ফটাঢোল

ভিনিহি পুৰাণ – বন্দিতা গগৈ বৰা

আজি এজন সমন্ধীয় ভিনিহিৰ বিষয়ে কবলৈ লৈছো।সদাহাস্যমুখ এই ভিনদেউজন বিয়াৰ আগৰেপৰা অৰুণাচলত চাকৰি কৰিছিল।ভিনিহিৰ বাইদেউৰ লগত বহুদিনীয়া প্ৰেম। কলেজত পঢ়িথকা দিনৰপৰাই প্ৰেম দুয়োৰে।যাহওঁক সময়ত দুয়োঘৰৰ সন্মতিত বিয়াঠিক হ’ল।বিয়ালৈ আৰু এমাহ আছে এনেতে অৰণাচলতে ,ভিনিহি থকা ঠাইৰপৰা বেলেগ এখন ঠাইতথকা বাইদেউৰ খুৰাক খুৰীয়েক ভিনদেউক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ যোৱাটো ঠিক কৰিলে।বোলে হ’ব লগীয়া জোৱাঁইক এবাৰ ওচৰৰ পৰা চাই লওঁ।সেইদিনত মোবাইল নাছিল।আৰু লেণ্ডফোনৰ ব্যৱস্থাও তথৈবৈছ আছিল,ফলস্বৰূপে খুৰাক-খুৰীয়েক যাবলৈ মন কৰা কথাটো আগতীয়াকৈ জনাব পৰা হোৱাগৈ নহ’ল।দিনটো আছিল দেওবাৰ।বৰলা ভিনিহি কোৱাৰ্টাৰত এজন সহায়কাৰী ল’ৰাৰ লগত থাকে।সৰু ঘৰ দুটাকোঠা এটা পাকঘৰ।সেইমতে আচবাবো কম,এখন বিচনা আৰু দুখন চকী প্ৰথমকোঠাত,কাষৰটোত ল’ৰাজন থাকে,তাতো এখন সৰু বিচনা।বতৰ কেইদিনমান বেয়া আছিল বাবে সপ্তাহটো জুৰি পিন্ধা কাপোৰ ধুবলৈ দম বান্ধিছিল।দেওবাৰৰ পুৱাৰপৰা ৰ’দ এচেৰেঙাই ভুমুকি মৰাত ভিনিহিয়ে সমস্ত পিন্ধা কাপোৰ ধুই দিলে।পিন্ধিবলৈ কাপোৰৰ নামত গামাচাখনো নথকাত বেডকভাৰখনকে লুঙিৰ দৰে পিন্ধি থাকিল।তেনেতেই খুৰাক-খুৰীয়েক তেওঁৰ ঘৰলৈ আহিলে।আগে-পিছে ভিনিক লগপোৱা নাই।বিয়া ঠিক কৰোতে তেওঁলোক যাব পৰা নাছিল।ভিনিয়ে বাহিৰত কাপোৰবোৰ ইলুটি-সিলুটি কৰি আছে।বেডকভাৰ পিন্ধি থকা আৰু খালী গাৰে থকা বাবে খুৰাহঁতে সেইজন ঘৰৰ সহায়কাৰীজন বুলি ধৰি ল’লে।

::ভাইটি,তোমাৰ ছাৰ ঘৰত আছেনে?

:;কাক বিচাৰিছে?
::তোমাৰ ছাৰ অমুক শইকীয়া আছেনে?

