ফটাপ্ৰেম- অনামিকা গগৈ
মেট্ৰিক পৰীক্ষা দিয়া সময়ৰ কথা।
পৰীক্ষাৰ আগে আগে মই আৰু আমাৰ লগৰ ভালেমান কেইজনী ছোৱালী লগ হৈ টিউচন কৰিছিলোঁ গ্ৰামাৰ আৰু অংকৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ মান দূৰৰ জাতীয় বিদ্যালয় এখনত।
যিহেতু ৰাতিপুৱা ছয় বজাৰ পৰা টিউচন থাকে…গতিকে ঘৰৰ পৰা সদায় পাঁচ মান বজাতেই চাইকেল লৈ যাওঁ।
ৰাষ্টাৰ দুয়োফালে চাহৰ বাগান.. ইফালে ঠাণ্ডাৰ দিন তাতে কুঁৱলীৰ মাজে মাজে চাইকেল লৈ এগাল মান সমনীয়াৰ লগত চিঞৰ বাখৰ কৰি যোৱা সময় বোৰেই সুকীয়া আছিল।
এতিয়া যিমান মৰ ঠাণ্ডাটো অনুভৱ কৰোঁ…সেই সময়ত গ’মেই পোৱা নাছিলোঁ ঠাণ্ডাৰ কথা।
সেইদিনকেইটাত ৰাষ্টাৰ কাষৰ মানুহবোৰৰ ঘড়ী চোৱাৰ দৰকাৰেই নাছিল।আমাৰ চিঞৰ বাখৰ শুনিয়েই তেওঁলোকে গম পাইছিল যে ছয় বাজিব হৈছে আউ লাহেকে……উৎপতীয়া বোৰ গৈছেহি।ঘূৰি আহোঁতেও টিলিঙাৰ শব্দত ৰাইজৰ সময় কিমান হৈছে বুজাত সুবিধা কৰি দিছিলোঁ।এনেবোৰ উৎপাতক লৈ পিছে ঘৰত গালিও খাইছিলোঁ।
বাৰু… এইবোৰ বাদ এতিয়া আহোঁ আচল কথালৈ।
তাত টিউচন কৰোঁতেই লগ পাইছিলোঁ… বেলেগ এখন স্কুলৰ সাংঘাতিক উৎপতীয়া ল’ৰা এজাক।সিহঁতজাকৰ লগত বহুদিনলৈ আমাৰ কাৰো ৰাহি যোৰাৰ মিল নাছিল…. বেঞ্চত বহাকলৈ আমাৰ প্ৰায়ে কাজিয়া হৈছিল।তাৰ মাজতেই আছিল সি।
প্ৰথম অৱস্থাত ইমান গুৰুত্ব দিয়া নাছিলোঁ যদিও পিছলৈ লাহে লাহে গম পালোঁ সিহঁতৰ মাজৰেই এটাই টিউচন কৰি থকাৰ সময়ত মোলৈ প্ৰায়ে চাই থাকে।আগৰ সময়খিনিত উৎপাত কৰি থাকিলেও… যদি মই যোৱা দেখে তেন্তে লগে লগে সি একদম শান্ত শিষ্ট হৈ পৰে।সি মই যোৱা নেদেখিলেও তাক লগৰ কেইটাই ঐ….আহিছে আহিছে বুলি কৈ সাৱধান কৰি দিয়ে।মুঠতে মোক ইম্প্ৰেছ কৰা তাৰ ফুল চেষ্টা।
এনেকৈ মাহ পাৰ হ’ল……..সিহঁতৰ লগত মাজে মাজে এটা দুটা কথা হ’বলৈ ধৰিছিল যদিও সিহঁতৰ উৎপাতৰ কোবত ইমান বিশেষ নহৈছিল।তাৰ মাজে মাজে টিউচন কৰি থকাৰ সময়কণত কেতিয়াবা বুজি পাইছানে নাই বুলি চাৰে সুধাৰ সলনি সিহে খবৰ লৈ আছিল… মই বুজি পোৱা নোপোৱাকলৈ।আৰু সি মোক তেনেকৈ সুধা দেখিলেই কাষত বহি থকা লগৰ কেইটাই মুখ টিপি টিপি হাঁহিছিল।
প্ৰথমে গ’মেই পোৱা নাছিলোঁ কি চলি আছে সিহঁতৰ মাজত…..পিছে এদিন গেটৰ মুখ পাওঁতেই তাৰ লগৰ এটাই হাতত গুজি দিয়া কাগজৰ টুকুৰা এটা পাইহে বুজিছিলো আচলতে ইমান দিনে কাহিনী কি চলি আছিল।
পিছে কাগজখনত ফোন নম্বৰ আৰু মোক ভাল লাগে বুলি অকল এশাৰী বাক্য আছিল।যিহেতু বেয়া পাব লগীয়া ইমান নাছিল সেয়ে বহীৰ মাজতে সামৰি কাগজৰ টুকুৰাটো থৈ দিলোঁ।
তেনেকৈ সময় বাগৰিল …..আমাৰো টিউচন শেষ হ’ল।
