ সৃষ্টিৰ এটা আন্দোলনৰো প্ৰয়োজনীয়তা আহি পৰিছে৷
“ঘটনাৰ চেয়ে ৰটনাৰ ৰূপ অনেক বেশী বিচিত্ৰ এবং গতিবেগও প্ৰচণ্ড৷ ” – সুনীল গঙ্গোপাধ্যায়
ছ’চিয়েল মিডিয়াৰ কেৰোণঃ-
কেইবছৰমান আগতে বিভিন্ন মাধ্যমত এটা খবৰ খুব বিয়পিছিল৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক ইউনেস্ক’ৱে পুৰস্কৃত কৰাৰ বাতৰিটো৷ সম্পূৰ্ণ ভূৱা এই বাতৰিটো বহু তথাকথিত জ্ঞানী ব্যক্তিয়েও শ্বেয়াৰ কৰিছিল৷ প্ৰকৃততে ইউনেস্ক’ৱে এইবোৰ কাম নকৰেই৷ কিছুদিন আগেয়ে বিদেশৰ হাবি এখনত হাতী এটাই বাঘৰ পোৱালি এটাক শূৰেৰে মেৰিয়াই পথ পাৰ হোৱাত সহায় কৰাৰ ছবি এখন খুব জনপ্ৰিয় হৈছিল৷ পিছে ইণ্টাৰনেট খুচৰি গম পোৱা গ’ল, সেইখন কম্পিউটাৰত ফটোশ্বপ আদিৰ দৰে ছফটৱেৰ ব্যৱহাৰ কৰিহে তৈয়াৰ কৰা হৈছিল! এয়া মাত্ৰ দুটা সৰু উদাহৰণহে৷
ৰাজনৈতিক পালিনেতা তথা সমৰ্থকৰ আপডেটবোৰ বা আই টি চেলৰ কৃপাত ভুৱা খবৰবোৰো আমি অহৰ্নিশে গোগ্ৰাসে গিলিব ধৰিছোঁ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত আমি মানসিক শান্তি তথা সত্য সন্ধানী মানসিকতা হেৰুৱাই পেলাইছোঁ৷ এই ভুৱা বাতৰিবোৰক কেন্দ্ৰ কৰি হোৱা মত বিৰোধৰ বাবেই নিজৰ বন্ধু-বান্ধৱকো হেৰুৱাইছোঁ৷ কেতবোৰ ঘটনা পুলিচ থানা, আদালত পৰ্য্যন্ত পাইছেগৈ৷
আমি মনত ৰাখিব লাগিব যে ছ’চিয়েল মিডিয়া এখন আভাসী মঞ্চহে৷ কাইলৈ বা পৰহিলৈ ছ’চিয়েল মিডিয়া নোহোৱা হৈ গ’লে আমি সকলোৱে আগৰ দৰেই চলি থাকিব লাগিব৷ ছ’চিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ হোৱা বাঞ্ছনীয়৷ ছ’চিয়েল মিডিয়াই যাতে আমাক ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব৷ আমাৰ জীৱনটোক চলাবলৈ ছ’চিয়েল মিডিয়াক সুযোগ দিব নালাগিব৷
শেষত ক’ব খোজোঁ, এক আৰ্থ সামাজিক নীৰৱ আন্দোলনৰ ক্ষেত্ৰত সকলোৰে দ্বায়িত্ব আছে৷ ফটাঢোলৰ দৰে এখন জনপ্ৰিয় ই-আলোচনী আৰু বহু হেজাৰ সক্ৰিয় সদস্যৰে ফটাঢোল গোটৰো সকলোৰে দায়িত্ব নিশ্চয়কৈ থাকিব৷ বিভিন্ন সামাজিক কামৰ মাজেৰে ফটাঢোলে নিজৰ সামাজিক দায়িত্বৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয়ো দিছে৷ ইমানখিনি সচেতন মানুহৰ একতা আৰু সহযোগেৰে নিশ্চয় কিছুকাম আগবঢ়াই নিয়াত সহজ হ’ব৷
ফটাঢোল এক হাস্য-ব্যংগ মঞ্চ, আৰু ফটাঢোলে জন্মৰ মুহূৰ্তৰে পৰা সামাজিক সচেতনতা থকা ব্যংগ সাহিত্য সৃষ্টিত উদগনি যোগাই আহিছে৷ জাতি আৰু দেশ আগুৱাই থাকিলেহে হাস্য-ব্যংগৰ এই ধাৰা আগবঢ়াই ৰাখিবলৈ সহজ হ’ব৷ বজাৰ আৰু পথাৰ সম্পূৰ্ণ দখলত ৰাখিব নোৱাৰিলে ভাষাটো যোৱালৈ কিমান পৰ? ভাষাটো যদি নৰয়, অসমীয়া হাস্য-ব্যংগ ধাৰাৰ সাহিত্য ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ লক্ষ্য উদ্দেশ্যৰে গঠন হোৱা এই গোট বা ই-আলোচনীৰ কি হ’ব? ভাবিবচোন৷
সোণটো ৰঞ্জন বৰুৱা
সম্পাদক, ফটাঢোল
অষ্টম সংখ্যা, তৃতীয় বছৰ৷
☆ ★ ☆ ★ ☆
সোনটো ৰঞ্জন বৰুৱা
সম্পাদক ফটাঢোল
অষ্টম সংখ্যা, তৃতীয় বছৰ
☆ ★ ☆ ★ ☆
10:26 am
সম্পাদকীয় ফাটাফাটা হৈছে। প্ৰতিজন মানুহক আকৌ এবাৰ ভাবিবলৈ সুবিধা দিছে। চিৰ -চেনেহী মোৰ ভাষা।
1:05 pm
ধন্যবাদ ?
5:33 am
ভৱাই তুলিলে পুনৰবাৰ,
আন্দোলনৰ নামত আৰু কিমান নেতা সৃষ্টি কৰিম,হাতত হেংদাঙ লোৱাৰ কথা কোৱাতকৈ কোৰ কটাৰী লম বুলি কেইজন অসমীয়াই কব???
ভাল লাগিল সচাঁকৈয়ে!
7:56 am
ধন্যবাদ
10:40 am
সুন্দৰ সম্পাদকীয়। ভাল লাগিল।
1:06 pm
ধন্যবাদ ?
11:03 am
সুন্দৰ সম্পাদকীয়।
?সচাই আমাক কৰ্মমূখী আন্দোলন এটাৰ তীব্ৰ প্ৰয়োজন।বিশেষকৈ ৰাজকোষৰ অপচয়ত মই ব্যক্তিগত ভাৱে স্তম্ভিত।
*এটকীয়া চাউলেৰে খেতিৰ মাটি চন পেলাইছো।
* বিভিন্ন জাতি গোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠান, সাহিত্য সভাৰ অনুদানৰ নামত ৰাজকোষ উদং কৰিছো।
*ৰাজনৈতিক মুনাফা লুটাৰ নামত বিভিন্ন পৰিষদ সমুহ বনাই ৰাজকোষৰ ধনেৰে সকলোৰে মূখ ভৰাইছো।
??গতিকে মোৰ মতামত,কুৰি হেজাৰৰো অধিক সদস্যই ফটাঢোলৰ বেনাৰতে সুষ্ঠিৰ হবলৈ শিকো ।সবলহৈ ঠিয় প্ৰয়াস কিয়নো নকৰো!!!
1:06 pm
ধন্যবাদ ?
11:27 am
সুন্দৰ সম্পাদকীয়
1:07 pm
ধন্যবাদ ?
11:36 am
সময়ৰ আহ্বান। ভাল সম্পাদকীয়।
1:07 pm
ধন্যবাদ ?
11:45 am
সুন্দৰ সম্পাদকীয়।
1:08 pm
ধন্যবাদ ?
11:45 am
সময়োপযোগী সম্পাদকীয় ৷ পথাৰ আৰু বজাৰ দখলৰ আন্দোলন অবিহনে অসমীয়া জাতি সুৰক্ষিত নহয় ৷
1:08 pm
ধন্যবাদ ?
12:03 pm
বৰ্তমান সময়ক প্ৰতিনিধিত্ব কৰা সম্পাদকীয়।ভাল লাগিল ।
1:09 pm
ধন্যবাদ ?
