আপদীয়া কবিতা- মালামণি গায়ন
(১)
চকুত ক’লা চচমা, ফিট-ফাট সাজ
মুখত জ্বলা চিগাৰ, নাই কোনো কাজ
ব্যস্ততাৰ সীমা নাই
কথা পাতে ঘড়ী চাই
পইচাৰ বাবে কিন্তু; সকলো নিলাজ।
(২)
হ’ব লাগে এটি, ম’বাইলৰ গৰাকী
নহ’লে মিছা হেনো, যুৱকৰ চিনাকি
কথা পাতে ভুনভুন
অন্তকে নপৰেচোন
গোটেই ধন-বিত পিতৃৰ জেপ লুৰুকি।
(৩)
বাইকখনো জৰুৰী, সিবোৰৰ বাবে
মস্তিয়েই মূলকথা, তেওঁলোকে ভাবে
যদি বহে তাই লগত
তৰণি নাথাকে দেহত
সকলো মহতিয়াই মাথোঁ আগবাঢ়ে।
☆ ★ ☆ ★ ☆
12:05 am
বৰ সুন্দৰ লিখিছে। আগলৈকে আশা কৰিলো
2:59 pm
অতি সুন্দৰ।