ক্ষোভিত হৃদয়ৰ মৌন প্ৰতিবাদ- অৰুন্ধতি কাশ্যপ
ঘড়ী চাই অৰুন্ধতী উচপ খাই উঠিল ।চাৰে সাত বাজিছে।”হ’ল আৰু আজি” বুলি মনতে ভাবিলে।ন বজাত অফিচ পাব লাগিব ।সদায় পলম হয় তাইৰ ।তাতে আজি সকলোৰে মৰমৰ কলিতা দাৰ বিদায়সভা।বহুত কাম আজি অফিচত ।দুই এজন বাহিৰৰ মানুহো আহিব।সকলোবোৰ নিয়াৰিকৈ হ’ব লাগিব।আগতে অফিচৰ যিকোনো কাৰ্য্যসূচীতে কলিতা দাই কাৰো একো অসুবিধা হ’ব নিদিয়ে ।সেইজন মানুহৰ বিদায়সভাত খেলিমেলি হ’লে কিমান বেয়া লাগিব।মই নাই বাবে এনেকুৱা হ’ল বুলি কলিতা দাই দুখ নকৰিব নে?? সেইবাবে কালিতে দাস চাৰে সকলোকে সোনকালে উপস্থিত থাকিবলৈ কাঢ়া নিৰ্দেশ দি থৈছে ।বিশেষকৈ তাইক।
“অৰু,কালিলৈ সময়ত আহিবি দে ।নহ’লে বহুত অসুবিধা হ’ব। লাগিলে মেকআপ ৰাতিতে কৰি বহি থাকিবি।”
দাস চাৰৰ কথা শেষ নহওঁতে হাঁহিৰ গুমগুমি উঠিছিল।উঠিবই কাৰণ অফিচটোত দাস চাৰৰ কথা খিনি সকলোৰে কাণত পৰিছিল। চাৰেও লগাতকৈ অলপ ডাঙৰকৈ কৈছিল। লাজ, খঙত তাইৰ মুখখন ৰঙা পৰি গৈছিল ।কিবা এটা কম বুলি ভাবিও তাই মনে মনে থাকিল ।কাৰণ দোষ তাইৰে।কোনোদিনে তাই অফিচত সময়ত উপস্থিত থাকিব নোৱাৰে । প্ৰতিদিনে কিবা নহয় কিবা কাৰণত দেৰি হ’বই ।দেৰি হোৱাৰ বেচিভাগ কাৰণে তাইৰ সাঁজোন কাচোন।এঘণ্টাতকৈ বেছি সময় লাগে । আন ছোৱালীৰ দৰে ডাঠ প্ৰশাধন তাই নকৰে তথাপি তাইক যথেষ্ট সময় লাগে ।
আচলতে তাই পৰিপাটি হৈ থাকি ভাল পাই। কাপোৰৰ ফাঁকেৰে যাতে শৰীৰৰ কোনো অংশই ওলাই নাথাকে সেই দিশটো লৈ তাই তীব্ৰ নজৰ দিয়ে। কাপোৰ পিন্ধোতে ওচৰতে ৰৈ থকা ভনীয়েকজনীয়ে চেপটি পিনত কাগজ ফুটাই দি দি ভাগৰি পৰে।কাপোৰখনত যাতে চেপটি পিনটো সোমাই যাব নোৱাৰে তাৰ বাবে তাই অলপ কাগজ ফুটাই লয়। নহ’লে কাপোৰত পিনটো এনেকৈ সোমাই পৰে যেন জালত বজা ঢোৰা সাঁপডালহে। তথাপি তাইৰ কাপোৰ ফিচিকিবই কোনোবা ফালেদি।মাকেটো তাইৰ গাত ক্ষুৰ থকা বুলি কয়।আজিও মাকৰ ভাগৰ নীলা ৰঙৰ কাপোৰ এজোৰ উলিয়াই লৈছে। চাদৰখন সৰু সৰুকৈ ভাজ কৰি থাকোতে মাকে সাৱধানবাণী শুনাইছে
“অৰু,ফাটিলে কিন্তু দৰমহা ৰ পইছাৰে দিব লাগিব “।
মাকৰ কথা শুনি মনটো অলপ বেয়াও লাগিছিল তাইৰ।সাধাৰণ পিয়নৰ চাকৰি তাইৰ ।দৰমহাৰ পইছা কেইটাৰে ঘৰৰ বজাৰ কৰিবলৈকে নোজোৰে । মাকৰ ঔষধ, ভনীয়েকৰ পঢ়াৰ খৰচৰ ওপৰিও ভায়েক ঋষিৰ পকেট খৰচো তাই দিব লাগে । এইবোৰ দ্বায়িত্ব পালন কৰোঁতে নিজৰ বাবে নৰয়ে একো। ঋষি তাইতকৈ দুবছৰ সৰু মাত্ৰ ।তিনিবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা দিওঁ উৰ্ত্তীৰ্ণ হ’ব নোৱাৰিলে ।এতিয়া সমনীয়া দুজনমাৰ লগত নামঘৰৰ ওচৰত বহি টাচপাত খেলোৱাটো তাৰ ডাঙৰ কাম।বহুত ব্যস্ত সি।মাকেওঁ এনেদৰে সময় মতে খোৱাৰ ব্যবস্থা কৰি দিয়ে যেন সি ক’ৰবালৈ ভাল কামত হে যাব ওলাইছে । তাই কিবা ক’ব খুজিলেও মাকে আগতে বাধা দিয়ে। ভনীয়েক জনীলৈ দুখ লাগে তাইৰ ।পঢ়া শুনাত ঋষিতকৈ চোকা অথচ ওচৰৰ চৰকাৰী বিদ্যালয় খনতে নাম লগাই দিছে।এইবাৰ মেট্ৰিক দিব কিন্তু এজনো ঘৰুৱা শিককৰ ব্যৱস্থা কৰি দিব পৰা নাই।তাইও বুজে বায়েকৰ দুখ সেইবাবে নিজে কষ্ট কৰে যিমান পাৰে। আনহাতে পঢ়াত বেয়া বুলি জনাৰ পিছতো ঋষিক চাহাবী কলেজত নাম লগাই দিব লগা হৈছিল ।মাকৰ মতে …” বিয়া দি উলিয়াই দিব লাগিব যেতিয়া ইমান পঢ়াই কি লাভ? তাতকৈ ঋষিৰ লগতে খৰচ কৰিব, সিহে বংশ ৰক্ষা কৰিব “। একো নকয় তাই ।পুত্ৰ মোহত অন্ধ হৈ থকা মাকৰ কাষৰ পৰা নীৰৱে উঠি গৈ ভিতৰৰ কোঠাত উচুপি থকা ভনীয়েকৰ চকুপানী খিনি মচি দিয়ে । অসহায় অৱস্থাতো ভনীয়েকৰ ওচৰত লুকাই ৰাখি কয়..”আচলতে কি জান,আনৰ সহায় নোলোৱাকৈ লক্ষ্য স্হানত উপনীত হোৱা জনকহে আচল যোদ্ধা বুলি কয়”।
ভনীয়েক নম্ৰতাই বুজি পাই ।তাইও বায়েকক সকাহ দিবলৈ মুৰ জোকাৰি সন্মতি দিয়ে ।প্ৰতিবাদ কৰি অশান্তিৰ সৃষ্টি কৰিব নোখোজে । অৰুন্ধতী সেই অঞ্চলৰ ভিতৰতে ভাল ৰিজাল্ট কৰি উৰ্ত্তীৰ্ণ হোৱা ছোৱালী । কিন্তু আজিকালি ভাল মাৰ্কশ্বিত এখন থাকিলে ভাল চাকৰি এটা যোগাৰ কৰিব নোৱাৰি। দেউতাকৰ সমাজত এখন উচ্চ স্থান আছিল বাবে কেইজনমান শুভকাংশীৰ সহযোগত খণ্ড উন্নয়নৰ এই অফিচটোত পিয়নৰ চাকৰিটো পালে।দেখাতো বৰ মৰমলগা ছোৱালী । নিজৰ একাগ্ৰতা আৰু সাহস ৰ বাবে লাহে লাহে সাহিত্য সমাজ খনতো তাই নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে । সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বিষয়ে লিখি তাই ইতিমধ্যে এগৰাকী সু লেখিকা হিচাপে নাম অৰ্জন কৰিছে।
“বা, কি কৰিছ অ? তোৰ দেখোন দেৰি হ’ব।আজি অলপ সোনকালে আহিবি কিন্তু ।কালিলৈ কি প্ৰগ্ৰেম আছে মনত আছে নহয়” ।
“মনত আছে কিন্তু যাম নে নাযাম সেই সিদ্ধান্ত হে ল’ব পৰা নাই “
“কিয়??সিদ্ধান্ত ল’বলৈ কি আছেনো,”??
“তই নুবুজিবি নম্ৰতা, যিটো বিষয়ৰ ওপৰত মোক বক্তৃতা ৰাখিবলৈ আমন্ত্ৰণ জনাইছে সেই বিষয়টো ইমান সহজ নহয় অ।যি ব্যৱস্থাৰ পৰা নিজকে মুক্ত কৰিব পৰা নাই,যিবোৰ দেখিও মই প্ৰতিবাদ কৰিব পৰা নাই সেই বিষয়টোৰ ওপৰত জানো মই বক্তব্য ৰাখিব পাৰিম।উচিত হ’বনে???
“কি উচিত অনুচিতৰ কথা কৈ আছ দুয়ো ।ৰাতিৰ ভাত আঞ্জা আছিলে অলপ গৰম কৰি ভাত বাঢ়ি দিছো। আগতে খাই ল ।বাবা উঠিব হৈছে মই অলপ ভাত বহাই দিওঁ ল’ৰাটোক ঠাণ্ডা ভাত খুৱাব ভাল নালাগে ।সি খাবলৈ বেয়াওঁ পাই।”
মাকৰ কথা খিনি শুনি বুকুখন গধুৰ হৈ পৰিল।কব মন গৈছিল …”ৰাতিপুৱা তোৰ হাতৰ গৰম ভাত অলপ খাই ওলাই যাবলৈ মোৰো মন যায় অ’ মা”। কিন্তু নক’লে ।নোকোৱাকৈ মাকে অনুভৱ কৰাতো তাই বিচাৰে।কেৱল ভাত খাই থাকোতে ক’লে..”কালিলৈ নম্ৰতাৰ বিদ্যালয়ত “আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ” পাতিছে।তাত মোক মূখ্য অতিথি হিচাপে মাতিছে মা।কিন্তু মই নোযোৱাতোকে থিক কৰিলো দে ।
“মাতিছে যদি কিয় নাযাবি,কিবা অলপ মাননিও দিয়ে দেখোন । তাতে এই মাহৰ দৰমহা হোৱা নাই।বাবাই মাছ মাংস থাকিলে ভাত খিনি খাই ভাল পাই ।তাকে আনিব পাৰিবি পইছা পালে”।
মুখলৈ নিবখোজা ভাতগৰাহ তাইৰ আধাতে ৰৈ গ’ল।বুকুখনত যেন কোনোবাই বিৰাট জোৰকৈহে ভুকুৱাই দিলে।
“হ’ব দে আজি অফিচৰ কাৰোবাৰ পৰা ধাৰ কৰি হ’লেও ৰাতিলৈ মাংস আনিম।তই মচলা পিচি ৰেডী কৰি থবি “।কথাখিনিত যিমান পাৰি সহজ ভাবে কৈ তাই মুখখন ধুই উঠি আহিল। তাইৰ চকুপানী খিনি মাকৰ চকুত নপৰিলেও ভনীয়েকৰ চকুৰ পৰা সাৰি নগ’ল ।
“মা, তোক কটাৰীখনৰ হে প্ৰয়োজন গতিকে দা খনত ধাৰ দিলে কি হ’ব?? মা , তই যদি এদিনো বাইদেউক ঠাণ্ডা ভাত খাই বেয়া পাই নে ভাল পাই সুধিলে হেঁতেন তাই কালিৰ মিটিঙ ত সুন্দৰ ভাষণ এটা ৰাখিব পাৰিলে হেঁতেন। অফিচৰ পৰা পিছত এবাৰ যদি তোৰ আঁচলেৰে মুখখন মচি দিলি হেঁতেন তেন্তে চাগে তাই গৌৰৱেৰে নাৰীৰ সম অধিকাৰৰ বিষয়ে ক’বলৈ সাহস পালাহেঁতেন ।স্কুল ছোৱালীবোৰ অহা যোৱা কৰা সময়ত দাদাক ঘৰত থাকিবলৈ দিলে তাই চাগে শিৰ ফুলাই ফুলাই নাৰী ৰ নিৰাপত্তাৰ কথা ক’ব পাৰিলে হেঁতেন ” । উফ! সৰু অথচ স্পষ্ট কণ্ঠেৰে কৈ যোৱা ভনীয়েকৰ কথা কেইটা শুনি অৰুন্ধতী ভিতৰৰ পৰা ওলাই আহিব পৰা নাছিল।মাকৰ মুখখনলৈ চাবলৈ সাহস হোৱা নাছিল ।কিবা বুজি পালে নে মাকে ভনীয়েকৰ কথা খিনি??অনুভৱ কৰিব নে এতিয়াৰ পৰা ক্ষোভিত হৃদয়ৰ আৰ্তনাদ খিনি??? মাকে বুজি পালে নে নাই ধৰিব নোৱাৰিলেওঁ ন বজালৈ নাক বজাই শুই থকা ভায়েক যে বুজি পালে সেইটো জোৰকৈ মাৰি দিয়া দৰ্জা খনৰ মাত শুনি য়ে দুয়োজনীয়ে কিন্তু থিকে ধৰিব পাৰিলে।
☆ ★ ☆ ★ ☆
7:59 pm
ধন্যবাদ জনালোঁ ফটাঢোলৰ পৰিয়াললৈ
8:28 pm
সুন্দৰ৷ আগতে নিজৰ মাজত সংস্কাৰ আহিলেহে সমাজ সংস্কাৰ হ’ব!