শেষৰ দিনা সি ওচৰলৈ আহি ক’লে পৰীক্ষাৰ ৰিজাল্ট কেনে হ’ল ফোন কৰি জনাবা।
পৰীক্ষা দিলোঁ…. ৰিজাল্ট ওলাল।
মোৰ ৰিজাল্ট ইমান বেয়া হোৱা নাছিল… গতিকে ফূৰ্তিত আত্মহাৰা হৈ থকা সময়তে সিহঁতলৈ মনত পৰিল।ভাৱিলো ফোন এটা কৰি খবৰ লোৱা যাৱক কেনে হ’ল সিহঁতবোৰৰ ৰিজাল্ট।
ভৱা মতেই কাম।ঘৰৰ মানুহবোৰ খবৰ ল’বলৈ অহা আলহীৰ আলপৈচান ধৰি থকাৰ সুযোগতে দেতাৰ মোবাইলটো আনি নাম্বাৰটো ডায়েল কৰিলোঁ।
খবৰ ললোঁ সিহঁতৰ…ভাল হ’ল গোটেই কেইটাৰ পৰীক্ষা।নিজৰ খবৰো দিলোঁ।তেনেকৈ খবৰ খাটি লৈ ফোন সামৰিলোঁ।
পিছদিনা খনৰ পৰা সদায় মিছকল বপুৰাৰ। মই এডমিছন ক’ত ল’ম তাকে লৈ তাৰ মহা টেনশ্যন । তাৰমতে মই য’তেই ল’ম…সিও ল’ব।
প্ৰায়ে একেটা নাম্বাৰৰ মিছকল, ৰিছিভ কল দেখি দেতাৰ সন্দেহ হ’ল।ফোন কৰি অনুসন্ধান চলালে দেতাই ক’ত কি কিয় বিখ্যাত।
পিছে দেতাৰ মাত শুনিলে সি মাত নামাতে…।
মোক দেতাই কাৰ নাম্বাৰ,কি কথা সুধিলত সঁচা কথা নক’লো যদিও অনুমান কৰিছিল যে এইটো মোৰেই কিবা গন্দগোল হ’ব।
পিছে ৰিজাল্ট আশা কৰা ধৰণে ভাল হৈছিল কাৰণেই হয়তো মাৰ আৰু গালি কেইটা খোৱাৰ পৰা বাচিলো কিন্তু ফোন হাত লগাবলে নিদিয়া হ’ল।
এদিন কথা পাতোতে তাক কৈছিলোঁ মোৰ মৰাণ কলেজত এডমিছন ল’বলৈ মন থকাৰ কথা।তাকে শুনি সিও তাতে এডমিছন ল’ম বুলি কৈছিল।
পিছে দেতাৰ মন আছিল…মোক হায়াৰ ছেকেণ্ডাৰীত নাম লগাই দিয়াৰ।তাৰ কাৰণে দেতাই নিজেই গৈ ফৰ্ম আনিছিল। সেই কথাটো তাকো জনাইছিলো।
ইফালে সি কেইবাদিনো কোনো যোগাযোগ কৰি মোক নোপোৱাত দেতাৰ মোবাইলটোতে মোলৈ মেছেজ দিছিল…..যে মই মৰাণ কলেজত এডমিছন লোৱাটো নিশ্চিত হয় নে নহয় জনাব লাগে।আৰু দূৰ্ভাগ্যবশত সেই মেছেজ দেতাই পালে।লগে লগে দেতাই মোক মাতি আনি ক’লে যে….তই এতিয়াই ফোন কৰ আৰু তাক ক হায়াৰ ছেকেণ্ডাৰীত এডমিছন লোৱাটো খাটাং।
মাৰৰ ভয়ত দেতাই যি ক’লে তাকেই কৰিলোঁ।
সিফালে দেতাই নি মোক মৰাণ কলেজত এডমিছন দিয়াই দিলে।
তাক কেতিয়াও জনাবলৈ নহ’ল মই ক’ত এডমিছন ল’লো।
চেষ্টাও নকৰিলো কেতিয়াবা যোগাযোগ কৰিবলৈ।
বহুদিনৰ পাছত হায়াৰ ছেকেণ্ডাৰীত পঢ়া আমি একেলগে টিউচন কৰা লগৰ এজনীৰ পৰা গম পালোঁ
সি একমাত্ৰ মোৰ কাৰণেই হায়াৰ ছেকেণ্ডাৰীত পঢ়াৰ মন নথকাৰ পাছতো তাতেই এডমিছন ল’লেগৈ।
মোৰ ফালৰ পৰা বন্ধুত্বৰ বাহিৰে..কোনো আকৰ্ষণ বিকৰ্ষণ তথা ভাল পোৱা নাছিল যদিও তাৰ ফালৰ ফটাপ্ৰেমৰ তেনেকৈয়ে সিমানতে সমাপ্ত হ’ল।
☆ ★ ☆ ★ ☆
12:31 pm
বপুৰালৈ বেয়াই লাগিল৷
2:52 pm
ইচ বেচেৰা!
4:09 pm
বৰ দুখলগা কাহিনী৷ নেপায় নেপায়!
4:54 pm
বেচেৰা, বেয়াই লাগিল৷