ফটাঢোল

হেইচ কুট কুট- স্বাগতা শইকীয়া

        হৰি নিলে নিলে
        বেলি দিলে ভাটি
        বজাই গৰখীয়া বীন বাই ৰাতি
        উৰি যাওঁ পুৰি যাওঁ
        ডালে ধৰফৰাই
        গুটি ধৰফৰাই………..
 : কানুক চুলে, ৰবিয়ে কানুক চুলে, কানু তই মৰিলি…….. আহঃ আহঃ….. খিৰিকিৰ ফাঁকেৰে কানু-ৰবি-পখিলাহঁতৰ খেল চাই বিভোৰ হৈ থকা আজলিয়ে পিছফালৰপৰা তাইৰ চুলিকোছাত কোনোবাই  টানি ধৰাত চিৎকাৰ কৰি উঠিল৷
:অজীৰ্ণৰ জাত তোক কিমান বাৰ ক’লোঁ খিৰিকীৰ কাষলৈ নাযাবলৈ? মজিয়াত শোৱা পাটিখন তৰি তাতে বহি থাক৷ – সেন্দূৰী বৰমাকে ঠেলামুৰি এটা দি আজলিক কোঠাটোৰ নিৰ্দিষ্ট কোণটোলৈ যাবলৈ নিৰ্দেশ দি মুখেৰে ভোৰভোৰাই ওলাই গ’ল৷
আজলিয়ে ফেঁকুৰি উঠিল৷ উচুপি উচুপি মাটিত চাদৰখন পাৰি বহিলে তাই৷ ৰাতিপুৱাই দেউতাকে তাইকো সেন্দূৰী বৰমাহঁতৰ ঘৰলৈ লৈ আহিছিল৷ দেউতাকে হৰিধৰ বৰদেউতাৰ লগত বহুত দেৰি কথা পতাৰ পিছতেই সেন্দূৰী বৰমায়ে এই কোঠাটোলৈ তাইক লৈ আহি দৰ্জাখন মাৰি দিছিল৷ কাষৰ চোতালখনতে পখিলা-কানুহঁতে খেলি আছিল৷ তাইৰো তাহাঁতৰ লগত খেলিবলৈ বহুত মন গৈছিল৷ কিন্তু সেন্দূৰী বৰমায়ে টান সুৰত কৈ গৈছিল তেওঁ নোকোৱালৈকে যাতে তাই কোঠাৰপৰা নোলায়৷ সেন্দূৰী বৰমাজনীয়ে এনেই তাইক বৰ মৰম কৰে, কিন্তু আজি বা তাই কি জগৰ লগালে কথাই প্ৰতি খং কৰিছে! কণমাণি চকু দুটা সেমেকি উঠে তাইৰ৷ অৱশ্যে আজি প্ৰথম নহয় প্ৰায়ে তাই দেউতাকৰ লগত এইখন ঘৰলৈ আহে৷ যেতিয়াই দেউতাকে তাইক লগ ধৰে য’ৰ কাজ ত’তে এৰি ঢপলিয়াই আহে৷ চৈধ্যটা কোঠাৰে ডাঙৰ ঘৰখন বৰমাহঁতৰ৷ কিন্তু ইমান ডাঙৰ ঘৰটোত হৰিধৰ বৰদেউতা, সেন্দূৰী বৰমা আৰু তেওঁলোকৰ আজলীৰ কাণসমনীয়া জীয়েক পখিলা এই তিনিটি মানুহহে৷ ডাঙৰ বাইদেউক বিয়া দি উলিয়াই দিলে৷ ডাঙৰ বাইদেউৰ যোৱা আহিনত এজনী ছোৱালী জন্ম হ’ল; কিন্তু হৰিধৰ বৰদেউতাই হেনো আজিলৈকে মুখ চাবলৈকে নগ’ল বুলি সেন্দূৰী বৰমায়ে ধনকণহঁতৰ পেহীক এদিন কৈ থকা শুনিছিল আজলিয়ে৷ বাকী ঘৰখনত লাচনি-পাচনি কৰি থকা ৰঙাই আৰু বাবুলকাই বাৰীৰ পিছৰ সিমুৰৰ বাঁহৰ দুকোঠলীয়া ঘৰটোত থাকে৷ থকা মানে অকল ৰাতিটো শুবলৈ যোৱাহে৷ ৰাতিপুৱা চকু মেলাৰপৰা এইখন ঘৰৰ কামৰ শেষ নহয়েই৷
আজলিৰ দেউতাকে হৰিধৰ বৰদেউতাকহঁতৰ খেতি-খোলাৰ কাম কৰে৷ কেতিয়াবা আকৌ বাৰীৰ সীমাৰ বাঁহ খুটিৰ জেওৰাখন গৰুৱে মহতিয়াই ভাঙিলে তাকো দিয়ে৷ আজলিয়ে বৰ ভাল পাই ইয়ালৈ আহিবলৈ পালে৷ তাই আহিলে সেন্দূৰী বৰমাকেও ভাল পায়৷ বৰমাকৰ দুই এডান নতুনকৈ ওলোৱা পকা চুলি উঘালি দিয়া, ভৰিকেইটা টনটনালে পিটিকি দিয়া এনেধৰণৰ সৰু-সুৰা কামবোৰ তাই কৰি দিয়ে৷ পখিলা আৰু তাই ডাঙৰ চোতালখনত ভাগৰি যোৱালৈকে খেলে৷ কেতিয়াবা মৰমতে বৰমাকে তাইক চাৰি অনা এটা দিয়ে৷ বৰমাকজনী বৰ ভাল লাগে তাইৰ৷ সেন্দূৰী বেলিৰ দৰে মুখখনৰ মানুহজনীৰ কপালখনত লোৱা টিকটিয়া ৰঙা ফোঁটটো তাইৰ সকলোতকৈ ভাল লাগে৷ হাত দীঘল ৰঙা ব্লাউজ এখনৰ লগত বগা পাটৰ ৰিহা পিন্ধে, ওখকৈ কলডিলীয়া খোপাটো বান্ধি ওৰণিখন টানি লয়৷ আজলিৰ বৰ মন যায় সেন্দূৰী বৰমাজনী হ’বলৈ৷ ঘৰলৈ আহি মাকৰ উঁৱলি যোৱা চাদৰখনকে গাত মেৰিয়াই ভঙা আইনাৰ টুকুৰাটোত নিজকে চায়৷ নাই নোৱাৰে তাই সেন্দূৰী বৰমাক হ’ব! তাকে দেখি আজলিৰ মাকজনীয়ে হাঁহে৷ মৰম লাগি কোলালৈ টানি তাইক জোকাই- “এইবাৰ দেউতা বকুল গাঁৱৰ বজাৰলৈ গ’লে তোলৈ দৰা এটা আনিবলৈ ক’ম৷ ” খং উঠে তাইৰ৷ উচাৎ মাৰি মাকৰ কোঁচৰপৰা উঠি গৈ চাদৰখন গাৰপৰা খুলি দলিয়াই দিয়ে৷ নালাগে তাইক দৰা৷ তাইৰ খং দেখি মাকে হাঁহে৷
মাকৰ কথা মনত পৰাত সৰসৰাই চকুপানী ওলাই আহিল তাইৰ৷ ৰাতিপুৱা দেউতাকৰ লগত ঘৰৰপৰা ওলাই আহোঁতে মাকেও কান্দিছিল৷ মাকে কিয় কান্দিছে তাই দেউতাকক সুধিছিল৷ দেউতাকে কৈছিল মাকৰ বুকুৰ বিষ হৈছে৷ কালি গধূলিলৈকে ঠিকে থকা মানুহজনীৰ ৰাতিপুৱালৈ বুকুৰ বিষটো ক’ৰপৰা আহিল তাইৰ কণমাণি মগজটোৱে বুজি নাপালে৷ পিছলৈ ঘূৰি চাই চিঞৰিলে- “বৰমাৰ মূৰ বিষালে সানিবলৈ বৰদেউতাই বকুল গাঁৱৰ বজাৰৰপৰা দৰব আনি দিছিল, আজি আবেলি ঘূৰি আহোঁতে বৰমাক খুজি তোলৈ অকণমান লৈ আহিম ৰহ৷ ” তাই দেখিছিল মাকে চাদৰৰ আঁচলটোৰে মুখখনত সোপা দি ভিতৰলৈ দৌৰি গৈছিল৷ নেদেখা হোৱালৈকে ঘূৰি ঘূৰি চাই আহিছিল তাই৷
সেন্দূৰী বৰমাহঁতৰ দৰে ডাঙৰ নহয় আজলিহঁতৰ ঘৰটো৷ তথাপিও মাক-দেউতাক আৰু তাই তিনিওটিয়ে বাঁহৰ উৰুখা পঁজাটোতেই সপোনৰ মেলা পাতে৷ মাক-দেউতাকহালৰ বৰ আলাসৰ তাই! যেন মূৰত থ’লে ওকনিয়ে আৰু মাটিত থ’লে পৰুৱাইহে খাব তাইক! দেউতাক হৰিধৰ বৰদেউতাৰ ঘৰত কাম কৰিবলৈ ওলাই যোৱাৰ পিছত তাই মাকৰ পিছে-পিছে ঘূৰি ফুৰে৷ মাক তাঁতৰ শালত বহিলে তাই কাষতে পীৰাখনত বহি মহুৰাটোকে ঘূৰাই থাকে৷ কেতিয়াবা আকৌ কানুহঁতৰ গৰু এৰাল দিয়া উদং পথাৰখনত কানু-ৰবিহঁতৰ লগত খেলিবলৈ গৈ গধূলি নামঘৰৰ ডবাৰ মাত শুনিলেহে ঘৰলৈ ঢপলিয়াই আহে৷ সন্ধ্যাবেলিকা দেউতাকে ভাগৱতখন মেলি লয়৷ তাই দেউতাকৰ কোঁচতে বহি লৈ টিপ চাকিটোৰ পোহৰত গুটি গুটি আখৰৰ মালাবোৰ জুপি জুপি চায়৷ ৰাতি শোৱাপাটিত পৰি তাইৰ চুলিখিনি মোহাৰি মোহাৰি মাকে ৰাজকুমাৰৰ সাধুটো কয়; আৰু বগা ঘোঁৰাত উঠি ৰাজকুমাৰ তাইৰ সপোনলৈ আহে৷
: আজলি! এই আজলি!
: হাঁ? – অন্ধকাৰ কোঠাটোত কোনোবাই ফুচফুচাই মতা শুনি উচপ খাই উঠিল তাই৷
: হিঃ হিঃ! মই পখিলাহে৷ ইমান ভয়পাদুৰী তই ৰহ কাইলৈ কানুহঁতক ক’ম৷
: পখিলা, এই পখিলা আমাৰ দেউতাৰ কাম কৰি হোৱাই নাই নেকি অ’? গধূলি হ’ল ঘৰলৈ যাওঁ মা অকলে আছে৷ যাচোন তই চাই আহগৈ৷
: ইস তই কিবা আজিৰপৰা আমাৰ ঘৰতহে থাকিবি নাজান নেকি? তোৰ দেউতা কেতিয়াবাই গ’লগৈ৷
: কি! মই আকৌ তহঁতৰ ঘৰত কিয় থাকিম? – থোকাথুকি হৈ গ’ল আজলিৰ মাতটো৷ জাপমাৰি বহাৰপৰা উঠিল তাই৷
: অ’তো! আজিৰপৰা তই সদায় আমাৰ ঘৰত থাকিব লাগিব৷ তই ভালহে পাব লাগে আঁকৰি! তেতিয়া আমি দিনৰ দিনটো খেলিব পাৰিম৷ কিমান ভাল লাগিব! তই আকৌ কান্দিছ কিয় আজলি? কানুৱে ঠিকেই জোকাই, সঁচাই তই আজলি৷ – খিলখিলাই হাঁহি উঠিল পখিলাই৷
: অস পাহৰিছোঁ নহয়! দেউতায়ে আজিৰপৰা তোক আজলি বুলি মাতিবলৈ মানা কৰিছে৷ “সৰুমা“ বুলি মাতিবলৈ কৈছে৷ তই হেনো মোৰ নতুন “মা৷ ”