ভিনিয়ে লাজ-লাজকৈ তেৱে যে সেই শইকীয়া ক’লে।তেওঁলৈ অলপ পৰ তভক মাৰি চাই থাকি ,দুয়ো নিজৰ পৰিচয় দিলে।ভিনিৰ উথপথপ লাগিল।আথেবেথে ভিতৰলৈ মাতিলে।চকী দুখনত বহিবলৈ দিলে।নিজৰ অৱস্থাটোৰ কথা বৰ দুখেৰে কৈ শুনালে।চকীত বহি কথা বতৰা হৈ থকাৰ মাজতে খুৰীয়েকে বিচনাৰ তললৈ চাই,খুৰাকক চকুৰ ঠাঁৰেৰে দেখুৱালে।সেইফালে এবাৰ চায়েই খুৰাক গহীন হৈ গ’ল।আৰু একো কথা কবলৈ সুযোগ নিদি,চাহ খাবলৈ ভিনিয়ে কৰা হাজাৰ অনুৰোধ,লৈ উপেক্ষা কৰি ফো-ফোৱাই ওলাই গৈ দুয়ো গাড়ীত বহিলগৈ।তেতিয়াহে ভিনিৰ হুচ আহিল ,মনত পৰিল বিচনাৰ তলত ভৰ্তি হৈ থকা খালী মদৰ বটলবোৰৰ কথা।বিচনাচাদৰেৰে ঢাক খাই থকাবাবে সেইবোৰৰ কথা মনলৈ অহাই নাছিল ইমানদিন।পিছে আজি সেইখনকে পিন্ধি থাকিবলগা হোৱা বাবে বিচনাৰ তলখন তঁ তঁকৈ জিলিকি আছিল।

বটলবোৰ ভিনিয়ে খোৱা বটল নহয়।তেওঁ মদ ,চিগাৰেট একোৱেই নাখায়।সহায়কাৰীজন দিনৰ ভাগত এখন কেণ্টিনত কাম কৰে।তেওঁ তাত খালী মদৰ বটল কেনেবাকৈ পালে আনি বিচনাৰ তলত গোটাই থয়।পাছত কোনোবাদিন এসোপামান হ’লে বিক্ৰী কৰি দুপইচা পায়।কিন্তু এই কথা কবলৈ -বুজাবলৈ খুৰাকহঁতে সুযোগেই নিদিলে।ক’লেও কিমান বিশ্বাস কৰিলেহেঁতেন সন্দেহ আছে।ইয়াৰ পাছৰ কাহিনী সকলোৱে ভবাৰ দৰেই।খুৰাকহঁতে গৈয়ে যেনেকৈ পাৰে ভিনিৰ বিষয়ে তৰ্জন-গৰ্জন কৰি বাইদেউৰ ঘৰলৈ ফোন কৰি জনালে।লগতে ইমানো ক’লে বোলে একমাত্ৰ জীক এনে দুৰ্ঘোৰ মদাহী ,কানি-কাপোৰ পিন্ধিব নজনা এটালৈ বিয়া দিবিনে?হওঁ-হওঁ হোৱা বিয়া প্ৰায় ভাগো-ভাগো।বাইদেউ নাচোৰবান্দা,বিশ্বাস কৰিব পৰা নাই খুৰাকহঁতৰ কথা।কান্দি-কাটি হায়ৰাণ,শেষত বাইদেউৰ ককায়েকে অৰুণাচললৈ আহি গোটেই কথাৰ অনুসন্ধান কৰিহে যেনিবা সত্যটো পোহৰলৈ আনিলে।আৰু বিয়াখন ভালে-কুশলে হৈ গ’ল।

এতিয়া বাইদেউ-ভিনদেউৰ সুখৰ সংসাৰৰ বহু বছৰ অতিক্ৰম হ’ল।কিন্তু মাজে-মাজে এই কথা উলিয়াই এতিয়াও ভিনিয়ে ৰং কৰে।
(সত্য ঘটনাক কেন্দ্ৰ কৰি)

★★★★

11 Comments

  • মজ্জা বিলৈ

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply
  • Rajib gogoi

    শব্দ গাঁঠনি ,বৰ সুন্দৰ .. ভাল লাগিল পঢ়ি ৷

    Reply
  • Luku Dutta Borah

    Bor val lagil porhi

    Reply
  • মোৰ দৰে অৱস্থা অ’ ভিনিহিৰ ৷ ময়ো এইবোৰ নাখাও, অথচ মানুহে এনেই কৈ ফুৰে ৷ বৰ ভাল লাগিল বন্দিতা ৷ লিখি থাকিবা ৷

    Reply
  • বেচেৰা ভিনিহী– বৰ ভাল লাগিল।

    Reply
  • জ্ঞান বৰদলৈ

    কথাতেই কয় নহয়, যতে ৰাতি হয় তাতে………….ভিনিহি ৰো সেয়াই হল। বঢ়িয়া লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *