খ্যাতি- দিগন্ত কুমাৰ ভট্টাচাৰ্য
মন যায়। উকীল ৰক্ত বৰুৱাৰো মাজে মাজে ‘ফেমাচ’ হ’বলৈ মন যায়। লগৰ বহুকেইজন অধিবক্তাৰ দৰে তেৱোঁ তেওঁৰ বাতৰি-ফ’টো পেপাৰে-পত্ৰই প্ৰকাশ হোৱাটো বিচাৰে। তেওঁৰো মন যায় ছেনেলৰ টক শ্ব’বোৰত টেবুলত ঢকিয়াই উষ্মা প্ৰকাশ কৰি হোৱাই-নোহোৱাই, জনাই-নজনাই দুআষাৰ ক’বলৈ।
বৰুৱাই অৱশেষত অনুভৱ কৰিলে- গায়ক গাৰ্গেহে তেওঁক ‘ব্ৰেক’ এটা দিব পাৰিব। কিছুবছৰ আগতে তেওঁৰেই সহকৰ্মী দত্তকো সেই গায়ক গাৰ্গেই ফেমাচ কৰি দিছিল। দত্তৰ পোন্ধৰ বছৰীয়া পুতেকটোক চিগাৰেট হুপি কথা পাতিবলৈ অহা বাবে গায়কজনে চৰিয়াইছিল। মানুহবোৰৰ কিছুমানে গাৰ্গৰ সপক্ষে মাতিছিল, কিছুসংখ্যকে অধিবক্তা দত্ত আৰু পুতেকটোৰ সপক্ষে। তেতিয়া ছ’ছিয়েল মিডিয়াত আজিৰ দৰে মানুহ নাছিল, নহ’লেতো অধিবক্তা দত্ত আৰু পুতেক- দুয়োৰে নাম মানুহে মাজে মাজে মনত পেলাই থাকিলেহেঁতেন আজিও।
ৰক্ত বৰুৱাই বুজি পায়, গায়ক গাৰ্গৰ আশে-পাশে থাকিয়েই কিমানে নাম-কাম আৰ্জিলে, গাৰ্গৰ বদনাম কৰিয়েই কিমানে ফ’কাচলৈ আহিলে ছ’ছিয়েল মিডিয়াত। সেয়েহে তেওঁ ভাবিলে হঠাতে ‘ব্ৰেকিং নিউজ’ৰ কেৰেক্টাৰ এটা হ’বলৈ গায়কজনেই সহায় কৰিব….
অনুসন্ধান কৰি ৰক্ত বৰুৱাই জানিলে যে গাৰ্গে হেনো প্ৰায়ে ৰাতি আঠটামানত ঘৰৰ ওচৰৰ ৰামলালৰ পানদোকানলৈ আহে। বহু ভাবি-চিন্তি বৰুৱাই উপাই এটা বিচাৰি উলিয়ালে। ক্লাছ নাইনত পঢ়া পুতেক বিকিক তিনি-চাৰিদিন বুজালে, প্ৰশিক্ষণ দিলে।
সিদিনা সন্ধিয়া ৰামলালৰ পানদোকানৰ কিছু নিলগত বৰুৱা আৰু পুত্ৰ বিকি ৰৈ থাকিল গায়ক গাৰ্গ অহালৈ। এঘন্টামানৰ অপেক্ষাৰ পাছত-
‘ঐ বিকি, আহিছে সেইটো…দীঘল চুলি, ৰঙীণ চোলা…যা, অল দা বেষ্ট!’
বিকিয়ে পকেটৰপৰা চিগাৰেটটো উলিয়াই জ্বলালে আৰু লাহে-ধীৰে ৰামলালৰ পানদোকানলৈ খোজ ল’লে। বৰুৱাই চাই আছে দূৰৰপৰা।
বিকিয়ে গৈ গায়ক গাৰ্গৰ ওচৰলৈ গৈ কিবা সুধিছে। সি নাকে-মুখেৰে ধোঁৱা অলপ এৰি দিছে। শূন্যতে দুটামান ‘ৰিং’ বনোৱাৰ চেষ্টাও দিছে। হঠাতে গাৰ্গৰ এক পূৰ্ণহতীয়া চৰ আহি পৰিল বিকিৰ গালত। মুখৰ চিগাৰেট চিটিকি দূৰত পৰিল। গাৰ্গে লগৰজনৰ লগত তাৰ পৰা আঁতৰি গ’লগৈ।
‘ইয়েছছছ…পাৰ্ফেক্ট!’ -বৰুৱাৰ চকু দুটা উজলি উঠিল স্ফূৰ্তিত। তেওঁ দৌৰাদৌৰিকৈ পানদোকান পালেগৈ।
‘ৰামলাল, তুমি সাক্ষী আছা দেই। গাৰ্গে এই কণমানিটোক কেনেদৰে চৰ মাৰি গোটেই এলাকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিলে। এয়া একপ্ৰকাৰ নিৰ্য্যাতন!’
‘হেৰি…কোন গাৰ্গ হে?’
‘গায়ক যে, গাৰ্গ…এইমাত্ৰ মোৰ এই ল’ৰাটোক চৰ মাৰি যে আঁতৰি গ’ল..চুলি দীঘল, কাণ-ডিঙিত মণি-মুকুতা…’
‘ধেৎতেৰি.. সেই ভালটোৰ কথা সুধিছে। চৰ মাৰি যোৱাজন দেখোন ৰমা চোৰৰ সৰুটো পুতেক ৰহুল। সি ডকাইত হ’ল। এমাহ আগতেহে জে’লৰপৰা ওলাইছে। লাষ্ট কে’চটো ছোৱালী কে’চ আছিল। এনেই সি বেছিভাগ সময় জে’লৰ ভিতৰতেই থাকে…আপোনাৰ ল’ৰাটোৱেনো তাক এইবোৰ সুধিব লাগে নে!’- ফুচফুচাই ক’লে ৰামলালে।
‘কি কোৱা হে? দেখাততো একেই…’
‘একেই? গাৰ্গৰ এতিয়া দীঘল চুলি নাইতো, খুৰালে চুলি’ – ৰামলালে ডাঙৰকৈ হাঁহিলে।
উদাস চাৱনিৰে ৰক্ত বৰুৱাই বিকিলৈ চালে -‘ঐ বিকি, বাবা তই কিনো কৈছিলি তাক?’
‘পাপা, তুমি শিকাই দিয়াৰ দৰে চিগাৰেটৰ ধোঁৱা তাৰ মুখলৈ উৰুৱাই কৈছিলোঁ যে মই তাৰ ‘ফেন’। আৰু কৈছিলোঁ সি যিবোৰ কাম কৰি আছে তাৰ বাবে আমি গৰ্বিত। অলপ এক্সপেৰিয়েন্স ক’বলৈ কৈ অ’টোগ্ৰাফ এটা দিব নেকি সুধিছিলোঁ…’।
‘অহ..ভুল হৈ গ’ল নহয়। ভাবিছিলোঁ এইবাৰ মই বাতৰিৰ শিৰোনামত আহিম। ছেনেলত ওলাম। গাৰ্গৰ লগত লাগিলে সকলোৰে কপাল ফুলে। যোৱাবাৰৰ চৰ খোৱা ল’ৰাটোক মাজত বহুৱাই ক্লাছৰ ছোৱালীবোৰে হেনো ‘ছেলফি’ তোলে। ভাবিছিলোঁ, মোৰ লগত তোৰো ফুলিব কপাল। ছ’ছিয়েল মিডিয়াত ছিম্পেথি পাবি, একদম হিট হৈ যাবি..অহ’
ৰহুল ডকাইতৰ চৰ খাই ফুলি উঠা গালখন চুই বিকিয়ে কৈ উঠিল- ‘আই হেট ইউ পাপা’।
☆ ★ ☆ ★ ☆
1:28 pm
খুব ভাল লাগিল দিগন্ত, সদায়ৰ দৰে
3:24 pm
খুব ভাল লাগিল।
4:30 pm
একদম হিট। বঢ়িয়া।
5:08 pm
আৰু দুটামান ইনষ্টেন্স দিলে ভাল পালোঁ হয় দাদা। মজাটো লাগি আহিছিলহে, শেষেই হ’ল। ?
5:09 pm
আৰু দুটামান ইনষ্টেন্স দিলে ভাল পালোঁ হয় দাদা। মজাটো লাগি আহিছিলহে, শেষেই হ’ল। ?
8:58 pm
বৰ খৰখেদাকৈ শেষ কৰিলে দাদা। ভাল লাগিল পঢ়ি।
10:05 pm
কেতিয়ানো শেষ হয় গমেই নাপাঁও! বৰ ভাল লাগিল
7:59 am
হাঃ হাঃ, বৰুৱাই শেহতীয়া খবৰ নাৰাখি বেচেৰা ল’ৰাটোক কাণতলীয়া খুৱালে
3:16 pm
ভাল লাগিল দিগন্ত
3:51 pm
তামাম