12:06 pm
।। বৰ্তমান সময়ৰ লগত খাপ খোৱা এটা সুন্দৰ লেখা ।। কৰ্ম থাকিলেহে জাতি বাছি থাকিব
1:09 pm
ধন্যবাদ
8:46 pm
এটা বৰ প্ৰয়োজনীয় বিষয়েৰে সম্পাদকীয়টো সঁজালে । ভাল পালোঁ পঢ়ি। এটা বিষয়ত অলপ দ্বিমত আছে। দুই এবিধক বাদ দি অসমত সকলো শাক পাচলিৰ উৎপাদন যথেষ্ঠ বেছি। আনকি অসমৰ পাছলি বিদেশৰলৈকো ৰপ্তানি হৈছে। কিন্তু বেছিভাগ ক্ষেত্ৰতেই বজাৰৰ অভাৱ আৰু মধ্যভোগী দালালৰ উৎপাতত খেতিয়কে উচিত মূল্য নাপায়। বৰপেটা ৰোডৰ বজাৰত, খেতিত শস্য পেলাই থৈ যোৱা, খেতিপথাৰত গৰু ছাগলী মেলি দিয়া বাতৰি প্ৰতি বছৰেই পঢ়িবলৈ পোৱা যায়। আমাক প্ৰয়োজন শীতল ভঁড়াল, খেতিয়কে প্ৰকৃত মূল্য পোৱাকৈ অতি কঠোৰ কিছু চৰকাৰী নীতি নিয়ম আৰু কম খৰছত খেতি কৰিব পৰাকৈ বিজ্ঞানভিত্তিক কিছু পৰামৰ্শ। খেতি বিষয়ক যিকোনো তথ্য থোৰতে পাব পৰাকৈ কিছুমান সম্বল তথা সংযোগ। কৃষি আন্দোলনৰ সঁচাকৈয়ে প্ৰয়োজন। নিজৰ মাটি ভেটি সুৰক্ষিত কৰিব পৰাকৈ সাহসী নীতি নিয়ম কিছুমান।
7:57 am
ধন্যবাদ
12:18 pm
সুন্দৰ সম্পাদকীয়। ভাল লাগিল।
1:10 pm
ধন্যবাদ ?
12:25 pm
সম্পাদকীয়ৰ বিষয়বস্তু ও উপস্থাপন সুন্দৰ
1:14 pm
ধন্যবাদ
12:38 pm
খুব সুন্দৰ আৰু চিন্তাব্যঞ্জক সম্পাদকীয় ৷ অভিনন্দন সোণটো ৷
1:13 pm
ধন্যবাদ ?
12:47 pm
মনৰ এক অনুভূতি সম্পাদকীয়ত প্ৰকাশ পাইছে।শ্ৰদ্ধা জনালোঁ আপোনাৰ চিন্তাধাৰাক।
1:14 pm
ধন্যবাদ
12:50 pm
এনেকুৱা সম্পাদকীয় তোমাৰ পৰা বিচাৰিছিলো । বহুত প্ৰাসংগিকতা আছে। আগলৈ আৰু বহু আশাৰে ,,,,,,,
1:11 pm
ধন্যবাদ
2:46 pm
সম্পাদকীয় এনে হ’লে সচেতন পাঠক বহুত বেছি উপকৃত হয়
3:53 pm
ধন্যবাদ ?
1:01 pm
সম্পাদকীয় সময়োপযোগী হৈছে৷ কৰ্মবিহীন জাতি বৰ্তি নাথাকে৷
1:11 pm
ধন্যবাদ
1:17 pm
যুক্তিপূৰ্ণ….. ভাল লাগিল।
2:26 pm
ধন্যবাদ
1:26 pm
সদায় পঢ়াৰ দৰেই সম্পাদকীী পঢ়িলো৷ একদম প্ৰয়োজনীয় কথাখিনি লিখিলাা৷
বৰ ভাল লাগিল
2:25 pm
ধন্যবাদ
1:32 pm
ভাল লাগিল
2:24 pm
ধন্যবাদ
1:37 pm
খুব সুন্দৰ সম্পাদকীয়৷
বলিষ্ঠ আহ্বান ?
2:24 pm
ধন্যবাদ ?
2:01 pm
খুব সুন্দৰ সম্পাদকীয়
2:23 pm
ধন্যবাদ
2:13 pm
অতি সুন্দৰ৷ সময়োপযোগী৷৷
2:23 pm
ধন্যবাদ
2:16 pm
সুন্দৰ সম্পাদকীয় উপস্থাপন
2:22 pm
ধন্যবাদ
3:25 pm
খুব সুন্দৰ সম্পাদকীয়
3:35 pm
ধন্যবাদ ?
3:31 pm
খুবেই ধুনীয়া সম্পাদকীয় লিখিলা সোণটো । এই কথাবোৰ আমি সকলোৱে হৃদয়ঙ্গম কৰা উচিত বুলি ভাবোঁ ।
3:36 pm
ধন্যবাদ বা
4:08 pm
হম… ক্লাচ
5:19 pm
ধন্যবাদ
4:09 pm
বৰ ভাল হৈছে। সাম্প্ৰতিক সময়ৰ প্ৰতিচ্ছবি
5:18 pm
ধন্যবাদ
5:01 pm
সুন্দৰ হৈছে সম্পাদকীয় লেখাটো । অসমীয়াই এনেদৰে চিন্তা কৰি আগবাঢ়ি গ’লে প্ৰকৃততেই বহুত উন্নতি হব ।
5:18 pm
আশা কৰিছো?
5:09 pm
সুন্দৰ
5:17 pm
ধন্যবাদ
5:52 pm
সুন্দৰ বিষয়বস্তু
5:06 pm
ধন্যবাদ ?
7:54 pm
অভিনন্দন দাদা…..সাংঘাটিক সম্পাদকী য়
9:54 pm
ধন্যবাদ ☺
8:42 pm
কৰ্মসংস্কৃতিহে আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ । সময়োপযোগী সম্পাদকীয় । বৰ ভাল চিন্তা ।
9:54 pm
ধন্যবাদ ?
9:55 pm
ধন্যবাদ
10:38 pm
সময়োপযোগী সম্পাদকীয়, ভাল লাগিল।
11:18 pm
ধন্যবাদ ?
12:07 am
বিৰাট সুন্দৰ সম্পাদকীয়
7:58 am
ধন্যবাদ
7:29 am
সময়োপযোগী সম্পাদকীয়। বিষয়বস্তুৰ গভীৰতাই সম্পাদকীয়টো মনোগ্ৰাহী কৰিছে।অসমত নিশ্চিতভাৱে কৰ্মসংষ্কৃতি লাগিবই ।
7:59 am
ধন্যবাদ☺
10:52 am
সময়ৰ আহ্বান সম্পাদকীয়ত সুন্দৰভাৱে প্ৰকাশ পাইছে৷ বৰ দৰকাৰী কথাবোৰ৷ চুপাৰ্ব!
12:45 pm
ধন্যবাদ বা
3:11 pm
সম্পাৰ্দকীয় লেখাটো পঢ়ি খুব ভাল লাগিল, ধন্যবাদ ,লগতে এটা কথা সুধিব বিছাৰো যে ই আলোচনীখনত লেখা দিব পাৰিম নেকি, জনাব, ক্ষমা কৰিব মই ভাবি নাপালো প্ৰশ্ন টো ক’ত সুধিম সেয়া এই পষ্টৰ কমেন্টৰ যোগেদিয়ে সুধিলো
5:12 pm
পাৰিব দিব ☺
9:38 pm
সুন্দৰ লিখনি
9:45 am
ধন্যবাদ ?
11:41 pm
বঢ়িয়া
9:45 am
ধন্যবাদ
10:42 am
ভাল লাগিল
5:11 pm
ধন্যবাদ ?
11:55 am
বহুত সুন্দৰ হৈছে।
5:10 pm
ধন্যবাদ ☺
7:16 pm
সম্পাদকীয় পঢ়ি বৰ ভাল পালোঁঁ সোণটো৷ তুমি এনেয়ে ভয় খাই আছিলা৷
5:09 pm
বৰ ভয় খাই আছিলো বা
10:29 am
সুন্দৰ সম্পাদকীয়, সমসাময়িক
5:08 pm
ধন্যবাদ ?