পখিলাই কিনো ক’লে একো বুজি নাপালে আজলিয়ে৷ মাত্ৰ তাই বুজিলে তাইৰ কুমলীয়া মনটো কিবা এটা যেন ভাল লগা নাই৷ উচুপনিবোৰ কান্দোনলৈ পৰিণত হ’ল তাইৰ৷
: কি হ’ল? কে’লৈ কান্দিছ মনে মনে থাক৷ – তাইৰ কান্দোন শুনি বাবুলকাই কোঠাটোলৈ ঢপলিয়াই আহিল৷
পখিলাই কিনো হ’ল একো তৎ ধৰিব নোৱাৰি কোঠাৰপৰা ওলাই লৰ মাৰিলে৷
: অ’ বাবুলকাই চাচোন পখিলাই কি কৈছে! মোক হেনো আজিৰপৰা তাই “মা” বুলি মাতিব? মই হেনো সদায় ইয়াতেই থাকিব লাগিব! মই নাথাকো ইয়াত তই দেতাক মাতি দে ঘৰলৈ যাওঁ মই৷ অ’ বাবুল কাই….!
 এক মৰ্মভেদী বেদনাই বাবুলৰ বুকুখন চেপি খুন্দি ধৰিলে৷ কি বুলি বুজাব এতিয়া তাইক! কেনেকৈনো কয় যে তাইৰ দেউতাকে হৰিধৰ মহাজনৰপৰা এঘাৰ বছৰৰ আগতে আজলিক জন্ম দিবলৈ লৈ মৃত্যুৰ মুখত পৰিবলৈ লোৱা মাকজনীক বচাবলৈ কেইটামান টকা ধাৰলৈ লৈছিল আৰু সেই মূলধনৰেই সূত হিচাপে তাইকে মহাজনৰ হাতত গতাই থৈ গৈছে৷ দুজনীকৈ ছোৱালী জন্ম দিয়াৰ পিছতেই মাক হোৱাৰ ক্ষমতা হেৰুৱাইছিল সেন্দূৰী আইদেৱে৷ মহাজন দেউতাৰ অজস্ৰ খেতি-খোলাৰ উত্তৰাধিকাৰী এজনৰ অভাৱে টোপনি হৰিছিল৷ কোনো ফালৰপৰা যোৰা-টাপলি মাৰিব নোৱাৰি যোৱাটো সপ্তাহত আজলিৰ বাপেকটোৱে আহি মহাজন দেউতাৰ আগত হাতযোৰ কৰি কাকূতি-মিনতি কৰি কৈছিলহি যে ধাৰলৈ নিয়া টকাখিনি ঘূৰাই দিবলৈ তেওঁ অসমৰ্থ, গতিকে ঘৰৰ ভেঁটিটোকে মহাজন দেউতাই ৰাখক৷ দুদিনৰ পিছত আজলিৰ দেউতাকক মাতি পঠিয়াইছিল মহাজন দেউতাই৷ দুৰাতি চিন্তা কৰি ঘৰখনৰ প্ৰতিটো মানুহৰ বুকু ভেদি যোৱা অকল্পনীয় প্ৰস্তাৱটো মহাজন দেউতাই আজলিৰ বাপেকটোলৈ আগবঢ়াইছিল- “তোৰ এচিকটা ভেঁটিটো ৰাখি মই কি কৰিম? মোৰ ছাগলীকেইটা ৰাখিবলৈকে ঠাই নহ’ব৷ আৰু ভেঁটিটো কাঢ়ি ল’লে তহঁতিও অঘৰী হ’বি৷ গতিকে দিয় যদি ছোৱালীজনীকে দে৷ আৰু এক-ডেৰবছৰৰ পিছতেই তাই তোলনি হ’ব৷ তইতো দেখিছই ইমানবোৰ মাটি-বাৰী মই মৰাৰ পিছত চাওঁতা নাই৷ ডাঙৰ আইদেউৰ মোক সেইকণ সুখ দিয়াৰ যোগ্য নহয়৷ যদি ভগৱানে কৰে পিছলৈ সকলোবোৰ তোৰ নাতিটোৰেই হ’ব৷ তোৰ ঘৰত এবেলা খাই এবেলা ভোকত ৰখাতকৈ ইয়াতে ৰাজৰাণী হৈ থাকক৷ ”
আজলিৰ বাপেকটোৱে মুখেৰে এটাও শব্দ নকৰি বহু পৰ প্ৰস্তৰ মূৰ্তিৰ দৰে মাটিত বহি আছিল৷ ৰঙায়ে আহি জোকাৰি দিয়াত বহাৰ পৰা উঠি কঁপা কঁপা দুভৰিৰে ঘৰলৈ গৈছিল৷ ডাঙৰ আইদেউ তিনি দিন ধৰি কোঠাৰপৰা বাহিৰলৈ নোলালে৷ আৰু অৱশেষত আজি অসহায় বাপেকটোৱে বুকু শুদা কৰি ফুলকুমলীয়া জীয়েকজনীক এইখন ঘৰত গটাই থৈ গ’লহি৷
হিয়া ঢাকুৰি কান্দিছে তাই৷
: অ’ মা মই নাথাকোঁ ইয়াত……
: দেতা অ’ মোকো লৈ যা তোৰ লগত…..
: মা অ’…………
বাবুলে নোৱাৰিলে আৰু এখন্তেক এইটো কোঠাত থাকিব৷ বুকুখন জ্বলিছে তাৰো৷ মন গৈছিল তাৰ তাইক বুকুৰ মাজতে লুকুৱাই লৈ গৈ মাকজনীৰ ওচৰত থৈ আহিবলৈ৷ কিন্তু এতিয়া আৰু আগৰদৰে নোৱাৰে সিয়ো তাইক চুব, নিজৰ ভনীয়েকজনীৰ দৰে তাইক আদৰ কৰিব৷ কাৰণ আজিৰপৰা আজলি তাৰ “সৰু আইদেউ”, তাইৰ খেলাৰ লগৰী পখিলাৰ “মাহী মাক”, সেন্দূৰী আইদেউৰ “সতিনী” আৰু তাই বৰদেউতা বুলি মতা গাঁঠলু চেহেৰাৰ মহাজন দেউতাৰ “পাটিৰ তিৰোতা” হ’ব৷
আৰু এক মুহূৰ্তও কোঠাটোত থাকিলে যেন বাবুলৰ উশাহটো বন্ধ হৈ যাব! এটা গভীৰ দুখবোধে তাৰ মনটো আচ্ছন্ন কৰি পেলালে৷ বেগাই ওলাই গ’ল সি কোঠাটোৰপৰা৷ কোঠাটোত মাত্ৰ ভাঁহি থাকিল পখিলা খেদি ফুৰা ছোৱালীজনীৰ হিয়া ভঙা কান্দোন৷ যেন “আলি চিগা খেল” খনত বিপক্ষ দলৰ মহাজন দেউতাই “হেইচ কুট কুট” কৈ আহি চুবলৈ তাইক খেদি আহিছে আৰু তাই নিজকে বচাবৰ কাৰণে মাকৰ আচলৰ আঁৰত লুকাবলৈ ঘৰলৈ দৌৰিবলৈ বিচাৰিছে৷
                              সমাপ্ত৷
( “আলি চিগা খেল” বিশেষকৈ গাঁৱসমূহত প্ৰচলিত এবিধ পৌৰাণিক খেল৷ দুটা দলৰ মাজত এইটো খেল হয়৷ এটা দলে “হেইচ কুট কুট” বুলি মুখেৰে উচ্চাৰণ কৰি বিপক্ষ দলক চুবলৈ খেদি যায়৷ )
☆ ★ ☆ ★ ☆

2 Comments

  • Ronjon Baruoh

    সুন্দৰ লেখনিৰে আলোচনী উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো

    Reply
  • জাহ্নৱী

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *