লাইফৰ প্ৰথম ইংলিছ গান- অসীমা শইকীয়া দত্ত
কাণৰ অভাৱত সংঙ্গীতৰ জগতখনৰ খহি পৰা পেঁপাকঢ়া তৰাটো…
: অসীমাবা আপুনি গান গাই পাইছেনে?
সুধিলে এদিন এজনীয়ে। মনত পৰি গ’ল বহু কথাই। নষ্টালজিক হ’লোঁঁ৷ আঃ! ক্যা দিন থা। ৱ’ লমহে, ৱ’ য়াদে…
মইনা পাৰিজাতত গান শিকিছিলোঁঁ৷ গানতকৈ গাটো বেছি হিলে বাবে ছাৰে মোক খুটা এটাত আউজি ল’বলৈ দিয়ে। সবেই গায় লগতে চকু মুদি ময়ো বেবাওঁ পুৰা৷ এদিন সমবেত গাই আছোঁ লগৰবোৰ চুপ হ’ল৷ মই থল থল কে টেটু ফালি আছোঁ ভেড়াৰ দৰে৷ গম নেপাওঁ অকলে যে গাই আছোঁ। ভিতৰৰ পৰা পাইলছত ভুগি থকা গান শিকোৱা ছাৰৰ মাক কেকোঁ-জেকোকৈ উঠি আহি,
: কিহে মাতিছে সোপা দে অ’ মোৰ তলিলেকে মাৰি পঠিয়াইছে৷
বুলি পুতেকক ৱাৰ্ণিং মাৰিলেহি।
ছাৰে সাৰৌপকৈ দিয়াত চুপ হ’লোঁ৷ চকু তেতিয়াহে মেলিলোঁ গানৰ সুৰৰ মাজৰ পৰা। দেখিলোঁ লগৰবোৰে মুখ টিপি হাঁহি আছে। বুজিলোঁ মোৰ দ্বাৰা গান নহ’ব। নিজেই আহিবলে বাদ দিলোঁঁ৷ গান এটাই গাবলে শিকিছিলোঁ, “ৰৈ ৰৈ কেতেকী বিনা ঐ…”
য’তে গাবলে মুখ মেলোঁ ত’তে দগৰা জাৰণ খাওঁ। ঘৰত দাদাই কয় আমাৰ গাঁৱৰ কেতেকীকিজনী তোৰ প্ৰকোপত বিনাবলে এৰি সিখন গাঁৱৰ বৰটোকোলাকেইটালেতো পলাই গ’লেই, আনকি ডেলীভাৰী হ’ব লগা কাউৰীকেইজনীও বাঁহ লৈ দূৰলে গ’ল তোৰ মাতত৷ যিটো মাত তোৰ, গৰ্ভৱতী কাউৰীয়েও সময়ৰ আগতেই ঘোলা কণী পাৰি তোতকে ভাল গাই কান্দি ফুৰিছে।
তথাপিতো গাবলে নেৰিলোঁ। দুপৰীয়া গালে মায়ে থালৰ থালৰ দিয়ে,
: মৰতী তো পা শুৱাৰো শান্তি নাই এঘুমটি৷
সেই অনুপাতে মোৰ বাহঁতে ভাল গান গায় তেতিয়া। ঘৰত ষ্টেজ প্ৰগেমত সিহঁতে ফালি থাকে। আগৰ ঘৰলে আলহী যিয়ে আহে গান গাবলে মায়ে মাতিবই। মায়ে ফুটনিটো ইমানেই মাৰে বাহঁতৰ গান লৈ, নুশুনাই শিল্পী পেঞ্চন দি থৈ যাব।
এবাৰ আহিল দেতাৰ লগৰ কেইজনমান। মায়ে গানৰ ফুটনি মাৰিবলে আৰম্ভ…
: আমা ইহঁতে ইমান ধুনীয়া গান গায়, এই এলেকাত নাই৷ শুনিলে টোপনি আহি যায়। আহ অ মুন গাইদেহি এটা। বেছি দিন লগতে নেথাকোতো গাহি আহ।
বাৰ সেইদিনা মুড অফ কিবা কথাত। তাই ভিতৰত ভোৰভোৰাই,
: যিয়ে আহে গান গাবলে মাতে৷ এনেকে হ’লে মই এনেয়ো বেছি দিন নাথাকোঁ।
মোৰ হাঁহি শুনি বায়ে বোলে,
: আজি তয়ে গা গৈ যা। বুঢ়া মানুহহে আহিছে হৰিনাম এটা গাই দিবি।
: ওৱৱৱ মই গালে মায়ে পিটিব৷ এনেই দগৰা দিয়ে। মায়ে তোকহে মাতিছে তই যা।
বায়ে মোক চুচুৰাই দুৱাৰমুখৰ পৰা গতা মাৰি দিলে,
: পাৰিবি যা।
তাইৰ গতাত দাইৰেক্ট ড্ৰইংৰূমৰ মাৰ মঞ্চখনত পৰিলোহি। পাঁচজন মান দেতাৰ লগৰ শিক্ষক।
তাৰে এজনে বোলে,
: এইজনীয়েনি গান গোৱাজনী। অহহ গাচোন আই কি গাৱ।
মায়ে নহয় বুলি ক’বলে লওঁতেই দেতাই বোলে,
: এয়ো গায়৷ গাই দে এটা।
মনতে দহবাৰ ভাবিছোঁ বায়ে কৈছে হৰিনাম গাবলে সেইবিধৰ এটাৰ এশাৰীহে জানো৷ “বেহুৰ ভিতৰে কান্দে অভিমণ্যু” অকল সেইকণ৷ চেঃ…! মায়ে ওৰণি টানি মোক দাঁত কৰচি ভিতৰলে যাবলে ইংগিত দিছে। সিফালে ময়ো ভৰিফালৰ পৰা থৰ থৰকে কঁপি আছোঁৱেই কি গাওঁ বুলি। ভিতৰলে গ’লে বায়ে কোবাব। ইয়াত গালে মায়ে কোবাব৷ কৰোঁ কি মই?
দেতাই জোৰ দিলে,
: গাই দে৷
ঘপহকে দিলোঁ মেলি মুখখন,
: অঅঅঅ বেহুৰ ভিতৰে কান্দে অভিমণ্যু, সপ্তৰথীয়া কোবাই মাৰে বগৰাই বগৰাই ধেৰেপা ধেৰেপ কৰে অঅঅঅ……
অলপ সাজি সুৰ মিলাই, সিকণ নেজানো কি গাম ভাবি দিলোঁ ভেঁ ভেঁ কে কান্দি।
দেতাৰ লগৰ এজন উঠি আহি মৰম কৰিলেহি,
: বৰ অন্তৰ কোমল ছোৱালী অ’। অভিমণ্যুৰ বেজাৰত কান্দিয়ে দিলি।
বহি থকা দুজনমানৰ চাহৰ বাটি হাততে ৰ’ল। এজনে মোৰ মুখলে চাই বাটি খেপিয়াওঁতে গৰম চাহতে হাত ডুবি জোকাৰি ফুৰিছে। এজনক দেখিছোঁ চকু মুদি চাহত শোহা দিছিল হ’বলা৷ মোৰ মাতত কি ঐ বুলি ওঁঠ গৰমত জুবুৰিয়াই, চাহত চেলবকতি খুৱাই জিভাৰে চেলেকি মৰিছে। সৱেই মিলি পচিশ পইচাকে তুলি মোক দুটকা এটা দি ক’লে,
: আই অ’ আজি পা তই গান নেগাবি কৰযোৰে কৈছোঁ।
সেই শিল্পী পেঞ্চনৰ পিছৰ পৰা ক’তো মুখ মেলিবলে সাহ কৰা নাই আৰু। মোৰ গানৰ লেকচাৰটো শুনি থকাজনীয়ে ওভতি সুধিছে,
: আজিকালি ক’তোৱে নেগায়নে?
মনত পেলালোঁ তাইৰ কথাত।
: অঅঅ ৰহ ইংলিছ গান এটা গাইছিলোঁ এবাৰ। সেয়াই লাষ্ট প্ৰগেম মোৰ।
: অহহ আপুনি প্ৰগেমো কৰে? তাকো ইংলিছ গানৰ?
: অঁঁ, এবাৰ জিয়াৰ লগত মানে ছোৱালীজনীৰ লগত ওচৰৰ ঘৰৰ, তাইৰ লগৰ এজনীৰ বাৰ্থডে’লে গ’লোঁ। কেক কাটিছে আউ। সবে ঠিয় হৈ হেপি বাৰ্থডে’ টু ইউ জুৰিবলে মানুহ বিচাৰিছে। দুজনীমানৰ লাজ, নেগায়। মই বুলো হ’ব সবে গাম, জুৰ। লাইফত প্ৰথম ইংলিছ গান গাইছোঁ৷ যি সুৰ, হলিউদৰ চিংগাৰকিটাই বেত মেলি যাব বাকলি। ওৱৱৱ লগত গোৱাকিজনী মাজতে ৰৈ দিলে, মই থলথলকে ওলাই পৰিছোঁ নহয় থেৰেহা মৰা মগুদাইলৰ দৰে। মোৰ লগত অকল সিহঁতৰ ঘৰৰ কুকুৰটোৱেহে গাই আছে। সুৰটো ওপৰলে টানি হেপি বাৰ্থডে’ টু দিয়েৰ বুলি যে নামটো কাঢ়ে সৈকণত নামটোকে নেজানো নহয় ছোৱালীজনীৰ। সেইখিনিতে সুধিলোঁ কাষৰজনীক নামটো কি, তাই বোলে মাধুৰীমা সৌকাধৰা। মই মিলাই দিলোঁ সুৰত হেপি বাৰ্থডে টু দিয়েৰ মাধুৰীমা সৌকাধৰা হেপি বাৰ্থডে’ টু ইউ….
মাকজনী বহাৰ পা জাপ মাৰি কৈছে,
: তাইৰ নাম ন জোনহে৷ আপুনি কাৰ নাম ল’লে?
কাষৰজনীলে চালোঁ,
: তাই বোলে আপুনি মোৰ নাম সুধিছিল বুলিহে ক’লোঁ।
: ধেই হ’ব থোৱা৷ ন জোন পুৰণা জোন কিটো জানো মই। মই কিবা ভাড়ালে অনা চিংগাৰ নি? কেক কাটা৷
কিৰিচন বাৰ্থডে’ৰ আধা পানী মোৰ পেটত লাজত।
সেয়াই শেষ প্ৰগেম আৰু ক’তো গাই পোৱা নাই।
কাণৰ অভাৱত সংঙ্গীতৰ জগতখনৰ খহি পৰা পেঁপাকঢ়া তৰাটো ময়েই।
☆ ★ ☆ ★ ☆
11:57 am
বঢ়িয়া! গানত নাজানো, ৰস ৰচনাত পিছে ভোটাতৰা!
2:19 pm
বঢ়িয়া বাইদৌ…
9:18 pm
ধন্যবাদ
1:00 pm
বৰ হাঁহিলোঁ। এইটো যে ইইংৰাজী গানৰ ভিতৰতে পৰে —– আজিহে জানিলোঁ।
2:15 pm
উফ ,হাঁহি মৰিছোঁ
1:14 pm
তামাম ইংৰাজী গানচোন এইটো।
3:54 pm
মজ্জা বা ??
আপোনাৰ লেখা সদায় জুই ?
6:58 pm
কি লিখে হে আপুনি। বাগৰি বাগৰি হাঁহিছো
8:59 pm
এ মজা..বৰ হাঁহিলো দেই
9:44 pm
হাঁহি হাঁহি বাগৰি গৈছোঁ দেই । বৰ ভাল লাগিল ।
11:25 am
ধেই বা
2:15 pm
হাঃ হাঃ ৰিএক্ট বিচাৰিএ নাপাওঁ ….. ইংলিছ গানৰ চৰ্চা হে মেইন