ফটাঢোল

অংক মাষ্টৰৰ বিলৈ – প্ৰতিভূ দত্ত

অংক মাষ্টৰ মানে শ্ৰীমান দত্তৰ কথাকে ক’ব খুজিছো৷ যোৱা দেওবাৰৰ কথা৷ ঘৰত অকলে আছিল৷ ভাবিলে অকণমান ঘৰৰ কামকে কৰা যাওক৷ কি কৰিব কি নকৰিব ভাবি থাকোতে চকুত পৰিল ৱাশ্বিং মেচিনটো।
“ঔকে! কাপোৰকে ধুই দিওঁ৷ কামো হৈ যাব, শ্ৰীমতীও খুছ্! “

নিজৰেই কেইবাটাও টি-ছাৰ্ট বিচাৰি আনি ধুবলৈ সাজু হ’ল৷ প্ৰথমে ৱাশ্বিং মেচিনত থকা নিৰ্দেশনাখিনি পঢ়িলে৷ তাৰ পাছত মেছিনটোত পানী ভৰাবলৈ ধৰিলে৷ তাৰ পাছত টি-ছাৰ্টবোৰৰ কলাৰৰ ওচৰত থকা বগা অকণমানি টেগটোত থকা নিৰ্দেশনাখিনি পঢ়িলে৷
“আৰে এইটো আকৌ কি কাৰবাৰ!“  নিৰ্দেশনা পঢ়ি আচৰিত হ’ল যদিও যি দিয়া আছে মানি ল’বলৈ সাজু হ’ল৷
স্কেল এপাট আৰু চক পেঞ্চিল লৈ মেছিনটোৰ কাষৰ দেৱালখনত এটা ৩০° কোণ অংকন কৰিলে৷
তাৰ পাছত শ্ৰীমানে পানী ভৰ্তি মেছিনটো চলাই লাহে লাহে দেৱালখনৰ সমান্তৰালকৈ বেঁকা কৰিবলৈ ধৰিলে৷ অকণমান বেঁকা কৰে আৰু বেঙা মেলি দেৱালত অংকন কৰি থোৱা কোণটো লক্ষ্য কৰে৷ ক্ৰমাৎ মেচিনটো বেঁকা হৈ গৈ থাকিল৷

“হেৰা হেৰা মেচিনটো কিয় বেঁকা কৰিছা?  কি কৰা কি কৰা? “ বুলি পৰিবাৰে কৰা চিৎকাৰত শ্ৰীমানে ইমানেই উচপ খালে যে মেচিনৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই থাকিল৷

’ধমহ্’ কৈ শব্দ কৰি মেচিনটো লুটি খাই পৰিল৷ মেচিনৰ পানীখিনিয়ে গোটেই মজিয়াখন উপচাই পেলালে৷ তাতোকৈ ডাঙৰ কথা মেচিনটোত ফাঁট এটাও হ’ল৷

“হেৰা কৰিছিলা কি? “
“ টি-ছাৰ্টকেইটা ধুব খুজিছিলো! “
“সেইটো সোধা নাই৷ মেচিনটো বেঁকা কিয় কৰিছিলা? “
“আৰে টি-ছাৰ্টত লিখা আছিল wash at 30 degree, সেই কাৰণে দেৱালত এটা ৩০° কোণ আঁকি মেচিনটো বেঁকা কৰি আছিলো! “
“মোৰ বঙহৰ দেউ! তুমি ল’ৰা ছোৱালীক অংককে শিকাবা৷ কাপোৰ ধুব নালাগে৷

★★★★

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *