ফটাঢোল

মিছা নকওঁ – মণিষা কাকতি

অৱশেষত ভগৱানে চূড়ান্ত সিদ্ধান্ত লৈ পেলালে। নাই.. আৰু সহ্য কৰা নহ’ব। মনুষ্যজাতিক এসেকা দিয়াৰ সময় সমাগত। নিজ হাতেৰে সৃষ্টি কৰা জীৱ বুলি মৰম কৰোঁতে কৰোঁতে লাই পাই মূৰৰ ওপৰত উঠিছে। সকলো বস্তুৰে এটা সীমা থাকে। এই সীমা অতিক্ৰম কৰাসকলক ৰেহাই দিয়াতো অনুচিত। পাপ-পূণ্য, ভাল-বেয়াৰ চিনচাব নোহোৱা কৰিবলৈ মানুহ কোন? ভগৱান অভী ভি জিন্দা হেঁ য়াৰ।
দোষ-গুণ বুলিলে মনুষ্য জাতিৰ মাজত কিজানি অকল দোষহে ওলাব। মানুহ মানেই দোষৰ সমষ্টি। তথাপি ভগৱানে ভাবিলে যে শাস্তিবোৰ এটা এটাকৈ দিয়া যাওক। হয়তো এটা দোষৰ শাস্তি লাভ কৰাৰ পিছত বাকী দোষবোৰ আপোনা-আপুনি পৰিত্যাগ কৰেই। সেয়ে ভাবি-চিন্তি ঠিক কৰিলে যে মানুহক প্ৰথমতে ‘মিছা কথা কোৱা’ দোষটোৰ শাস্তি প্ৰদান কৰা হ’ব। পৃথিৱীত মিছলীয়াৰ সংখ্যা দিনকদিনে বাঢ়ি গৈছে। সৰু-ডাঙৰ, পুৰুষ-মহিলা, ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত সকলো স্তৰৰ লোকে যিটো হাৰত মিছা কথা কোৱা কৰিছে হিচাপ কৰিলে কথা ক’ব নোৱাৰা জীৱ-জন্তুকেইটাহে বাকী থাকিব চাগৈ।
গতিকে উপায় হৈছে শাস্তি। মিছলীয়াক শাস্তি প্ৰদান কৰা হ’ব। ২০২০ চনৰ পহিলা এপ্ৰিলৰপৰা যিয়ে এমাহত তিনিটাতকৈ অধিক মিছা ক’ব, সিয়ে তৎক্ষণাত বোবা হৈ পৰিব। নৌ কমপ্লেইন, নৌ এফ.আই.আৰ, নৌ আদালত, নৌ তাৰিখ পে তাৰিখ। অ’নলি জাজমেণ্ট, ইনষ্টেন্ট্ জাজমেণ্ট। খোদ ভগৱানৰ ফুল এণ্ড ফাইনেল জাজমেণ্ট।
দৈৱবাণী, সপোন, এছ.এম.এছ, ই-মেইল আদি সকলো মাধ্যমৰ জড়িয়তে বাৰ্তা প্ৰেৰণ কৰিবলৈ নিজৰ নেটৱৰ্কিং টিমক ভগৱানে কামত লগাই দিলে। অসমত টেক্সট্ মেছেজৰ ঠিকাটো জিঅ’ই লাভ কৰিলে আৰু লগালগ মোবাইলে মোবাইলে অসমীয়াত বাৰ্তা প্ৰেৰণ হৈ গ’ল।
“সাৱধান মিছলীয়া। ভগৱানৰ নিৰ্দেশ মৰ্মে আপোনালৈ এই বাৰ্তা প্ৰেৰণ কৰা হৈছে। চলিত বৰ্ষৰ এক এপ্ৰিলৰপৰা যিয়ে এমাহত তিনিটাতকৈ অধিক মিছা ক’ব, সিয়ে তৎক্ষণাত বোবা হৈ পৰিব। আৰু তেতিয়া আপোনাৰ জিঅ’ ভইচ প্লেনবোৰ অথলে যাব। গতিকে, যি ক’ব, সঁচা ক’ব।
কাৰণ, মিছা কথাৰ ঠেং চুটিয়েই নহয়,
মিছা কথাৰ জিভাও চুটি।”
বহুতে ইয়াক ভগৱানৰ ‘এপ্ৰিল ফুল’ বুলি ধৰি ল’লে আৰু হাঁহি হাঁহি উৰুৱাই দিলে। “প্ৰভু, আপ ভী বড়ে মজাকিঁয়া হৌ।” বুলি কিছু কিছুৱে মেছেজো ডিলিট কৰিলে। আন কিছুমানে আকৌ ৰিমাইণ্ডাৰ দি থ’লে, “আজিৰপৰা মিছা কোৱা বন্ধ। ডেট – ওৱান এপ্ৰিল, টাইম – ফ’ৰ এ.এম.”।
কেওফালে চেপা উত্তেজনাৰ মাজেৰে এপ্ৰিল মাহ সোমাল। প্ৰথম দিনাই বিভিন্ন প্ৰান্তৰপৰা খবৰ আহিল যে যিসকল লোকে এপ্ৰিল মাহত প্ৰথমটো মিছা কথা ক’লে, তেওঁলোক সকলোৰে মোবাইলত পুনৰ এছএমএছ আহিছে। অসমৰ বহু ঠাইৰপৰাও অনুৰূপ বাতৰি আহিল। আনকি স্মাৰ্ট অসমীয়াই জিঅ’ নেটৱৰ্কৰপৰা অসমীয়াতে অহা ইনবক্স বাৰ্তাৰ স্ক্ৰীণশ্বট মাৰি ছ’চিয়েল মেডিয়াত দিবলৈয়ো হেতা-ওপৰা লগালে।
“চলিত মাহত আপুনি এটা মিছা কথা ক’লে। বৰ্তমান আপোনাৰ একাউণ্টত আৰু দুটা মিছা কথা কোৱাৰ সুযোগ আছে। একাউণ্ট সবিশেষ জানিবলৈ এছএমএছ কৰক ‘লাই(LIE)’ আৰু পঠিয়াই দিয়ক ৯৯০৬ নম্বৰলৈ।”
তেনে একোটা প’ষ্ট হেজাৰৰো অধিক শ্বেয়াৰ হোৱা দেখা গ’ল। মিছা কথা কোৱাৰ ফলত অহা বাৰ্তাটো দেখুৱাই সকলোৱে গৌৰৱবোধ কৰিবলৈ ধৰিলে।
আনহাতে অসমৰে দিছপুৰ এলেকাত এখন বেলেগ ছবি দেখিবলৈ পোৱা গ’ল। কি বিৰোধী, কি শাসকীয় — নেতা-মন্ত্ৰীবোৰৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিল। ইফালে সন্মুখত নিৰ্বাচন। ২০২১ পালেহিয়েই। মেল-মীটিং, নিৰ্বাচনী সভা, ৰেলী আদিত এতিয়া কোনখন মুখেৰে জনতাক সঁচা কথা কয় বাৰু? তাতকৈ দেখোন মৃত্যুৱেই শ্ৰেয়।
বিলাসী হোটেলত শাসকীয় গোষ্ঠীৰ ৰুদ্ধদ্বাৰ বৈঠক বহিল। সকলোৰে মুখবোৰ ভয়ত শুকান, নিস্তেজ। কিছুমান একেবাৰে বেঙে মূতাৰ লেখীয়া হৈ পৰিছে। পোনপ্ৰথমবাৰৰ বাবে নেতাৰ চকুত ঘৰিয়ালৰ চকুপানীৰ ঠাইত সঁচাসঁচি চকুপানী ওলাইছে। কি গতি হ’ব এতিয়া তেওঁলোকৰ? মিছা কথা আৰু নেতা হৈছে এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। এফাল নথকা মুদ্ৰা এটা যিদৰে অচল, মিছা কথা অবিহনেও এজন নেতা অচল। ভগৱানে এয়া কি অন্যায় কৰিলে তেওঁলোকৰ লগত। ইমান দান-দক্ষিণা, পূজা-পাতল, হোম-যজ্ঞ কৰিও ভগৱানক নিজৰ ফলীয়া কৰি ৰাখিব নোৱাৰিলে। কিডাল ‘পলিটিক্স’ কৰিছে তেন্তে! দুজনমানে নিজৰ ওপৰতে ক্ষোভ উজাৰিলে।
বহুসময় ধৰি চুপ-চাপ সকলোৰে কথাবোৰ শুনি থকাৰ পিছত এজন হৃষ্ট-পুষ্ট চেহেৰাৰ লোক থিয় হ’ল। বাকীসকলৰ চকু তেওঁৰ ফালে গ’ল। সকলোৱে ভাবিলে যে এওঁ হয়তো এতিয়া তৰ্জন-গৰ্জন কৰি আঙুলি টোঁৱাই ভগৱানক চেলেঞ্জ কৰিব আৰু ক’ব,
“কথা নাই বতৰা নাই। আমাৰ ডিঙিত টিলিঙা আঁৰিবলৈ এই মালটো আকৌ ক’ৰপৰা টপকিলে?”
পিছে তেনে একো নহ’ল। নৰম সুৰত, বেঁকা হাঁহিৰে, চকু টিপিয়াই, নিজস্ব ভংগীমাত বৰং কৈ উঠিল,
“চিন্তাৰ একো কাৰণ নাই। মিছা কথা কোৱাতহে মানা, লিখাতটো বাধা নাই। বেটাৰ ৰাইট এ লাই ডেন টেলিং এ লাই। আই.টি. চেলৰ লেমটৌকেইটাৰ দৰমহা বঢ়াই দিলেই হ’ল। আৰু মোবাইলৰ ডাটাবোৰ অকল ৰংচঙীয়া ভিডিঅ’ চোৱাতেই খৰছ নকৰি মিছা কথা কোৱা অহ্ ছ’ৰী, মাই মিছটেক, মিছা কথা লিখা কামতো খৰছ কৰিবলৈ শিকা।”
প্ৰবল প্ৰতাপী মন্ত্ৰী মহোদয়ৰ বচন শুনি সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে। আৰু মিছা প্ৰতিশ্ৰুতিৰে পূৰ্ণ হেজাৰ-বিজাৰ ইস্তাহাৰ ছপা কৰি অনতিপলমে ৰাইজৰ মাজত ‘সমানে’ বিলাই দিবলৈ নিজ নিজ পি.এক. হোৱাটছএপ কৰিলে।
  ☆ ★ ☆ ★ ☆

2 Comments

  • Ronjon Baruoh

    নিটোল লেখাটিৰে আলোচনীখন সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতা জনাইছো

    Reply
  • HEMANTA KAKATI

    তামাম মনীষা৷ তোমাৰ লেখা মোৰ সদায়েই প্ৰিয়৷ এইবাৰো বঢ়িয়া লিখিছা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *