আপুনি বিৰাট হট- শংকৰ শৰ্মা
অফিচৰ পৰা আহি বেগটো টেবুলত থৈ ভৰি হাতকেইখন ধুই বিছনাত এনেয়ে দীঘল দিছে। পত্নীয়ে আগবঢ়াই দিয়া ৰঙা চাহ কাপে দিনটোৰ অৱসাদ কিছু দূৰ কৰিলে। সন্ধিয়াৰ এই ৰঙা চাহ কাপৰ বাবে মই সদায় উদগ্রীৱ হৈ থাকোঁ। অফিচতাে মই ৰঙা চাহেই খাওঁ। তথাপিও পত্নীৰ মৰম সনা চাহ কাপৰ সােৱাদ সুকীয়া। অফিচৰ পৰা আহি আধাঘন্টা মান মই সদায় জিৰণি লওঁ। এইখিনি সময়ত পত্নীৰ লগত দুই-এটা কথাৰ বাহিৰে মই বিশেষ কথা নাপাতােঁ। তেঁৱাে মােৰ এই বিশেষ সময়খিনিৰ কথা জানে। এইখিনি সময় তেঁৱো নিজৰ কামত ব্যস্ত হয়।
ছােৱালীজনী অনলৰ বাগদত্তা। নতুনকৈ চাকৰি পাইছে। অনল আকৌ মােৰ বাল্যকালৰে বন্ধু। হােৱাটছএপটো খুলি লিজাৰ মেচেজটো চালােঁ। মেচেজটো পঢ়িহে মােৰ হতবাক হােৱাৰ পাল। লিজাই লিখিছে,
“দাদা, আপুনি বিৰাট হট।”
মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। লিজাই এইবােৰ কি লিখিছে! অনলে গম পালে কি ভাবিব? ছােৱালীজনীকটো বেচ ভদ্র যেনেই লাগিছিল। আজি আমাৰ অফিচৰ এখন মিটিঙৰ শেষত হােৱা পাৰ্টিৰ সময়ত মােৰ পৰা নম্বৰটো লৈছিল লিজাই। নম্বৰটো লৈয়ে ৰাতি এই মেচেজ। মােকতো তাই বিবাহিত বুলিও জানে। তেনেস্থলত কিয় এনেকুৱা মেচেজ দিছে তাই! ভাবিব পৰা নাই। মেচেজটো পঢ়ি ইফালে-সিফালে চালােঁ। নাই, পত্নী কাষত নাই। পাকঘৰত ব্যস্ত। ভাগ্যে বাচিলােঁ। নহ’লে কুৰুক্ষেত্ৰ আৰম্ভ হ’লহেঁতেন। হােৱাৰ কথাও। নিজৰ পুৰুষজনক আন ছােৱালীয়ে হট বুলি ক’লে কোনে সুদাই এৰিব। মই লিজালৈ উত্তৰ পঠিয়ালােঁঁ,
“কি কৈছা এইবােৰ।”
লগে লগে লিজাৰ ৰিপ্লাই,
“সঁচাই। আপােনাৰ নিচিনা হট মানুহ মই জীৱনত লগ পােৱা নাই।”
মােৰ আকৌ আচৰিত হােৱাৰ পাল। লিজাৰ হৈছে কি! সঁচাই নাৰীজাতিক বিশ্বাস কৰা টান। অৱশ্যে লিজাৰ মেচেজ দুটা পঢ়ি মনত এক বুজাব নােৱাৰা শিহৰণ নজগা নহয়। দেহৰ মাজেৰে যেন এছাটি বিজুলী বৈ গৈছে। এনেকুৱা হােৱাটো সকলাে পুৰুষৰ স্বাভাৱিক। এগৰাকী সুন্দৰী গাভৰুৱে আপােনাক হট বুলি ক’লে ফিলিংচ এটা আহিবই দিয়কচোন। যি সময়ত এনেকুৱা এটা মেচেজৰ বাবে বিয়াকুল হৈ আছিলােঁ সেই সময়ত কোনাে ছােৱালীয়ে কেৰাহিকৈয়াে নাচালে। কলেজ, ইউনিভাৰচিটিত পঢ়ি থাকোঁতে কিমানক প্রপােজ কৰিলােঁ।নাই, চব এংগেজ। আজি পেটত ভােক নাই, কিন্তু সন্মুখত মাছ-মাংসৰে ভর্তি ভাতৰ থাল। লিজাক বেয়াকৈ ক’বলৈও বেয়া লাগিছে। কি কৰােঁ, কি নকৰােঁ ভাবি থাকোঁতেই আকৌ লিজাৰ তৃতীয়টো মেচেজ আহিল। এইবাৰ মেচেজটো চাবলৈকে ভয় লাগিছে। কি থিক কিজানি কিবা প্রস্তাৱে দি দিয়ে। কিহে পাইছিল মােক নম্বৰটো দিবলৈ। নিজৰ ওপৰতে খং উঠিল। নিদিও উপায় নাই। ইমান ভদ্রভাৱে নম্বৰটো খুজিছিল। নিদি পাৰি জানাে! এই ছােৱালীজনীয়ে মােৰ সুখৰ সংসাৰখন জ্বলাব যেন পাইছােঁ। ভয়ে ভয়ে তৃতীয় মেচেজটো চালােঁ। তাই লিখিছে,
“আপােনাৰ হটতাই মােক মুগ্ধ কৰিছে।”
এতিয়াহে উৰহী গছৰ ওৰ ওলাল। ইংৰাজীতে অসমীয়া মেচেজ লিখাৰ পয়মাল দেখিলে। সৎ লিখিবলৈ গৈ হট কৰি পেলালে। ধেৎ চাল্লা, সন্ধিয়াটো বেকাৰ গ’ল।
8:56 pm
ধেততেৰি—হাঃ হাঃ। সৎ.. হট
2:59 pm
হা হা হা !