ফটাঢোল

পোটক- তীৰ্থ শৰ্মা

কাহিনীটো বালিৰ। মানে বালিময় ডুবাই চহৰৰ আশে-পাশে। ডুবাই চহৰখন বাহিৰৰ পৰা যিমান চকু চাঁট মৰা নালাগক কিয়, চহৰৰ পৰা অলপ আঁ‌তৰ হ’লেই গোটেইখন বালিয়ে বালি। মানে সাগৰ সদৃশ ইপাৰ সিপাৰ নমনা মৰুভূমিৰ বালি। ৫০° ওপৰৰ গৰম, পাবলৈ পানী অকণো নাই। এচি থকা গাড়ীৰ বাহিৰে বেলেগ উপায়েৰে চহৰৰ বাহিৰৰ কোনো ঠাইলৈ যোৱা অসম্ভৱ। গতিকে গাড়ীখনৰ ব্যৱস্থা নিজে কৰি লৈ নগ’লে, চহৰৰ বাহিৰত গাড়ী মটৰ তেনেকৈ পাবলৈ নাই। তেনে অৱস্থাত সেই দূৰ ঠাইৰ পৰা চহৰলৈ খোজ কাঢ়ি আহিব লগা হ’লেতো আৰু ইহলীলা সামৰিব পৰা বুলিয়ে ধৰক। ক’ৰবাত কোনোবা ট্ৰাক ড্ৰাইভাৰে সহায় কৰিলে যদি কৰিলে। নহ’লে বিপদ গম্ভীৰ।

আচলতে ঘটনাটোও গুৰুতৰেই হৈছিলগৈ। টনীয়ে সুজিতৰ লগত একেলগে দূৰ ঠাই এখনলৈ যোৱা বুলি গ্রুপৰ বাকী কেইটাই গম পায়, কিন্তু আহোঁতে অকলে আহিল। বহুত সময় সোধোতে টনীয়ে মুখ খুলিলে। যাওঁতে দুয়োটাই একেলগে টনীৰ গাড়ীখন লৈ গৈছিল অলপ দূৰলৈ। তাতে এখন ডাঙৰ ৰিজৰ্ট আছে। দুয়ো একেলগে তালৈকে ফুৰিবলৈ গৈছিল, টনীৰ গাড়ীখন লৈ। শেহৰাতি ঘুৰি আহোঁতে দুয়ো এটুপি ধৰি ঘূৰি আহি আছিল। আধালৈ সকলো ঠিকেই আছিল। কিন্তু এপাকত কথা কটাকটি ইমান বাঢ়ি গ’ল যে সি সুজিতক গাড়ীৰ পৰা নমাই পঠিয়ালে। তাৰ পৰা আৰু সি ঘূৰি চোৱা নাই, চিধা আহি ঘৰ পাইছেহি। সুজিতৰ কি হ’ল, আহিল নে নাই খবৰ আৰু দুনাই কৰা নাই। তাৰ কথাও চিধা, “আৰু খবৰো কৰিবলৈ নাই।” সি মনতে পাঙিলে, যদি সুজিতে আহি কিবা কয়, ইয়াক সুদাই এৰা নহ’ব।

টনীৰ কথাখিনি শুনি লগৰ গোটেইকেইটা চিন্তাত পৰিল। লগে লগে সুমনে গাড়ী উলিয়ালেই, সুজিতক বিচাৰি যাব লাগিল। হাজাৰ হওক, এই মৰুভূমিখনত অকলে মানুহটোৱে কৰিব কি। খঙো উঠিল টনীৰ ওপৰত, এনেকৈনো মানুহ এটাক এৰি থৈ আহে নে। সুজিত তাতে বৰ সহজ সৰল। আৰবীতো নাজানেই, তাৰ হিন্দী ইংৰাজীও তথৈবচ। ঠিক তেনেতেচোন কেলঢোপ কেলঢোপকৈ সুজিত আহি ওলালহি। ভবামতেই কোনোবা পাকিস্তানী ট্ৰাক ড্ৰাইভাৰ এজনে ৰাস্তাত অকলে খোজকাঢ়ি আহি থাকোঁতে পাই উঠাই আনিলে আৰু ঘৰৰ ওচৰত নমাই থৈ গ’ল। কিন্তু কথাখিনি কওঁতে মানুহটো আচৰিত ধৰণে শান্ত হৈ থাকিল। মানে খঙৰ লেশমানো নাই। নিজে গৈ টনীকো মাত দিলে। একেই ৰূপ। অতিশয় শান্ত। বাকী কেইটাটো বাদেই টনী নিজেই আচৰিত হৈ গ’ল।

সি সুজিতক সাবটি ধৰি ক’লে, “দোস্ত বেয়া নেপাবি দেই, খং উঠাতহে এৰি থৈ আহিলোঁ। ব’ল তোক আজি মই মনত থকাকৈ এসাঁজ খোৱাম। ক কি খাবি? তই যি খাওঁ বোল। ব’ল।”

সুজিতে একেই শান্ত হাঁহি মাৰি ক’লে, “হ’ব ব’ল। কিন্তু লগতে ইহঁত কেইটাকো লৈ ল। হ’বনে?”

“আৰে কিয় নহ’ব, পাক্কা হ’ব। ব’ল আজি সাতোটাৰ খোৱা মোৰ পিনৰ পৰা। যিয়ে যি খাৱ।” টনী একেকোবে সাজু হ’ল। সি আচলতে সুজিতে উভটি নুযুঁজাৰ কাৰণে যিমান আচৰিত হ’ল, সিমানে সুখীও হ’ল। মনলৈ এটা দোষী দোষী ভাৱো আহিল। সি বেয়া কৰিলে বেচেৰা অজলা সুজিতটোৰ লগত।

গোটেইকেইটাই খাই বৈ উঠালৈ পিছে তাৰ সেই ভাৱটো নাইকিয়া হ’লগৈ। সুজিতে বেয়া পাই থকা নাই। তাৰ পিছত কাহিনী ঠিকেই চলিল। প্ৰায় এমাহ। টনীয়ে সেই ঘটনাটো প্ৰায় পাহৰিয়েই পেলালে।

প্লেন এটা এনেকুৱাকৈ হ’ল যে সুজিত আৰু টনী আকৌ সেই আগৰ ৰিজৰ্টখনলৈ যাব। কথা মতেই কাম। গ’ল দুয়ো। পাৰ্টীও হ’ল যথাবিহিত। এটুপি এটুপি গলাধঃকৰণ কাৰ্যও সম্পন্ন হ’ল। এইবাৰ গাড়ীখন সুজিতৰখন আছিল গতিকে সিয়ে চলাই আহিল।

“টনী ঔ, শব্দটো শুনিছনে?” সুজিতে কাণ উনাই মাত লগালে।

“ক’তনো? নাইচোন” টনীয়েও কাণ উনালে।

সুজিতে বুজালে, “নহয় হৈছে। তোৰ নিচা হৈছে, ৰহ তই এবাৰ নামি পিছৰ চকাটো চাই আহ গৈ বুইছ। সেইটোৰ টায়াৰটো অলপ পুৰণি হৈছে। চাই লোৱা ভাল।”

“ঔকে বচ, ৰাখি দে, মই চাই আহোঁ”, টনীৰ মনত সন্দেহৰ ৰেশ মানো নাই।

সুজিতে গাড়ীখন ৰাস্তাৰ কাষলৈ নি ৰাখিলে আৰু টনী নামি গ’ল। কিবা সন্দেহ? নাই নাই। অজলা সুজিতটোক কোনে সন্দেহ কৰিব হে! টনী সেই গাড়ীখনৰ পৰা নামিব হে পালে, সুজিতে গাড়ীৰ এক্সিলাৰেটৰ হেঁচিলে। হেঁচিলে মানে আৰু ঘূৰি চাবৰ নাই। চিধা ৰাস্তাত গাড়ী চিধা দৌৰালে। টনীয়ে তলকিব পৰাই নাই হ’ল কি, ঠিক তেনেতে সুজিতৰ পৰা তাৰ মোবাইললৈ কল এটা আহিল, “বন্ধু মই আহিলোঁ। তুমি ট্ৰাক ড্ৰাইভাৰ পালে আহি যাবা। মই ৰাতি বিৰিয়ানী খুৱাম। দেই বা।”

টনীয়ে কি বুলি ক’ব, কি গালি দিব, নে ঘূৰি আহিবলৈ অনুৰোধ কৰিব ভাবিকে নাপালে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *