ফটাঢোল

ব্লুটুথ, এক ফটাপ্ৰেম : দেবজিত শইকীয়া

হঠাত চকু পৰিল মোৰ পৰা তিনিটামান চিটৰ পিছত বহি অহা খিৰিকীৰ কাষেৰে বাহিৰলৈ চাই একান্ত মনে গান শুনি যোৱা মৰম লগা ছোৱালীজনী৷ যিমানেই দৃষ্টি আঁতৰাব খুজিছোঁ সিমানেই মোৰ দৃষ্টি তাইৰ গালৰ দিম্পল আৰু অবাধ্য বতাহজাকে আমনি কৰা চুলিখিনিলৈ যাবলৈ ধৰিছিল৷

: দাদা, বহক৷

অৱশেষত মই ঠিয়হৈ থকা ঠাইকণৰ কাষৰ ছিটটোৰ ল’ৰাজনৰ নামিবৰ হোৱাত যেন তেন ছিটটো পালোঁ৷ ঘূৰি চালোঁ, নাই সেই সৌন্দৰ্য্যতা ভিৰৰ বাবে নেদেখা হ’লোঁ৷ আজি দেওবাৰ, অন্য সকলোৱে আজিৰ দিনটোত কামৰ পৰা আজৰিহৈ আপোনজনৰ লগত সময় কটাই, পিচে মই? ডাইৰেক্টৰে দিয়া কামৰ বোজাটো মূৰত তুলি ডিব্ৰুগড় গৈ আছোঁ৷ বিশ্ববিদ্যালয়ত প্ৰয়োজন হোৱা কেমিকেলৰ লিষ্টখন ফাইনেল কৰি কাইলৈ ৰাতিৰ ভিতৰত মেইল কৰিবই লাগিব৷ নেটৰ অসুবিধাৰ বাবে  মেকবুকটো খুলি ম’বাইলৰ পৰা ডাইৰেক্টৰে দিয়া কেমিকেলৰ লিষ্টবোৰ ব্লুটুথ দি ট্ৰেঞ্চফাৰ কৰিবলৈ ব্লুটুথ অন কৰিলোঁ৷

scanning for available devices…..

available device ..

Phalgun123

ৰশ্মি123

ফাল্গুন মোৰ কিন্তু ৰশ্মি কোন?? নিশ্চয় মোৰ দৰে যাত্ৰীসকলৰে এজন৷ মোৰ দৃষ্টি নিবন্ধ হোৱা গৰাকী নহয়তো? হয়তো তাইৰ ব্লুটুথ অন আছে৷

Pair a new device..

ৰশ্মি123 ত ক্লিক কৰিলোঁ৷

Pair with Rashmi123? Bluetooth pairing code 867239…
Pair…

নাই কোনো সহাৰি নাপালোঁ৷ তথাপি কিয় জানো আকৌ এবাৰ ট্ৰাই কৰি চালোঁ৷

currently connected Rashmi123….

কিবা এটা ভাল লাগি গ’ল৷ লগৰ সকলোকে pair হিচাপে দেখোঁ, পিচে চিংগল নামৰ ষ্টেটাছটো মোৰ ফেচবুকৰ ৰিলেশ্চনশ্চিপত জিলিকি আছে৷ তেনেস্থলত এগৰাকীৰ লগত মই নহ’লেও মোৰ ম’বাইলটোকে pair হোৱা দেখি কিমান সুখী হ’লোঁ বুজাব নোৱাৰিম৷ পিচে কি কৰোঁ নকৰোঁ ভাবি মোৰ প্ৰিয় গীতটোকে ট্ৰেঞ্চফাৰ কৰিবলৈ মন গ’ল৷

সৰা পাতে পাতে, গায়ত্ৰী হাজৰিকা, mp3 5.50mb….

হয়তো সিফালৰ পৰা এচেপ্ত কৰিছিল৷ 30%-45%-78%-90%…Bluetooth share: sent file…

মই মোৰ নিজৰ ফাইলখিনি ট্ৰেঞ্চফাৰ কৰি ল’লোঁ৷ এনেতে

ৰশ্মি123 is ready to send mur falgun asehi aahi roi.mp3

accept….

গীতটো মোৰো বহুত প্ৰিয়৷ ম’বাইলত আছেই পিচে ৰশ্মি123 ৰ পৰা অহা গীতটোত যেন আচৰিত কিবা এটা ভাল লগা আছে৷ লগে লগে হেডফোনটো লগাই গীতটো শুনিলোঁ৷ সদায় শুনি থকা গীতটো প্ৰেমৰ অনুভুতিৰে প্ৰথমবাৰ শুনিলোঁ…..আহ্ কি যে ভাল লগা৷

মোৰ ফাল্গুন আছেহি আহি ৰৈ

তোমাৰ কথাকে ক’বলৈ

আছেনে সময় তোমাৰ…

সমীৰৰ খবৰ শুনাৰ…

আহ্ কি কৰোঁ? আবেলিৰ বেলিটোৰ হেঙুলীয়া ৰহণ তেতিয়া মোৰ গালে মুখে৷ ফাইলত বিছাৰি “মৰমে ধুৱাই নিয়া জোনাক কোমল গধুলী…তুমি আৰু মই আছোঁ বহি এই নিৰিবিলি গধুলী.mp3…sending

Bluetooth share: sent file…

ৰশ্মি123 is ready to send এই ধুনীয়া গধুলী লগন.mp3

accept….আহ্ সদায় শুনি থকা গীতবোৰতো আজি যেন এক নতুনত্ব পাইছোঁ৷ এটা এটাকৈ মোৰ প্ৰিয় গীতবোৰ ট্ৰেঞ্চফাৰ কৰিবলৈ ধৰিলোঁ, আচৰিত যে সিফালৰ পৰা অহা গীতবোৰোচোন মোৰ অতিকে প্ৰিয়৷ আমাৰ মাজত ইমাল মিল নে? আচৰিত হ’লোঁ৷ ভীৰৰ ফাঁকে ফাঁকে পিছফাললৈ চালোঁ৷ হয় সেই খিৰিকীৰ কাষত বহা গালত দিম্পল থকা গৰাকীৰ কাণত তেতিয়াও হেডফোন লাগি আছিল৷ হয়, মোৰ মনে কৈছে, তায়েই ৰশ্মি123৷ আহ্ কি দৰে যে লগ পালোঁ৷ যদি কাহানিবা লগ পাওঁ আৰু আমি কিদৰে লগ পাইছিলোঁ ক’লে কিমান যে ভাল লাগিব৷ সপোনৰ দুনীয়াত এপাক ঘূৰি আহিলোঁ৷ মনৰ কথা গীতেৰেই প্ৰকাশ কৰিব পৰা ৰোমাণ্টিক গীত এটি বিছাৰিলোঁ৷ এনে সময়ত নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ জুবিনদাৰ গীতৰ বাহিৰে আৰু কি হ’ব পাৰে?

প্ৰীতিৰ সুৱাসে ধুৱাই দিলেহি.mp3

পিচে, এচেপ্ত কৰা নাই৷ পুনৰ পঠিয়ালোঁ, নাই এচেপ্ত কৰা নাই৷ পিছলৈ ঘূৰি চালোঁ৷ ইতিমধ্যে তাই নামিবৰ বাবে সাজু হৈছে৷ নামি গ’লেই যে pair নাইকীয়া হৈ যাব৷ কি কৰোঁ নকৰোঁ ভাবি মোৰ ফেচবুকৰ প্ৰফাইলটোকে স্ক্ৰীনচট মাৰি jpg ফাইলটো চেণ্ড কৰিলোঁ৷

এনেতে দেখিলোঁ তাই নামিবৰ বাবে মোৰ কাষেৰে পাৰ হৈ গৈছে৷

পুনৰ jpg ফাইলটো চেণ্ড কৰিলোঁ৷ বাছখন ৰৈছে ইতিমধ্যে৷ দেখিলোঁ যে তাই ফোনটো চাইছে৷ অহ Bluetooth share: sent file…

ইয়েচ….

বহাৰ পৰা উঠি চালোঁ, কাণত ফোনটো লৈ কাৰোবালৈ ফোন কৰিছে৷ যি নহওক মোৰ পৰিচয়টো পালে৷ এতিয়া অপেক্ষাত ৰম সেই ফ্ৰেণ্ড ৰিকুৱেষ্টটো বা এটা মেচেজৰ বাবে৷ আহ্ অপেক্ষাৰো যে কি এক মাদকতা আছে৷ অচিনাকি তাই বাৰু মোলৈ ৰিকুৱেষ্ট পঠিয়াব নে? পঠিয়াব কিয় নপঠিয়াব, নহ’লে মোলৈ প্ৰিয় গীতবোৰ কিয় পঠিয়ালে হয়? আমাৰ চিলেকচন একে যেতিয়া মন দুটাও একে৷ আজি ভগবানৰ ওপৰত প্ৰথম বাৰলৈ বিশ্বাস হ’ল৷ হয়, আছে৷ ভগবান মৰি যোৱা নাই এই পৃথিৱীৰ পৰা৷ হয়তো ভগবানে আমাক  এনেদৰেই লগ পোৱাবলৈ মোক চিংগল কৰি থৈছিল৷ তাই নামি যোৱাৰ পিছত কিবা এটা অকলশৰীয়া লাগিল৷ যি নহওক তাই নামি যোৱা চাৰিআলিটো মনত ৰাখিলোঁ৷ এদিনতো ইয়ালৈকে দৰা হৈ আহিম৷ শহুৰবাৰী ক’ত ক’লে এইকণ ঠাইৰ নামেই ক’ব লাগিব৷ সঁচাকে ক’বলৈ হ’লে ঠাইকণো কিবা ভাল লাগিবলৈ ধৰিলে৷ গাড়ীখনৰ মানুহবোৰ, ৰাষ্টাৰে যোৱা মানুহবোৰ সকলো ভাল লাগিবলৈ ধৰিলে৷

য়েচ….আই এম ইন  লাভ৷

ৰশ্মি123 is ready to send দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই একুৰা জুই.mp3

ৰশ্মিটো কেতিয়াবাই নামি গ’ল৷ ঘৰো পালেগৈ চাগে৷ পিচে ব্লুটুথত এতিয়াও কেনেকৈ ফাইল পঠিওৱা সম্ভৱ৷ হে হৰি তাৰমানে মই মনতে ভাবি থকা গৰাকী ৰশ্মি নহয়…..বহাৰ পৰা উঠি ইফালে সিফালে চালোঁ৷ কাণত হেডফোন লগাই ছোৱালীৰ দৰে লয়লাসৰে ল’ৰা এটাই গীত শুনি আছে! ফেচবুকত এটা ফ্ৰেণ্ড ৰিকুৱেষ্টো আহিল৷ চাই দেখোঁ,  হয়, প্ৰফাইলৰ ওপৰতে মহিলাৰ ভেষত Tik tok ভিডিঅ বনোৱা সেই ল’ৰাটোৱেই৷

ৰশ্মি123 is ready to send দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই একুৰা জুই.mp3

Decline

mobile off কৰি দিলোঁ৷ হে হৰি! তাৰমানে ইমান পৰে মই এই জিনিচটোৰ লগতহে ….কান্দিম, হাঁহিম নে বাছৰ পৰা নামি যাম একো ভাবি নাপালোঁ, মাত্ৰ সেই সময়ত গীত এটি মনত পৰিল,

“এনেকৈয়ে ভাগেনে সপোন…

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *