ফটাঢোল

ধঁপাত  বিশেষ- উৎপল বৰা

কাহিনী আৰম্ভ হয় দিল্লীৰ পৰা। গৌতম ইণ্ডিগ’ বিমান কোম্পানীৰ চাকৰিয়াল। সেই সূত্ৰেই গুৱাহাটী, দিল্লী, কলকাতা, যোৰহাট ঠাইবোৰৰ মাজত আহ-যাহ সততে হৈ থাকে। দেখনীয়াৰ, কথা ক’ব জনা, মানুহৰ লগত বিশেষভাৱে বিপৰীত লিংগৰ মাজত খুবেই জনপ্ৰিয়। সহজতে আকৰ্ষিত কৰিব পৰা এজন। তেনেদৰেই লগ পায় ৰুচিক। অতি আকৰ্ষণীয়, চকুত লগা, মোহনীয়। গানো গায়। অ’ গৌতমো এজন ভাল গীটাৰিষ্ট। গানো গায় ভাল।

দুয়ো একে ঠাইৰে। গতিকে কথাবোৰ ভাল দৰেই আগবাঢ়িল। পৰিয়ালৰ দেখা সাক্ষাৎ হোৱাৰ পিছত তেওঁলোকে বিয়াৰ যা যোগাৰত লাগিল। কিন্তু টুইষ্ট নহ’লে কাহিনী হয় জানো? ইয়াতো টুইষ্ট আহিল। ভিলেইনৰ ৰূপ লৈ আহিল ৰুচিৰ খুড়াকজন। আচলতে খুড়া হ’ল ডাক্তৰ। জিলা ধনুষ্টংকাৰ ৰোগ প্ৰতিৰোধ বিভাগৰ মুৰব্বী বিষয়া। বিভাগৰ মানুহ হিচাপে তেখেতে সকলো ক্ষেত্ৰতে ধঁপাতৰ ব্যৱহাৰৰ বিৰোধী।

সেই সুত্ৰেই বিয়াৰ প্ৰথম আলোচনাৰ পৰাই খুড়াৰ হুমকি বিয়াৰ বজাৰৰ লিষ্টত ধঁপাত জাতীয় কোনো বস্তু থাকিব নোৱাৰিব। ছোৱালীৰ ঘৰেই নহয় দৰাৰ পক্ষয়ো সেই একেই কথা মানিবই লাগিব। এই লৈ গৌতমৰ খং। তাৰ মতে এইটো অন্যায়। গাঁৱৰ মানুহে তামোল পাণৰ লগত ধঁপাত অকণমান খায়। কোনো কোনো ভকতে চাধা অকমান চুৰট এটাও বিচাৰে, কইনাৰ খুড়াকৰ বাবেই এতিয়া সেইটো কেনেকৈ নকৰাকৈ থাকে!!
লাহে লাহে দিনবোৰ গৈ থাকিল আৰু বিয়াৰ দিনো চমু চাপি আহিল। ছুটিৰ অজুহাতত দুয়ো ঘৰৰে অভ্যৰ্থনা একে দিনাই একে সময়তে একে ঠাইতে কৰা হৈছিল, বিয়াৰ পিছত।

অভ্যৰ্থনা অনুষ্ঠানত সততে মানুহৰ সমাগমো বেছি আছিল। ৰুচিৰ মাক বৰ সাদৰী আৰু আপোনভোলা তিৰোতা। মুখত হাঁহি লাগিয়েই থাকে। দেওৰেকৰ কথা ৰাখি বটাত ধঁপাত ৰাখা নাই যদিও নিজৰ হাঁচতিখনতে তামোলৰ লগত খোৱা ধঁপাত বান্ধি লৈ ফুৰিছে। খাই-বৈ উঠি তামোল  বটাৰ পৰা ল’লেই কাণে কাণে সুধে বোলে ধঁপাত লাগিব নেকি? লাগে বুলি ক’লেই আনে নেদেখাকৈ লৰালৰিকৈ হাঁচতি খুলি উলিয়াই দিয়ে।

গৌতমে ভাবিলে এতিয়া বিয়া যিহেতু হৈ গ’লেই, খুড়াকলৈ ভয় কৰি থাকিলে নহ’ব। গোটেই জীৱন তেনেকৈয়ে ভয় ভয় কৈ যাব। সি তাৰ নিজৰ ভাগৰ বটাত তামোল পাণ আন মুখৰোচকৰ লগতে ধঁপাত অলপ লৈ মানুহৰ মাজত বিলাবলৈ লাগিল। অকল বিলোৱাই নহয় ক’বলৈয়ো ধৰিলে, “এয়া ধঁপাত লওক অকণমান।” সিফালে খুড়াৰ অৱস্থা চাবলগীয়া। তেওঁ অলপ সময় চুচুক চামাক কৈ ৰৈ ঘৰলৈ গুচি গ’ল।

এতিয়াও বজাৰে সমাৰে, দোকানে সকামে ক’ৰবাত খুড়াকক আঁতৰত দেখা পালেই জোকাবলৈকে পাণ দোকানৰ ওচৰলৈ গৈ গৌতমে এটা চিগাৰেট জ্বলাই খোৱাৰ ভাও জুৰে। দেখিলেই খুড়াকে আনফালে বাট লয়।

গৌতম ৰকছ্ ধঁপাত খুড়া চকদ্।

(কল্পনাৰ আশ্ৰয়ত)
☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami Barthakur

    বেচেৰা খুৰাই ভাল কৰিবলে গৈ অনাদৰহে পালেগৈ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *